ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
নৱম বৰ্ষ | জানুৱাৰী | ২০২০ | প্ৰথম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
২০১৯ চনৰ ১১-১৩ অক্টোবৰত পুনেত CIS-A2Kয়ে গোখালে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকন’মিক্সৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে সৈতে সৰ্বভাৰতীয় পৰ্যায়ৰ এখন ৱিকিউৎস কৰ্মশালাৰ আয়োজন কৰিছিল। এই কৰ্মশালাত ভাৰতৰ বিভিন্ন ভাষাৰ ৱিকিউৎসৰ পৰা মুঠ ২১ জন শিকাৰু আৰু ৭জন সমল ব্যক্তিয়ে অংশগ্ৰহণকাৰী কৰিছিল। অসমীয়া ৱিকিউৎসৰ হৈ মই এই কৰ্মশালাত যোগ দিছিলোঁ। অভিজ্ঞ ব্যৱহাৰকাৰীসকলক প্ৰশিক্ষণ দি ৱিকিউৎসত উন্নত মানদণ্ডৰ সমল সৃষ্টি কৰাই কৰ্মশালাখনৰ মূল উদ্দেশ্য আছিল। ইয়াৰ লগতে বিশ্বৰ আগশাৰীৰ ৱিকিউৎসৰ প্ৰসংগ উল্লেখ কৰি ভাৰতীয় ভাষাৰ ৱিকিউৎসই ভৱিষ্যতে ল’বলগীয়া পন্থাৰ বিষয়ে এলানি আলোচনা অনুষ্ঠিত হয়।
  • প্ৰথম দিন

ৱিকিউৎসত উন্নত মানদণ্ডৰ সমল সৃষ্টিৰ বাবে ব্যৱহৃত বিভিন্ন সঁজুলিৰ বিষয়ে CIS-A2Kৰ তৰফৰ পৰা জয়ন্ত দাসে শিকাৰুসকলক সম্যক ধাৰণা দিয়ে। তাৰ পাছত অংশগ্ৰহণকাৰী সকলৰ মাজত সম্পাদনাৰ মাৰাথন চলে। তামিল ৱিকিউৎসত স্বেচ্ছাসেৱক সকলে কেইটামান সঁজুলিৰ সৃষ্টি কৰিছে। তাৰে কেইটামান সঁজুলি অসমীয়া ৱিকিউৎসত যোগ দিয়াৰ বাবে মই পোষকতা কৰোঁ।

  • দ্বিতীয় দিন

ৱিকিউৎসৰ সমল সমূহ শ্ৰেণীকৰণ কৰাৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়। এই আলোচনাত সমল ব্যক্তি হিচাপে গোখালে ইনষ্টিটিউট অফ পলিটিক্স এণ্ড ইকন’মিক্সৰ লাইব্ৰেৰিয়ান গৰাকীয়ে অংশগ্ৰহণ কৰিছিল। বিশ্বৰ পুথিভঁৰাল সমূহত গ্ৰন্থসমূহৰ শ্ৰেণীকৰণৰ বাবে ব্যৱহৃত হোৱা বিভিন্ন পদ্ধতিসমূহৰ বিষয়ত তেওঁ বক্তব্য দাঙি ধৰে। ভাৰতীয় ভাষাৰ সকলো ৱিকিউৎসত সমল সমূহৰ শ্ৰেণীকৰণৰ বাবে এটা নিৰ্দিষ্ট পদ্ধতি গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত লোৱা হয়। মধ্যান্ত বিৰতি ৰ অন্তত ৱিকিউৎস আৰু আন আন ভগ্নী প্ৰকল্পসমূহৰ লগত ৱিকিডেটাৰ সম্পৰ্কৰ বিষয়ে CIS-A2Kৰহৈ টিটু দত্ত আৰু সতদ্বীপ গিলে বক্তব্য আগবঢ়ায়।

  • তৃতীয় দিন

উক্ত দিনটোত কিতাপ স্কেনিংৰ কৰ্মশালা অনুষ্ঠানত অ’মশিৱপ্ৰকাশ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সহায় কৰে মাৰাঠী ৱিকিউৎসৰ কেইগৰাকীমান স্বেচ্ছাসেৱকে। তেখেতে OCRৰ বাবে Google OCRৰ সলনি Tesseract আৰু Viet OCR নামৰ দুটা অপেন চ’ৰ্ছ ছফ্টৱেৰ’ৰ পোষকতা কৰে। (বিতং তথ্য) এই ছফ্টৱেৰৰ যোগেদি অনায়সে ভাৰতৰ প্ৰায়বিলাক ভাষাৰ OCR কৰিব পাৰি। (Viet OCR ডাউনল’ড কৰক) লগতে CIS-A2Kৰ তৰফৰ পৰা বিভিন্ন ভাষাৰ ৱিকিউৎসক প্ৰয়োজন অনুসাৰী একোটাকৈ স্কেনাৰ যোগান দিয়াৰ কথা জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও অনুষ্ঠানত নিম্নোক্ত কিছুমান কথাৰ সিদ্ধান্ত লোৱা হয়:

  • স্থানীয় পৰ্যায়ত ৱিকিউৎসৰ এডভান্স ট্ৰেইনিং প্ৰগ্ৰাম
  • প্ৰত্যেক ৱিকিউৎসৰ তৰফৰ পৰা এজনকৈ OTRS agent
  • স্কেনাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি CIS-A2Kক proposal আগবঢ়োৱা
  • Unverified text সমূহৰ বিলোপন কৰা

