হিন্দুধৰ্মত নাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

নাৰীৰ স্থিতি সম্পৰ্কত শাস্ত্ৰকে আদি কৰি হিন্দুধৰ্মৰ বিভিন্ন গ্ৰন্থত পৰস্পৰ সামঞ্জস্য নথকা দৃষ্টিভংগী পোৱা যায়। ইয়াৰে কোনো গ্ৰন্থত নাৰীক সৰ্বোচ্চ নেতৃত্বৰ স্থান দিয়াৰ বিপৰীত অন্য কিছু গ্ৰন্থত লিংগৰ ভিত্তিত ব্যক্তিৰ ভূমিকাৰ সীমাবদ্ধতাৰ বিষয়ে কোৱা হৈছে। ঋকবেদৰ দেৱী সূক্তত নাৰীশক্তিক সকলো পদাৰ্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন আৰু অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অৰ্থাৎ ব্ৰহ্ম, সকলোৰে আত্মা তথা ব্ৰহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে। [1][2] কিছুসংখ্যক হিন্দু উপনিষদ, শাস্ত্ৰ আৰু পুৰাণ, বিশেষকৈ দেৱী উপনিষদ, দেৱী মাহাত্ম্য আৰু দেৱী-ভাগৱত পুৰাণৰ মতে নাৰীক সৰ্বশক্তিমান বুলি চিহ্নিত কৰা হৈছে। [3][4][5]

প্ৰাচীন আৰু মধ্যযুগীয় হিন্দু পাঠ্যসমূহে হিন্দুধৰ্মত নাৰীৰ কৰ্তব্য আৰু অধিকাৰৰ এক বিস্তৃত ছবি দাঙি ধৰিছে। এই পাঠ্যসমূহত আঠ প্ৰকাৰৰ বিবাহক চিহ্নিত কৰা হৈছে আৰু ই ব্ৰহ্ম-বিবাহ অৰ্থাৎ নিজ পিতৃয়ে কন্যাৰ বাবে উপযুক্ত বৰৰ সন্ধান কৰি কন্যাৰ সন্মতি বিচৰাৰ পৰা আৰম্ভ হৈ গন্ধৰ্ব-বিবাহ অৰ্থাৎ বৰ-কন্যাই অভিভাৱকৰ হস্তক্ষেপ নোহোৱাকৈ পৰস্পৰে পৰস্পৰৰ সন্ধান পোৱাত শেষ হৈছে।[6][7] পণ্ডিতসকলে কয় যে বৈদিক যুগৰ হিন্দু গ্ৰন্থ আৰু প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতলৈ অহা পৰিভ্ৰমণকাৰীসকলে এৰি যোৱা নথিসমূহৰ পৰা এই কথা ঠাৱৰ কৰিব পাৰি যে প্ৰাচীন ভাৰতীয় হিন্দু সমাজে যৌতুক বা সতীদাহ প্ৰথাৰ অনুশীলন কৰা নাছিল।[8][9] এই প্ৰথাসমূহে ভাৰতৰ সামাজিক তথা ৰাজনৈতিক দৃশ্যপটৰ পৰিৱৰ্তনৰ সৈতে খ্ৰীষ্টিয় দ্বিতীয় সহস্ৰাব্দৰ পৰাহে প্ৰসাৰ লাভ কৰে।[10][11] ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে হিন্দু সমাজত নাৰী হিচাপে ৰূদ্ৰমা দেৱীৰ দৰে শাসক, আণ্ডালৰ দৰে ধৰ্মীয় ব্যক্তিত্ব, মৈত্ৰেয়ীৰ দৰে দাৰ্শনিক আৰু বৈদিক হিন্দু পৰম্পৰাসমূহৰ মহিলা অনুশীলনকাৰী বা সংবহনকাৰীৰ উদাহৰণ আছে।[12][13]

এডৱিন ব্ৰিয়াণ্টৰ মতে, বিশ্বৰ প্ৰধান ধৰ্মসমূহৰ ভিতৰত হিন্দুধৰ্মতেই দৈৱিক নাৰীৰ আটাইতকৈ শক্তিশালী উপস্থিতি দেখা যায়।[14] শাক্ত আৰু শৈৱ পৰম্পৰাত দেৱীকেই কেন্দ্ৰ বুলি গণ্য কৰা হয়।[15][16] মাতৃপ্ৰধান সমাজৰ ধাৰণাটো সংস্কৃত পৰম্পৰা আৰু গ্ৰাম্য হিন্দুধৰ্মৰ শক্তিপূজাৰ সৈতে জড়িত আৰু হিন্দুধৰ্মত বহুসংখ্যক মাতৃপ্ৰধান সমাজৰ উপস্থিতি দেখা পোৱা যায়।[13]

পৌৰাণিক সাহিত্য[সম্পাদনা কৰক]

বৈদিক সাহিত্য[সম্পাদনা কৰক]

হিন্দুধৰ্মৰ পৌৰাণিক পাঠ্যসমূহত নাৰীৰ প্ৰতি শ্ৰদ্ধা ভাৱৰ প্ৰকাশ দেখা যায়। উদাহৰণ স্বৰূপে ঋকবেদৰ দশম অধ্যায়ৰ দেৱী সুক্তত নাৰীক ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ সত্তা বুলি কোৱা হৈছে। [1][2]

বেদত "ব্ৰহ্মবাদিনী" খ্যাত মহিলা পণ্ডিতসকলৰ বুলি স্বীকৃত কেইবাটাও স্তৱক আছে। এনে বহুতো শিক্ষিতা নাৰী আছিল যি নিজৰ দক্ষতা আৰু বুদ্ধিৰে পুৰুষসকলক পৰাজিত কৰিব পাৰে। ইয়াৰ ভিতৰত গাৰ্গী, অহল্য, মৈত্ৰেয়ী, লোপামুদ্ৰা, ঘোষা, স্বাহা, হৈমৱতী উমা, গৌতমী, হেমালেখা, সীতা ইত্যাদি উল্লেখযোগ্য। [1][17]

কিন্তু একেসময়তে, ঋকবেদত নাৰী সম্পৰ্কে ইয়াৰ বিপৰীত মন্তব্যও পোৱা যায়।

"ইন্দ্ৰই নিজেই কৈছিল, নাৰীৰ মনে অনুশাসন নাজানে। তেওঁৰ বুদ্ধিমত্তাৰ ওজন কম।" [18]

"নাৰীৰ সৈতে দীৰ্ঘস্থায়ী বন্ধুত্ব হ'ব নোৱাৰে: হায়েনাৰ হৃদয়েই নাৰীৰ হৃদয়।" [19]
উপনিষদ

কোনো কোনো পণ্ডিতৰ মতে ঋকবেদৰ দেৱী সুক্তত প্ৰতিফলিত হোৱা ধাৰণাসমূহৰ পৰৱৰ্তী কালত ৰচনা কৰা শাক্ত উপনিষদত উন্নীতকৰণ হয়। ইয়াত দেৱীয়ে ঘোষণা কৰিছে যে তেৱেঁ‌ই ব্ৰহ্ম আৰু তেওঁৰপৰাই প্ৰকৃতি (পদাৰ্থ) আৰু পুৰুষৰ (সংজ্ঞা) উৎপত্তি হয়। এনেদৰেই নাৰীয়েই সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড বুলি কোৱা হৈছে। [3] তেওঁকেই সকলো দিশতে বিদ্যমান পঞ্চমহাভূতৰ সমস্ত উপাদান বুলি উপস্থাপন কৰা হৈছে। [20] ত্ৰিপুৰাতপনী আৰু বহ্বৃচ্ছ উপনিষদতো এই দৰ্শনকেই লিপিবদ্ধ কৰাহৈছে। [1]

