বৰকলীয়া নস্কৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰকলীয়া নস্কৰা
—  গাঁও  —
অন্য নাম: নস্কৰা
বৰকলীয়া নস্কৰা is located in Assam
বৰকলীয়া নস্কৰা
অসমৰ মানচিত্ৰত বৰকলীয়া নস্কৰাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°55′59″N 90°03′24″E / 25.933184°N 90.0567403°E / 25.933184; 90.0567403
দেশ  ভাৰত
আসন দক্ষিণ শালমাৰা
জনসংখ্যা (২০১১)
 - মুঠ ৮,২৭৩ জন
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
আই এচ অ’ ৩১৬৬ কোড IN-AS-DB

বৰকলীয়া নস্কৰা (ইংৰাজী: Borokalia Nashkara) গাওঁখন ধুবুৰী জিলাদক্ষিণ শালমাৰা মহুকুমাৰ অন্তৰ্গত এখন ৰাজহ গাওঁ। এই গাওঁ খনৰ লগত আৰু বহু কেইটা সৰু-সুৰা গাওঁ জড়িত হৈ আছে। প্ৰায় ১০খন সৰু গাঁৱৰে গঠিত এখন ৰাজহ গাওঁ। ইয়াৰে নস্কৰা গাওঁ পঞ্চায়তও সামৰি লয়।[1] নস্কৰা গাঁৱৰ পৰা ৰাজ্যখনৰ ৰাজধানী দিছপুৰৰ দূৰত্ব প্ৰায় ১৭৭ কিলোমিটাৰ।[2] নস্কৰাৰ পৰা বেলেগ ওচৰৰ ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌ আৰু ইয়াৰ দূৰত্ব ২৪৫.৫ কিলোমিটাৰ। অন্যান্য সমৃদ্ধ ৰাষ্ট্ৰৰ ৰাজধানীবোৰ হ'ল শ্বিলং ১৮৪.৬ কিলোমিটাৰ, গেংটক ২১৩.৭ কিলোমিটাৰ, আগৰতলা ২৬১.৯ কিলোমিটাৰ। [3]

নামৰ উৎপত্তি[সম্পাদনা কৰক]

এই গাওঁ খনৰ নাম বৰকলীয়া নস্কৰা কেনেকৈ হ’ল সেই বিষয়ত কোনো ধৰণৰ সঠিক ইতিহাস বা প্ৰমাণ পোৱা নাযায়। কিন্তু এটা জনশ্ৰুতি মতে পুৰণিকালত এই অঞ্চলটোত “নস্কৰ” নামৰ এজন ৰাভাই বাস কৰিছিল। আৰু সেই ৰাভাৰজনৰ নাম অনুসৰি গাওঁ খনৰ নাম নস্কৰা হয়। আন এটা জনশ্ৰুতি মতে আছে যে, পুৰণিকালত এই গাওঁখনত খেজুৰ “ৰস” অধিক উৎপন্ন হৈছিল। আৰু বয়সিয়াল মানুহবোৰে “ৰস”ক “নস” বুলিও কৈছিল। গতিকে এই ঠাইত ৰস বা নস উৎপন্ন কৰা হৈছিল বুলি “কৰ” ধাতু যোগ দি পেলাই নস্কৰা হৈছে বুলি কোৱা হয়। (অৰ্থাৎ ৰস তৈয়াৰ কৰা ঠাই)

জনসংখ্যা[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি বৰ কলীয়া নস্কৰা গাঁৱৰ জনসংখ্যা ৮২৭৩জন আৰু ইয়াৰ মাজত পুৰুষ ৪১৮০ গৰাকী আৰু মহিলা ৪০৯৩ গৰাকী। মুঠ ১৬৬৩টা পৰিয়াল বসবাস কৰে।

বৰকলীয়া নস্কৰা গাঁৱত ০-৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ২০১২ যি গাঁৱৰ মুঠ জনসংখ্যাৰ ২৪.৩২ %। বৰকলীয়া নস্কৰা গাঁৱৰ গড় লিংগ অনুপাত ৯৭৯ যি অসম ৰাজ্যৰ গড় ৯৫৮তকৈ বেছি। বৰকলীয়া নস্কৰাৰ বাবে শিশু লিংগ অনুপাত লোকপিয়ল অনুসৰি ১০১৮, অসমৰ গড় ৯৬২তকৈ অধিক।

