ম'হৰ শিঙৰ পেঁপা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ম'হৰ শিঙৰ পেঁপা
Bihu dancer with a horn.jpg
পেঁপাবাদক বিহুৱা
সুৰাশ্ৰয়ী বাদ্য
শ্ৰেণী ভাৰতীয় সুৰাশ্ৰয়ী বাদ্য
আনুষঙ্গিক বাদ্য
ঢোল, তাল, গগনা

ম'হৰ শিঙৰ পেঁপা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। ইয়াৰ অনুনাদ (resonance) হোৱা মুখ্য অংশ ম'হৰ শিঙেৰে তৈয়াৰ কৰা হয় হেতুকে ইয়াক ম'হৰ শিঙৰ পেঁপা বোলে। ইয়াৰ বজোৱা অংশ চুপহী আৰু অন্যান্য অংশ বাঁহেৰে সজা হয়। মুখ্যতঃ বিহুৰ বাদ্যযন্ত্ৰ হিচাবে ঢোল, তাল, গগনা আদিৰ লগত বজোৱা হয় যদিও বিভিন্ন অন্যান্য আনন্দোৎসৱ, বিয়া আৰু আজিকালি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আদিতো ইয়াক বজোৱা হয়। অসমীয়া জাতিৰ সংস্কৃতিত ইয়াৰ বিশেষ মহত্ব আছে।[1]

পেঁপাৰ প্ৰকাৰ[সম্পাদনা কৰক]

ম'হৰ শিঙৰ পেঁপা দুই প্ৰকাৰৰ[2]:

  • গুটীয়া পেঁপা বা গোৱাল পেঁপা
  • যুৰীয়া পেঁপা

গুটীয়া পেঁপা বা গোৱাল পেঁপা[সম্পাদনা কৰক]

ম'হৰ এটা শিঙেৰে নিৰ্মাণ কৰা সাধাৰণতে পোৱা পেঁপাটোক গুটীয়া পেঁপা বোলে। ম'হ পালক সকলে এই ধৰণৰ পেঁপা সাজিছিল বাবে সততে তেঁওলোকৰ হাততে এই পেঁপা পোৱা গৈছিল। ম'হ পালকৰ প্ৰিয় বাদ্য হোৱা বাবে ইয়াক গুৱাল পেঁপাও বুলিছিল[2]

যুৰীয়া পেঁপা[সম্পাদনা কৰক]

এনে পেঁপা দুটা সমান জোখৰ পেঁপা সমান্তৰালকৈ বান্ধি লৈ একেডাল বেৰীৰে একেলগে বজোৱা হয়। ইয়াত শিঙা, নলিচা আৰু থুৰি দুটাকৈ থাকে যদিও চুপহি কেৱল এটাহে থাকে[2]। দুটা ভিন ভিন কম্পনাংকৰ চুপহীৰ শব্দৰ বাবে ইয়াৰ মাত শুনিবলৈ শুৱলা হয়। শিং দুটাৰ বাওঁফালৰটোক খংশিঙা আৰু বাওঁফালৰটোক ৰংশিঙা বোলা হয়।[1]

পেঁপাৰ অংশবোৰ[সম্পাদনা কৰক]

থুলা বা শিং[সম্পাদনা কৰক]

ইয়াক ম'হৰ শিঙৰ পৰা সজা হয়। পেঁপাৰ ইয়েই মুখ্য অংশ। চুপহীৰ পৰা ওলোৱা ধ্বনি ইয়াৰ বেঁকা বায়ুস্তম্ভত অনুনাদ হৈ বৃহৎ শব্দ কৰে। মৰা ম'হৰ শিং কাটি আনি বিভিন্ন প্ৰকাৰে প্ৰকৰণ (process) কৰি ইয়াক প্ৰস্তুত কৰা হয়। ধুনীয়া দেখিবলৈ ইয়াত কেতিয়াবা পিতলৰ বাও খুৱাই লোৱা হয়। ইয়াৰ তলৰফালে সৰু অংশত শিঙতেই এটা ঘাত কাটি এটা 'আঙঠি' বা 'কৰধনি' সাজি লোৱা হয়।[1]

গৰপ বা গৰম নলা[সম্পাদনা কৰক]