অৱশ্যে, প্ৰাৰম্ভিক কালৰ উপনিষদসমূহ নাৰী বা পুৰুষৰ ক্ষেত্ৰত মৌন আৰু ইয়াত লিংগহীন এক ব্ৰহ্ম তথা আত্মাৰ সৈতে ইয়াৰ সম্পৰ্কৰ কথা কোৱা হৈছে। ইয়াৰ কিছু ব্যতিক্ৰমো দেখা পোৱা যায়। উদাহৰণ স্বৰূপে, ৮০০ খ্ৰীষ্টপূৰ্বত ৰচিত বৃহদাৰণ্যক উপনিষদৰ অন্তিম অধ্যায়ত থকা গাৰ্হস্থ্য জীৱন সন্দৰ্ভত এজন শিষ্যৰ শিক্ষাৰ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।[21] ইয়া কোৱা হৈছে যে স্বামী হিচাপে এজন লোকে তেওঁৰ স্ত্ৰীৰ বাবে আহাৰ ৰান্ধিব লাগে। তেওঁলোকে নিজৰ সন্তানটো পুত্ৰ হোৱাটো বিচাৰে নে কন্যা হোৱাটো, এই কথাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে তলত উল্লিখিত ধৰণে একেলগে আহাৰ গ্ৰহণ কৰিব লাগে।[21]

যদিহে এজন লোকে তেওঁৰ সন্তানটি এক শিক্ষিতা কন্যা হোৱাটো, আৰু তেওঁ নিজৰ পূৰ্ণ জীৱনকাল পোৱাটো বাঞ্ছা কৰে, তেন্তে তেওঁলোকে তিল আৰু মাখনেৰে সৈতে সিদ্ধ অন্ন তৈয়াৰ কৰি তাক গ্ৰহণ কৰি সন্তান লাভৰ বাবে সমৰ্থ হ'ব লাগে।

আৰু যদিহে এজন তেওঁৰ সন্তানটি পুত্ৰ হোৱাটো, আৰু তেওঁ নিজৰ পূৰ্ণ জীৱনকাল পোৱাটো বাঞ্ছা কৰে, তেন্তে দালি আৰু মাখনেৰে সৈতে সিদ্ধ অন্ন তৈয়াৰ কৰি তাক গ্ৰহণ কৰি সন্তান লাভৰ বাবে সমৰ্থ হ'ব লাগে।

—বৃহদাৰণ্যক উপনিষদ ৬.৪.১৭ - ৬.৪.১৮[22]

বৈদিক যুগ আৰু প্ৰাৰম্ভিক বৌদ্ধিক যুগৰ বিদ্বান, শিক্ষাগুৰু আৰু পুৰোহিতনীৰ লগতে উপনিষদসমূহৰ দাৰ্শনিক তৰ্কসমূহত নাৰীক উল্লেখ কৰা হৈছে আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণো কৰিছে।[23] উপনিষদত বৰ্ণিত নাৰীসকলৰ ভিতৰত গাৰ্গী আৰু মৈত্ৰেয়ীৰ কথা ক'ব পাৰি।[23]

নাট আৰু মহাকাব্যসমূহত নাৰী চৰিত্ৰৰ উল্লেখ আছে। অষ্টম শতিকাৰ কবি ভৱভূতিয়ে ৰচনা কৰা উত্তৰৰামচৰিতত (স্ত্ৰোত্ৰ ২-৩) আত্ৰেয়ী নামৰ চৰিত্ৰটিয়ে কিদৰে দক্ষিণ ভাৰতলৈ গৈ বেদ আৰু ভাৰতীয় দৰ্শনৰ বিষয়ে অধ্যয়ন কৰিছিল ইয়াৰ বৰ্ণনা পোৱা যায়। মাধৱাচাৰ্যৰ শঙ্কৰদিগ্বিজয়ত আদি শঙ্কৰে মহিলা দাৰ্শনিক উভয়া ভাৰতীৰ সৈতে তৰ্কযুদ্ধত অৱতীৰ্ণ হৈছে আৰু স্ত্ৰোত্ৰ ৯-৬৩ত এই কথা উল্লেখ কৰা হৈছে যে তেওঁ বেদজ্ঞানত পাৰ্গত।

মহাকাব্য[সম্পাদনা কৰক]

মহাভাৰতৰ কাহিনী অনুসৰি শকুন্তলাক ৰজা দুষ্মন্তই গন্ধৰ্ব-বিবাহৰ প্ৰস্তাৱ দিয়ে।[24]

ৰামায়ণ আৰু মহাভাৰতৰ নাৰী চৰিত্ৰসমূহৰ ভূমিকা মিশ্ৰিত ৰূপত দেখা পোৱা যায়। মহাভাৰতৰ দ্ৰৌপদীয়ে পঞ্চপাণ্ডৱক বিবাহ কৰোৱাৰ বাবে একেসময়তে তেওঁৰ স্বামী আছিল পাঁ‌চজন। দুৰ্যোধনে তেওঁক অপমান (বস্ত্ৰহৰণ) কৰাৰ পৰাই কৌৰৱ আৰু পাণ্ডৱৰ মাজত ভয়ংকৰ যুদ্ধৰ সূচনা হয়। খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ দ্বিতীয় ভাগত ৰচিত ৰামায়ণত জনকনন্দিনী সীতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে অবিচ্ছেদ্য প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। তেওঁক এগৰাকী গৃহিণী, আদৰ্শ পত্নী তথা ৰামৰ সহধৰ্মিণীৰ ৰূপত চিত্ৰায়িত কৰা হৈছে। হিন্দু পৰম্পৰাত ৰামায়ণৰ মৌখিক পুনৰ্কথনসমূহত নাৰীসকলক স্বতন্ত্ৰ ৰূপত দেখা যায়। সুগীৰ্থৰাজৰ মতে এই সংস্কৰণসমূহ অধিক পুৰণি নহয়।[25]

মহাভাৰতৰ কাহিনীৰ জৰিয়তে ইয়াৰ ৰচনাকালত নাৰী সম্পৰ্কে ভাৰতীয় সমাজৰ ধাৰণাৰ বিষয়ে অনুমান কৰিব পৰা যায়। মহাভাৰতৰ প্ৰথম পৰ্বত কোৱা হৈছে:

কোনো পুৰুষে, আনকি ক্ৰোধতো, নিজৰ স্ত্ৰীৰ সন্মতি নথকা এনে কোনো কাৰ্য কৰা উচিত নহয়; কিয়নো সুখ, হৰ্ষ, গুণ আৰু সকলোখিনি স্ত্ৰীৰ ওপৰতে নিৰ্ভৰ কৰে। স্ত্ৰী হৈছে পবিত্ৰ ভূমি য'ত স্বামীৰ পুনৰ্জন্ম হয়, আনকি ঋষিসকলেও স্ত্ৰী অবিহনে পুৰুষৰ জন্ম দিব নোৱাৰে।

—আদি পৰ্ব, মহাভাৰত , ১.৭৪.৫০-৫১[26]

