হুমা কুৰেছি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হুমা কুৰেছি
Huma Qureshi

২০১৮ চনৰ এটি HT-Indiaৰ এটি বঁটা-প্ৰদান অনুষ্ঠানত কুৰেছি
জন্ম হুমা ছালিম কুৰেছি
২৮ জুলাই, ১৯৮৬ (৩৭ বছৰ)
নতুন দিল্লী, ভাৰত
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • মডেল
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমানলৈকে
আত্মীয়-স্বজন ছাকিব ছালাম (ভ্ৰাতৃ)


হুমা ছালিম কুৰেছি (ইংৰাজী: Huma Saleem Qureshi) (উচ্চাৰণ: [ˈɦʊmaː səˈliːm qʊˈɾɛːʃiː]; জন্ম ২৮ জুলাই ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ হুমাই সাধাৰণতে হিন্দী ভাষাৰ কথাছবিত অভিনয় কৰে৷ এতিয়ালৈকে অভিনেত্ৰী হুমাই তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছে৷ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত মেজৰসহ স্নাতক ডিগ্ৰী লাভ কৰিছে৷ সমান্তৰালভাৱে হুমাই থিয়েটাৰ অভিনেত্ৰী আৰু মডেল হিচাপে কাম কৰি আছিল৷ বহুকেইটা থিয়েটাৰ প্ৰযোজনা গোষ্ঠীৰ সৈতে কাম কৰি হুমা মুম্বাইলৈ আহে আৰু হিন্দুস্তান লিভাৰছৰ লগত দুবছৰীয়া চুক্তি স্বাক্ষৰ কৰি টেলিভিছনৰ বিজ্ঞাপনৰ জগতত পদাৰ্পণ কৰে৷ ছেমছাং ম'বাইলৰ এটি বিজ্ঞাপনৰ সময়ত হুমা কুৰেছিৰ অভিনয়ৰ সমৰ্থতা দেখি হিন্দী কথাছবিৰ পৰিচিত পৰিচালক অনুৰাগ কাশ্যপে অভিনেত্ৰীগৰাকীক নিজৰ কোম্পানীৰ লগত তিনিখন ছবিৰ এক চুক্তিত স্বাক্ষৰ কৰোৱায়৷

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮৬ চনৰ ২৮ জুলাইত হুমা কুৰেছিয়ে জন্মলাভ কৰিছিল৷[1][2] জন্মস্থান আছিল ভাৰতৰ নতুন দিল্লীস্থ এটি মুছলমান পৰিয়াল৷[3] হুমাৰ পিতৃ ছালিম কুৰেছি আছিল দহখন ৰেষ্টুৰাঁৰ(Saleem's নামেৰে) স্বত্বাধিকাৰী৷ [4] মাতৃ আমিনা কুৰেছি আছিল এগৰাকী কাশ্মিৰী মহিলা৷ তেখেত গৃহিণী৷[5][6] হুমা কুৰেছিৰ তিনিজন ভ্ৰাতৃ৷ তাৰে মাজত অভিনেতা ছাকিব ছালিমো আছে৷ [6][7] কুৰেছিৰ শিশু হৈ থাকোঁতেই তেওঁলোকৰ পৰিয়ালটো দক্ষিণ দিল্লীত থকা কল্কাজীলৈ স্থানান্তৰিত হয়৷ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ গাৰ্গী মহাবিদ্যালয়ৰ পৰা হুমাই ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ [8][9] পৰৱৰ্তী সময়ত, হুমাই Act 1 নামৰ নাট্যগোষ্ঠী এটাত যোগদান কৰে আৰু কেইখনমান নাট্য-প্ৰযোজনাত অভিনয় কৰে৷ তেখেতৰ মেণ্টৰ আৰু অভিনয়-শিক্ষক আছিল এন. কে. শৰ্মা৷[10] হুমাই বহুকেইটা বেচৰকাৰী সংগঠনৰ লগত কাম কৰিছে আৰু তথ্যচিত্ৰ-পৰিচালকৰ লগত সহকাৰী হিচাপে কাম কৰিছে৷ [5]

'বদলাপুৰ' নামৰ ছবিখনত বৰুণ ধাৱান, নাৱাজুদ্দিন ছিদ্দিকী আৰু হুমা কুৰেছি

সংক্ষিপ্ত কৰ্মজীৱন[সম্পাদনা কৰক]

