অসমৰ বস্ত্ৰৰ মোটিফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেঙেনাআটী সত্ৰৰ যাদুঘৰত সংৰক্ষিত আহোম ৰাজকুঁৱৰীৰ কিংখাপ মেখেলা।

অসমত যিবোৰ বস্ত্ৰ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হয় তাৰ কিছুমান নিৰ্দিষ্ট মোটিফ বা ফুল বছা শৈলী আছে। এই শৈলীসমূহ গামোছা, চাদৰ, মেখেলা, বুকুচোলা, ৰিহা আদিত তোলা হয়। এনে শৈলীৰ কিছুমান হৈছে সিংখাপ, বুটা, গছা, জাপি আদি। অসমৰ বিভিন্ন জনগোষ্টীৰ লোকৰ নিজস্ব পৰম্পৰাগত সাজ-পোছাকৰো মোটিফ ভিন্ন হোৱা দেখা যায়।

পৰম্পৰাগত মোটিফ[সম্পাদনা কৰক]

মুগাৰ মেখেলা- চাদৰত গছ আৰু বুটাৰ আৰ্হি
গছ মোটিফৰ গামোচা
গামোছাত জাপি আৰু ঢোল


বুটা বছা পাটৰ কাপোৰ
কিংখাপ

কিংখাপ বা সিংখাপ হৈছে হৈছে সোণ, ৰূপ আৰু ৰেচমৰ সূতাৰে অলংকৃত কাপোৰ বোৱাৰ এক প্ৰাচীন ভাৰতীয় কলা।[1] অসমীয়া কিংখাপ সাধাৰণতে আহোম সাম্ৰাজ্যৰ দ্বাৰা প্ৰভাৱিত আৰু ইয়াত দুটা মুখামুখিকৈ থকা সিংহৰ ফুল তোলা হয়। ই অন্য আকৃতিও হ'ব পাৰে।

বুটা বা ফুল বুটা

সৰ্বভাৰতীয় বুটা মোটিফ আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ।[2] অসমত এই শৈলীত ফুল বা ফুলৰ থোপাৰ নক্স্যা তোলা হয়।[3]

গছ বা গছা

ইয়াত এজোপা গছ বা কেতিয়াবা লগতে এহাল চৰাই চিত্ৰিত কৰা হয়।[3]

পখিলা

এই শৈলীত মেখেলা-চাদৰত পখিলাৰ নক্সা তোলা হয়।[3]

জাপি

জাপি শৈলী এক অন্যতম পৰম্পৰাগত মোটিফ। আগতে সম্ভ্ৰান্ত আৰু চহকী পৰিয়ালৰ লোকৰ বাবে এই নক্সা একপ্ৰকাৰ নিৰ্দিষ্ট আছিল।[3]

কেঁ‌চ বছা

এই শৈলী বস্ত্ৰৰ কিনাৰত কৰা হয় আৰু ই পথালি আঁ‌চ কিছুমানৰ দৰে। সাধাৰণতে চাদৰ আৰু ৰিহাত এই নক্সা তোলা হয়।

গামখাৰু

গামখাৰু এবিধ অসমীয়া অলংকাৰ। কাপোৰত ইয়াৰো নক্সা তোলা হয়।

জোনবিৰি

জোনবিৰি হ'ল অৰ্ধচন্দ্ৰ আকৃতিৰ অসমীয়া অলংকাৰ। ইয়াকো কাপোৰত ফুল হিচাপে তোলা হয়।

লোকাপাৰ

লোকাপাৰ অসমীয়া অলংকাৰ আৰু বস্ত্ৰ উভয়ৰে উমৈহতীয়া মোটিফ। ইয়াত দুটা মুখামুখিকৈ থকা পাৰ চিত্ৰিত কৰা হয়।[3]

ঢোল

অসমৰ লোকবাদ্য ঢোলকো গামোচা, মেখেলা-চাদৰ আদিত চিত্ৰিত কৰা হয়।

ভাগৱত শৰাই বা শৰাই

শৰাইৰ নক্সা অঁ‌কা এই শৈলী ঘাইকৈ মণিকূটৰ আচ্ছাদন বা ধৰ্মীয় গ্ৰন্থ আৰু সা-সঁ‌জুলি মেৰিয়াবলৈ ব্যৱহাৰ কৰা গামোছাত চিত্ৰিত কৰা হয়।