এটা কথা মোৰ কথা চকুত পৰিছিল যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে অনুষ্ঠানত বাকী ৱিকিৰ তুলনাত খুব কম সংখ্যক অসমীয়া সদস্যইহে অংশগ্ৰহণ কৰে। ভৱিষ্যতে এনে অনুষ্ঠানত অসমীয়া ৱিকিৰ পৰা অধিক সদস্যই যোগদান কৰা উচিত। বিভিন্ন ভাষাৰ ৱিকিৰ সদস্য সকলৰ লগত এনেকুৱা ধৰণৰ কৰ্মশালাত যোগদান কৰি সদস্যসকল নানান অভিজ্ঞতাৰে পৰিপুষ্ট হ’ব বুলি মোৰ দৃঢ় বিশ্বাস।

- অনিমেষ বৰা
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
পেৰাথাইৰইড গ্ৰন্থি


পেৰাথাইৰইড গ্ৰন্থি (Parathyroid glands) মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে। তেজত কেল্‌চিয়ামৰ পৰিমাণ কম হ'লে এই গ্ৰন্থিয়ে পেৰাথাইৰইড হৰম'ন নিঃসৰণ কৰি তেজ আৰু হাড়ত কেল্‌চিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

পেৰাথাইৰইড গ্ৰন্থিৰ তেজৰ যোগান, সিৰাৰ পৰিবাহ আৰু লসিকা পৰিবাহ থাইৰইড গ্ৰন্থিৰ সৈতে একেই। বিকাশৰ সময়ত ভ্ৰূণীয় কলাৰ চলাচলৰ বাবে ঊৰ্দ্ধ আৰু নিম্ন গ্ৰন্থিৰ স্থানৰ পৰিৱৰ্তন হ'ব পাৰে।

হাইপাৰপেৰাথাইৰইডিজম আৰু হাইপ'পেৰাথাইৰইডিজম ৰোগত পেৰাথাইৰইড হৰম'ন বাঢ়ি বা কমি তেজৰ কেল্‌চিয়ামৰ তাৰতম্য ঘটাৰ লগতে হাড়ৰো পৰিৱৰ্তন হয়।

পেৰাথাইৰইড গ্ৰন্থিৰ মূল কাৰ্য হৈছে দেহত কেল্‌চিয়াম আৰু ফছ্‌ফেটৰ মাত্ৰা অতি কম পৰিসৰত ঠিক কৰি ৰখা যাতে স্নায়ু আৰু পেশী তন্ত্ৰই ভালদাৰে কাম কৰিব পাৰে। পেৰাথাইৰইড গ্ৰন্থিৰ পৰা ওলোৱা পেৰাথাইৰইড হৰম'নে (PTH) এই কাৰ্য সমাধা কৰে।

বিতংকৈ পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ডিচেম্বৰ-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. নাগাৰা
  2. গাভৰু চাং
  3. দেৱদাস
  4. পেৰাথাইৰইড গ্ৰন্থি
  5. ‎পালাকল্লু
  6. আধুনিকতাবাদ
  7. ‎কুতুব আহমেদ মজুমদাৰ
  8. ‎ছফ্টৱেৰ
  9. ‎সদৌ টাই আহোম ছাত্ৰ সন্থা
  10. আচৰণ
  11. ‎মনোমতী (চলচ্চিত্ৰ)
  12. ‎দ্য টেল অফ গেঞ্জি
  13. ‎নাৰায়ণদেৱ
  14. ৰাষ্ট্ৰীয় গণিত দিৱস (ভাৰত)
  15. বিষ
  16. চাইকেল
  17. মুনিবা মাজাৰি
  18. ‎গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকা
  19. ‎সনন্ত তাঁতি
  20. পথেৰ পাঁচালী
  21. ‎মোহন দাস
  22. ‎অনিল অধিকাৰী
  23. উদয় শংকৰ
  24. যতিন মিপুন
  25. নিধি লেভি ফাৰৱেল
  26. সাগৰ
  27. একুশে পদক
  28. কপালকুণ্ডলা
  29. গান্ধীনগৰ
  30. শৰীৰ মনোবিজ্ঞান
  31. ছাইমন কমিশ্যন
  32. মুদ্ৰাস্ফীতি
  33. ‎খুন্দনা
  34. ‎জাতিসংঘ
  35. চৰকাৰ
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
চানডুবি বিল অসমকামৰূপ জিলাৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল।
আলোকচিত্ৰশিল্পী: ঈশান জ্যোতি বৰা
পদক সম্পাদনা কৰক
{{}}
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৬,১৬২ টালৈ বৃদ্ধি পালে।
  • ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ বাবে চলি আছে ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০। বৰ্তমানলৈকে এই মেলাৰ জড়িয়তে অসমীয়া ৱিকিপিডিয়াত ১৫৪ টা প্ৰবন্ধ সৃষ্টি কৰা হৈছে আৰু ৭ টা প্ৰবন্ধ বিস্তাৰ কৰা হৈছে। অসমীয়া ভাষাৰ প্ৰবন্ধ সৃষ্টি বা বিস্তাৰত আপুনিও সহযোগ কৰক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। সময়সীমা: ১০ অক্টোবৰ, ২০১৯ - ১০ জানুৱাৰী, ২০২০
  • ৱিকিকমন্স আৰু অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ২২৩ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত নৱেম্বৰ, ২০১৯ মাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

নবীনচন্দ্ৰ বৰদলৈ

আনন্দচন্দ্ৰ আগৰৱালা


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।