মহাভাৰতৰ অনুশাসন পৰ্বত নাৰীৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কে বহুকেইটা অধ্যায় আছে আৰু ই এক মিশ্ৰিত ছবি ডাঙি ধৰে। দ্বিতীয় অধ্যায়ত ধন আৰু ঐশ্বৰ্যৰ দেৱী লক্ষ্মীয়ে কয় যে তেওঁ সেই নাৰীসকলৰ মাজত বাস কৰে যি সত্যবাদী, নিষ্ঠাৱান, বিনয়ী, নিয়াৰি, নিজৰ স্বামী আৰু সন্তানৰ প্ৰতি সমৰ্পিত, স্বাস্থ্য সচেতন, ধৈৰ্যশীল আৰু অতিথিৰ প্ৰতি দয়াশীল।[27] দেৱীয়ে এয়াও কয় যে যিসকল নাৰী পাপিষ্ঠা, অপৰিষ্কাৰ, সদায়ে নিজৰ স্বামীৰ সৈতে যাৰ মতভেদ থাকে, যাৰ ধৈৰ্য নাই, যি এলেহুৱা, ওচৰ-চুবুৰীয়া আৰু আত্মীয়ৰ সৈতে খৰিয়াল কৰি থকা বিধৰ তেনে নাৰীৰ মাজত তেওঁ বসতি নকৰে।[27]

অনুশাসন পৰ্বৰ ৪৭তম অধ্যায়ত যুধিষ্ঠিৰে ভীষ্মৰ পৰা ধৰ্মোপদেশ বিচাৰোঁ‌তে পুত্ৰ আৰু কন্যা সন্তানৰ তুলনা এইদৰে কৰা হৈছে:

হে ৰাজন, কন্যাক শাস্ত্ৰত পুত্ৰৰ সমান বুলি কোৱা হৈছে।

—ভীষ্ম, অনুশাসন পৰ্ব, মহাভাৰত ১৩.৪৭.২৬[28]

নাৰীৰ কৰ্তব্য সম্পৰ্কে শিৱ আৰু পাৰ্বতীৰ এক কথোপকথনৰ মাজেৰে পুনৰ ১৪৬তম অধ্যায়ত বৰ্ণোৱা হৈছে। উমা অৰ্থাৎ পাৰ্বতীয়ে উপত্যকাসমূহক লালন কৰা আৰু ইয়াক উৰ্বৰ কৰি তোলা নদীৰূপী দেৱীসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ যায়।[29] তেওঁৰ পৰামৰ্শ অনুসৰি নাৰীসকলৰ কৰ্তব্যৰ ভিতৰত সুমিষ্ট বচন, মিঠা ব্যৱহাৰ আৰু মিঠা বৈশিষ্ট্যৰে সু-স্বভাৱ অন্যতম। উমাৰ মতে স্বামীয়েই নাৰীগৰাকীৰ ভগৱান, বন্ধু তথা আশ্ৰয়স্থল। নাৰীগৰাকীৰ স্বামী আৰু সন্তানৰ শাৰীৰিক আৰু আৱেগিক পৰিপোষণ, শ্ৰদ্ধা আৰু পূৰ্তিও তেওঁৰ কৰ্তব্যৰ ভিতৰত পৰে। তেওঁলোকৰ সুখেই নাৰীগৰাকীৰ সুখ, তেওঁৰ স্বামীয়ে লোৱা পণেই তেওঁৰ পণ, স্বামী বা সন্তান ক্ৰোধান্বিত হ'লেও তেওঁ আনন্দমনেৰে থকাতো তেওঁৰ দায়িত্ব। তেওঁলোকৰ শাৰীৰিক অসুস্থতাত নাৰীগৰাকী কাষত থকাটো তেওঁৰ বাবে যথোচিত বুলি গণ্য কৰা হয়।[29] স্বামী আৰু পৰিয়ালৰ উপৰিও, বন্ধুবতগ আৰু আত্মীয়ৰ প্ৰতিও তেওঁ প্ৰফুল্লহৃদয় আৰু নম্ৰ হোৱা উচিত। পাৰ্বতীয়ে শিৱক কৈছে যে নাৰীগৰাকীৰ পৰিয়ালেই তেওঁৰ জীৱন আৰু ঘৰখনেই তেওঁৰ স্বৰ্গ।[29]

অনুশাসন পৰ্ব আধুনিক কালৰ হিন্দু পাঠ্যসমূহৰ নাৰী বিষয়ক বৰ্ণনাসমূহৰ এক উৎস। উদাহৰণস্বৰূপে অষ্টাদশ শতিকাৰ স্ত্ৰীধৰ্মপদ্ধতি গ্ৰন্থই অনুশাসন পৰ্বৰ নিৰ্বাচিত কিছু শ্লোক আহৰণ কৰিছে।[30] ইয়াত মহাভাৰতৰ অন্যান্য পৰ্ব আৰু ধৰ্মগ্ৰন্থৰো নিৰ্বাচিত শ্লোক তুলি আনি সন্নিৱিষ্ট কৰা হৈছে।[31]

শাস্ত্ৰ আৰু স্মৃতি[সম্পাদনা কৰক]

ব্ৰহ্মচাৰিণী দেৱীয়ে চাৰিওবেদ অধ্যয়ন কৰা বুলি বেদ আৰু হিন্দু শাস্ত্ৰসমূহত উল্লেখ আছে।[32]

হিন্দুধৰ্মৰ শাস্ত্ৰ আৰু স্মৃতিসমূহত নাৰীৰ চৰিত্ৰায়ণ আৰু তেওঁলোকৰ প্ৰতি ব্যৱহাৰৰ বিষয়ে বিভিন্নধৰণৰ বৰ্ণনা পোৱা যায়। পৰৱৰ্তী কালত এই পাঠ্যসমূহত নতুন অংশৰ অন্তৰ্ভুক্তিকৰণ, বিকৃতকৰণ আৰু সত্যতাৰ ওপৰত বিদ্বানসকলে প্ৰশ্ন উত্থাপন কৰিছে, কিয়নো স্মৃতিসমূহৰ অসংখ্য সংস্কৰণ পোৱা গৈছে। অক্সফোৰ্ড ইউনিভাৰ্ছিটী প্ৰেছে ২০০৫ চনত প্ৰকাশ কৰা মনুস্মৃতিৰ সত্যতা আৰু বিশ্বাসযোগ্যতাৰ সম্পৰ্কে সংসকৰণটোৰ অনুবাদক পেট্ৰিক অলিভেলে চিন্তা ব্যক্ত কৰিছে।[33]

কৌটিল্যঅৰ্থশাস্ত্ৰৰ ১.২১ অধ্যায়ত সামৰিক শিক্ষা গ্ৰহণ কৰি ৰজাজনৰ সুৰক্ষাৰ দায়িত্ব গ্ৰহণ কৰা নাৰীৰ বিষয়ে বৰ্ণনা আছে। গ্ৰন্থখনত মহিলা শিল্পী, ভিক্ষু আৰু পৰিব্ৰাজক তপস্বিনীৰ বিষয়েও উল্লেখ আছে।[34][35]

মনুস্মৃতিৰ কলকাতাত পোৱা পুথিখন মধ্যযুগীয় হিন্দু সমাজত নাৰীৰ স্থিতি সম্পৰ্কে সৰ্বাধিক অধ্যয়ন কৰা পুথি। এই পুথিৰ শ্লোক ৫.১৫৮-৫.১৬০-ত স্বামীহাৰা নাৰীৰ সতীত্বৰ বিষয়ে ব্যাখ্যা পোৱা যায়।[36] ২.৬৭-ৰ পৰা ২.৬৯-ত শ্লোক আৰু ৫.১৪৮-ৰ পৰা ৫.১৫৫-তম শ্লোকত মনুস্মৃতিত কোৱা হৈছে যে এগৰাকী কন্যা হিচাপে নাৰীয়ে তেওঁৰ পিতৃৰ, যুৱতী হিচাপে নিজৰ স্বামীৰ আৰু বিধৱা হিচাপে নিজৰ পুত্ৰৰ পৰা সুৰক্ষা বিচৰিব লাগে; নাৰী হিচাপে তেওঁ নিজৰ স্বামীক দেৱতাৰ দৰে পূজিব লাগে।[37][38]