২০১২ চনত হুমা কুৰেছিয়ে বলিউডত অভিষেক ঘটায়৷ ছবিখনৰ নাম আছিল-গেংগছ অৱ ৱাছেপুৰ-১৷ ছবিখন বাণিজ্যিকভাৱে সফল বিবেচিত হয়৷ ছবিখনত তেখেতক এটি সহ-অভিনেত্ৰীৰ চৰিত্ৰ দিয়া হৈছিল আৰু নিজৰ অভিনয়ৰ বাবে হুমাই দৰ্শক তথা সমালোচকৰ পৰা ভৰপূৰ প্ৰশংসা লাভ কৰে৷ ইয়াৰ পিছত গেংগছ্ অৱ ৱাছেপুৰৰ দ্বিতীয় খণ্ডতো হুমাই সফলতাৰে অভিনয় কৰে৷ এইখন ছবিও প্ৰথমটো খণ্ডৰ দৰেই 'হিট' হয়৷ অভিনেত্ৰীগৰাকীয়ে গেংগছ অৱ ৱাছেপুৰক জীৱন সলনি কৰি পেলোৱা চলচ্চিত্ৰ হিচাপে আখ্যা দিছে৷[11] হুমাৰ তৃতীয়খন ছবি আছিল লাভ শ্বাভ টেই ছিকেন খুড়ানা৷ এইখন আছিল ৰোমাণ্টিক কমেডি৷ ২০১৩ চনত হুমাই অতি-প্ৰাকৃতিক থ্ৰিলাৰধৰ্মী ছবি এক থি দায়নত অভিনয় কৰে৷ ছবিখনে মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল৷ হুমাৰ কেইখনমান ছবি হৈছে-ডেড় ইস্কিয়া, বদলাপুৰ, হাইৱে, জলি এল এল বি ২, ঘূমকেতু৷ হুমাই মাৰাঠী আৰু ইংৰাজী ভাষাৰ ছবিতো অভিনয় কৰিছে৷ তদুপৰি লেইলা, মহাৰাণীৰ দৰে বহুচৰ্চিত অটিটি ৱেব ছিৰিজতো হুমাক দেখা গৈছে৷[12]

ব্য়ক্তিগত জীৱন[সম্পাদনা কৰক]

