মুক্তি প্ৰসাদ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুক্তি প্ৰসাদ গগৈ

মুক্তি প্ৰসাদ গগৈ
জন্ম ৪ নৱেম্বৰ, ১৯৩১[1]
মৃত্যু ২৪ এপ্ৰিল, ২০২১ (৮৯ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
পেচা চিকিৎসক, লেখক
গৃহস্থান মৰাণ, ডিব্ৰুগড় জিলা
পিতৃ-মাতৃ ত্ৰৈলোক্য নাথ গগৈ (পিতৃ)
জেউতৰা গগৈ (মাতৃ)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী বঁটা


মুক্তি প্ৰসাদ গগৈ (ইংৰাজী: Mukti Prasad Gogoi)অসমৰ এগৰাকী চিকিৎসক আৰু লেখক।[1] তেওঁ খাদ্যৰসিক হিচাপেও পৰিচিত আছিল। তেওঁৰ দ্বাৰা ৰচিত 'পান-ভোজন' অসমীয়া খাদ্যভ্যাস সম্পৰ্কীয় এখন গ্ৰন্থ।[2] ১৯৮৪ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মুক্তি প্ৰসাদ গগৈৰ জন্ম হয় কৰিমগঞ্জ জিলাৰ ৰাধাবাৰীত। তেওঁৰ পিতৃ ত্ৰৈলোক্য নাথ গগৈ সেনাবাহিনীত কৰ্মৰত আছিল আৰু মাতৃ জেউতৰা গগৈ আছিল এগৰাকী গৃহিণী। মৰাণ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা সাং কৰি তেওঁ ডিব্ৰুগড় চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ কলকাতাৰ ৰিপণ কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শাস্ত্ৰ অধ্যয়ণ কৰে। ১৯৫৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা শাস্ত্ৰৰ ডিগ্ৰী লাভ কৰে। ১৯৫৯ চনত তেওঁ obstetrics and gynaecology বিষয়ত ডিপ্লোমা গ্ৰহণ কৰে।[1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৬২ চনৰ ৫ নৱেম্বৰত গগৈয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ obstetrics and gynaecology বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে। ১৯৭৩ চনত তেওঁ বিভাগৰ মূৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ১৯৮৮ চনত অৱসৰ গ্ৰহণ কৰালৈকে এই দায়িত্বত থাকে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ একাধিক প্ৰযুক্তিগত উনীতকৰণৰ কৃতিত্ব তেওঁক দিয়া হয়। তেওঁ লণ্ডনৰ ৰয়েল একাডেমী অফ অবষ্টেট্ৰিচিয়ান এণ্ড গাইন'ক'লজী আৰু ভাৰতৰ নেশ্বনেল একাডেমী অব মেডিকেল ছায়েন্সৰো নিৰ্বাচিত সভ্য আছিল। তেওঁ ভাৰতৰ বহুকেইখন বিশ্ববিদ্যালয়ৰ চিকিৎসা শাস্ত্ৰ বিভাগৰ প্ৰশ্নকাকত প্ৰস্তুতি আৰু নীৰিক্ষকৰ দায়িত্বও পালন কৰিছিল।[1]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • শেষ নোহোৱা সপোনবোৰ আৰু অন্যান্য প্ৰবন্ধ
  • বগী বাইদেউৰ বিয়া
  • হিমালয়ত উঠা আৰু অন্যান্য প্ৰবন্ধ
  • পান-ভোজন

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]