আন শ্লোকসমূহত মনুস্মৃতিয়ে নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে নাৰীৰ অধিকাৰসমূহক সুৰক্ষিত কৰিছে। উদাহৰণ স্বৰূপে, ৩.৫৫-ৰ পৰা ৩.৫৬-তম শ্লোকলৈ এই কথা ঘোষণা কৰা হৈছে যে "নাৰীক সন্মান কৰা আৰু সুশোভিত কৰি ৰখাটো বাধ্যতামূলক", আৰু "যি ঠাইত নাৰীক শ্ৰদ্ধা কৰা হয়, সেই ঠাইত দেৱতাসকলে হৰ্ষিত হয়; কিন্তু যি ঠাইত কৰা নহয়, কোনো পবিত্ৰ আচাৰ-অনুষ্ঠান ফলদায়ী নহয়।"[39][40] আনহাতে ৫.১৪৭-ৰ পৰা ৫.১৪৮-তম শ্লোকত কোৱা হৈছে যে এগৰাকী নাৰীয়ে কেতিয়াও স্বতন্ত্ৰভাৱে বাস কৰিবলৈ খুজিব নালাগে।[41]

বিবাহ-বিচ্ছেদ[সম্পাদনা কৰক]

পুথিখনৰ ৮.১০১-৮.১০২ শ্লোকৰ মতে এজন পুৰুষ বা এগৰাকী নাৰীয়ে বিবাহ ভংগ কৰিব নোৱাৰে।[42] তথাপিও অন্য কিছু শ্লোকত (৯.৭২-৯.৮১) এক ভুৱা বা আপত্তিজনক বিবাহৰ পৰা আঁ‌তৰি গৈ নতুনকৈ বিবাহপাশত আৱদ্ধ হ'বলৈ নাৰী বা পুৰুষগৰাকীক অনুমতি দিছে। স্বামীৰ অন্তৰ্ধান বা স্বামীৰদ্বাৰা পৰিত্যক্তা নাৰীক পুথিখনে পুনৰ্বিবাহৰ আইনগত উপায়ো প্ৰদান কৰিছে।[43]

অৰ্থশাস্ত্ৰত কোৱা হৈছে:

গিৰিয়েকক ঘৃণা কৰি এগৰাকী নাৰীয়ে বিবাহৰ সমাপ্তি ঘটাব নোৱাৰে। পুৰুষজনেও স্ত্ৰীৰ সন্মতি অবিহতে বিবাহ ভংগ কৰিব নোৱাৰে। কিন্তু পাৰস্পৰিক শত্ৰুতাৰ পৰা, বিচ্ছেদ ল'ব পৰা যায় (পৰস্পৰম দ্বেষনমোক্ষহ)। যদিহে এজন পুৰুষে নিজৰ স্ত্ৰীৰ পৰা বিপদৰ আশংকাত বিচ্ছেদ বিচাৰে, তেন্তে তেওঁ স্ত্ৰীগৰাকীক বিবাহৰ সময়ত দিয়া সকলো সামগ্ৰী ঘূৰাই দিব লাগিব। যদিহে এগৰাকী নাৰীয়ে নিজৰ স্বামীৰ পৰা বিপদৰ আশংকাত বিচ্ছেদ বিচাৰে, তেন্তে তেওঁ সম্পত্তিৰ ওপৰত নিজৰ অধিকাৰ উঠাই ল'ব লাগিব। পৰম্পৰা অনুসৰি প্ৰথম চাৰিবিধৰ বিবাহৰ চুক্তি ভংগ কৰিব পৰা নাযায়।[44][45]

বৰ্ণ[সম্পাদনা কৰক]

পুথিখনৰ এটা অংশত নিজৰ বৰ্ণৰ বাহিৰে আন কাৰোবাক বিবাহ কৰা কাৰ্যৰ বিৰোধিতা কৰা হৈছে (শ্লোক ৩.১৩-৩.১৪)।[36] অলিভেলৰ মতে, একেসময়তে পুথিখনত স্ববৰ্ণৰ লোকৰ বাহিৰেও আন লোকৰ মাজত হোৱা বিবাহ, যেনে ব্ৰাহ্মণ পুৰুষ আৰু শূদ্ৰ নাৰীৰ মাজত হোৱা বিবাহ (শ্লোক ৯.১৪৯-৯.১৫৭), বিবাহ নোহোৱাকৈ এজন ব্যক্তিৰ ঔৰষত গৰ্ভৱতী হোৱা এগৰাকী বিধৱা (শ্লোক ৯.৫৭-৯.৬২) প্ৰেমৰ পৰিণতিস্বৰূপে কোনোবপুৰুষৰ সৈতে পলাই যোৱা নাৰীৰ বিষয়ে কোৱা হৈছে। উক্ত ক্ষেত্ৰত সম্পত্তিৰ অধিকাৰৰ লগতে এনে সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানকো আইনী মান্যতা দিয়া হৈছে।[46] ইয়াত নিজৰ স্বামীৰ বাদে আন পুৰুষৰ দ্বাৰা গৰ্ভৱতী হোৱা নাৰীৰ ক্ষেত্ৰত সন্তান লগত ৰখাৰ অধিকাৰ মাতৃগৰাকী আৰু তেওঁৰ স্বামীক দিয়া হৈছে।[47][48]

সম্পত্তিৰ অধিকাৰ[সম্পাদনা কৰক]

মনুস্মৃতিত নাৰীক ছয় প্ৰকাৰৰ সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে (শ্লোক ৯.১৯২-৯.২০০)। ইয়াৰ ভিতৰত নাৰীগৰাকীয়ে বিবাহৰ সময়ত লাভ কৰা সামগ্ৰী, বিবাহৰ পূৰ্বে প্ৰেমৰ চিনস্বৰূপে বা পলাই যাওঁ‌তে বা তেওঁক লৈ যাওঁ‌তে আৰু তেজৰ সম্পৰ্কৰ লোকে দিয়া উপহাৰ, বিবাহৰ পিছত স্বামীৰ পৰা লাভ কৰা সামগ্ৰী আৰু দেহাৱসান ঘটা আত্মীয়ৰ পৰা উত্তৰাধিকাৰসূত্ৰে লাভ কৰা সামগ্ৰী।[49]

পুৰাণ[সম্পাদনা কৰক]

নেপালত পোৱা একাদশ শতিকাৰ দেৱী মাহাত্ম্য পুথিত সৃষ্টিকৰ্তা ভগৱানক নাৰী বুলি কোৱা হৈছে। কিন্তু এই নাৰীক নাৰীসুলভ বা পুৰুষসুলভ গুণেৰে চিহ্নিত কৰিব নোৱাৰি। তেওঁ এক আধ্যাত্মিক শুভ শক্তিহে।[50]

