জোনবিৰি (গল্প সংকলন)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জোনবিৰিৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
জোনবিৰি
Cover
জোনবিৰিৰ প্ৰথম প্ৰকাশৰ বেটুপাত
লেখক সৌৰভ কুমাৰ চলিহা
প্ৰচ্ছদশিল্পী পদ্ম সিংহ
দেশ  ভাৰত
ভাষা অসমীয়া
বৰ্গ গল্প সংকলন
প্ৰকাশক বনলতা প্ৰকাশন
প্ৰকাশকাল ডিচেম্বৰ, ২০০৬
মিডিয়াৰ ধৰন মুদ্ৰন

জোনবিৰি হ'ল অসমৰ প্ৰসিদ্ধ লেখক সৌৰভ কুমাৰ চলিহাৰ এমুঠি ডিটেকটিভ গল্পৰ এক সংকলন। ২০০৩ৰ পৰা ২০০৬ লৈ বিভিন্ন আলোচনী তথা বাতৰি কাকতত প্ৰকাশ হোৱা ছয়টা গল্প এই সংকলনটিত সন্নিবিষ্ট কৰা হৈছে। বনলতাৰ দ্বাৰা প্ৰকাশিত এই গল্প সংকলনটিৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ ডিচেম্বৰত।

বিষয়বস্তু[সম্পাদনা কৰক]

অসমীয়া ভাষাত উংকৃষ্টমানৰ ডিটেকটিভ গল্প লিখকৰ সংখ্যা আঙুলিমূৰত লেখিবলগীয়া।তদুপৰি থকাসমূহৰো অধিকাংশ হত্যা, হিংসা, যৌনতা আদিৰে ভৰপূৰ। লিখকৰ মতে-"বাতৰি কাকতখন মেলিলেই বা টিভিটো চলাই দিলেই ভাঁহি আহে হিংস্ৰতা আৰু যৌন অপৰাধৰ ছবি। কিন্তু সেইবোৰৰ পৰা অলপ সকাহ পাবলৈকে তো মানুহে চিনেমা চায়, গল্প-উপন্যাস পঢ়ে, সংগীত শুনে ? কিন্তু সেইবোৰতো যদি পায় মাথোঁ চমক (gimmicks), জিঘাংসা আৰু মনোবিকৃতি, আমাৰ ক্লান্ত, বিভ্ৰান্ত মনে বিৰাম পাব ক'ত?"[1] সেয়েহে তেওঁ সকলো পৰ্যায়ৰ হিংস্ৰতা বাদ দি কেৱল মাত্ৰ ঘটনাৰ প্ৰতিটো ক্ষুদ্ৰাতিক্ষুত্ৰ চিদ্ৰ বাদ দিব নোঁৱাৰা দিশটোত গুৰুত্ব আৰোপ কৰি এই গল্পকেইটা লিখি উলিয়াইছে য'ত তেওঁ চৰিত্ৰৰ মুখেৰেই কোৱাইছে "ঘাই কথা হ'ল হুবহু খুতি-নাটিৰ প্ৰতি মনোযো, এগজেক্ট ডিটেইল্ছৰ ওপৰত তীক্ষ্ন নজৰ, নিতান্ত সামান্য বা অদৰকাৰী যেন লগা ক্ষুদ্ৰ ডিটেইল এটাও যাতে উপেক্ষা কৰা নহয়।"[2]

খুটিনাটি[সম্পাদনা কৰক]

কিতাপখনৰ প্ৰকাশক অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান বনলতা। ইয়াৰ প্ৰথম প্ৰকাশ হয় ২০০৬ চনৰ ডিচেম্বৰ মাহত। বেটুপাতৰ শিল্পী পদ্ম সিংহ। কিতাপখনৰ পৃষ্ঠা সংখ্যা ৯৮। মুদ্ৰক হ'ল শৰাইঘাট ফটোটাইপ্ছ আৰু ডিটিপি কৰা হৈছে লোকনাথ এণ্টাৰপ্ৰাইজত।

চিত্ৰত গ্ৰন্থখনৰ ৰচিয়তা "সুৰেন্দ্ৰ নাথ মেধি" ওৰফে "সৌৰভ কুমাৰ চলিহা"

গল্পসমূহ[সম্পাদনা কৰক]

মোৰ গাড়ীৰ ৰেডিঅ'[সম্পাদনা কৰক]

