সমললৈ যাওক

গোৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোৱা
ভাৰতত গোৱাৰ অৱস্থান
ভাৰতত গোৱাৰ অৱস্থান
গোৱাৰ মানচিত্ৰ
গোৱাৰ মানচিত্ৰ
দেশ  ভাৰত
স্থাপিত ১৯৮৭
ৰাজধানী পানাজি
বৃহত্তম নগৰ ভাস্ক' ডা গামা
জিলা
চৰকাৰ
 • ৰাজ্যপাল মৃদুলা শিনহা
 • মুখ্যমন্ত্ৰী মনোহৰ পৰিকৰ (ভাজপা)
 • বিধানসভা এখন (৪০খন আসন)
 • লোকসভাৰ সমষ্টি
 • উচ্চ ন্যায়ালয় ব'ম্বে উচ্চ ন্যায়ালয়- গোৱা পীঠ
কালি
 • মুঠ
3,702 km2 (1,429 sq mi)
 • স্থান 28th
জনসংখ্যা
 (২০১১)
 • মুঠ
14,57,723
 • স্থান 25th
 • ঘনত্ব 390/km2 (1,000/sq mi)
^* কোংকণী একমাত্ৰ চৰকাৰী ভাষা কিন্তু চৰকাৰী কাম-কাজত মাৰাঠীও ব্যৱহাৰৰ অনুমতি দিয়া হয়।[1][2][3]

গোৱা মাটিকালিত হিচাপত ভাৰতৰ সকলোতকৈ সৰু ৰাজ্য আৰু জনসংখ্যাৰ হিচাপত চতুৰ্থ সৰু ৰাজ্য। ভাৰতৰ পশ্চিম অংশত কোংকণ নামৰ অঞ্চলত অৱস্থিত গোৱাক উত্তৰে মহাৰাষ্ট্ৰ, পূব আৰু দক্ষিণে কৰ্ণাটক আৰু পশ্চিমে আৰৱ সাগৰে আগুৰি আছে। গোৱা ভাৰতৰ সকলোতকৈ ধনী ৰাজ্য আৰু ইয়াৰ গড় GDP ৰাষ্ট্ৰীয় মানকতকৈ আঢ়ৈগুণ বেছি।[4] একাদশ অৰ্থনৈতিক আয়োগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইয়াক সৰ্বোচ্চ স্থান দিছিল আৰু জনসংখ্যাক ৰাষ্ট্ৰীয় আয়োগে বাৰটা সূচকক ভিত্তি কৰি ইয়াক জীৱনৰ মানৰ বাবে শ্ৰেষ্ঠ স্থান দিছিল।[4]

পানাজি গোৱাৰ ৰাজধানী, আৰু ভাস্ক' ডা গামা বৃহত্তম নগৰ। ১৬শ শতিকাত বেপাৰী হিচাপে গোৱালৈ আহি পিছলৈ ইয়াক জয় কৰা পৰ্তুগীজসকলৰ সাংস্কৃতিক প্ৰভাৱ ঐতিহাসিক নগৰ মাৰগাওত দেখিবলৈ পোৱা যায়। গোৱা পূৰ্বতে পৰ্তুগীজ উপনিবেশ আছিল; প্ৰায় ৪৫০ বছৰ বৰ্তি থকা এই অঞ্চলক ১৯৬১ চনত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[5][6]

বালিচৰ, উপাসনাৰ স্থান আৰু বিশ্ব ঐতিহ্য স্থানৰ বাবে জনাজাত গোৱালৈ বছৰি বৃহৎ সংখ্যক দেশী-বিদেশী পৰ্যটকৰ আগমণ হয়। জৈৱবৈচিত্ৰৰ স্থান পশ্চিম ঘাটত অৱস্থিত বাবে গোৱাত নানা জীৱ-জন্তু আৰু উদ্ভিদ দেখিবলৈ পোৱা যায়।

শব্দৰ উৎপত্তি

[সম্পাদনা কৰক]