অসমৰ তুলনাত বৰকালীয়া নস্কৰা গাঁৱৰ সাক্ষৰতাৰ হাৰ কম। ২০১১ চনত বৰকলীয়া নস্কৰা গাঁৱৰ সাক্ষৰতাৰ হাৰ আছিল ৫৩.৭০ %, অসমৰ ৭২.১৯ %। বৰকলীয়াত নস্কৰাত পুৰুষৰ সাক্ষৰতা ৫৭.৭১ % হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪৯.৫৫ %।[4][5]

নস্কৰা গাৱৰ গাওঁসমূহ[সম্পাদনা কৰক]

বৰকলীয়া নস্কৰা গাঁৱৰ ধান খেতি।
  • কুচবাৰী
  • ধাপান পাৰা
  • বড় নস্কৰা
  • ছট নস্কৰা
  • নস্কৰা বিলপাৰা
  • চিনাবাৰী
  • ৰাধুৰাম চালা
  • শেৰশো ভাঙাৰ পাৰ
  • শিমূলচালা
  • আমচালা[6]

নস্কৰাৰ ওচৰতে থকা গাওঁ আৰু দূৰত্ব[সম্পাদনা কৰক]

বৰকলীয়া নস্কৰা গাঁৱৰ ঘেঁহু খেতি।
  • বাউশকাটা ৭.৭ কিলোমিটাৰ,
  • বালাডোবা ৬.৯ কিলোমিটাৰ,
  • ৰাৱাতাৰী ৬.৬ কিলোমিটাৰ,
  • হামিদাবাদ ৫.৪ কিলোমিটাৰ,
  • টুমনী ১১.০ কিলোমিটাৰ,
  • ফকিৰগঞ্জ ৫.৪ কিলোমিটাৰ,
  • পটাকাটা ১৩.৮ কিলোমিটাৰ,
  • আইৰকাটা ৪.০ কিলোমিটাৰ।[6][7]

ৰাজহুৱা ভাষা[সম্পাদনা কৰক]

নস্কৰাৰ আদি ভাষা হ'ল অসমীয়া, বঙালী। যদিও গাওঁখনৰ ৰাজহুৱা ভাষা অসমীয়া কিন্তু ঘৰতে বা তেনেই বেলেগৰ লগত বেছিভাগ মানুহে বঙলা ব্যৱহাৰ কৰে। কোনো এখন ৰাজহুৱা অনুষ্ঠান নাইবা চৰকাৰী কাৰ্য্যলয়ত কেৱল অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ দেখা যায়। ইয়াৰ উপৰিও স্কুল কলেজ আদিতো অসমীয়া ভাষা কোৱাটো বাধ্যতা কৰা হৈছে। নস্কৰা গাঁৱৰ মানুহে নগৰ বা চহৰ বা তেনেই অসমৰ আন আন ঠাইলৈ গলে যোগাযোগৰ বাবে অসমীয়া ভাষাক ব্যৱহাৰ কৰিব দেখা যায়।[8]

বিশেষ[সম্পাদনা কৰক]

নস্কৰা গাওঁখন ইউটিচি ৫.৩০ সময় অঞ্চলত অৱস্থিত আৰু এইটো ভাৰতীয় মান সময় (IST) অনুসৰণ কৰি। নস্কৰা বেলি উঠাৰ সময়টো আইএচটি-ৰ পৰা -৩০ মিনিটৰ মাজত পৰিবৰ্তিত হয়। নস্কৰাত যানবাহন চলোৱাৰ দিশ বাওঁকাষ, গাড়ী চলোৱাৰ সময়ত সকলো যানবাহনক বাওঁফালে দি যাব লগা হয়। নস্কৰাৰ মানুহৰ ৰাষ্ট্ৰীয় মুদ্ৰা ব্যৱহাৰ কৰিছে যিটো ভাৰতীয় ৰুপি আৰু ইয়াৰ ইণ্টাৰনেচনাল মুদ্ৰা কোডটো INR।[2] বিদেশৰ পৰা ভাৰতীয় দেশৰ ডাইলিং কোড +৯১ যুক্ত কৰি নস্কৰাৰ ফোন আৰু মোবাইলবোৰ লাভ কৰিব পৰা যায়। নস্কৰাৰ মানুহে দৈনিন্দন জীৱনত দিন/মাহ/বছৰ তাৰিখৰ ফৰ্মেটটো অনুসৰণ কৰে। [7]