এইটো কিতাপখনৰ প্ৰথম গল্প। এই গল্পটি ফেব্ৰুৱাৰী, ২০০৩ চনত প্ৰান্তশ্ৰী আলোচনীত প্ৰকাশিত হৈছিল।[3] ইয়াত লেখকে প্ৰথম পুৰুষত ঘটনাৰ বিৱৰণ দিছে আৰু প্ৰথমভাগতেই গোটেইকেইটা গল্পৰ নায়ক অপৰ্ণা কুমাৰ পদ্মপতি বা চমুকৈ অকুপৰ লগত চিনাকি কৰি দিছে। তদুপৰি তেওঁক ছাৰ্লক হ'ম্‌ছ বুলি মাতি অনুসন্ধানমূলক কাম কাজত থকা তেওঁৰ ৰাপৰ কথা পাঠকক জনাই দিছে। এটা গেৰাজত অকুপ আৰু লেখক লগ হৈছে। কথা প্ৰসংগত লেখকৰ ঘৰৰ গেৰাজৰ পৰা এটা ৰেডিঅ' চুৰি হোৱা কথাটো প্ৰকাশ হৈছে আৰু কোনে চুৰি কৰিছে তাৰ উৱাদিহ দিবলৈ লেখকে অকুপক অনুৰোধ কৰিছে। এবাৰ যে লেখকৰ পুত্ৰই গাড়ীখনৰ কাৰ্ব'ৰেটৰ ভাল কৰিবলৈ দেউতাকৰ পৰা পইচা নিছিল সেয়াও প্ৰকাশ হৈছে। শেষত ঘটনাস্থলী দৰ্শনৰ বাবে অকুপই লেখকৰ ঘৰ অভিমুখে যাত্ৰা কৰোঁতে বাটতে গম পাইছে যে লেখকৰ গাড়ীখন ডিজেলত চলা গাড়ীহে। তেতিয়াই অকুপই ঘটনাৰ আঁত বিচাৰি পাইছে আৰু লেখকক কৈছে যে ডিজেল গাড়ীত কাৰ্ব'ৰেটৰ নাথাকে। অৰ্থাৎ কিবা প্ৰয়োজনত লেখকৰ পুত্ৰই ৰেডিঅ'টো বিক্ৰী কৰি দিছে।

হেৰোৱা চাবি[সম্পাদনা কৰক]

এইটো সংকলনখনিৰ দ্বিতীয়টো গল্প। এই গল্পটি ২০০৫ চনৰ দৈনিক জনসাধাৰণৰ ১ম বৰ্ষপুৰ্তি বিশেষ সংখ্যাত প্ৰকাশিত।[4] অপৰ্ণা কুমাৰ পদ্মপতিয়ে তেওঁৰ পুৰণা অষ্টিন গাড়ীখন চলাই যাওঁতে ৰমেন শইকীয়াৰ ঘৰৰ সন্মুখত শইকীয়াক দেখি কিছুপৰ ৰয় আৰু তেওঁ গম পাই যে শইকীয়াৰ পত্নী ৰুমীৰ অলংকাৰৰ বাকচটোৰ চাবি পাত হেৰাইছে। তেতিয়া অকুপক ৰুমীয়ে তেওঁৰ চাবিপাতো বিচাৰি উলিয়াই দিবলৈ অনুৰোধ কৰে।অকুপই চাবি হেৰোৱা কাহিনীটো শুনিব খোজে। ৰুমীয়ে কয় যে চাবি হেৰোৱাৰ দিনা তেওঁলোকে ওচৰৰ বিয়া এখনলৈ গৈছিল। বিয়াৰ পৰা আহি ৰমেন শইকীয়াই হাত ভৰি মেলি চোফাতে বহিল আৰু ৰুমীয়ে অলংকাৰৰ বাকচটো খুলি চাবিপাত নোচোৱাকৈ তলৰ টেবুলত দলি মাৰি দিলে কিন্তু বাকচটো বন্ধ কৰিবৰ সময়ত চাবিপাত নোহোৱা হয়। তেতিয়া চাবিপাত বিচাৰি উলিয়াবলৈ এই সমস্ত কাৰ্যকলাপ খিনিৰ পুনৰাবৃত্তি কৰিবলৈঅকুপই শইকীয়া পৰিয়ালক অনুৰোধ জনায়। সেইমতে তেওঁলোকেও বিয়াৰ দিনা পিন্ধা কাপোৰ কানিসমূহ পিন্ধি একেই কামবোৰ কৰে। তেতিয়া অকুপই সন্দেহ কৰে যে শইকীয়াৰ লংপেন্টৰ তলৰ কোঁচাই থোৱা জাপৰ ভিতৰতেই চাবিপাত সোমাইছে। আনহাতে শইকীয়াই সেই পেন্টটো ধোবাক ধুবলৈ দিছিল। লগেলগে শইকীয়া আৰু অকুপই ধোবাৰ ওচৰলৈ যায় আৰু সন্দেহমতেই চাবিপাত বিচাৰি পায়।