পুৰাণসমূহ, বিশেষকৈ মাৰ্কণ্ডেয় পুৰাণ আৰু দেৱী-ভাগৱত পুৰাণত পোৱা দেৱী মাহাত্ম্যত দেৱী আৰু পবিত্ৰ নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত হিন্দুধৰ্মৰ প্ৰাক-মধ্যযুগীয় আলোচনা পোৱা যায়। [3][4][5] অৱশ্যে, এই আলোচনাসমূহ এই দুই পুথিতেই সীমাবদ্ধ নহয়। অন্য পুৰাণ আৰু তেনে পুথিসমূহৰ দাৰ্শনিক আলোচনাতো নাৰীৰ বিষয়ে পোৱা যায়।

আপুনি বিবেচনা কৰা উচিত যে আপুনি কোন, আৰু প্ৰকৃতি কোন...। আপুনি প্ৰকৃতিক কেনেকৈ অতিক্ৰম কৰিব পাৰে? আপুনি কি শুনিছে, আপুনি কি খায়, আপুনি কি দেখিছে – এই সকলো হৈছে প্ৰকৃতি। আপুনি প্ৰকৃতিৰ বাহিৰত কেনেকৈ থাকিব পাৰে? আপুনি প্ৰকৃতিত আবৃত হৈ আছে, যদিও আপুনি এয়া নাজানে।
―স্কন্দ পুৰাণ (১.১.২১.২২)[51]

দেৱতাৰ লিংগ বিচাৰ[সম্পাদনা কৰক]

হিন্দুধৰ্মত দেৱীৰ উপস্থিতি সততে হোৱা ঘটনা।[52] অন্যান্য ধাৰণাৰ ভিতৰত দেৱ-দেৱীৰ উভয়লিংগী স্বৰূপ যেনে অৰ্ধনাৰীশ্বৰ[53] বা লিংগ বিচাৰ নথকা ব্ৰহ্ম উল্লেখযোগ্য।

হিন্দুধৰ্মৰ দৰ্শন অনুসৰি ব্ৰহ্ম বা পৰমব্ৰহ্মৰ লিংগ বিচাৰ নাই। হিন্দু ধৰ্মত দেৱী আৰু দেৱতা উভয়ৰে উপস্থিতি বিদ্যমান। কোনো কোনো ক্ষেত্ৰত একেজন দেৱতাই নাৰী আৰু পুৰুষৰ সংমিশ্ৰিত ৰূপতো দেখা পোৱা যায়। ইয়াৰ লগতে কেতিয়াবা কোনো দেৱতাক লিংগ বিচাৰ অস্বীকাৰ কৰি নাৰী বা পুৰুষ দুয়োটা ৰূপতে উপস্থাপন কৰা হয়।[54][55]

হিন্দু ধৰ্মৰ ভক্তি পৰম্পৰাত দেৱী আৰু দেৱতা দুয়োকে দেখা পোৱা যায়। প্ৰাচীন আৰু মধ্যযুগীয় ভাৰতীয় আখ্যানসমূহত প্ৰতিগৰাকী দেৱতাৰ সৈতে এগৰাকী দেৱীক চিত্ৰায়িত কৰা হয়।[56] শাক্ত পন্থাৰ অনুগামীসকলে শক্তিৰ স্বৰূপ হিচাপে দেৱীক আৰাধনা কৰে।[57]

হিন্দু ধৰ্মত অসংখ্য দেৱ-দেৱী আছে আৰু ইয়াৰে অধিকাংশই দেৱী।[58] হিন্দু সমাজৰ পিতৃপ্ৰধান চৰিত্ৰটোৰ বিপৰীতে দেৱীসকলক শক্তিশালী ৰূপত উপস্থাপন কৰা হয় আৰু কোনো কোনো সময়ত তেওঁলোক উগ্ৰ বা ভয়ংকৰ হোৱাও দেখা যায়।[52]

প্ৰথা[সম্পাদনা কৰক]

বিবাহ[সম্পাদনা কৰক]

অশ্বালয়ন গৃহসূত্ৰ শীৰ্ষক পুথিত মুঠ আঠ প্ৰকাৰৰ বিবাহৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰে প্ৰথম চাৰিবিধ হৈছে ব্ৰহ্ম, দৈৱ, অৰ্ষ আৰু প্ৰজাপত্য। এই চাৰিও প্ৰকাৰৰ বিবাহক বিধিসন্মত তথা পালনীয় বুলি ঘোষণা কৰা হৈছে। আনহাতে পৰৱৰ্তী দুই প্ৰকাৰ ক্ৰমে গন্ধৰ্ব আৰু অসুৰ বিবাহক বিধিসন্মত বুলি মান্যতা দিয়া হোৱা নাই যদিও গ্ৰহণীয় বুলি কোৱা হৈছে। ইয়াৰ বিপৰীতে শেষৰ দুই প্ৰকাৰৰ বিবাহ ক্ৰমে ৰাক্ষস আৰু পৈশাচক অনুপযুক্ত তথা অগ্ৰহণযোগ্য বুলি কোৱা হৈছে যদিও এনে বিবাহৰ পৰিণতিত জন্ম হোৱা সন্তানক আইনী অধিকাৰ প্ৰদান কৰা হৈছে।[7][59]

  1. ব্ৰহ্ম বিবাহ - এনে বিবাহক ধৰ্মীয় দিশৰপৰা সবাতোকৈ উপযুক্ত বুলি মান্যতা দিয়া হৈছে। ইয়াত কন্যাৰ পিতৃয়ে এক শিক্ষিত পুৰুষৰ সন্ধান কৰি তেওঁৰ কন্যাৰ পানিগ্ৰহণৰ প্ৰস্তাৱ আগবঢ়ায়। বৰ, কন্যা আৰু পৰিয়ালৰ লোকে স্বইচ্ছাৰে এই প্ৰস্তাৱত সন্মতি জনায়। সকলোৰে উপস্থিতিত কন্যাক সজাই-পৰাই বৈদিক পদ্ধতিৰে বৰৰ হাতত অৰ্পণ কৰে।[7]
  2. দৈৱ বিবাহ - এই বিবাহত কন্যাৰ পিতৃয়ে তেওঁৰ দুহিতাক আ-অলংকাৰেৰে সৈতে এগৰাকী পুৰোহিতৰ হাতত অৰ্পণ কৰে।
  3. অৰ্ষ বিবাহ - এনে বিবাহত বৰজনে কন্যাৰ পিতৃক তেওঁৰ দুহিতাক বিয়া দিয়াৰ বিনিময়ত এজনী গাইগৰু আৰু এটা বলধ দিয়ে। বৰে গৃহস্থাশ্ৰম অৰ্থাৎ পাৰিবাৰিক জীৱন যাপন কৰি কন্যাৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়।
  4. প্ৰজাপত্য বিবাহ - এনে পদ্ধতিৰ বিবাহত বৰ-কন্যাই সংস্কৃত মন্ত্ৰোচ্ছাৰণৰ যোগেদি বিবাহত বহিবলৈ সন্মতি প্ৰদান কৰে আৰু মানুহ-দুনুহৰ সৈতে আনুষ্ঠানিকতাৰ আয়োজন কৰা হয়।
  5. গন্ধৰ্ব বিবাহ - এনে বিবাহত এহাল পুৰুষ-নাৰীয়ে প্ৰেমৰ বশৱৰ্তী হৈ পাৰস্পৰিক সন্মতিৰে একেলগে বসবাস কৰিবলৈ লয়। এনে বিবাহত ধৰ্মীয় আচাৰৰ উপস্থিতি নাথাকে। কামসূত্ৰ আৰু শকুন্তলাৰ তোলনীয়া পিতৃ মহাভাৰতৰ কণ্ব মুনিয়ে এনে বিবাহত আদৰ্শ বিবাহ আখ্যা দিছে।[59]
  6. অসুৰ বিবাহ - অসুৰ বিবাহত বৰজনে কন্যাগৰাকী তথা তেওঁৰ পিতৃলৈ যৌতুক আগবঢ়ায়। স্বইচ্ছাৰে দুয়োজনে যৌতুক গ্ৰহণ কৰিলে কন্যাৰ বিনিময় হয়। স্মৃতিসমূহৰ লেখকসকলে এন বিবাহক উপযুক্ত বুলি বিবেচনা নকৰে।[59][60]
  7. ৰাক্ষস বিবাহ - কন্যা তথা তেওঁৰ পৰিয়ালৰ সন্মতি অবিহনে বৰে কন্যাক বলপূৰ্বক হৰণ কৰিলে ইয়াক ৰাক্ষস বিবাহ বুলি কোৱা হয়।
  8. পৈশাচ বিবাহ - কোনো নাৰী নিচাসক্ত বা সংজ্ঞাহীন অৱস্থাত থাকোঁ‌তে কোনো পুৰুষে বলপ্ৰয়োগেৰে বিবাহ বা মিলন চৰিতাৰ্থ কৰিলে তাক পৈশাচ বিবাহ বোলা হয়।

