সমললৈ যাওক

২০০৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০০৪
ভাৰত
১৯৯৯ 
২০ এপ্ৰিল, ২৬ এপ্ৰিল, ৫ আৰু ১০ মে' ২০০৪
 ২০০৯

লোক সভাৰ সমস্ত ৫৪৩ খন আসনৰ বাবে
সংখ্যাগৰিষ্ঠতাৰ বাবে ২৭২ খন আসনৰ প্ৰয়োজন
ভোটদানৰ হাৰ ৫৮.০৭% (decrease১.৯২%)[1]
  প্ৰথম দল দ্বিতীয় দল
 
নেতা ছোনিয়া গান্ধীঅটল বিহাৰী বাজপায়ী
দল কংগ্ৰেছ বিজেপি
মিত্ৰদল ইউ পি এ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
নেতা হৈছে ১৯ মাৰ্চ ১৯৯৮১৬ মে' ১৯৯৬
নেতাৰ আসন ৰায় বৰেলিলক্ষ্ণৌ
বিগত নিৰ্বাচন ১১৪ খন আসন, ২৮.৩%১৮২ খন আসন, ২৩.৭৫%
বিজয়ী আসন ১৪৫১৩৮
পৰিৱৰ্তিত আসন বৃদ্ধি৩১decrease৪৪
জনপ্ৰিয় ভোট ১৩৮,৩১২,৩৩৭১২৮,৯৩১,০০১
শতাংশ ২৬.৭০%২২.১৬%
Swing decrease১.৬%decrease১.৫৯%


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধান মন্ত্ৰী

অটল বিহাৰী বাজপায়ী
বিজেপি

পৰৱৰ্তী প্ৰধান মন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

২০০৪ চনৰ ২০ এপ্ৰিলৰ পৰা ১০ মে'ৰ ভিতৰত চাৰিটা পৰ্যায়ত ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল।[2] চতুৰ্দশ লোকসভাৰ ৫৪৩ জন সদস্য নিৰ্বাচিত কৰিবলৈ প্ৰায় ৬৭০ নিযুতৰো অধিক লোকে ভোটদান কৰিছিল। লোকসভা হৈছে পোনপটীয়াকৈ নিৰ্বাচিত হোৱা ভাৰতৰ সংসদৰ নিম্ন সদন।

১৩ মে' ২০০৪ তাৰিখে শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ইয়াৰ মিত্ৰজোঁট ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই পৰাজয় স্বীকাৰ কৰে। স্বাধীনতাৰ পৰা ১৯৯৬ চনলৈকে পাঁচ বছৰৰ বাহিৰে সকলো সময় ভাৰতত ক্ষমতাত থকা ভাৰতীয় জাতীয় কংগ্ৰেছে আঠ বছৰ শাসনভাৰৰ পৰা আঁতৰি থকাৰ পিছত পুনৰ ক্ষমতালৈ উভতি আহে। কংগ্ৰেছে তেওঁলোকৰ মিত্ৰশক্তিৰ সহায়ত ৫৪৩ জনৰ ভিতৰত ৩৩৫ জনতকৈ ওপৰৰ সদস্যৰে সহজতে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই ৩৩৫ জন সদস্যৰ ভিতৰত আছিল কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা, নিৰ্বাচনৰ পিছত গঠন কৰা শাসনকাৰী মিত্ৰজোঁট, লগতে বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), কেৰালা কংগ্ৰেছ (কেচি) আৰু বাওঁ মৰ্চাৰ বাহ্যিক সমৰ্থন। (বাহ্যিক সমৰ্থন হৈছে শাসনকাৰী মিত্ৰজোঁটৰ অংশ নোহোৱা দলবোৰৰ সমৰ্থন)।