সাবিত্ৰীৰ মানী-অৰ্ডাৰ[সম্পাদনা কৰক]

তৃতীয় গল্পটিত অফিচৰ বীয়াৰাৰ মদন কলিতাৰ পত্নী সাবিত্ৰী কলিতাই অপৰ্ণা কুমাৰ পদ্মপতিক তাইৰ মানী অৰ্ডাৰ এখনৰ সন্ধান দিবলৈ অনুৰোধ কৰে।আচলতে মদনে অত্যাধিক মদ্যপান কৰে।সেয়েহে সাবিত্ৰীয়ে বাতৰিত দিয়া মদ নিবাৰণী ক্লিনিক এখনৰ বিজ্ঞাপন অনুসৰি ইংৰাজী Dr. Chitra Borua ৰ ঠিকনাত ১০০১ টকা পঠিয়াই দিয়ে।কিন্তু সেইফালৰ পৰা একো সঁহাৰি নোপোৱাত তাই সেই ঠিকনালৈ যাওঁতে তেওঁলোকে মানী অৰ্ডাৰ পোৱা বুলি অস্বীকাৰ কৰে। সেয়েহে উপাই নাপাই তাই অকুপৰ কাষ চাপে। অকুপই সহকৰ্মী এজনৰ লগত কথাটি আলোচনা কৰি থাকোতে এনেয়ে টেলিফ'ন ডিৰেক্টৰীত বিচাৰি চাওতে Borua,Dr.Chitraৰ ফোন নং পায়।তেওঁ তালৈ ফোন কৰি গম পাই যে এটা চৌহদতে ডাঃ চিত্ৰা বড়ুয়া আৰু ডঃ চিত্ৰ বৰুৱা থাকে আৰু ইংৰাজী নামটো একে হোৱাৰ বাবে মানী অৰ্ডাৰ খন ডাঃ চিত্ৰাৰ সলনি ডঃ চিত্ৰৰ ঘৰ পাইগৈ।আৰু শেষত সাবিত্ৰীয়ে নিজৰ টকাখিনি ঘূৰাই পায়। এই গল্পটি এপ্ৰিল,২০০৫ত সাদিনৰ বিহু সংখ্যাত প্ৰকাশিত।[5]

জোনবিৰি[সম্পাদনা কৰক]

এইটো চতুৰ্থ গল্প।অপৰ্ণা কুমাৰ পদ্মপতিয়ে পুৰণা অষ্টিন গাড়ীখন চলাই যাওতে খগেন কলিতাৰ ঘৰৰ সন্মুখতে গাড়ীখন বেয়া হয়।পানী অলপ আনিবলৈ যাওঁতে তেওঁক কলিতাৰ পত্নী অৰূপাই তেওঁৰ মাকৰ একমাত্ৰ স্মৃতিচিহ্ন তেওঁৰ জোনবিৰি পাত চুৰি হোৱা বুলি কয় আৰু অকুপক তাৰ সন্ধান দিবলৈ অনুৰোধ কৰে।অৰূপাই অকুপক ঘৰটোৰ ভিতৰ-বাহিৰ দেখুৱাই দিয়ে। অকুপই লক্ষ্য কৰে যে যিখন দুৱাৰ চুৰি কাণ্ডৰ পিছদিনা খোল খাই আছিল সেইখন চোৰে মেলিলে বাহিৰত থকা ফুলৰ টাবকেইটা ভাগি থাকিল হয়। পিছত অকুপই সহকৰ্মী বৰুৱাৰ সৈতে ঘটনাটো আলোচনা কৰে আৰু নিশ্চিত হয় যে কলিতাই জোনবিৰি পাত কলিতাৰ লগত প্ৰেমজনিত সম্পৰ্ক থকা তনুজাক দি দিছে। পোনপটীয়াকৈ কলিতাক সুধিব নোৱাৰি বাবে দুয়ো এক পৰিকল্পনা কৰে যে বৰুৱাই কলিতাক অন্য এক অজুহাতত মাতি আনিব আৰু সেই সুযোগতে কলিতাক তেওঁৰ ঘৰৰ নক্সাখন দেখুৱাই ক'ব যে পুলিচে সন্দেহ কৰিছে যে দুৱাৰ খন হয়তো ভিতৰৰ কোনোবাই খুলি দিছে কাৰণ চোৰে দুৱাৰ খুলিলে টাব দুটা ভাগি থাকিল হয়। আৰু অকুপই আশা কৰিছে যে তেতিয়া কলিতাই নিজেই জোনবিৰি পাত ঘূৰাই আনিব।

