সৎনামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(🏳 সৎনামীৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডনৰ মতে সৎৰ অৰ্থ-আত্মা (চেতনা), এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নামক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এইয়ে যে সেই মনুষ‍্য,যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰৱেশ কৰা সকলক সৎনামী বুলি কোৱা হয়|[1] গুৰু ঘাসীদাস বাবাই সৎনাম ধৰ্ম প্ৰচাৰ কৰিছিল। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ছত্তীছগঢ়গিৰৌদপুৰীত তেখেতৰ জন্ম হৈছিল। তেখেতৰ আগতে ১৫৪৩ খ্ৰীষ্টাব্দত বীৰভানে সৎনামী জাতিক নেতৃত্ব দিছিল। ১৬৭২ চনত সৎনামী সকলে পঞ্জাবনাৰনলত মোগল সম্ৰাট ঔৰংজেৱৰ লগত যুদ্ধ কৰিছিল।[2]

ভাৰতছত্তীছগঢ়, পঞ্জাব, হাৰিয়ানা, দিল্লী, উৰিষ‍্যা, অসম আদি ৰাজ‍্যত সৎনামী লোক বসবাস কৰি আছে। সৎনামীসকল হৈছে অসমৰ এটা উল্লেখযোগ‍্য জাতি।[3] তেওঁলোক প্ৰধানকৈ কৃষিজীৱী। কিছু সংখ‍্যক লোকে ব‍্যৱসায়-বাণিজ্য, চাকৰি আদিত নিয়োজিত হৈ আছে। তেওঁলোকে এজনে আনজনক দেখাৰ লগে লগে জয় সৎনাম, সৎনাম, চাহেব সৎনাম বুলি অভিবাদন জনায়। সৎনামী সকল সৎ, অহিংসা নীতিৰ অধিকাৰী। সৎনাম ধৰ্মাৱলম্বী লোকসকলক সৎনামী বুলি কোৱা হয়।

ইতিহাস[সম্পাদনা কৰক]

