সমললৈ যাওক

দিছপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dispurৰ পৰা পুনঃনিৰ্দেশিত)
দিছপুৰ
ৰাজধানী চহৰ
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল পশ্চিম অসম
জিলা কামৰূপ মহানগৰ
চৰকাৰ
  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
  ৰাজ্যপাল লক্ষ্মণ আচাৰ্য
উচ্চতা
৫৫ মিটাৰ (১৮০ ফুট)

দিছপুৰ /dɪsˈpur/,(ইংৰাজী: Dispur) অসমকামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল। ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে। অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত।

স্বাস্থ্য সেৱা

[সম্পাদনা কৰক]

দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান আছে। সেইবোৰৰ ভিতৰত জি. এন. আৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, দিছপুৰ হস্পিটেল, দিছপুৰ পলিক্লিনিক এণ্ড নাৰ্ছিং হোম, জি. এন. আৰ. চি. আউটপেইচেন্ট ক্লিনিক আৰু ৰাজধানী ৰাজ্যিক চিকিৎসালয় উল্লেখযোগ্য।

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]

অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে। অসম ৰাজ্যিক পৰিবহণ নিগম ৰ চিটি বাছৰ যোগেদি দিছপুৰৰ পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চললৈ যাব পাৰি।

দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়
  • দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • শ্ৰীমন্ত শংকৰ একডেমী
মহাবিদ্যালয়

দিশপুৰ মহাবিদ্যালয় ১৯৭৮ চনত স্থাপিত কৰা হয় আনহাতে দিছপুৰ আইন মহাবিদ্যালয় ১৯৯৩ চনত প্ৰতিষ্ঠা হয়।

ৰাজনীতি

[সম্পাদনা কৰক]

দিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত। [1]

পৰ্যটনৰ স্থান

[সম্পাদনা কৰক]

দিছপুৰৰ ওচৰৰ পৰ্যটনৰ স্থান সমূহ হ'ল -

গুৰুত্বপূৰ্ণ কাৰ্য্যালয়

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-05.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]