২০০৬,এপ্ৰিলৰ বিহু সংখ্যা সাদিনত এই গল্পটি প্ৰকাশ হয়। [6]

দহ হাজাৰ টকা[সম্পাদনা কৰক]

৪ বছৰমান আগতে অকুপৰ সহকৰ্মী অজিতেশ বৰুৱাৰ পেহীয়েকৰ পৰা পেহীয়েকৰ ভায়েক হিৰণ্যই দহ হাজাৰ টকা লৈ ঘূৰাই নিদিয়া হ'ল।এতিয়া পেহীয়েকে কেছ দিব খোজাত হিৰণ্যই টকা নিয়া তাৰিখটো বিচাৰি নোপোৱাত পয়মাল হয়।হিৰণ্য পেহীয়েকৰ আপোন ভায়েক বাবে কোনো লেখাও নল'লে।অকুপ আৰু বৰুৱাই তাৰিখটো বিচাৰি উলিওৱাৰ ভাৰ লয়।পেহীয়েকে কয় যে হিৰণ্য যাবৰ আগদিনা বৰষুণ দিছিল আৰু সি ৰাতি জিডিং জিডাং,চিলি আদি শব্দ কৈছিল।দুয়ো আলোচনা কৰ সিদ্ধান্ত কৰে যে সেইখিনি সময় নিশ্চয় বাৰিষা আছিল।কিছু চেষ্টাৰ মূৰত এয়াও উদ্ধাৰ হয় যে জিডিং জিডাং টো প্ৰকৃততে ফ্ৰান্সৰ খেলুৱৈ জিনেডিন জিডান হে আৰু চিলি হ'ল ফুটবল খেলা দেশ চিলি।আকৌ ২০০৩ চনৰ বিশ্বকাপ ফুটবলত থকা চিলি তথা ফ্ৰান্সৰ খেল আৰু হিৰণ্যই মালদহলৈ যাম বুলি কোৱা বাবে ৰে'লৰ সময়সূচী চাই তেওঁলোক দুয়োৱে সম্ভৱতঃ তাৰিখ এটা উলিয়াই দিয়ে যাতে পেহীয়েকে হিৰণ্যক জাননী এখন দিব পাৰে।

প্ৰান্তশ্ৰীৰ ২০০৬ চনৰ এপ্ৰিল মাহৰ সংখ্যাত এই গল্পটি প্ৰকাশ হয়।[7]

জাপানত[সম্পাদনা কৰক]

ষষ্ঠ গল্পটিৰ পৰিধি আন্তৰ্জাতিক।পৃথিৱীৰ অপেছাদাৰী গোয়েন্দা বা ডিটেকটিভ সকল সন্মিলিত হ'বলৈ জাপানত এখন ছেমিনাৰ পতা হয়।তাত অংশগ্ৰহণ কৰিবলৈ অপৰ্ণা কুমাৰ পদ্মপতিও আমন্ত্ৰিত হয়।কিন্তু ছেমিনাৰ খন অনুস্থিত কৰাত কিছু অনিশ্চয়তা আহে কাৰণ জাপানৰ জনপ্ৰিয় অভিনেত্ৰী মিডৰী মাৎচুবাৰৰ শ্বাস-প্ৰশ্বাস জনিত সমস্যাত মৃত্যু হয় যাৰ ঘৰ ছেমিনাৰ অনুস্থিত কৰিব খোজা ঠাইখনতে।তেওঁৰ মৃত্যুৰ এদিন আগেয়ে আকৌ অভিনেতা কিমে গোচৰ দিয়ে যে মিডৰীয়ে তেওঁৰ ঘৰত থকা এখন ছেশ্বুইৰ মূল ছবি চুৰি কৰিছে।কিন্তু মৃত্যুৰ আগতে মিডৰীক পৰীক্ষা কৰাত কোনো ছবি পোৱা নগ'ল আৰু মিডৰীয়েও 'আনৰ বস্তুত হাত দিয়া' বুলি অস্বীকাৰ কৰে।এনেদৰে সকলো ৰহস্যৰ আৱৰ্তত সোমাই পৰে।পিছলৈ গম পোৱা যায় যে আচলতে ছেশ্বুইৰ ছবিখনৰ মূল গৰাকী আছিল মিডৰীৰ পৰিয়ালহে।অকুপ ই নিজৰ বিচক্ষণতাৰে নিৰ্ণয় কৰে যে ছবিখন মিডৰী আনিছিল আৰু গিলি থৈছিল যাৰ বাবে তেওঁৰ মৃত্যু হয়।ৰহস্যৰ সমাধান দিয়া বাবে অকুপক মানপত্ৰ আৰু স্বৰ্ণপদক দিয়া হয়।