গুৰু ঘাসীদাস বাবাৰ দ্বিতীয় পুত্ৰ গুৰু বালকদাসক ব্ৰিটিছ চৰকাৰে তেওঁৰ একতা আৰু সমৰসতাৰ আন্দোলনত প্ৰভাৱিত হৈ ১৮২৮ চনত ৰজা উপাধি প্ৰদান কৰিছিল আৰু এটা হাতী উপহাৰ স্বৰূপে দিয়াৰ লগতে অংগৰক্ষক ৰখাৰ অনুমতিও দিছিল। তদুপৰি মোগল সম্ৰাট ঔৰংজেৱৰ লগত সৎনামী সকলৰ ১৬৭২ চনত পঞ্জাবনাৰনলত হোৱা যুদ্ধ‌ও উল্লেখনীয়। যাক সৎনামী বিদ্ৰোহ হিচাপে জনা যায়।[4] নাৰনলৰ এক শস্য ভঁৰাল পহৰাত মোগল পদাতিক সৈন্যই এজন সৎনামী কৃষকক মূৰত আঘাত কৰাৰ ঘটনাক তৎকালীন কাৰণৰূপে লৈ সৎনামী বিদ্ৰোহ আৰম্ভ হৈছিল। ঔৰংজেৱে এক শক্তিশালী গোলন্দাজ বাহিনী সহ ১০,০০০ সৈন‍্যৰ এক শক্তিশালী সৈন‍্যদল প্ৰেৰণ কৰি অনভিজ্ঞ যোদ্ধা সৎনামীসকলক পৰাস্ত কৰিছিল আৰু হত্যাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পূৰ্বে সৎনামীসকল ঔৰংজেৱৰ লগত হোৱা যুদ্ধত তিনিবাৰ বিজয়ী হৈছিল। কিন্তু চতুৰ্থবাৰৰ বাবে হোৱা এই যুদ্ধত নিপুণ নোহোৱা হেতুকে ২০০০ সৎনামী বিদ্ৰোহী নিহত হৈছিল। অন্তত সৎনামীসকল প্ৰাণ ৰক্ষাৰ কাৰণে পঞ্জাবৰ ঢুকি নোপোৱা ভিতৰুৱা অঞ্চলৰ লগতে ছত্তীছগঢ়, উৰিষ্যা, উত্তৰপ্ৰদেশ আৰু অসমলৈ পলায়ন কৰিছিল।[5] অসমত ১৯১৩ চনত জন্মগ্ৰহণ কৰা মিনীমাতাৰ অৱদানো লেখত ল'বলগীয়া। তেখেত অসমৰ পৰা গুৰু আগমদাসৰ লগত বিবাহ সূত্ৰে ছত্তীছগঢ়লৈ যায় আৰু গুৰুমাতাৰ পদত অধিষ্ঠিত হৈ গিৰৌদপুৰৰ ৰাজপাট শোভাবৰ্ধন কৰিছিল। তেওঁ ছত্তীছগঢ়ৰ পৰা একেৰাহে ১৯৫২-১৯৭২ চনলৈকে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল।[6] বৰ্তমান ছত্তীছগঢ় চৰকাৰে তেখেতৰ স্মৃতিত অসমমিনীমাতা ভৱন নিৰ্মাণৰ কাৰণে পুঁজি আৱণ্টন কৰিছে। গিৰৌদপুৰীত বিশ্বৰ ভিতৰত ওখ ২৪৩ ফুট উচ্চতাৰে নিৰ্মাণ হোৱা জৈতখাম (জয় স্তম্ভ) সৎনামী সকলৰ বাবে অতিকৈ গৌৰৱৰ বিষয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ স্বৰ্গীয় গুহা মহন্ত(সৎনামী) আৰু স্বৰ্গীয় সুধাৰাম সৎনামীৰ লগতে অসমৰ কেইবাগৰাকী ব‍্যক্তিৰ অৱদানো উল্লেখনীয়|[7] অসমত হোৱা ১৯৪২ ৰ আন্দোলনৰ সৎনামী সমাজৰ মুক্তিযোদ্ধা শ্ৰদ্ধাৰ চৰন বনজাৰে আৰু বগাই বনজাৰেৰ নাম লেখত ল'বলগীয়া।[8]

অসম আগমন[সম্পাদনা কৰক]