সংযুক্ত প্ৰগতিশীল মৰ্চাৰ চৰকাৰ গঠনত সমৰ্থন

[সম্পাদনা কৰক]
চৰকাৰ গঠন কৰা ৰাজনৈতিক দল/মিত্ৰজোঁট
ইউ পি এ (২১৮)
বাওঁ মৰ্চা (৫৯)
সমাজবাদী পাৰ্টি (৩৬)
বহুজন সমাজ পাৰ্টি (১৯)
কেৰালা কংগ্ৰেছ (১)
ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টি (১)
জম্মু এণ্ড কাশ্মীৰ পিপুলছ ডেমোক্ৰেটিক পাৰ্টি (১)
মুঠ: ৩৩৫ খন আসন (৬১.৭%)

দলভিত্তিক ফলাফল

[সম্পাদনা কৰক]
ক্ৰমিক নংদলসংক্ষিপ্ত নামদলৰ স্থিতিলাভ কৰা আসন
ভাৰতীয় জনতা পাৰ্টিBJPৰাষ্ট্ৰীয়১৩৮
বহুজন সমাজ পাৰ্টিBSPৰাষ্ট্ৰীয়১৯
ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPIৰাষ্ট্ৰীয়১০
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPMৰাষ্ট্ৰীয়৪৩
ভাৰতীয় জাতীয় কংগ্ৰেছINCৰাষ্ট্ৰীয়১৪৫
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিNCPৰাষ্ট্ৰীয়
অসম গণ পৰিষদAGPৰাজ্যিক
অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকAIFBৰাজ্যিক
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছAITCৰাজ্যিক
১০বিজু জনতা দলBJDৰাজ্যিক১১
১১দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমDMKৰাজ্যিক১৬
১২জনতা দল (চেকুলাৰ)JD(S)ৰাজ্যিক
১৩জনতা দল (সংযুক্ত)JD(U)ৰাজ্যিক
১৪জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চJKNৰাজ্যিক
১৫ঝাৰখণ্ড মুক্তি মৰ্চাJMMৰাজ্যিক
১৬কেৰালা কংগ্ৰেছKECৰাজ্যিক
১৭মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমMDMKৰাজ্যিক
১৮মিজো নেচনেল ফ্ৰণ্টMNFৰাজ্যিক
১৯মুছলিম লীগ কেৰালা ষ্টেট কমিটিMULৰাজ্যিক
২০নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্টNPFৰাজ্যিক
২১পাট্টালি মাক্কাল কাচ্চিPMKৰাজ্যিক
২২ৰাষ্ট্ৰীয় জনতা দলRJDৰাজ্যিক২৪
২৩ৰাষ্ট্ৰীয় লোকদলRLDৰাজ্যিক
২৪ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টিRSPৰাজ্যিক
২৫শিৰোমণি আকালি দলSADৰাজ্যিক
২৬চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্টSDFৰাজ্যিক
২৭শিৱসেনাSHSৰাজ্যিক১২
২৮সমাজবাদী পাৰ্টিSPৰাজ্যিক২৩
২৯তেলেগু দেশমTDPৰাজ্যিক
৩০অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনAIMIMপঞ্জীভূক্ত
৩১ভাৰতীয় নবশক্তি পাৰ্টিBNPপঞ্জীভূক্ত
৩২ইণ্ডিয়ান ফেডাৰেল ডেমোক্ৰেটিক পাৰ্টিIFDPপঞ্জীভূক্ত
৩৩লোক জনশক্তি পাৰ্টিLJNSPপঞ্জীভূক্ত
৩৪নেচনেল লোকতান্ত্ৰিক পাৰ্টিNLPপঞ্জীভূক্ত
৩৫ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (এ)RPI(A)পঞ্জীভূক্ত
৩৬সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়)SJP(R)পঞ্জীভূক্ত
৩৭তেলেংগানা ৰাষ্ট্ৰীয় সমিতিTRSপঞ্জীভূক্ত
৩৮নিৰ্দলীয়INDIND
মুঠ৫৪৩
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Archived copy". Archived from the original on 27 July 2018. https://web.archive.org/web/20180727220231/http://eci.nic.in/archive/GE2004/pollupd/pc/GE_NatSnapshot.htm আহৰণ কৰা হৈছে: 16 January 2019.
  2. "STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSABHA". Election Commission of india. https://eci.gov.in/statistical-report/statistical-reports/ আহৰণ কৰা হৈছে: 28 November 2020.