উমাশ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমাশ্ৰী
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী
কাৰ্যকাল
২০ মে’ ২০১৩ – ১৫ মে’ ২০১৮
কানাড়া আৰু সংস্কৃতি মন্ত্ৰী
কাৰ্যকাল
২০ মে’ ২০১৩ – ১৫ মে’ ২০১৮
কৰ্ণাটক বিধানসভাৰ সদস্য
কাৰ্যকাল
১৭ মে’ ২০১৩ – ১৫ মে’ ২০১৮
ব্যক্তিগত তথ্য
জন্ম
উমাশ্ৰী

১০ মে', ১৯৫৭ (৬৬ বছৰ)
নোনাৱিনাকেৰে, ত্ৰিচুৰ, টুমকুৰ জিলা, কৰ্ণাটক
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
জীৱিকা Actor (1978-present)
Politician (-present)

উমাশ্ৰী (ইংৰাজী: Umashree; জন্ম: ১০ মে' ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। কোৱা হয় যে কানাড়া ভাষাত চাৰিশৰো অধিক চলচ্চিত্ৰত বিশেষকৈ কৌতুক চৰিত্ৰত অভিনয় কৰিছে। ২০০৮ চনত কানাড়া ছবি গুলাবী টকীজত গুলাবীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]

২০১৩ চনত উমাশ্ৰী কৰ্ণাটকৰ বিধানসভালৈ নিৰ্বাচিত হয়[2] আৰু সিদ্ধাৰমাইয়া চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ দায়িত্ব লয়।[3] তেওঁ বিশেষভাবে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ সবলীকৰণ, কানাড়া ভাষা আৰু সংস্কৃতি দপ্তৰৰো মন্ত্ৰী আছিল।[4]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

উমাশ্ৰীৰ জন্ম হৈছিল দেৱাংগ পৰিয়ালত।[5][6] তেওঁৰ দুটা সন্তান আছে, এগৰাকী কন্যা গায়ত্ৰী, যি এগৰাকী দন্ত চিকিৎসক আৰু এজন পুত্ৰ বিজয়কুমাৰ, যি এজন অধিবক্তা। এগৰাকী অকলশৰীয়া মাতৃ হিচাপে তেওঁ ল’ৰা-ছোৱালীহালক ডাঙৰ-দীঘল কৰিছিল।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

উমাশ্ৰীয়ে গ্ৰাম্য আৰু বঞ্চিত মহিলাসকলক সহায় কৰাৰ দৰে ইতিবাচক সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিছিল। গাঁৱবাসীৰ প্ৰযোজনীয়াত তুলি ধৰিবলৈ তেওঁ বিভিন্ন মঞ্চ অনুষ্ঠান পৰিৱেশন কৰিছিল। ২০১৩ চনত তেৰদাল বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত উমাশ্ৰীয়ে নিজৰ সামাজিক কৰ্ম অব্যাহত ৰাখিবলৈ সুবিধা লাভ কৰে। তেওঁ কৰ্ণাটক চৰকাৰৰ ‘ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়’ আৰু ‘বিশেষভাবে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ সবলীকৰণ, কানাড়া ভাষা আৰু সংস্কৃতি’ দপ্তৰৰ মন্ত্ৰিত্বৰ দায়িত্বত আছিল।

মঞ্চাভিনয়[সম্পাদনা কৰক]

তেওঁ গাঁৱলীয়া মঞ্চ, পৌৰাণিক নাট্যাভিনয় তথা পেছাদাৰী আৰু অপেছাদাৰী নাট্যাভিয়ৰ অভিজ্ঞতাৰে পুষ্ট আছিল। তেওঁ ফ্ৰিটজ বেনেৱিটজ, বি.ভি. কৰন্থ, গিৰিশ কাৰনাৰ্ড, চি.জি. কৃষ্ণস্বামী, আৰ. নাগেশ টি.এছ. নাগভৰণ আদি প্ৰথিতযশা পৰিচালকৰ অধীনত অভিনয় কৰিছিল। তেওঁ বাংগালুৰুৰংগসম্পদা অপেছাদাৰী নাট্যগোষ্ঠীৰ সদস্য।

চলচ্চিত্ৰাভিনয়[সম্পাদনা কৰক]

১৯৮৪ চনত কাশীনাথৰ সৈতে অনুভৱ ছবিত সহযোগী চৰিত্ৰৰ অভিনয়েৰে তেওঁ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অৱশ্যে তাৰ আগত ১৯৮০ চনত টি এছ নাগভৰনৰ পৰিচালনাত নিৰ্মিত কানাড়া ছবি বাংগাৰদা জিংকেত দেখা গৈছিল।

তেওঁ অভিনয় কৰা কিছু ছবি হ’ল- অনুভৱ (১৯৮৪),অমূৰ্ত ঘালিগে (১৯৮৪),স্বাভিমান (১৯৮৫),বেটে (১৯৮৬),২৭ মেভিলি চাৰ্কল (১৯৮৬),জয়স্মিতা (১৯৮৭),সৌভাগ্য লক্ষ্মী (১৯৮৭),দিগ্বিজয় (১৯৮৭),ৰামান্না-সামান্না (১৯৮৮),কৃষ্ণ-ৰুক্মিণী (১৯৮৮),ডক্তৰ কৃষ্ণা (১৯৮৯),নিগুঢ় ৰহস্য (১৯৯০) আদি।

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

২০০৪: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা (২০০৩ৰ কানাড়ী ছবি মণিৰ বাবে)।
২০০৮: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৫৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। (গুলাবী টকীজ ছবিৰ বাবে)।
২০২০-২১: শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী ফিল্মফেয়াৰ বঁটা দক্ষিণ (কানাড়া ভাষাৰ চলচ্চিত্ৰ ৰন্থন প্ৰপঞ্চৰ বাবে)।

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]