সদস্য:Gitartha.bordoloi/cover2

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপিডিয়া: মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ

ভাৰতীয় শিল্পকলা হৈছে চিত্ৰ কৰ্ম, ভাস্কৰ্য, মাটিৰ শিল্প, বয়ন শিল্প আদিৰ এটা মিশ্ৰিত ৰূপ। ভৌগোলিক পৰিসীমাৰ ভিতৰত এই শিল্পই ভাৰতৰ ওচৰ চুবুৰীয়া দেশ সমূহকো প্ৰতিনিধিত্ব কৰে য'ত বৰ্তমানৰ ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, নেপাল, ভূটান আৰু আফগানিস্তানৰ পূব প্ৰান্ত অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমানৰ আধুনিক কলা আৰু পৰম্পৰাগত ভাৰতীয় শিল্প কলাত এই আৰ্হিৰ প্ৰভাৱ আছে।

ভাৰতীয় শিল্পকলাৰ আৰম্ভণি বুলি ঐতিহাসিক যুগৰো পূৰ্বৰ ভাৰতীয় সভ্যতাক নিৰ্দেশ কৰা হয়। যি নেকি বিংশ শতিকাতকৈ ৩০০০ বছৰ পুৰণি সভ্যতাক বুজায়। তেতিয়াৰ পৰা বৰ্তমানলৈকে ভাৰতীয় শিল্পকলাত নানান সাংস্কৃতিক তথা ধৰ্মীয় প্ৰভাৱ পৰে যেনেঃ হিন্দু শিল্পকলা, বৌদ্ধ শিল্পকলা, জৈন শিল্পকলা, শিখ শিল্পকলা আৰু ইছলামিক শিল্পকলা।

ধৰ্মীয় পৰম্পৰাৰ এই জটিল মিশ্ৰণৰ স্বত্বেও, সাধাৰণতে, যিকোনো সময়ত আৰু স্থানত প্ৰচলিত শৈল্পিক শৈলীমুখ্য ধৰ্মীয় গোটবোৰে ভাৰতীয় শিল্পকলাৰ ভাগ বতৰা কৰি আহিছে।

ঐতিহাসিক কলা সমূহ, মুখ্যতঃ শিল আৰু ধাতুৰ ভাস্কৰ্য, সমূহ ভাৰতীয় জলবায়ুত আন মাধ্যমতকৈ ভালদৰে জীয়াই আছে আৰু বেছিভাগ অৱশিষ্টই এটা ভাল অৱয়বত উদ্ধাৰ হৈছে। খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন শিলত নথকা বহুতো অতি গুৰুত্বপূৰ্ণ প্ৰাচীন সন্ধান ভাৰতৰ ওচৰ চুবুৰীয়া শুষ্ক জলবায়ুৰ ৰাষ্ট্ৰ সমূহত উদ্ধাৰ হৈছে। ভাৰতীয় অন্ত্যেষ্টিক্ৰিয়া আৰু দৰ্শনীয় পৰম্পৰাৰ বাবে কবৰ সমূহত উদ্ধাৰ হ'ব পৰা সামগ্ৰী সমূহৰ ক্ষেত্ৰত ভাৰতে বৰঙণি আগবঢ়াব পৰা নাই, যি নেকি ঐতিহাসিক উদ্ঘাটনৰ এক মুখ্য উৎস।

ভাৰতীয় শিল্প শৈলীক ঐতিহাসিকভাৱে ভাৰতীয় উপমহাদেশৰ বাহিৰতো অনুসৰণ কৰিছিল, তিব্বত, দক্ষিণ পূব এছিয়া আৰু চীনত বিশেষভাৱে ভাৰতীয় শিল্পৰ প্ৰভাৱ আছিল। ভাৰতীয় কলাৰ প্ৰভাৱ বিশেষকৈ মধ্য এছিয়া আৰু ইৰাণ আৰু ইউৰোপৰ দৰে ঠাই সমূহতো পৰিলক্ষিত হৈছে। ইয়াত বিতংকৈ পঢ়ক

আপুনি জানেনে?
আপুনি জানেনে...
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ . অসম সম্পৰ্কীয় প্ৰবন্ধসমূহৰ তালিকা

ভাৰত

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ · ৱিকিপত্ৰিকা · অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকা

অন্যান্য ৱিকি-প্ৰকল্পসমূহ
অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):

সাঁচ:বেটুপাতৰ আন্তঃৱিকি সংযোগসমূহ