প্ৰাচীন শাস্ত্ৰসমূহত গোৱাক বহু নামৰে জনা গৈছিল; যেনে গোমণ্ট, গোমঞ্চলা, গোপাকপট্টম, গোপকপুৰী, গোৱাপুৰী, গোৱেম, আৰু গোমণ্টক[7] ভাৰতীয় মহাকাব্য মহাভাৰতত গোৱাৰ অঞ্চলটোক গোপৰাষ্ট্ৰ বা গোৱাৰাষ্ট্ৰ, বোলা হৈছে যাৰ অৰ্থ "গৰুপালকৰ ৰাজ্য"। গোপকপুৰী বা গোপাকপট্টনম নামকেইটা কিছুমান প্ৰাচীন সংস্কৃত কাব্যত ব্যৱহাৰ কৰা হৈছে। হিন্দু শাস্ত্ৰ হৰিবংশ আৰু স্কন্দ পুৰাণতো এই নামবোৰ আছে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত গোৱাক অপৰান্থ নামেৰে জনা গৈছিল গ্ৰীক ভূগোলবিদ টেলেমীয়ে ইয়াৰ উল্লেখ কৰি গৈছে। ১৩শ শতিকাত গ্ৰীকসকলে ইয়াক নেলকিন্দ বুলি কৈছিল। গোৱাৰ আন আন ঐতিহাসিক নামসমূহ হৈছে ছিন্দপুৰ, ছন্দাবুৰ, আৰু মহাচপট্টম[8]

উদ্ধৃতি

[সম্পাদনা কৰক]
  1. "Goa". Commissioner Linguistic Minorities, 42nd Report, July 2003 to June 2004. National Commissioner Linguistic Minorities. Archived from the original on 8 October 2007. https://web.archive.org/web/20071008113359/http://nclm.nic.in/shared/linkimages/35.htm। আহৰণ কৰা হৈছে: 17 July 2007. "Konkani is the only official language of the state. There actually is no second official language. However, as per notification, Marathi will be used for the purpose of reply by the Government whenever communications are received in that language." 
  2. UNI (30 May 2007). "Marathi vs Konkani debate continues in Goa". rediff.com (Rediff.com India Limited). http://www.rediff.com/news/2007/may/30goa.htm। আহৰণ কৰা হৈছে: 17 July 2007. 
  3. Government of Goa. "About Goa". goa.gov.in. Goa Government. http://www.goa.gov.in/knowgoa/aboutgoa.html. "At present, Marathi and Konkani are two major languages of Goa." 
  4. 4.0 4.1 Reports of the finance commissions of India: First Finance Commission to the Twelfth Finance Commission : the complete report. India. Finance Commission. Academic Foundation. 2005. পৃষ্ঠা. 268. ISBN 81-7188-474-1. 
  5. "Liberation of Goa". Government Polytechnic, Panaji. http://gpp.nic.in/Liberation.html। আহৰণ কৰা হৈছে: 17 July 2007. 
  6. Pillarisetti, Jagan. "The Liberation of Goa: an Overview". The Liberation of Goa:1961. bharat-rakshak.com. Archived from the original on 9 August 2007. https://web.archive.org/web/20070809202539/http://www.bharat-rakshak.com/IAF/History/1960s/Goa01.html। আহৰণ কৰা হৈছে: 17 July 2007. 
  7. "Goa". National Informatics Centre(NIC). http://www.india.gov.in/knowindia/st_goa.php। আহৰণ কৰা হৈছে: 4 January 2009. 
  8. Sakshena 2003, পৃষ্ঠা 5

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]
  • Andrada (undated). The Life of Dom John de Castro: The Fourth Vice Roy of India. Jacinto Freire de Andrada. Translated into English by Peter Wyche. (1664). Henry Herrington, New Exchange, London. Facsimile edition (1994) AES Reprint, New Delhi. ISBN 81-206-0900-X.

বহিঃ সংযোগ

[সম্পাদনা কৰক]