প্ৰাগ চিনে বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰাগ চিনে এৱাৰ্ডৰ পৰা পুনঃনিৰ্দেশিত)
বিৱৰণ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মিত কথাছবি আৰু বিভিন্ন কলা-কুশলীৰ শ্ৰেষ্ঠত্ব নিৰ্বাচন
দেশ ভাৰত
প্ৰদান কৰোঁতা প্ৰাগ নিউজ

প্ৰাগ চিনে বঁটা হৈছে অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত এক বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া বোলছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা। ২০০৩ চনত এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছিল।[1][2] ২০১৫ চনৰ পৰা এই বঁটা-প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আনসমূহ ছবি-উদ্যোগকো সামৰি লয়।[3]

অনুষ্ঠানসমূহ[সম্পাদনা কৰক]

অনুষ্ঠান দিন স্থান সূত্ৰধাৰ জীৱনজোৰা সাফল্যৰ বঁটা
প্ৰথম প্ৰাগ চিনে বঁটা ২৮ ফেব্ৰুৱাৰী, ২০০৪ নেহৰু ষ্টেডিয়াম, গুৱাহাটী ভূপেন হাজৰিকা
দ্বিতীয় প্ৰাগ চিনে বঁটা ৫ মাৰ্চ, ২০০৫ নেহৰু ষ্টেডিয়াম, গুৱাহাটী জ্ঞানদা কাকতী
তৃতীয় প্ৰাগ চিনে বঁটা ১২ এপ্ৰিল, ২০১২ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী নিপন গোস্বামী
চতুৰ্থ প্ৰাগ চিনে বঁটা ১৪ এপ্ৰিল, ২০১৩ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী প্ৰাঞ্জল শইকীয়া, জেৰিফা ৱাহিদ বিজু ফুকন
পঞ্চম প্ৰাগ চিনে বঁটা ২২ মাৰ্চ, ২০১৪ কোৰামংগলা ইন্দোৰ ষ্টেডিয়াম, বাংগালোৰ কপিল বৰা, জেৰিফা ৱাহিদ মৃদুলা বৰুৱা
ষষ্ট প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল ২১-২২ মাৰ্চ, ২০১৫ চৌকিডিঙি ফিল্ড, ডিব্ৰুগড় নিশিতা গোস্বামী, নবিষ আলম বিষ্ণু খাৰঘৰীয়া
সপ্তম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল ১৪-১৫ মে', ২০১৬ চাৰ্চ ফিল্ড, তেজপুৰ বৰষা ৰাণী বিষয়া, কপিল বৰা, নিশিতা গোস্বামী বিদ্যা ৰাও
অষ্টম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল ১৭–১৮ জুন, ২০১৭ বডোফা সাংস্কৃতিক প্ৰকল্প, কোকৰাঝাৰ মুনিন বৰুৱা[4]
নৱম প্ৰাগ চিনে বঁটা ২৬–২৭ মে', ২০১৮ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটী কুলদা কুমাৰ ভট্টাচাৰ্য[5]
দশম প্ৰাগ চিনে বঁটা ১-২ জুন, ২০১৯ নেহৰুবালি, নগাঁও ৰুণু দেৱী[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]