যেতিয়া আৰ্যসকল সিন্ধু নদীৰ পাৰত অনাৰ্যৰ লগত যুদ্ধ কৰিছিল তেতিয়াই উত্তৰ ভাগে আৰু ভূমধ্য সাগৰ পাৰ হৈ অসমত সৎনামী সকল প্ৰৱেশ কৰিছিল বুলি জনা যায়। বুৰঞ্জীবিদ সত‍্যেন বৰকটকীৰ মতে - "খ্ৰীষ্টপূৰ্ব দুহেজাৰ চনৰ সময়ৰ পৰা চীন দেশৰ হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰৱাহ চলি আছিল। এই মংগোল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰিত হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসীসকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে। অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ - পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। অসমৰ কেতবোৰ জাতি - জনজাতি যেনে - কেওঁট, সৎনামী, চাওঁতাল, কুকি, মণিপুৰী, কছাৰী, মেঘালয়খাচী, জয়ন্তীয়া আৰু অৰুণাচল প্ৰদেশৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ কিছু মিল দেখা যায়। পণ্ডিতসকলৰ মতে, অষ্ট্ৰিকসকল হয়তো অসমৰ মাজেদি আহি উত্তৰ বংগ বা নেপাল আদি ঠাইলৈ গৈছিল নাইবা তেওঁলোকৰ ভালেমান লোক ইয়াতে ৰৈ গৈছিল আৰু পাছত মংগোলীয় সকল আহি অসম সোমোৱাত তেওঁলোকৰ সৈতে এই লোকসকল মিলি গৈছিল আৰু এতিয়া তেওঁলোকৰ মংগোলীয় লক্ষণেই বেছি। অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ভাবিবৰ থল আছে আৰু সেয়েহে তেওঁলোক অসমৰ মূল অধিবাসী। "[9] ইয়াৰপৰা জানিব পাৰি যে সৎনামীসকল তেতিয়াই অসমলৈ আহিছিল আৰু অষ্ট্ৰিক প্ৰজাতিৰ লগত তেওঁলোকৰ মিল আছে। তেওঁলোক অসমৰ মূল অধিবাসী। আনহাতে ১৬৭২ - ১৯০০ চনৰ ভিতৰত পৰ্যায়ক্ৰমে এই লোকসকলৰ আগমন ঘটিছিল বুলি জানিব পাৰি। কিছু লোক মোগলৰ লগত আৰু কিছু লোক ইংৰাজৰ লগত আহে। ইয়াৰোপৰি 'সতনাম সাৰ' গ্ৰন্থত উল্লেখ থকা মতে মোগল সম্ৰাট ঔৰংজেৱৰ লগত হোৱা যুদ্ধত পৰাস্ত হৈ সৎনামীসকল পলায়ন কৰি বিভিন্ন ৰাজ‍্যলৈ গৈছিল আৰু ইয়াৰে কিছু লোক অসমলৈ আহে। অসমৰ চাহ বাগানত কাম কৰাৰ উদ্দেশ্যে আৰকাটিয়া আৰু গিৰমিটীয়া প্ৰথাৰে মধ‍্যপ্ৰদেশ,বিহাৰ, উৰিষ‍্যা, উত্তৰপ্ৰদেশ আদি ঠাইৰ পৰা বহুতো লোক বনুৱা হিচাপে আহে। তেওঁলোকৰ লগত সৎনামী সকলেও অসমলৈ আহিছিল আৰু পিছলৈ বাগানৰ কাম এৰি গাওঁ পাতি নিগাজিকৈ বসবাস কৰিবলৈ লয়। সৎনামীসকল অসমলৈ অহাৰ সন্দৰ্ভত এনে বিভিন্ন মতবাদ আছে। বৰ্তমান অসমৰ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট,গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ওদালগুৰি, নগাঁও, কাৰ্বি আংলং, হোজাই, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, বাক্সা আদি বিভিন্ন জিলাত লাখৰো অধিক সৎনামী লোক বসবাস কৰি আছে।

ধৰ্ম[সম্পাদনা কৰক]

সৎনাম ধৰ্মৰ প্ৰতীক জৈতখাম (জয়স্তম্ভ)ৰ ফটো

সৎনামীসকলে সৎনাম ধৰ্ম পালন কৰে। পৃথিৱীৰ অন্যান্য জনগোষ্ঠীৰ দৰেই সৎনামী সকলৰো স্বকীয় বৈশিষ্ট্য, ভাষা, কৃষ্টি, সংস্কৃতি, নৃত্য, গীত, সামাজিক ৰীতি-নীতি,পিন্ধন-উৰণ,আ-অলংকাৰ আদি আছে। তেওঁলোকে একেশ্বৰবাদত বিশ্বাস কৰে আৰু সত‍্যক মানি চলে। সৎনাম ধৰ্মত কোনো মূৰ্তি পূজা নাই। তেওঁলোকৰ ধৰ্মৰ প্ৰতীক হৈছে জৈতখাম (জয় স্তম্ভ)। জৈতখামত বগা ৰঙৰ পতাকা থাকে। ২১ হাত দীঘল আৰু ৩টা হুকযুক্ত এই জৈতখামত ৫ হাত দীঘল বাঁহ বা ৰোল মাৰিত পতাকাখন লগোৱা থাকে।[10]

সাজপাৰ[সম্পাদনা কৰক]

সৎনামীসকলে বগা বস্ত্ৰ পৰিধান কৰে। পুৰুষসকলে মূৰত পাগুৰি মাৰে। মহিলা সকলে জাতীয় আ-অলংকাৰ যেনে- বালা, বহুটা, নাঙমৰি, চিকি, সূতা, পায়েল আদি পৰিধান কৰে।

ভাষা[সম্পাদনা কৰক]

