শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শকুন্তলা আৰু শংকৰ জোচেফ আলিৰ পৰা পুনঃনিৰ্দেশিত)
শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি
পৰিচালক নিপ বৰুৱা
চিত্ৰনাট্য নিপ বৰুৱা
প্ৰযোজক গুঞ্জন প্ৰডাকচন্ছ আৰু শইকীয়া এণ্টাৰপ্ৰাইজেচ
অভিনয়ত মৃদুলা বৰুৱা
নিপন গোস্বামী
সংগীত পৰিচালক ৰমেন বৰুৱা
মুক্তি
১৯৮৪
দেশ ভাৰত
ভাষা অসমীয়া

শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি (ইংৰাজী: Sakuntala Aru Sankar Joseph Ali) ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰ খন নিপ বৰুৱাই পৰিচালনা কৰিছিল। মুল ভূমিকাত আছিল নিপন গোস্বামী আৰু মৃদুলা বৰুৱা[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

শকুন্তলাই এক পৰিস্থিতিত পৰি নিজৰ পুত্ৰ সন্তানৰ সৈতে ঘৰ এৰি গুচি আহিবলগীয়া হয়। অট' চালক শঙ্কৰ যোচেফ আলিয়ে শকুন্তলাক ভনী হিচাপে আশ্ৰয় প্ৰদান কৰে। শঙ্কৰ নিজেই যিহেতু এগৰাকী মাউৰা গতিকে শকুন্তলাৰ সমস্যাসমূহ ভালদৰেই উপলব্ধি কৰিছিল। শঙ্কৰে তেওঁৰ সতীৰ্থ অট'চালক সকলৰ সহায়ত শকুন্তলাৰ সন্তানটিক প্ৰতিপাল কৰা আৰম্ভ কৰে।[1]

অভিনয় শিল্পীসকল[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

ছবিখনৰ সংগীত পৰিচালনা কৰিছিল ৰমেন বৰুৱাই আৰু গীতৰ কথা আছিল কেশৱ মহন্তৰ।[2][1]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "মই আছো গছৰে আঁৰতে জুৰিৰে পাৰতে"  কেশৱ মহন্তদ্বীপেন বৰুৱা, কবিতা বৰঠাকুৰ  
2. "আজি কি যে মুকলি কি যে আনন্দ"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
3. "যায় শকুন্তলা পতিগৃহে যায়, আজি ফুলশয্যা ললে বিদায়"  কেশৱ মহন্তদ্বীপেন বৰুৱা  
4. "মহা মোহ পংকত পৰিলো শংকৰ"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
5. "তাৰেনাৰে তাৰেনাৰে ভনীয়ে বনায় খিছিৰি ভাই লগেভাগে বহি খা"  কেশৱ মহন্তদ্বীপেন বৰুৱা, জয়ন্ত দাস, বিজয় ভৰালী, প্ৰণৱ বৰুৱা  
6. "অ’ ঘুমুটি আহ অ’ আহ, কহুৱাৰে ফুল যেন বা দি যা আলফুলীয়া"  কেশৱ মহন্তকবিতা বৰঠাকুৰ  

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Shakuntola Aru Shankar Joseph Ali". Box office Assam. Archived from the original on 2020-01-12. https://web.archive.org/web/20200112045910/http://www.boxofficeassam.com/movie/shakuntola-aru-shankar-joseph-ali/। আহৰণ কৰা হৈছে: ২৬ এপ্ৰিল ২০২০. 
  2. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]