সমললৈ যাওক

লোক-বাদ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ গাৱঁলীয়া সংগীত শিল্পী

লোক-বাদ্য (ইংৰাজী: Folk instrument) হৈছে কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ পৰম্পৰাগত লোক-সংগীতৰ সৈতে বজোৱা হয়, আৰু সাধাৰণতে শাস্ত্ৰীয় সংগীত বা সংশ্লিষ্ট সংস্কৃতিৰ অন্যান্য অভিজাত আৰু আনুষ্ঠানিক সংগীত ধাৰাসমূহত ব্যৱহাৰ কৰা নহয়, যদিও ইয়াৰ সৈতে জড়িত বাদ্যযন্ত্ৰ হয়তো ব্যৱহাৰ কৰা হ'ব পাৰে।

এই বাদ্যযন্ত্ৰবোৰ কাঠ, ধাতু বা অন্যান্য সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়। লোক-বাদ্যৰ বিভিন্ন প্ৰকাৰবোৰ হৈছে ততবাদ্য, বা বিভিন্ন ধৰণৰ বাঁহী বা ট্ৰুম্পেট জাতীয় বাদ্য, বা আঙুলিৰে টানি, টুকুৰিয়াই বা ধনুৰ দৰে বেঁকা কৰি ব্যৱহাৰ কৰা তাঁৰ যুক্ত বাদ্যযন্ত্ৰ আদি।[1]

কিছুমান বাদ্যযন্ত্ৰক লোক-বাদ্য বুলি কোৱা হয় কাৰণ ইহঁত সাধাৰণতে লোক-সংগীতৰ সেতে বজোৱা হয়, যদিও কেতিয়াবা আন ধৰণৰ সংগীততো ব্যৱহাৰ কৰা হয়; ইয়াৰ উদাহৰণ হ’ল হাৰম’নিকা, ধ্ৰুপদী বেহেলা আৰু লোক-বাদ্য ফিডল আদি।

লোক-বাদ্যৰ তালিকা

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Chapter 9". http://shodhganga.inflibnet.ac.in/bitstream/10603/99965/9/09_chapter%204.pdf আহৰণ কৰা হৈছে: 16 February 2020.