সৎনামীসকলে মূলতঃ ছত্তীছগঢ়ী ভাষা (প্ৰাচীন হিন্দী) কয়। ৰাজ‍্যভেদে জন্মগত প্ৰভাৱত পৰি স্থানীয় ভাষাৰ সংমিশ্ৰণ ঘটাও দেখা যায়।

সংস্কৃতি[সম্পাদনা কৰক]

সৎনামীসকলে পন্থী, কৰমা, চোৱা, দদৰীয়া আদি গীত আৰু নৃত্য প্ৰদৰ্শন কৰে। যিকোনো সামাজিক কাম কৰাৰ আগতে পন্থী গীতআৰতি-মংগল কৰে। প্ৰতি বছৰে গুৰুজনাৰ পৱিত্ৰ জন্মদিন ১৮ ডিচেম্বৰ তাৰিখটো সৎনামী সকলে গুৰু জয়ন্তী উৎসৱ হিচাপে পালন কৰে। আৰ্য সনাতন ধৰ্মৰ প্ৰভাৱত পৰি তেওঁলোকে দিপাৱলীৰ পিছদিনা গোবৰধন পূজা পাতে আৰু ফাকুৱা উৎসৱ পালন কৰে।

লগতে চাওক[সম্পাদনা কৰক]

সহায়ক গ্ৰন্থপুঞ্জী[সম্পাদনা কৰক]

  1. ভাৰত বুৰঞ্জী
  2. ১৯২৬ চনত ছতীশগঢ়ত অনুষ্ঠিত সৎনামী মহাসভাৰ প্ৰতিবেদন।
  3. চাহ জনগোষ্ঠীৰ জাতি-উপজাতি:গ্ৰন্থ[প্ৰকাশক:অসম চাহ জনগোষ্ঠী সাহিত্য সভা|সম্পাদক:নকুল কুৰ্মী][লেখক:দীপচান্দ সৎনামী] পৃষ্ঠা:৪৪৫-৪৬৩

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. দাদুৰাম বনজাৰে (২০০৯). জাগৃতি. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ১৮-২৫,৪৯,৫০. 
  2. ধীৰপাল সৎনামী (২০১৫). পোহৰ. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ১. 
  3. গৌতম বৰা (২০১৫). মনপুৰ মৌচন্দা. প্ৰকাশক পণ্ডিত আত্মাৰাম শৰ্মা সমন্বয় ক্ষেত্ৰ, কলিয়াবৰ: অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম কলিয়াবৰ অধিৱেশনৰ আদৰণি সমিতি. পৃষ্ঠা. ১১১. 
  4. ড॰ তচদ্দুক আমানুল হুছেইন. ভাৰতবৰ্ষৰ ইতিহাস. পৃষ্ঠা. ২৭১,২৭২. 
  5. ডাঃ বি.পি.বঘেল (২০১৯). सतनाम सार. লেখক. পৃষ্ঠা. ৩১,৩২. 
  6. দাদুৰাম সৎনামী (২০১৭). मिनीमाता की जीवन चरित और कीर्ति. লেখক. পৃষ্ঠা. ১৪. 
  7. নৰেন্দ্ৰনাথ বৰা (১৯৯৯). ভাৰতৰ স্বাধীনতা সংগ্ৰামত কলিয়াবৰৰ ভূমিকা. কলিয়াবৰ মুক্তি যুঁজাৰু সন্মিলন. পৃষ্ঠা. ৪৯. 
  8. দাদুৰাম সৎনামী (২০১৫). পোহৰ. সদৌ অসম সৎনামী সাহিত্য প্ৰকাশন সমিতি. পৃষ্ঠা. ৫. 
  9. "অসমীয়া জাতি". wikipedia.org. https://as.m.wikipedia.org/wiki/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A6%BF। আহৰণ কৰা হৈছে: ৬ ফেব্ৰুৱাৰী ২০২০. 
  10. দাদুৰাম সৎনামী(সংগ্ৰহ কৰা হৈছে)

বাহ‍্যিক সংযোগ[সম্পাদনা কৰক]