|
|
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন। |
পৰাগ (ইংৰাজী: Porag) মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদযাপন কৰা হয়। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়[1]। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়। এই উৎসৱ গাওঁ ডেকা-গাভৰুসকলৰ নেতৃত্বত অনুষ্ঠিত হয় কাৰণে ৰং-আনন্দৰ মাজেদি পতা হয়। আলি আঃয়ে লৃগাঙৰ দৰে এই উৎসৱতো প্ৰচুৰ গীত-মাত, নৃত্য আদিৰ আয়োজন হয়। এই উত্সৱৰ আন এটা নাম হৈছে "নৰসিংহ বিহু"।
প্ৰথম দিনাৰ সকলো আয়োজন শেষ কৰাৰ পিচত ৰাতিলৈ 'মিবু'ৰ আদৰণিৰে 'মিবু-দাগনাম'অনুষ্ঠান পতা হয়। এই অনুষ্ঠানত মিবুৰে সৈতে সকলো ডেকা-গাভৰু শাৰী-শাৰীকৈ নৃত্য কৰে। এই নৃত্যত 'আঃবাঃ' গীত গোৱা হয়। এই গীতবোৰৰ জৰিয়তেমানৱ সৃষ্টিকৰ্তা 'চেদীবাঃবু' আৰু 'মেঃলং-নাঃনী'ক স্মৰণ কৰা হয়। এনে মাঃগলিক অনুষ্ঠানবোৰত মিবুৰ সৈতে গাঁৱৰ বয়োবৃদ্ধসকলে বধ কৰা গাহৰিৰ আগমঙহত 'আচিন-তাগিৰ' বা মংগল চায়। দ্বিতীয়দিনা নিমন্ত্ৰিত অতিথি 'মিনম'সকলক আদৰ শুশ্ৰ্ষা কৰা হয়। পৰাগ উৎসৱত চুবুৰীয়া গাঁৱৰ উপৰি দূৰ-দূৰণিৰ গাঁৱকো নিমন্ত্ৰণ কৰা হয়। পৰাগ উৎসৱত গাঁৱৰ মুৰংঘৰ অনুষ্ঠিত কৰা হয়। মুৰংঘৰ গাঁৱৰ সোঁমাজত নাইবা যিকোনো এমুৰত মুকলি ঠাইত পূবা-পশ্চিমাকৈ বনোৱা হয়। ইয়াক বাঁহ, কাঠ,আৰু খেৰেৰে নিৰ্মাণ কৰা হয়। মুৰংঘৰত বেৰ নাথাকে; ই এটা মুকুলি চাংঘৰ। ইয়াৰ দুয়োমূৰে চাঙত উঠা-নমা কৰিবলৈ জখলা লগাোৱা থাকে। পঃৰাগৰ কেউনিশা গাঁৱৰ ডেক-গাভৰু আৰু মিনমসকলে এক লগে মুৰংঘৰত শোৱে। এয়া মিচিংসকলৰ পৰম্পৰাগত ৰীতি। পঃৰাগ উৎসৱৰ অন্যতম অনুষ্ঠান হ'ল- 'পঃবৰ্-কাতনাম্' আৰু 'এঃগ-মাননাম'। 'পঃবৰ' বাঁহ-বেতেৰ সজোৱা চুপি আকৃতিৰ এক সাজ,ইয়াক আপাং চাকিবলৈ ব্যৱহাৰ কৰা হয়। 'এঃগ-মাননাম' বা গাহৰি বধ কৰা অনুষ্ঠান। এইদৰে তিনি দিন, তিনি নিশা ৰং-আনন্দ, ভোজভাত আৰু পূজা-অৰ্চনাৰ পাচত পঃৰাগ উৎসৱৰ সামৰণি মৰা হয়।
মুৰং ঘৰ মিচিং সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ। মুৰংঘৰৰ প্ৰকাণ্ড খুঁটা আৰু চ'তিবোৰত বিবিধ কাৰু-কাৰ্য খচিত থাকে। তদুপৰি এইবোৰত দঃঞি (সূৰ্য্য), পঃল (চন্দ্ৰ), তাকাৰ (নক্ষত্ৰ)ৰ চিত্ৰৰ উপৰিও বিভিন্ন জীৱ-জন্তু,পশু-পক্ষী আদিৰ নানাৰঙী চিত্ৰ অংকিত থাকে। এইবোৰত জেঠি, গাহৰি, বাঘ, হাতী আৰু নানা ধৰণৰ চৰাই, বান্দৰ আদিৰ ভাস্কৰ্য্য ব্যৱহাৰ কৰে। গাঁৱৰ সকলোৱে লোকে মিলিজুলি সামূহিকভাৱে মুৰং নিৰ্মাণ কৰে। ই মিচিং সাংস্কৃতিৰ জীৱনৰ ৰংগমঞ্চ[2]।