মনুস্মৃতিত কোৱা হৈছে:

"এগৰাকী নাৰীয়ে প্ৰাপ্তবয়স্ক হ'লে নিজৰ স্বামী বাছনি কৰিব পাৰে। যদি পিতৃ-মাতৃ এক উপযুক্ত বৰৰ সন্ধান কৰাত ব্যৰ্থ হয়, তেওঁ নিজেই নিজৰ স্বামী নিৰ্বাচন কৰিব পাৰে।" (মনু স্মৃতি IX ৯০ - ৯১)[61]

বৈধৱ্য আৰু পুনৰ্বিবাহ[সম্পাদনা কৰক]

সাধাৰণতে বিধৱাসকলে, বিশেষকৈ ব্ৰাহ্মণ বিধৱাসকলে এক আধ্যাত্মিক আৰু তপস্বী জীৱন কটাব বুলি ভবা হয়।[62] পুনৰ্বিবাহতো এসময়ত নিষেধাজ্ঞা আছিল।[63]

যৌতুক[সম্পাদনা কৰক]

যৌতুক হৈছে বিবাহৰ সময়ত কন্যাৰ ঘৰৰ পৰা বৰক দিয়া উপহাৰ বা উপঢৌকন। প্ৰাচীন তথা মধ্যযুগীয় ভাৰতীয় সমাজত যৌতুকৰ ধাৰণা আৰু ইয়াৰ অনুশীলনৰ বিষয়টো স্পষ্ট নহয়। কোনোবকোনো পণ্ডিতে প্ৰাচীন কালৰ হিন্দু সমাজত ইয়াৰ প্ৰচলন থকা বুলি দাবী কৰে যদিও এই বিষয়ত সকলোৰে সহমত নাই।[8][64]

সতীদাহ[সম্পাদনা কৰক]

সতীদাহ বৰ্তমানে লোপ পোৱা এক মৃতদেহ সংস্কাৰ প্ৰথা। এই প্ৰথাত এগৰাকী বিধৱাই নিজৰ মৃত স্বামীৰ চিতাত আত্মজাহ দিয়ে বা আন কোনো উপায়েৰে আত্মহত্যা কৰে।[65][66][67] কোনো কোনো পণ্ডিতৰ মতে বৈদিক যুগৰ সাহিত্যত সতীদাহৰ কোনো প্ৰমাণ পোৱা নাযায়।[8] সতীদাহ প্ৰথা উচিত নে অনুচিত এই কথাক লৈ হোৱা প্ৰাচীনতম আলোচনা দশমৰ পৰা দ্বাদশ শতিকাৰ সংস্কৃত সাহিত্যত পোৱা যায়।[68]

শিক্ষা[সম্পাদনা কৰক]

বেদ আৰু উপনিষদসমূহত উল্লেখ আছে যে কন্যাসকল ব্ৰহ্মচাৰিণী হ'ব পাৰে অৰ্থাৎ তেওঁলোকে শিক্ষা লাভ কৰিব পাৰে।[69] অথৰ্ববেদত কোৱা হৈছে যে[69][70]

ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् |

এক কোমলবয়সীয়া কন্যাই ব্ৰহ্মচৰ্য্যৰ শিক্ষা সমাপ্ত কৰিলে এজন উপযুক্ত স্বামী লাভ কৰে।

ঋতুস্ৰাৱ[সম্পাদনা কৰক]

হিন্দুধৰ্মৰ মতে ঋতুস্ৰাৱৰ কাল হৈছে শুদ্ধিকৰণৰ কাল। এই সময়ত নাৰীসকলক সততে উপাসনাৰ স্থান বা ইয়াৰ সৈতে জড়িত সামগ্ৰীৰ পৰা নিলগাই ৰখা হয়।[71]

কলা-সংস্কৃতিত নাৰী[সম্পাদনা কৰক]

ভাৰতনাট্যম আৰু কথকৰ দৰে ধ্ৰুপদী নৃত্যৰ বিকাশো নাৰীসকলৰ দ্বাৰাই হৈছিল।

হিন্দু ধৰ্মৰ প্ৰদৰ্শন কলা আৰু দৃশ্যমান কলাত পুৰুষৰ সমানে নাৰীকো উপস্থাপন কৰা হৈছে। [72] সংস্কৃত সাহিত্যসমূহে হিন্দু দেৱীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ যোগেদি নাৰীৰ ধৰ্মীয় আৰু আধ্যাত্মিক অভিব্যক্তিত অৰিহণা যোগাইছে। দেৱী সৰস্বতী হৈছে কলা, সংগীত, কবিতা, বাক, সংস্কৃতি আৰু শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী। [73] সংস্কৃত অভিনয় মঞ্চৰ উৎপত্তি বেদৰ তিনিটা নীতিৰ পৰা উদ্ভৱ হৈছে। এইকেইটা ক্ৰমে দৈৱিক পুৰুষ, আত্মা, আৰু সৰ্বজনীন সত্তা অৰ্থাৎ ব্ৰহ্ম।[74] হিন্দু গ্ৰন্থত নৃত্য, সংগীত আৰু কলাত্মক প্ৰদৰ্শনসমূহত নাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ তৈত্তিৰিয় সংহিতাৰ অধ্যায় ৬.১ আৰু খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ শতাপথ ব্ৰহ্মৰ অধ্যায় ৩.২.৪-ত পোৱা যায়।[75] পানিনি, পতঞ্জলি, গোভিলা আদিৰ গ্ৰন্থসমূহত কোৱা হৈছে যে ধৰ্মীয় অনুষ্ঠান যেনে প্ৰাচীন শ্ৰৌত আৰু গৃহসূত্ৰৰ আচাৰ আৰু যজ্ঞৰ সময়ত নাৰীসকলেপুৰুষৰ সৈতে ভজন বা মন্ত্ৰ উচ্চাৰণ কৰিছিল।[75]