হাতী

এই শৈলীত জ্যামিতিক আকাৰত হাতিৰ নক্সা তোলা হয়।

কল্কি[3]

কল্কি হৈছে তলফালটো বহল আৰু ওপৰফালে ঠেক হৈ যোৱা অৰ্ধগোলক আকৃতিৰ এক শৈলী। মেখেলা-চাদৰত ই এক সাধাৰণ নক্সা।

অন্যান্য

ফুল, পাত, ময়ূৰ, হৰিণ, ঢোলবিৰি আদিৰ নক্সাও কাপোৰয় ফুল তোলা হয়।

জনগোষ্ঠীয় মোটিফ[সম্পাদনা কৰক]

মিচিং শৈলীৰ মেখেলা-চাদৰ
ৰাভা শৈলীৰ নক্সাৰে এখন পাজাৰ
আহোম ড্ৰেগন চিত্ৰিত কৰা আহোম ৰজাৰ চোলা
মিবু গালুকত চিত্ৰিত ডনি-প'ল'
মিচিং জনগোষ্ঠী

মিচিং পুৰুষসকলে পৰিধান কৰা চোলা মিবু গালুকত তেওঁলোকৰ উপাস্য ডনি-প'ল' অৰ্থাৎ চন্দ্ৰ-সূৰ্যৰ[4] নক্সা থাকে। ইয়াৰ লগতে বুটা বছাও দেখা যায়। আনহাতে মহিলাসকলৰ পৰিধানত প্ৰায়ে বুটা ফুল আৰু বৰ্ফিৰ আকৃতি দেখা যায়। তেওঁলোকৰ ৰিবি গাছেঙত প্ৰায়ে দীঘলীয়া বা পথালি আঁ‌চ দেখস যায়।

আহোম জনগোষ্ঠী

আহোমসকলৰ পোছাকত তেওঁলোকৰ আৰাদ্য তথা ৰাজকীয় প্ৰতীক আহোম ড্ৰেগন ঙি ঙাও খাম চিত্ৰিত হৈ থাকে। আহোম শৈলীৰ পোছাকসমূহত আজিকালি আহোম লিপিৰে বিভিন্ন শব্দও লিখা হয়। আহোম নাৰীয়ে পৰিধান কৰা মেখেলাত সাধাৰণতে বুটা বছা হয়।

বড়ো জনগোষ্ঠী

বড়ো জনগোষ্ঠীৰ আৰনাই বা দখনা আদিত ত্ৰিভুজ, বৰ্ফি, ফুল আদি ওৰায়ে দেখা যায়।

আধুনিক যুগৰ মোটিফ[সম্পাদনা কৰক]

কাজিৰঙা শৈলীৰ চাদৰ-মেখেলা
কাজিৰঙা শৈলী

এই শৈলীটোৰ উদ্ভৱ হৈছে কাজিৰঙাৰ বন্য জীৱ-জন্তুৰ পৰা। ইয়াত বিভিন্ন জন্তুৰ লগতে ঘাইকৈ গঁ‌ড়ৰ নক্সা তোলা হয়।[3]

বিহুনৃত্য

এই শৈলীত কাপোৰত বিহু নাচনী, ঢুলীয়া, পেঁ‌পাদাৰী আদিৰ ছবি তোলা হয়।

অন্যান্য

অন্যান্য আধুনিক মোটিফৰ ভিতৰত কলগছ, গছ-লতিকা আদি দেখা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Steingass, F. (2018-10-24) (en ভাষাত). Persian-English Dictionary: Including Arabic Words and Phrases in Persian Literature. Routledge. পৃষ্ঠা. 614. ISBN 978-1-136-85241-1. https://books.google.com/books?id=DMbADwAAQBAJ. 
  2. Н. Самгнна. (1995). Ковры типа Фахралы. 56. প্ৰকাশক Сообщения Государственного Эрмитажа: Искусство. পৃষ্ঠা. 59. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Anushka Das (27 November 2023). "Tribal Textiles of Assam: Cotton And Silk Weaving Handlooms". www.iiad.edu.in. https://www.iiad.edu.in/the-circle/tribal-textiles-of-assam-cotton-silk-weaving-handlooms/#:~:text=The%20motif%20of%20Japi%20is,depending%20on%20the%20weaver's%20expertise.। আহৰণ কৰা হৈছে: 11 March 2024. 
  4. Mibang, Chaudhuri, 2004. p. 48