প্ৰধান জীৱিকা[সম্পাদনা কৰক]

বৰ কলীয়া নস্কৰাৰ মানুহে বয়ন শিল্পত কাম কৰি আছে।

এই গাওঁখনৰ বেছিভাগ মানুহে কৃষি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। কিছু সংখ্যাক মানুহে চৰকাৰী চাকৰি কৰে। যদিও গাওঁখনৰ প্ৰধান জীৱিকা কৃষি কিন্তু পৰ্যাপ্ত পৰিমাণত ভূমি নথকা ফলত গাঁৱৰ মানুহে বেলেগ উপায় বাছি লৈছে। যেনেঃ কিছুমানে দোকান-পোহাৰ কৰে। কিছুমান মাছ মাৰি, কিছুমানে, গুৱাহাটী নাইবা বেলেগ ৰাজ্যলৈ গৈ হাজিৰা নাইবা ব্যক্তিগত খণ্ড কোম্পানিত চাকৰী কৰে। কিছুমানে আকৌ বে-চৰকাৰী বিদ্যালয় প্ৰতিষ্ঠা কৰি টকা অৰ্জন কৰিছে। কিছুমানে অসমৰ বয়ন শিল্প (তাঁতশাল)ত কাম কৰে। তাঁতশালত কাপোৰ বৈ সেই কাপোৰবোৰ মেঘালয়, হাটশিঙিমাৰি, মানকাচৰ ইত্যাদি ঠাইলৈ নি বিক্ৰী কৰে।

খেতিত উৎপাদন কৰা শস্য[সম্পাদনা কৰক]

ধান, মৰাপাট, ঘেঁহু, সঁৰিয়হ, তিচি, মটৰ, বুট, কুঁহিয়াৰ, জলকীয়া, আলু, ভেণ্ডি, কেৰেলা, জাতি লাউ, ৰঙালাউ, বিলাহী, বেঙেনা, বন্ধাকবি, ফুলকবি, ওলকবি, মূলা, গাজৰ, পিয়াঁজ, নহৰু ইত্যাদি।

যাতায়াত[সম্পাদনা কৰক]

নস্কৰা গাঁৱৰ প্ৰায়বোৰ বাট বা ৰাস্তা কেঁচা। যদিও কিছুমান ৰাস্তা পকা দেখিবলৈ পোৱা যায় কিন্তু সেইবোৰৰ বৰ বেয়া অৱস্থা।

ৰেল ষ্টেচন[সম্পাদনা কৰক]

নস্কৰাৰ ওচৰৰ ৰেল ষ্টেচনটো ধুবুৰী যিটো প্ৰায় ১৩.৯ কিলোমিটাৰ দূৰত অৱস্থিত (যিটো জলপথেৰে যাব লগা হয়)। নিম্নলিখিত তালিকাটো অন্যান্য ৰেল ষ্টেচন আৰু মামাকুডিৰ পৰা তাৰ দূৰত্ব দেখুৱা হ’ল।

ধুবুৰী ৰেল ষ্টেচন ১৩.৯ কিমি
গোলগঞ্জ ৰেল ষ্টেচন ৩০.৯ কিমি
গৌৰীপুৰ ৰেল ষ্টেচন ২০.৯ কিমি

বিমান বন্দৰ[সম্পাদনা কৰক]