ই এটা বাঁহৰ সৰু নলী। ইয়াক এমুৰত চুপহি থাকে আৰু অন্যমূৰ টো ম'হৰ শিঙত লগোৱা হয়। চুপহিৰ পৰা ওলোৱা বতাহ ইয়াৰ মাজেৰে শিঙলৈ যায়। পেঁপাৰ ভিতৰৰ বায়ুস্তম্ভৰ দৈৰ্ঘ্য সলনি কৰি চুপহীৰ শব্দত সুৰ দিবলৈ ইয়াৰ গাত চাৰিটা বা পাঁচটা ফুটা কৰা হয়। বজোৱাৰ সময়ত এই ফুটাবোৰত বাদকে আঙুলি বুলাই সুৰৰ সৃষ্টি কৰে।[1]

চুপহী বা থুৰুহী[সম্পাদনা কৰক]

চুপহী পাতলকৈ চাঁচি লোৱা বাঁহৰ বা ইকৰাৰ এটা এমুখ বন্ধ চুঙা। ইয়াৰ গাত এখন জিভা (reed) কাটি লোৱা হয়। ইয়াত ফু দিলে জিভাখনৰ কম্পন হৈ শব্দৰ সৃষ্টি হয়। ইয়ে পেঁপাৰ ধ্বনিৰ উৎস।[1]

বেহু[সম্পাদনা কৰক]

পেঁপাৰ মুখ দি বজোৱা অংশক বেহু বোলা হয়। ই এটা সৰু বাঁহৰ নলী, ইয়াক চুপহীক আৱৰি গৰপত লগোৱা হয়।[1]

ম'হৰ শিঙৰ পেঁপা প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

শিং[সম্পাদনা কৰক]

ম'হ মৰাৰ পাচত তাৰ শিং কাটি আনি ৰ'দ পৰা গোবৰৰ ভেৰত ছমাহমান পুতি ৰাখি গেৰিবলৈ হয়। এনে কৰিলে শিংটো কোমল হয়। কোনোৱে শিং গেৰাবলৈ ইয়াক কলগছৰ টুকুৰাতো খুচি থয়। কলগছ পচি শিংটো কোমল কৰে। ইয়াৰ পাচত শিঙৰ ফোঁপোলা অংশৰ বাহিৰভাগ ভগা আইনাৰ টুকুৰা, ব্লেড বা চোকা চুৰীকটাৰীৰে সুসমভাবে চাঁচি লোৱা হয়। এই কাৰ্য্যত যঠেষ্ট সুক্ষ্মতা আৰু দক্ষতাৰ প্ৰয়োজন হয়, কাৰণ চাঁচোতে হীন-দেড়ি হ'লে পেঁপাৰ মাত বেয়া হ'ব। শিঙৰ আগৰ লিটিকা অংশত আঙঠি বা কৰধনি কটা হয়। ম'হৰ শিং যিহেতু সম্পূৰ্ণ ঘূৰণীয়া নহয়, ইয়াক ঘূৰণীয়া কৰিবলৈ গৰম পানীত সিজাই কোমল কৰি ভিতৰত জোখমতে কাটি লোৱা মৰণীয়া, ভেলেউ বা চটিয়না আদি কোমল কাঠৰ এটা ঘোৰ কাটি লৈ, কোমলে কোমলে শিংটোত জোৰকৈ ভৰাই কেইদিমান ৰখা হয়। ইয়াৰ পাচত গৰপ লগাবৰ বাবে সৰু আগটো জোখত ফুটাই লোৱা হয়। ইয়াৰ বাবে মিস্ত্ৰিৰ আগৰ (dril) বা জুইত ৰঙা কৰি লোৱা লোৰ শলা ব্যৱহাৰ কৰা হয়। ইয়ো যঠেষ্ট সূক্ষ্ম কাম। ইয়াক আৰু সুন্দৰ কৰিবৰ বাবে এতিয়া ইয়াত পিতলৰ বাও লগাব পাৰি।[1]

গৰপ[সম্পাদনা কৰক]