ভাৰতীয় পৰিচালক আৰু লেখক মুদাচ্ছাৰ আজিজৰ লগত হুমা কুৰেছিৰ প্ৰেমজনিত সম্পৰ্ক আছে৷[13]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বৰ্ষ চলচ্চিত্ৰ বঁটা শিতান ফলাফল তথ্যসূত্ৰ
২০১২ গেংগছ অৱ ৱাছেপুৰ-১ and
গেংগছ্ অৱ ৱাছেপুৰ-২
বিগ ষ্টাৰ এণ্টাৰটেইনমেণ্ট বঁটা শ্ৰেষ্ঠ মনোৰঞ্জনপ্ৰদানকাৰী অভিনেত্ৰী বিজয়ী [14]
ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগতা( লাভ শ্বাভ টেই ছিকেন খুড়ানাৰ বাবেও) মনোনীত [15]
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ফিল্মফেয়াৰ মনোনীত [16]
আইফা শ্ৰেষ্ঠ অভিনেত্ৰী মনোনীত [17]
স্ক্ৰীন বঁটা প্ৰতিশ্ৰুতিসম্পন্ন নৱাগতা মনোনীত [18]
শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ষ্টাৰ স্ক্ৰীণ বঁটা মনোনীত [18]
দক্ষিণ ভাৰতীয় ছবি আৰু টেলিভিছন বঁটা বৰ্ষটোৰ শ্ৰেষ্ঠ নৱাগতা বিজয়ী [19]
অপ্সৰা ছবি আৰু দূৰদৰ্শন প্ৰযোজক গিল্ড বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী-নৱাগত মনোনীত [20]
ষ্টাৰডাষ্ট শ্ৰেষ্ঠ অভিনেত্ৰী(also for লাভ শ্বাচ টেয় ছিকেন খুড়ানাৰ বাবেও) মনোনীত [21]
টাইমছ্ অৱ ইণ্ডিয়া বঁটা শ্ৰেষ্ঠ নৱাগতা মনোনীত [22]
শ্বৰ্টছ লছ এঞ্জেলছৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ বিশেষ উল্লেখ বিজয়ী [23]
২০১৩ ডি-ডেই বিগ ষ্টাৰ এণ্টাৰটেইনমেইণ্ট বঁটা থ্ৰিলাৰ ছবিত সৰ্বাধিক মনোৰঞ্জন-প্ৰদানকাৰী অভিনেত্ৰী মনোনীত [24]
২০১৪ জি চিনে বঁটা সস-অভিনেত্ৰী মনোনীত [25]
এক থী দায়ন স্ক্ৰীন বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [26]
দেড় ইস্কিয়া ষ্টাৰডাষ্ট বঁটা অসামান্য প্ৰদৰ্শন-অভিনেত্ৰী বিজয়ী [27]
২০১৫ আইফা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [27]
২০১৬ বদলাপুৰ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [28]
2021 মহাৰাণী ২০২১ ফিল্মফেয়াৰ অটিটি বঁটা শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী [29]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Huma Qureshi at 29: 8 times the diva made fans go ooh-la-la". http://indiatoday.intoday.in/gallery/huma-qureshi-at-29--8-times-the-diva-made-heads-turn-looks-style-badlapur-gangs-of-wasseypur-photos/1/15363.html. 
  2. "Rishi Kapoor's 'joke' on Huma Qureshi earns him flak". 29 July 2015. http://indianexpress.com/article/entertainment/bollywood/rishi-kapoors-joke-on-huma-qureshi-earns-him-flak/. 
  3. "Huma Qureshi Biography". Koimoi. http://www.koimoi.com/actress/huma-qureshi/। আহৰণ কৰা হৈছে: 25 March 2013. 
  4. "Huma Qureshi on life, parents and being one of a kind". http://indiatoday.intoday.in/story/huma-qureshi-greedy-actor-bollywood-saqib-saleem-dedh-ishqiya-ek-thi-daayan-alia-bhatt/1/714768.html. 
  5. 5.0 5.1 Upadhyay, Karishma (7 August 2012). "Huma's home run". The Telegraph. http://www.telegraphindia.com/1120807/jsp/entertainment/story_15821277.jsp। আহৰণ কৰা হৈছে: 25 March 2013. 
  6. 6.0 6.1 Singh, Raghuvendra (19 April 2013). "Saqib Saleem & Huma Qureshi on Acting & Sibling Rivalry". iDiva. http://www.idiva.com/news-entertainment/saqib-saleem-huma-qureshi-on-acting-sibling-rivalry/20848। আহৰণ কৰা হৈছে: 1 May 2013. 
  7. "I would love to start a chocolate factory: Huma Qureshi". The Times of India. 11 June 2013. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203034325/http://articles.timesofindia.indiatimes.com/2013-06-11/news-interviews/39897575_1_chocolate-factory-huma-qureshi-khan-market। আহৰণ কৰা হৈছে: 6 July 2013. 
  8. "Bollywood tips: DU allows you to explore yourself, says Huma". July 2015. Archived from the original on 2 July 2015. https://web.archive.org/web/20150702083632/http://www.hindustantimes.com/bollywood/bollywood-tips-du-allows-you-to-explore-yourself-as-a-person-says-huma-qureshi/article1-1364756.aspx। আহৰণ কৰা হৈছে: 9 March 2022. 
  9. Gupta, Priya (19 April 2013). "I am not dating Anurag Kashyap: Huma Qureshi". The Times of India. Archived from the original on 21 April 2013. https://web.archive.org/web/20130421004908/http://articles.timesofindia.indiatimes.com/2013-04-19/news-interviews/38673442_1_saqib-old-delhi-act-1। আহৰণ কৰা হৈছে: 1 May 2013. 
  10. "NK Sharma was the first person to tell me I could act: Huma Qureshi". Hindustan Times. 2016-06-28. http://www.hindustantimes.com/bollywood/nk-sharma-was-the-first-person-to-tell-me-i-could-act-huma-qureshi/story-or2wGxDSVn0zh0fYwXoERJ.html. 
