কথাকলি
কথাকলি নৃত্য (ইংৰাজী: Kathakali Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ জন্মস্থান কেৰালা। ‘কথা’ বা ‘কথ’ শব্দৰ অৰ্থ কাহিনী; আৰু ‘কলি’ শব্দৰ অৰ্থ অভিনয়। সামগ্ৰিকভাৱে কথাকলি শব্দৰ অভিধানিক অৰ্থ অভিনয় বা নাটক। এই নৃত্যৰ উদ্ভৱ হয় সপ্তদশ শতিকাত। তৎকালীন কেৰালাৰ কোট্টাৰাক্কাৰাৰ ৰজা কেৰল বৰ্মাই কাষৰীয়া ছামুৰি ৰাজ্যত প্ৰচলিত ‘কৃষ্ণনাট্যম’ নৃত্য প্ৰদৰ্শনৰ বাবে সেই নৃত্যৰ প্ৰতিষ্ঠাতা ছামুৰিৰাজ মানবেদ ৰাজক নিমন্ত্ৰণ কৰিছিল। কিন্ত্ত সমগ্ৰ দক্ষিণ ভাৰততে তেওঁৰ নৃত্যৰ মূল বুজা লোক নাই বুলি ছামুৰিৰাজে কেৰল বৰ্মাৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰে। ইয়াতে অপমানিত হৈ কেৰল বৰ্মাই নিজাকৈ ‘ৰামঅট্যম’ নামেৰে এক নৃত্যৰ প্ৰচলন কৰে। ঘাইকৈ শ্ৰীৰামচন্দ্ৰৰ চৰিত্ৰক লৈ ৰচিত ৰামঅট্যমৰ মূল বিষয়বস্ত্ত ৰামায়ণ, শিৱ পুৰাণ, ভাগৱত আদিৰপৰা আহৰণ কৰা হৈছিল। কোট্টাৰাক্কাৰাৰ ৰজা কেৰল বৰ্মাকেই কথাকলি নৃত্যৰ প্ৰবৰ্তকৰূপে আখ্যা দিয়া হয়। ১৫৭৫ চনৰপৰা ১৬৫০ চনলৈ ৰাজত্ব কৰা এইজন ৰজা কথাকলি নৃত্যৰ একনিষ্ঠ পৃষ্ঠপোষক আছিল। তেওঁৰ পৰৱৰ্তী ৰজাসকলে এই নৃত্যৰ অধিক উন্নতি আৰু সংস্কাৰ সাধন কৰে। কালক্ৰমত সময়ৰ পাৰে-ঘাটে সাজ সলাই ‘ৰামঅট্যমে’ই কথাকলি ৰূপে প্ৰসিদ্ধি আৰু বিকাশ লাভ কৰে। কথাকলি নৃত্য এক মূক অভিনয়। নৃত্যশিল্পী সকলে গীত নাগায় আৰু কথাও নকয়। মঞ্চৰ আঁৰত থকা গায়কে গীতৰ জৰিয়তে ঘণ্টা আৰু কৰতাল সংগত কৰি কাহিনী বিবৃত কৰে। নৃত্যশিল্পীয়ে সংলাপৰ সলনি নানান অংগি-ভংগি আৰু মুখভংগিমাৰ দ্বাৰাই মনৰ ভাব প্ৰকাশ কৰে। চৌষষ্ঠি প্ৰকাৰ হস্ত সঞ্চালন ৰীতি কথাকলি নৃত্যত প্ৰচলিত। এই নৃত্যত চকুৰ পতা আৰু ভ্ৰূৰ দ্ৰুত সঞ্চালন অতি সূক্ষ্ম আৰু অৰ্থপূৰ্ণ। এই নৃত্যৰ সাজসজ্জাত ৰঙা, সেউজীয়া, হালধীয়া, ক’লা আৰু বগা ৰঙৰ পোছাকৰ অধিক প্ৰচলন দেখা যায়। বিভিন্ন শ্ৰেণীৰ নৃত্যশিল্পীৰ বাবে বিভিন্ন ধৰণৰ ৰূপসজ্জা ব্যৱহৃত হয়। পুৰুষ চৰিত্ৰতকৈ নাৰী চৰিত্ৰৰ সাজসজ্জা আপেক্ষাকৃত ভাৱে সৰল।[1]
ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কথাকলি নৃত্যশিল্পী:
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ:
[সম্পাদনা কৰক]- ↑ সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, শান্তনু কৌশিক বৰুৱা. পষ্ঠা নং -?