গৰপ নলাডাল শুকান বুঢ়া বাঁহৰ আগৰ পৰা কৰা হয়। ই দিঘলে চাৰে চাৰি ইঞ্চি দীঘল আৰু ব্যাস ভিতৰৰ ফালে চুপহী সুমুৱাবৰ জোখাৰে আৰু বাহিৰ ফালে ইয়াক শিঙৰ সৰু অংশত সুমুৱাব পৰা হ'ব লাগে। এই দুইমুৰ খোলা বাঁহৰ বাঁহৰ টুকুৰাটো চাইকেলৰ স্পকৰ জোখৰ গৰম লোৰ শলাৰে বজোৱাফালে ৪৫° মান কোণত আঙুলি বুলাবৰ বাবে ফুটাই লোৱা হয়। এনে ফুটা আগৰ ফালে আধা ইঞ্চিমান এৰি চাৰিটা বা পাঁচটা কৰি লোৱা হয়। ফুটা কৰাৰ পাচত গৰপডাল ফু দিলে সুহুৰিৰ দৰে মাত ওলাব লাগে। শিং আৰু চুপহীৰ লগত মিলাবৰ বাবে একেলগে কেইবাডালো গৰপ সাজি লোৱা হয়।[1]

চুপহী[সম্পাদনা কৰক]

খাগৰি, বজাল বাঁহৰ জেং, বা তাৰ অভাৱত তেনে কোনো সৰু বাঁহৰ আগেৰে চুপহী কৰা হয়। চুপহীৰ দীঘ প্ৰায় এক-দেৰ ইঞ্চি আৰু ব্যাস প্ৰায় আঠভাগৰ এক ইঞ্চিমান। ইয়াৰ এমুৰত গাঁঠিটো ৰাখি ইয়াৰ বিপৰীতে এখন চোকা চুৰিকটাৰী বা ব্লেডেৰে এফলীয়াকৈ কাটি জিভাখন (reed) দিয়া হয়। বন্ধফালে মুখত ভৰাই নিৰ্দিষ্ট জোখত ফুক মাৰিলে শব্দ সৃষ্টি হয়। বজাওঁতে যদি ইয়াত কলা (block) লাগে তেন্তে এডাল চুলি পঠালিকৈ জিভাখনৰ ফাকটোত ভৰাই দিয়া হয়। অৱশ্যে কেইবাটাও কাটি, বজাই, গৰপৰ লগত মিলাই চাইহে উপযুক্ত চুপহীটো নিৰ্বাচন কৰা হয়। ইয়াৰ পাচত চুপহিটো গৰম তেলত জুবুৰিয়াই ল'লে ইয়াৰ স্থিৰতা আহে আহে আৰু দীৰ্ঘস্থায়ী হয়। সাধাৰণতে বিভিন্ন সুৰৰ (pitch) বাবে কেইবাটাও চুপহী ৰখা হয়।[1]

পেঁপা বাদন[সম্পাদনা কৰক]

পেঁপা বজাবলৈ অনেক জোৰত ফু মৰাৰ প্ৰয়োজন হয়। গৰপৰ ফুটাত আঙুলি বুলালে মুখ্যতঃ "টিহিটি টিলৌ" (কথিত ভাষাত) ছন্দত শব্দ হয় আৰু ইয়াকে ভিন ভিন ধৰণেৰে বিন্যাস কৰি আৰু ফু মৰা বতাহৰ শক্তি বঢ়াই-কমাই বিভিন্ন সুৰ তোলা হয়। পাকৈত পেঁপাবাদকে দক্ষতাৰে অনেক সময় পেঁপা বজাই দৰ্শকক মুগ্ধ কৰি ৰাখিব পাৰে। বিহুত সাধাৰণতে পেঁপাৰ লগত ঢোল, তাল আৰু কেতিয়াবা গগনা সংগত কৰা হয়। সুন্দৰ প্ৰদৰ্শনৰ বাবে আজিকালি চহৰীয়া/মঞ্চ বিহুত পেঁপাবাদকৰ লগত নাচনীয়ে যোৰ পাতি নচা দেখা যায়।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 দত্ত, আনন্দ চন্দ্ৰ (১-১৫ এপ্ৰিল ১৯৯৬). "ম'হৰ শিঙৰ পেঁপা". প্ৰান্তিক খণ্ড ১৫শ বছৰ (৯ম সংখ্যা): ২৪. 
  2. 2.0 2.1 2.2 "পেঁপাৰ প্ৰকাৰ". ২০১১. http://www.anvesha.co.in/assamese/pepa_as.htm। আহৰণ কৰা হৈছে: October 09, 2012. 

লগতে চাওক[সম্পাদনা কৰক]