  11. Bhattacharya, Roshmila (17 February 2013). "Gangs to Ganges". The Telegraph. http://www.telegraphindia.com/1130217/jsp/7days/story_16569947.jsp। আহৰণ কৰা হৈছে: 27 March 2013. 
  12. https://www.pinkvilla.com/celebrity/Huma-Qureshi
  13. DelhiSeptember 9, India Today Web Desk New; February 4, 2019UPDATED; Ist, 2022 11:44. "Huma Qureshi confirms dating Mudassar Aziz. His reply is all heart" (en ভাষাত). India Today. https://www.indiatoday.in/movies/gossip/story/huma-qureshi-confirms-dating-mudassar-aziz-his-reply-is-all-heart-1597200-2019-09-09। আহৰণ কৰা হৈছে: 2022-02-15. 
  14. Parande, Shweta (18 December 2012). "Big Star Entertainment Awards 2012 winners' list". Bollywoodlife.com. http://www.bollywoodlife.com/news-gossip/big-star-entertainment-awards-2012-winners-list-shahrukh-khan-and-katrina-kaif-win-best-couple/. 
  15. "Huma Qureshi—Awards". Bollywood Hungama. http://www.bollywoodhungama.com/celebritymicro/awards/id/91375। আহৰণ কৰা হৈছে: 14 October 2013. 
  16. "58th Idea Filmfare Awards nominations are here!". Filmfare. 13 January 2013. http://www.filmfare.com/news/58th-idea-filmfare-awards-nominations-are-here-2123.html. 
  17. "Nominations for IIFA Awards 2013". Bollywood Hungama. 22 April 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/4899। আহৰণ কৰা হৈছে: 11 May 2013. 
  18. 18.0 18.1 "Nominations of 19th Screen Awards". The Indian Express. http://screen.indianexpress.com/screenawards2013/nominations.php। আহৰণ কৰা হৈছে: 18 February 2013. 
  19. "Winners of SAIFTA Awards 2013". Bollywood Hungama. 7 September 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/5471। আহৰণ কৰা হৈছে: 14 October 2013. 
  20. "Star Guild Awards—Nominees". Star Guild Awards. http://starguildawards.org/8th_apsara_awards_nominees.html। আহৰণ কৰা হৈছে: 14 October 2013. 
  21. "Nominations for Stardust Awards 2013". Bollywood Hungama. 21 January 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/4437। আহৰণ কৰা হৈছে: 25 March 2013. 
  22. "TOIFA 2013 nominations". The Times of India. 7 February 2013. Archived from the original on 29 April 2013. https://web.archive.org/web/20130429174448/http://articles.timesofindia.indiatimes.com/2013-02-07/news-interviews/36971358_1_wasseypur-barfi-vicky-donor। আহৰণ কৰা হৈছে: 27 March 2013. 
  23. "2012 Indian Film Festival of Los Angeles Announces Award Winners". Indian Film Festival. Archived from the original on 18 October 2012. https://web.archive.org/web/20121018110648/http://indianfilmfestival.org/newsdesc.php?pid=48। আহৰণ কৰা হৈছে: 25 March 2013. 
  24. "Nominations for 4th Big Star Entertainment Awards". Bollywood Hungama. 12 December 2013. http://www.bollywoodhungama.com/movies/features/type/view/id/5890। আহৰণ কৰা হৈছে: 23 February 2014. 
  25. Mudi, Aparna (6 February 2014). "Zee Cine Awards 2014: Complete list of nominations". Zee News. http://zeenews.india.com/entertainment/zee-cine-awards-2014/zee-cine-awards-2014-complete-list-of-nominations_150384.html। আহৰণ কৰা হৈছে: 23 February 2014. 
  26. "20th Annual Screen Awards 2014: The complete list of nominees". CNN-IBN. 8 January 2014. Archived from the original on 8 January 2014. https://web.archive.org/web/20140108104623/http://ibnlive.in.com/news/20th-annual-screen-awards-2014-the-complete-list-of-nominees/444093-8-66.html। আহৰণ কৰা হৈছে: 23 February 2014. 
  27. 27.0 27.1 "Winners of Stardust Awards 2014". Bollywood Hungama. 15 December 2014. http://www.bollywoodhungama.com/movies/features/type/view/id/7635। আহৰণ কৰা হৈছে: 15 December 2014. 
  28. "Nominations for the 61st Britannia Filmfare Awards". Filmfare. 11 January 2016. http://www.filmfare.com/news/nominations-for-the-61st-britannia-filmfare-awards-11809.html. 
  29. "2021 Nominees" (en-US ভাষাত). Asian Television Awards. https://www.asiantvawards.com/nominees/2021-nominees/। আহৰণ কৰা হৈছে: 2021-11-12.