অসমৰ ভূগোল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(২০২২ৰ মতে)

অসমৰ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিল'মিটাৰ। ই ভাৰতৰ এখন মজলীয়া আকাৰৰ ৰাজ্য। অসমখনক প্ৰধানকৈ তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰিব পাৰি। ৰাজ্যখনৰ উত্তৰ অংশ জুৰি আছে ব্ৰহ্মপুত্ৰ সমতল আৰু দক্ষিণ অংশত আছে বৰাক সমতল। এই দুখন সমতলৰ মাজত অৰ্থাৎ মাজভাগত এখন উচ্চভূমি অঞ্চল আছে।

ব্ৰহ্মপুত্ৰ উপত্যতা
পূবে তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰপৰা পশ্চিমে ধুবুৰী জিলাধুবুৰী মহকুমালৈ এই সমতলখনত ১৮খন প্ৰশাসনিক জিলা আছে। ইয়াৰ বাহিৰেও সমতলখনত সদ্যগঠিত ৪খন বড়োলেণ্ড জনজাতীয় স্বায়ত্তশাসিত জিলা আছে। সেইকেইখন হৈছে-কোকৰাঝাৰ,ওদালগুৰি,বাক্সা আৰু চিৰাং জিলা। ই এখন বৃহৎ সমতল। পূৱৰপৰা পশ্চিমলৈ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭২০ কিলোমিটাৰ আৰু উত্তৰৰপৰা দক্ষিণলৈ ই গড়ে ৮০ কিলোমিটাৰমান বহল। সমতলখনৰ এটা মন কৰিবলগীয়া ভূ-প্ৰকৃতি হৈছে এই যে পূবৰপৰা পশ্চিমলৈ ইয়াৰ ঢাল অতি কম। এই সমতলখনেদি উত্তৰৰ হিমালয় আৰু দক্ষিণৰ নগাপাহাৰ, কাৰ্বিপাহৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মেঘালয়ৰপৰা প্ৰায় ৪০খন ডাঙৰ উপনৈ আহি ব্ৰহ্মপুত্ৰত পৰিছেহি। উত্তৰপাৰৰ প্ৰধান উপনৈ হৈছে- সোৱণশিৰি, ৰঙানৈ, ডিক্ৰং, বুৰৈ, বৰগাং, জীয়া ভৰলু, গাভৰু, জীয়া ধনশিৰি, বৰনদী, পাগলাদিয়া, মানস, চম্পাৱতী, সৰলভাগা, গদাধৰ, সোণকোষ আদি। দক্ষিণ পাৰৰ ঘাই উপনৈসমূহ হৈছৈ- ডিব্ৰু, ডিগাৰু, বুঢ়ীদিহিং, দিছাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, ধনশিৰি, কলং, কপিলী, কুলসী, দুধনৈ, কৃষ্ণাই, জিনৰী, জিঞ্জিৰাম আদি।
বৰাক উপত্যকা
ই অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদীৰ পৰাই ইয়াৰ নামটো আহিছে। বৰাক উপত্যকাৰ মূলতঃ তিনিখন জিলা আছে- কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিশিলচৰ ইয়াৰ মুখ্য নগৰ। বৰাক উপত্যকাত ঘাইকৈ বাংলা ভাষাৰ প্ৰচলন আছে।

অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছ। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (ক) শীত (খ) প্ৰাক মৌচুমী (গ) মৌচুমী আৰু (ঘ) উত্তৰ মৌচুমী এই চাৰিভাগত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰী : শীত, ফেব্ৰুৱাৰী-এপ্ৰিল : প্ৰাক মৌচুমী, মে'-জুলাই : মৌচুমী, আগষ্ট-অক্টোবৰ : উত্তৰ মৌচুমী। অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম। বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ বেছি হ'ব পাৰে।[1] শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Purdue University. "The Köppen Classification of Climates". Archived from the original on 5 June 2007. https://web.archive.org/web/20070605020325/http://www.hort.purdue.edu/newcrop/tropical/lecture_04/lec_04.html। আহৰণ কৰা হৈছে: 25 May 2007. 
  2. জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