সমললৈ যাওক

দিখৌ নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Dikhow Riverৰ পৰা পুনঃনিৰ্দেশিত)
দিখৌ নদী
নাজিৰাৰ কাষত দিখৌ নদীত মানুহে সাঁতোৰাৰ দৃশ্য
দেশ  ভাৰত
প্ৰদেশ অসম
উৎস খোমি
 - অৱস্থান নাগালেণ্ড, ভাৰত
 - উচ্চতা ১,৮২৩ মি (৫,৯৮১ ফুট)
মোহনা ব্ৰহ্মপুত্ৰ
 - অৱস্থান দেওঘৰীয়া, শিৱসাগৰ জিলা, অসম, ভাৰত
দৈৰ্ঘ্য ২০০ কিমি (এক্সপ্ৰেছন ত্ৰুটী: round’ৰ বাবে অপাৰেণ্ড নাই। মাইল)

দিখৌ নদী (ইংৰাজী: Dikhow River, টাই ভাষা:খে-নাম ছে) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনদী। এই নদীখন দৈৰ্ঘ্য প্ৰায় ২০০ কিঃমিঃ আৰু ইয়াৰ অৱবাহিকা ৪৩৭২ বৰ্গ কি:মি: আগুৰি আছে।

উৎপত্তি

[সম্পাদনা কৰক]

উত্তৰ-পূব ভাৰতনাগালেণ্ড ৰাজ্যৰ ১৮২৩ মিঃ উচ্চতাৰ খোমি নামৰ ঠাইৰ পৰা দিখৌ নদীখনৰ উৎপত্তি হৈছে। ই লংগা নামেৰে তাৰ পৰা বৈ আহিছে।

দৈখৌ নদীৰ ওঅপৰৰ দলং

প্ৰথমতে লংগা নামেৰে উত্তৰ-পশ্চিম দিশত এই নদীখন ২০ কিঃমিঃ আহি উত্তৰ-পূবমুৱা হৈ বৈ আহিছে। এই দৰে ২৫ কিঃমিঃ আহি চিমংচি নৈ লগ লাগি নতুন নাম লয় তেজলা বা নংগা বা দিখৌ। তাৰ পৰা এটা গিৰিখাটেদি ৩৫ কিঃমিঃ আহি প্ৰধান উপনৈ য়াংমুনৰ সৈতে লগ লাগে। ইয়াৰ পৰা নৈখে টুৱেনচাং আৰু মন জিলাৰ উত্তৰ দিশেদি ১৮ কি:মি: আহি নাগালেণ্ডৰ নাগিনীমৰা পৰা ২ কিঃমিঃ দক্ষিণত ছেতাপ নৈ লগ লাগি শিৱসাগৰ জিলাত সোমাই। নাগিনীমৰাৰ পৰা দিখৌ নৈ খনে ২কি:মি: আহি বামুনি পুখুৰী চাহ বাগিছা পায়। এই বাগিছাৰ পৰা ৩ কিঃমিঃ বৈ আহি চন্টকত চন্টক নৈ লগ হয়। চন্টকৰ পৰা দিখৌ নদীখন উত্তৰ-পশ্চিমমুৱা হৈ নাগিনীমৰা-শিমলুগুৰি ৰেলপথৰ কাষেদি ১৬ কিঃমিঃ নাজিৰা নগৰৰ পূবেদি এটা পাকমাৰি ধোদৰ আলি পাৰ হৈ ২ কিঃমিঃ আহি গড়গাঁও পায়। গড়গাঁৱৰ পৰা ৮ কিঃমিঃ ভটিয়াই নৈ খন চেৰেকা পাৰ পায়হি । চেৰেকাপাৰৰ পৰা নৈখন সৰ্ম্পূণকৈ পশ্চিমমুৱা হৈ পানীচকী আৰু মেটেকাঘাত পাৰ হৈ ৪ কিঃমিঃ আহি শিৱসাগৰ নগৰ পায়। শিৱসাগৰৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৪ কিঃ মিঃ আহি ৰূপহীমুখ পায়। ৰূপহীমুখৰ পৰা দিখৌ নদীখন পশ্চিমমুৱা হৈ ৩ কিঃমিঃ আহি নামদাং নদীৰ সৈতে লগ লাগে । তাৰ পাছত দিখৌখন আকৌ উত্তৰ পশ্চিমমুৱা হয়। এই দৰে ১ কিঃমিঃ আহি নৈ খন গৌৰীসাগৰ পায়। ইয়াৰ পৰা নৈখন ৯ কিঃমিঃ ভটিয়াই দিখৌমুখৰ পৰা ৪ কিঃমিঃ পূবত দেওঘৰীয়াৰ ওচৰত ব্ৰহ্মপুত্ৰত পৰে।

দিখৌ নদীখনৰ প্ৰধান উপনদী খনৰ নাম হৈছে নামদাং নদী

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]