বিদ্বানসকলে মত প্ৰকাশ কৰে যে সংগীত আৰু নৃত্যৰ সৈতে হিন্দু পৰম্পৰাৰ ওতপ্ৰোত সম্পৰ্ক আছে আৰু হিন্দু ধৰ্মৰ নাৰীসকলে এই পৰম্পৰাত সৃষ্টিশীলতা আৰু প্ৰদৰ্শনৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা পালন কৰিছে।[76] হিন্দু পৰম্পৰাৰ কেতবোৰ দিশে নাৰীৰ স্বাধীনতা হ্ৰাস কৰিছিল যদিও তেওঁলোকক কলাৰ সৃষ্টি আৰু প্ৰকাশৰ সুযোগো প্ৰদান কৰিছিল৷ [76] কলাৰ সৃষ্টি আৰু ইয়াত অংশগ্ৰহণৰ সুযোগ জাতি বা শ্ৰেণী নিৰ্বিশেষে নাৰীসকলৰ বাবে উপলব্ধ আছিল। [76] উচ্চ শ্ৰেণীৰ মহিলাসকলৰ মাজত শাস্ত্ৰীয় কণ্ঠ সংগীত অধিক প্ৰচলিত আছিল। মাতৃতান্ত্ৰিক হিন্দু পৰম্পৰা, বিশেষকৈ দেৱদাসী প্ৰথাত নাৰীসকলৰ মাজত নৃত্য আদিৰ দৰে কলাৰ ৰাজহুৱা প্ৰদৰ্শন অধিক প্ৰচলিত[77][78]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 McDaniel 2004, পৃষ্ঠা. 90.
  2. 2.0 2.1 Brown 1998, পৃষ্ঠা. 26.
  3. 3.0 3.1 3.2 McDaniel 2004, পৃষ্ঠা. 90-92.
  4. 4.0 4.1 C. Mackenzie Brown (1990), The Triumph of the Goddess, State University of New York Press, ISBN, page 77
  5. 5.0 5.1 Thomas Coburn (2002), Devī Māhātmya: The Crystallization of the Goddess Tradition, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120805576, pages 138, 303-309
  6. Rajbali Pandey (1969), Hindu Saṁskāras: Socio-religious Study of the Hindu Sacraments, আই.এচ.বি.এন. 978-8120803961, pages 158-170 and Chapter VIII
  7. 7.0 7.1 7.2 The Illustrated Encyclopedia of Hinduism: A-M, James G. Lochtefeld (2001), আই.এচ.বি.এন. 978-0823931798, Page 427
  8. 8.0 8.1 8.2 Witzel, Michael (1996). "Little Dowry, No Sati: The Lot of Women in the Vedic Period". Journal of South Asia Women Studies খণ্ড 2 (4). 
  9. Brick, David (April–June 2010). "The Dharmasastric Debate on Widow Burning". Journal of the American Oriental Society খণ্ড 130 (2): 203–223. 
  10. Yang, Anand A.; Sarkar, Sumit (ed.); Sarkar, Tanika (ed.) (2008). "Whose Sati?Widow-Burning in early Nineteenth Century India". Women and Social Reform in Modern India: A Reader. প্ৰকাশক Bloomington, Indiana: Indiana University Press. পৃষ্ঠা. 21–23. ISBN 9780253352699. https://books.google.com/books?id=GEPYbuzOwcQC&pg=PA21. 
  11. Sashi, S.S. (1996). Encyclopaedia Indica: India, Pakistan, Bangladesh. 100. Anmol Publications. পৃষ্ঠা. 115. ISBN 9788170418597. 
  12. Liljeström, Marianne; Paasonen, Susanna (2010-03-08) (en ভাষাত). Working with Affect in Feminist Readings: Disturbing Differences. Routledge. পৃষ্ঠা. 122. ISBN 978-1-134-01789-8. https://books.google.com/books?id=pXF4AgAAQBAJ. 
  13. 13.0 13.1 Kramarae, Cheris; Spender, Dale (2004-04-16) (en ভাষাত). Routledge International Encyclopedia of Women: Global Women's Issues and Knowledge. Routledge. পৃষ্ঠা. 1059. ISBN 978-1-135-96315-6. https://books.google.com/books?id=QAOUAgAAQBAJ&q=matriarchal+hindus&pg=PT1059. 
  14. Bryant, Edwin (2007), Krishna: A Sourcebook, Oxford University Press], p. 441 
  15. David Kinsley (2005), Hindu Goddesses: Vision of the Divine Feminine in the Hindu Religious Traditions, University of California Press, আই.এচ.বি.এন. 978-8120803947, pages 6-17, 55-64
  16. Flood, Gavin, ed. (2003), The Blackwell Companion to Hinduism, Blackwell Publishing Ltd., আই.এচ.বি.এন. 1-4051-3251-5, pages 200-203
  17. The Rig Veda/Mandala 10/Hymn 125 Ralph T.H. Griffith (Translator); for Sanskrit original see: ऋग्वेद: सूक्तं १०.१२५
  18. The Rig Veda. https://en.wikisource.org/wiki/The_Rig_Veda/Mandala_8/Hymn_33. 
  19. The Rig Veda. https://en.wikisource.org/wiki/The_Rig_Veda/Mandala_10/Hymn_95. 
  20. McDaniel 2004, পৃষ্ঠা. 91.
  21. 21.0 21.1 Paul Deussen, Sixty Upanishads of the Veda, Volume 1, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120814684, pages 534-539
  22. Brihadaranyaka Upanishad VI Adhyaya 4 Brahmana 17 and 18 Max Muller (translator), Oxford University Press, pages 219-220
  23. 23.0 23.1 Ellison Findly (2004), Women, Religion, and Social Change (Editors: Yvonne Yazbeck Haddad, Ellison Banks Findly), State University of New York Press, আই.এচ.বি.এন. 978-0887060687, pages 37-58
  24. Adi Parva 1.LXXIII.6 - 1.LXXIII.14, Mahabharata, Translated by Manmatha Nath Dutt, page 105
  25. Sugirtharajah, Sharada (2002). "Hinduism and Feminism". Journal of Feminist Studies in Religion খণ্ড 18 (2): 97–104. 
  26. Adi Parva, Mahabharata, Translated by Manmatha Nath Dutt (Translator), page 108
  27. 27.0 27.1 Anushasana Parva The Mahabharata, Translated by Kisari Mohan Ganguli, Chapter XI, pages 41-43
  28. Anushasana Parva The Mahabharata, Translated by KM Ganguli, page 264
  29. 29.0 29.1 29.2 Anushasana Parva The Mahabharata, Translated by Kisari Mohan Ganguli, Chapter CXLVI, pages 667-672
  30. Tryambakayajvan (trans. Julia Leslie 1989), The Perfect Wife - Strīdharmapaddhati, Oxford University Press, আই.এচ.বি.এন. 978-0195621075
  31. Leslie, J. (1992), The significance of dress for the orthodox Hindu woman, in Dress and Gender: Making and Meaning (Editors: Ruth Barnes, Joanne B. Eicher), pages 198-213; Quote - "Strīdharmapaddhati represents a bizarre mixture of reality and utopia."
  32. S Jain (2003), Sacred Rights (Editor: Daniel C. Maguire), Oxford University Press, আই.এচ.বি.এন. 978-0195160017, page 134
  33. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 353-354, 356-382
  34. Kautilya (3rd century BCE), Kautiliya Arthasastra Vol 2 (Translator: RP Kangle, 2014), Motilal Banarsidass, আই.এচ.বি.এন. 978-8120800427, page 51
  35. Patrick Olivelle (2013), King, Governance, and Law in Ancient India: Kautilya's Arthasastra, Oxford University Press, আই.এচ.বি.এন. 978-0199891825, pages 77-79, 96, 254-262, 392-396, 477-479
  36. 36.0 36.1 Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 31-32, 108-123, 138-147
  37. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 98, 146-147
  38. Wadley, Susan (1977). "Women and the Hindu Tradition". Signs খণ্ড 3 (1): 113–125. doi:10.1086/493444. 