ৰুপসীৰ ওচৰৰ বিমানবন্দৰ যিটো নস্কৰা গাঁৱৰ পৰা ২৮.৯ কি.মি. দূৰত। এইটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। মূলতঃ সামৰিক উদ্দেশ্যত। ১৯৮৩ চন লৈকে, ইণ্ডিয়ান এয়াৰলাইনচ আৰু কিছুমান ব্যক্তিগত বাণিজ্যিক বিমান কলকাতা, গুৱাহাটী আৰু ধুবুৰী মাজত নিয়মিত চলিছিল। তাৰ পিছত প্ৰায় ৩৬ বছৰলৈকে সম্পূৰ্ণ ৰূপে বন্ধ আছিল এই বন্দৰখন। আকৌ প্ৰায় ৩৬ বছৰ পিছত এই ৰুপসী বিমানবন্দৰখন পুনৰ মেৰামতিৰ বাবে জিঅআই দ্বাৰা কাম আৰম্ভ হৈছিল আৰু ২০২১ চনৰ পৰা পুনৰ সেৱা অৰম্ভ হয়।[9]

নগৰ[সম্পাদনা কৰক]

বৰ কলীয়া নস্কৰা গাঁৱৰ ওচৰৰ নগৰ/গুৰুত্বপূৰ্ণ স্থানটো ১৪.১ কিলোমিটাৰ দূৰত থকা ধুবুৰী জিলা। নস্কৰাৰ চাৰিওফালে থকা নগৰবোৰ নিম্নলিখিত ধৰণৰ।

ধুবুৰী ১৪.১ কিমি
গৌৰীপুৰ ২০.৯ কিমি
বিলাসীপাৰা ৩৭.৩ কিমি
লক্ষিপুৰ অ. ৩০ কিমি

শিক্ষানুষ্ঠান[সম্পাদনা কৰক]

বৰ কলীয়া নস্কৰা ভালেমান চৰকাৰী তথা বে-চৰকাৰী শিক্ষানুষ্ঠান আছে। যিবোৰে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ যথেষ্ট ভূমিকা পালন কৰি আহিছে।[10]

চৰকাৰী বিদ্যালয়[সম্পাদনা কৰক]

  • দক্ষিণ নস্কৰা বিলপাৰা এলপি স্কুল
  • শান্তিপুৰ বৰৈবাৰী গাৰ্ল্চ এমই মাদ্ৰাছা
  • পশ্চিম শিমূলচালা এলপি স্কুল
  • ১৭৪ নং আমচলা এল পি স্কুল
  • বৰকলীয়া নস্কৰা হাই স্কুল
  • ২১৬৩ নং একে মণ্ডল মেমোৰিয়াল এলপি স্কুল।
    ২১৬৩ নং একে মণ্ডল মেমোৰিয়াল এলপি স্কুল
  • আবু বক্কাৰ বেপাৰী মেমোৰিয়াল এল পি স্কুল
  • জ্যোতি হাই মাদ্ৰাছা
  • শেৰশো ভাঙাৰ পাৰ গাৰ্ল্চ স্কুল
  • জে ইউ আহমেদ মেমোৰিয়াল এল পি স্কুল
  • চিনাবাৰী এল পি স্কুল
  • নস্কৰা নয়াপাৰা এল পি স্কুল
  • ১১৮৫ নং নস্কৰা এল পি স্কুল
  • শিমূল চালা এল পি স্কুল
  • চান্দিপাৰা এল পি স্কুল
  • ৰাধুৰাম চাৰিআলি প্ৰি-ছেনিওৰ মাদ্ৰাছা
  • বি এন বিলপাৰা এল পি স্কুল
  • বৰকলীয়া নস্কৰা নৱমিলন এম ই স্কুল
  • খেদাইমাৰি চৰ এল পি স্কুল
  • ২৬৭ নং বৰ কলীয়াৰপাৰ এল পি স্কুল
  • মিৰ বক্স খাঁন মেমোৰিয়াল এল পি স্কুল
  • ৰাধুৰাম চালা এল পি স্কুল
  • নস্কৰা এম ই স্কুল
  • চান্দিপাৰা এম ই মাদ্ৰাছা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়[সম্পাদনা কৰক]

ব্যাহ্যিক সংযোগ[সম্পাদনা কৰক]

ৱিকিমিডিয়া কমন্সত বৰকলীয়া নস্কৰা সম্পৰ্কীয় মিডিয়া ফাইল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]