এই গল্পটি ছেপ্তেম্বৰ ,২০০৬ৰ দৈনিক অসম ,শাৰদীয়ত প্ৰকাশিত হয়।[8]

মন্তব্য[সম্পাদনা কৰক]

যুক্তি-চিন্তা তথা বিচক্ষণতা গুণৰ পূৰ্ণ প্ৰয়োগেৰে এই গল্পসমূহ আৰ্থাৰ কনান ডয়ল বা আগাথা ক্ৰিষ্টিৰ ডিটেকটিভ গল্পসমূহতকৈ কোনো গুণে কম নহয়। মাইনী মহন্তই কৈছে-"কলমত যাদু আছে বাবেই চাগৈ 'অশান্ত ইলেকট্ৰন'ৰ সৌৰভ কুমাৰ চলিহাই জোনবিৰিও লিখি উলিয়াব পাৰে।কিতাপখন সম্পৰ্কে জানিব পাৰিছিলো এজন চৈধ্য বছৰীয়া কিশোৰৰ পৰা। দিনে-নিশাই ইংৰাজী ডিটেকটিভ গল্প পঢ়ি নিজকে ছাৰ্লক হ'ম্‌ছ বুলি ভাবি ঘৰুৱা প্ৰতিটো খেলিমেলিতে ক্লু বিচাৰি ফুৰা সেই কিশোৰজন এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। তেওঁ কৈছিল-"বাঃ অসমীয়াতো ইমান বঢ়িয়া ডিটেকটিভ গল্প আছে।'....এনেকুৱা ভাল কিতাপ আমাৰ বাবে প্ৰয়োজনীয়।"[9] লেখকেও কৈছে "ধাৰণা হৈছে,হয়তো হিংস্ৰতা বৰ্জিত ডিটেকটিভ কাহিনী পঢ়িব খুজিলে আজি আমি নিজেই তেনেকুৱা গল্প লিখিব লাগিব। এই গল্পকেইটা তেনেকুৱাই এটা প্ৰয়াস।"[10] সঁচাকৈয়ে গুলীয়াগুলি ঘুচিয়া ঘুচি খুন খাৰাপি নোহোৱাকৈ এখন পঢ়ি খুব ভাল লগা ভাল ডিটেকটিভ গল্পৰ কিতাপ।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. লেখকৰ দুআষাৰ,জোনবিৰি
  2. হেৰোৱা চাবি,পৃষ্ঠা নং ২৪,জোনবিৰি
  3. ,জোনবিৰি, পৃষ্ঠা নং ১২, প্ৰথম প্ৰকাশ
  4. সৌৰভ কুমাৰ চলিহা (ডিচেম্বৰ ২০০৬). "হেৰোৱা চাবি". জোনবিৰি (প্ৰথম প্ৰকাশ): ২৫. 
  5. জোনবিৰি,পৃষ্ঠা নং ৩৭,প্ৰথম প্ৰকাশ
  6. জোনবিৰি, পৃষ্ঠা নং ৫১,প্ৰথম প্ৰকাশ
  7. জোনবিৰি, পৃষ্ঠা নং ৬৪ ,প্ৰথম প্ৰকাশ
  8. জোনবিৰি, পৃষ্ঠা নং ৮৬,প্ৰথম প্ৰকাশ
  9. 9.0 9.1 মাইনী মহন্ত (মে' ২০০৭). "সম্পাদকীয়". নন্দিনী. 
  10. সৌৰভ কুমাৰ চলিহা. "লেখকৰ দুআষাৰ". জোনবিৰি. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]