  39. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, page 111
  40. Mācave P. "Hinduism, its contribution to science and civilisation." 1979. আই.এচ.বি.এন. 978-0-7069-0805-3. "... যি ঠাইত নাৰী পূজিতা হয়, সেই ঠাইত দেৱতাসকল প্ৰফুল্ল হয়। কিন্তু যি ঠাইত তেওঁলোক নহয়, সকলো ধৰ্মীয় অনুষ্ঠান বিফল হয়।" মহাভাৰত ১৩ - ৪৫.৫ আৰু মনু স্মৃতি ৩ - ৫৬।
  41. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, page 146
  42. Robert Lingat (1973), The Classical Law of India, University of California Press, আই.এচ.বি.এন. 978-0520018983, page 84
  43. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 190-207, 746-809
  44. https://en.wikisource.org/wiki/Arthashastra/Book_III
  45. Page 224 https://csboa.com/eBooks/Arthashastra_of_Chanakya_-_English.pdf
  46. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 31-32, 194-207, 755-809
  47. Robert Lingat (1973), The Classical Law of India, University of California Press, আই.এচ.বি.এন. 978-0520018983, pages 83-84
  48. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 182-193, 659-706
  49. Patrick Olivelle (2005), Manu's Code of Law, Oxford University Press, আই.এচ.বি.এন. 978-0195171464, pages 200-201, 746-809
  50. Alf Hiltebeitel and Kathleen Erndl (2000), Is the Goddess a Feminist?: The Politics of South Asian Goddesses, New York University Press, আই.এচ.বি.এন. 978-0814736197, pages 133-134
  51. Nicholas Gier (1997), The yogī and the Goddess, International Journal of Hindu Studies, Volume 1, Issue 2, pages 265-287
  52. 52.0 52.1 Lynn Foulston, Stuart Abbott (2009). Hindu goddesses: beliefs and practices. Sussex Academic Press. পৃষ্ঠা. 1–3, 40–41. ISBN 9781902210438. https://books.google.com/books?id=XgwVgPx5G5UC&pg=PA2. 
  53. Ellen Goldberg (2002), The Lord who is half woman: Ardhanārīśvara in Indian and feminist perspective, State University of New York Press, আই.এচ.বি.এন. 0-791453251, pages 1-4
  54. John Renard (1999), Responses to 101 Questions on Hinduism, Paulist, আই.এচ.বি.এন. 978-0809138456, pages 74-76
  55. What is Hinduism?, p. PR17, গুগুল বুকচ্‌ত, Hinduism Today, Hawaii
  56. The Concept of Shakti: Hinduism as a Liberating Force for Women
  57. Mukherjee, Prabhati (1983). "The Image of women in Hinduism". Women's Studies International Forum খণ্ড 6 (4): 375–381. doi:10.1016/0277-5395(83)90030-4. 
  58. David Lawrence (2012), The Routledge Companion to Theism (Editors: Charles Taliaferro, Victoria S. Harrison, and Stewart Goetz), Routledge, আই.এচ.বি.এন. 978-0415881647, pages 78-79
  59. 59.0 59.1 59.2 Hindu Saṁskāras: Socio-religious Study of the Hindu Sacraments, Rajbali Pandey (1969), see Chapter VIII, আই.এচ.বি.এন. 978-8120803961, pages 158-170
  60. Patrick Olivelle (2004), The Law Code of Manu, Oxford University Press, আই.এচ.বি.এন. 978-0192802712, page 47
  61. Majumdar R. C. and Pusalker A. D. (ed.) "The History and Culture of the Indian People" Bharatiya Vidya Bhavan, Bombay 1951. Volume 1 The Vedic age p394.
  62. Bowker J. H and Holm J. "Women in religion." Continuum, London 1994 p79 আই.এচ.বি.এন. 0-8264-5304-X.
  63. Fuller C. J. "The camphor flame: popular Hinduism and society in India." Princeton University Press, Princeton, New Jersey 2004 p.23 আই.এচ.বি.এন. 0-691-12048-X
  64. Tambiah, Stanley; Goody, Jack (1973). Bridewealth and Dowry. প্ৰকাশক Cambridge UK: Cambridge University Press. পৃষ্ঠা. 68–9. 
  65. Wendy Doniger (2013), Suttee, Encyclopedia Britannica
  66. Arvind Sharma (2001), Sati: Historical and Phenomenological Essays, Motilal Banarsidass, আই.এচ.বি.এন. 978-8120804647, pages 19-21
  67. On attested Rajput practice of sati during wars, see, for example Leslie, Julia; Arnold, David (ed.); Robb, Peter (ed.) (1993). "Suttee or Sati: Victim or Victor?". Institutions and Ideologies: A SOAS South Asia Reader. 10. প্ৰকাশক London: Routledge. পৃষ্ঠা. 46. ISBN 9780700702848. https://books.google.com/books?id=vPdYkFguJ8IC&pg=PA46. 
  68. Brick, David (April–June 2010). "The Dharmasastric Debate on Widow Burning". Journal of the American Oriental Society খণ্ড 130 (2): 206–211. 
  69. 69.0 69.1 S Jain (2003), The Right to Family Planning, in Sacred Rights: The Case for Contraception and Abortion in World Religions (Editor: Daniel C. Maguire), Oxford University Press, আই.এচ.বি.এন. 978-0195160017, page 134, Quote - "The Atharva Veda confirms... a brahmacharini has better prospects of marriage than a girl who is uneducated"; "The Vedic period.... girls, like boys, are also expected to go through the brahmacharya..."
  70. 70.0 70.1 For source in Sanskrit: Atharva Veda Wikisource, Hymns 11.5[7].1 - 11.5[7].26;
  71. Dunnavant, Nicki (2012). "Restriction and Renewal, Pollution and Power, Constraint and Community: The Paradoxes of Religious Women's Experiences of Menstruation". Sex Roles খণ্ড 68 (1–2): 121–131. doi:10.1007/s11199-012-0132-8. https://www.researchgate.net/publication/257663684. 
  72. Elgood, Heather (2000). Hinduism and the Religious Arts. A&C Black. 
  73. Mandakranta Bose (2011), Women in the Hindu Tradition: Rules, Roles and Exceptions, Routledge, আই.এচ.বি.এন. 978-0415620765, page 26
  74. Baumer, Rachel (1993). Sanskrit Drama in Performance. Motilal Banarsidass Publication. পৃষ্ঠা. 46. 
  75. 75.0 75.1 Mandakranta Bose (2011), Women in the Hindu Tradition: Rules, Roles and Exceptions, Routledge, আই.এচ.বি.এন. 978-0415620765, pages 64-65
  76. 76.0 76.1 76.2 Tracy Pintchman (2007), Women's Lives, Women's Rituals in the Hindu Tradition, Oxford University Press, আই.এচ.বি.এন. 978-0195177077, pages 180-182
  77. Tracy Pintchman (2007), Women's Lives, Women's Rituals in the Hindu Tradition, Oxford University Press, আই.এচ.বি.এন. 978-0195177077, pages 181-185
  78. Leslie, Julia (1992). Roles and Rituals for Hindu Women. Motilal Banarsidass Publications. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]