গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হিমালয় পৰ্বতৰ দৃশ্য | |
অৱস্থান | হিমাচল প্ৰদেশ, ভাৰত |
মাটিকালি | 1,171 বৰ্গ কি.মি. (452 বৰ্গ মাইল) |
প্ৰতিস্থা | ১৯৮৪ |
ধৰণ | প্ৰাকৃতিক |
চৰ্ত | x |
নিৰ্ধাৰিত | ২০১৪ (৩৮তম অধিবেশন) |
প্ৰসংগ সংখ্যা | ১৪০৬ |
দেশ | ভাৰত |
অঞ্চল | এছিয়া-পেচিফিক |
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ হিমাচল প্ৰদেশৰ কুল্লু অঞ্চলত অৱস্থিত সংৰক্ষিত ৰাষ্ট্ৰীয় উদ্যান। ১৯৮৪ চনত এই ৰাষ্ট্ৰীয় ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ১,১৭১ বৰ্গ কিলোমিটাৰ আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৬০০ মিটাৰৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় ৩৭৫ টা ভিন্ন প্ৰজাতিৰ উদ্ভিদ, ৩১ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ১৮১ টা চৰাইৰ প্ৰজাতি, ৩ টা প্ৰজাতিৰ সৰীসৃপ, ৯ টা উভচৰ প্ৰাণীৰ প্ৰজাতি, ১১ টা বলয়ীপ্ৰাণীৰ প্ৰজাতি, ১৭ টা কোমলদেহী প্ৰাণীৰ প্ৰজাতি আৰু ১২৭ টা সন্ধিপদী প্ৰাণীৰ বাসস্থান। এই সকলো প্ৰাণী আৰু উদ্ভিদ বন্যপ্ৰাণী সংৰক্ষণ আইন ১৯৭২ ৰ অধীনত সংৰক্ষিত।
২০১৪ চনত কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত হোৱা ইউনেস্কোৰ ৩৮তম অধিবেশনত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত কৰা হয়।[1] ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান কমিটিয়ে এই ৰাষ্ট্ৰীয় উদ্যানক "উৎকৃষ্টতম জৈৱ-বৈচিত্ৰৰ সংৰক্ষণৰ গুৰুত্ব"ৰ বাবে বিশ্ব ঐতিহ্যবাহী স্থানত অন্তৰ্ভুক্ত কৰে।[2]
তথ্য উৎস[সম্পাদনা কৰক]
- ↑ "Six new sites inscribed on World Heritage List". UNESCO. Archived from the original on 25 June 2014. http://whc.unesco.org/en/news/1160। আহৰণ কৰা হৈছে: 23 June 2014.
- ↑ Centre, UNESCO World Heritage. "Six new sites inscribed on World Heritage List". whc.unesco.org. Archived from the original on 16 October 2017. http://whc.unesco.org/en/news/1160। আহৰণ কৰা হৈছে: 24 April 2018.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
ৱিকিমিডিয়া কমন্সত গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা