অবিৰত আৰু বোধগম্য মূল্যায়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Continuous and Comprehensive Evaluationৰ পৰা পুনঃনিৰ্দেশিত)
অবিৰত আৰু বোধগম্য মূল্যায়ন

CCE's official logo
শিক্ষা পৰিষদ
CBSE
পৰীক্ষা
গঠনীয়
সংখ্যাত্মক
মান ৯ পইণ্ট
গ্ৰেড ৬ষ্ঠৰ পৰা ১০ম আৰু ১২শ
পাঠ্যক্ৰম
প্ৰধান বিষয় ইংৰাজী, গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, ইতিহাস, ৰাজনীতি, ভূতত্ব আৰু অৰ্থনীতি
অতিৰিক্ত বিষয় (বিকল্প) জাপানী, হিন্দী, অসমীয়া, বঙালী, গুজৰাটী, ভাষা, কন্নড়, মাৰাঠী, মালয়ালম, মণিপুৰী, ওড়িয়া, পঞ্জাবী, সিন্ধী, তামিল, তেলুগু, উৰ্দু, সংস্কৃত, আৰবী, পাৰ্ছী, ফৰাচী, তিব্বতী, জাৰ্মান, পতুৰ্গীজ, ৰুছ, স্পেনিছ, নেপালী, লিম্বু, লেপ্সা, ভূটীয়া, আৰু মিজো

অবিৰত আৰু বোধগম্য মূল্যায়ন (ইংৰাজী: Continuous and Comprehensive Evaluation, চমুকৈ CCE) হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।

বিৱৰণ[সম্পাদনা কৰক]


মূল্যায়নৰ নতুন আঁচনি[সম্পাদনা কৰক]

এই নতুন পদ্ধতিত, শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিকৰ লগতে পাঠ্যক্ৰনিক আৰু সহ-পাঠ্যক্ৰমিক বিষয়ৰ এলানি মূল্যায়নৰ যোগেদি তেওঁলোকৰ কৃতিত্ব আৰু অৰ্হতাসমূহ নিৰ্ণয় কৰা হয়। শিক্ষাৰ্থীসকলক নম্বৰৰ পৰিবৰ্তে গ্ৰেড প্ৰদান কৰা হয়। ইয়াৰ উদ্দেশ্য বিভিন্ন ক্ৰিয়াকলাপৰ মূল্যায়নৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ কামৰ বোজা হ্ৰাস কৰা আৰু সামগ্ৰিক কৃতিত্ব আৰু অৰ্হতাসমূহৰ বিকাশ সাধন কৰা। মূল্যায়নৰ বাবে শিক্ষাৰ্থীৰ কৰ্ম অভিজ্ঞতা, দক্ষতা, সৃষ্টিশীলতা, দৃঢ়তা, সহযোগীতা, কথা-বাৰ্তা, আচৰণ আদিৰ ভিত্তিত গ্ৰেড প্ৰদান কৰা হয় আৰু শিক্ষাৰ্থীৰ যোগ্যতাৰ সামগ্ৰিকমান নিৰূপন কৰা হয়। ইয়াৰ ফলত বিদ্যায়তনিকদিশত দুৰ্বল কিন্তু অন্যদিশ যেনে কলা, মানৱতা, খেল, সংগীত আদি দিশত আগবঢ়া শিক্ষাৰ্থীসকলেও তেওঁলোকৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সুবিধা পায়।

ৰূপৰেখা[সম্পাদনা কৰক]

এই পদ্ধতিত দুট ভিন্ন প্ৰকাৰৰ অভীক্ষা লোৱা হয়। সেইকেইটা হল, গঠনীয় অভীক্ষা আৰু সংখ্যাত্মক অভীক্ষা বা যোগাত্মক অভীক্ষা।

  • গঠনীয় অভীক্ষা: শিক্ষাৰ্থীৰ শ্ৰেণী কাৰ্য আৰু গৃহ কাৰ্য, মৌখিক পৰীক্ষা, কুইজ, প্ৰকল্প আদি হৈছে গঠনীয় অভীক্ষা। প্ৰতি শিক্ষা বৰ্ষত চাৰিটাকৈ গঠনীয় অভীক্ষা থাকিব পাৰে, আৰু শতকৰা ৪০% গভীৰতা থাকে। কিছুমান বিদ্যালয়ত বহুতো মৌখিক পৰীক্ষাৰ পৰিবৰ্তে এটা অতিৰিক্ত লিখিত পৰীক্ষা লোৱা হয় যদিও কমেও এটা হ'লেও মৌখিক পৰীক্ষা লোৱা হয়।
  • সংখ্যাত্মক অভীক্ষা: সংখ্যাত্মক অভীক্ষা হল তিনি ঘণ্টা ধৰি চলা দীঘল লিখিত পৰীক্ষা, এটা শিক্ষা বৰ্ষত দুবাৰকৈ লোৱা হয়। প্ৰথম দুটা গঠনীয় অভীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত প্ৰথম সংখ্যাত্মক অভীক্ষা বা Summative Assessment 1 (SA-1) লোৱা হয়। পিছৰ দুটা গঠনীয় অভীক্ষা সম্পূৰ্ণ হোৱাৰ পাছত দ্বিতীয় সংখ্যাত্মক অভীক্ষা বা (SA-2) লোৱা হয়। প্ৰতিটো সংখ্যাত্মক অভীক্ষাৰ শতকৰা ৩০% কৈ মুঠ ৬০% গভীৰতা থাকে। প্ৰতিটো সংখ্যাত্মক অভীক্ষা বিদেযালয়ে নিজে অনুষ্ঠিত কৰে যদিও প্ৰশ্নপত্ৰ আংশিকভাৱে CBSEএ প্ৰস্তুত কৰে লগতে উত্তৰ বহীও CBSEএ কঠোৰভাৱে নিৰীক্ষণ কৰে। এটা সংখ্যাত্মক অভীক্ষা এবাৰ অনুস্থিত হোৱাৰ পাছত সেই পাঠ্যক্ৰম দ্বিতীয় সংখ্যাত্মক অভীক্ষাত পুণৰাবৃত্তি কৰা নহয়, ফলত শিক্ষাৰ্থীসকলে পৰবৰ্তী সংখ্যাত্মক অভীক্ষাৰ নতুন বিষয়ত সম্পুৰ্ণভাৱে মনোনিৱেশ কৰিব পাৰে।

শিক্ষাবৰ্ষৰ অন্তত, পৰিষদে গঠনীয় আৰু সংখ্যাত্মক অভীক্ষা প্ৰাপ্তাংকৰ ভিত্তিত ফলাফল প্ৰকাশ কৰে, i.e. ৪০% + ৬০% = ১০০%।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]