তেজপুৰ মহাবিদ্যালয়
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
তেজপুৰ মহাবিদ্যালয় | |
---|---|
তেজপুৰ মহাবিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰৰ তোৰণ | |
স্থাপিত | ১৯৬৫ |
ধৰণ | মহাবিদ্যালয় |
সভাপতি | শ্ৰী শৈলজা কুমাৰ পদ্মপতি |
অধ্যক্ষ | Dr. Jyoti Kamal Hazarika |
স্থান | তেজপুৰ, অসম, ভাৰত |
ৱেবছাইট | tezpurcollege.com |
তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।
ইতিহাস
[সম্পাদনা কৰক]মহাবিদ্যালয়খন ১৯৬৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ প্ৰচেষ্টাৰ মূল গুৰি ধৰোঁতা আছিল দুলাল চন্দ্ৰ ভট্টাচাৰ্য। ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল কুমাৰ পদ্ম প্ৰসাদ। ১৯৬৭ চনত চন্দ্ৰ মোহন মেধি দেৱক সৰ্বপ্ৰথম স্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।
পথ নিৰ্দেশনা
[সম্পাদনা কৰক]তেজপুৰ চহৰ অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা বাচেৰে প্ৰায় চাৰি ঘণ্টা আৰু বায়ুপথেৰে প্ৰায় ৩৫ মিনিটৰ দূৰত্বত অৱস্থিত। ইয়াৰ নিকটতম অসামৰিক বিমানকোঠ হৈছে শালনি। তেজপুৰলৈ অসমৰ যিকোনো স্থানৰ পৰা বাচ আৰু অন্যান্য বাহনৰ সূচল যোগাযোগ ব্যবস্থাও আছে। স্থানীয়ভাবে ইয়াত অট'ৰিক্সা আৰু ৰিক্সাৰ সহায়ত কম খৰচতে ভ্ৰমণ কৰিব পাৰি।
বিভাগ
[সম্পাদনা কৰক]মহাবিদ্যালয়খনত বৰ্ত্তমান তলত উল্লিখিত বিভাগসমূহ আছে।
- অসমীয়া
- অৰ্থনীতি বিজ্ঞান
- ইতিহাস
- ইংৰাজী
- উদ্ভিদ বিজ্ঞান
- গণিত
- তৰ্কবিজ্ঞান আৰু দৰ্শন
- বাণিজ্য
- ভূগোল
- ৰাজনীতি বিজ্ঞান
পাঠ্যক্ৰম
[সম্পাদনা কৰক]তেজপুৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক (কলা আৰু বাণিজ্য), স্নাতক মহলাত বিভিন্ন পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। বৰ্তমান স্নাতক মহলাত উপলব্ধ থকা পাঠ্যক্ৰম সমূহ হৈছে:
|
|
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]