সমললৈ যাওক

এম জি ৰামচন্দ্ৰন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এম. জি. ৰামচন্দ্ৰনৰ পৰা পুনঃনিৰ্দেশিত)
এম. জি. ৰামচন্দ্ৰন
জন্ম মাৰুধুৰ গোপালান ৰামচন্দ্ৰন
১৭ জানুৱাৰী, ১৯১৭
পেৰুমথান্নিত, ত্ৰিবান্দ্ৰম, কেৰালা
মৃত্যু ২৪ ডিচেম্বৰ, ১৯৮৭ (৭০ বছৰ)
চেন্নাই, তামিলনাডু
অন্য নাম M. G. R., Puratchi Thalaivar, Makkal Thilagam
পেচা অভিনেতা, ৰাজনীতিবিদ, চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৩৫-১৯৮৪ (অভিনেতা)
১৯৫৩-১৯৮৭ (ৰাজনীতিবিদ)
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী Thangamani (deceased)
Sathanandavathi (deceased)
V. N. Janaki (died in 1996)
আত্মীয়-স্বজন M.G.Chakrapani (Brother)
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন (১৯৮৮)

এম. জি. ৰামচন্দ্ৰন (ইংৰাজী: M. G. Ramachandran; ১৯০৪-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্ত আছিল আৰু সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল।[1]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰনৰ জন্ম হয় ১৯০৪ চনৰ ৮ অক্টোৱৰ তাৰিখে, কেৰালাত্ৰিবান্দ্ৰমৰ পেৰুমথান্নিত। তেওঁৰ পিতাকৰ নাম আছিল কে. গোবিন্দ পিল্লাই আৰু মাকৰ নাম আছিল মাধৱী থানকাচি।[1]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰনয়ে বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা উচ্চ শিক্ষা লাভ কৰি, দেশ সেৱাত ব্ৰতী হয়। তেওঁ স্বামী বিবেকান্দ, মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ৰাজনৈতিক-সামাজিক জ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ এটা বছৰ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ লগত কটাইছিল। সবৰমতীত থকা পিছৰ পৰাই তেওঁৰ সামাজিক জীৱন-যাত্ৰা আৰম্ভ হোৱা হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰন জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ত কিছুদিন প্ৰবক্তা হৈ থকাৰ পাছত সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদক নিযুক্ত হয়। কেইবাবছৰৰ কাৰণে তেওঁ সৰ্বভাৰতীয় স্পিনাৰ্চ এচোছিয়েশ্যনৰ লগতো জড়িত হৈ আছিল। তেওঁ খাদী আন্দোলনৰো এগৰাকী গুৰি ধৰোঁতা আছিল। মহাত্মাই সংগঠন কৰা হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক নিযুক্ত হৈছিল। জাতি ভেদ আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। কিছুদিন তেওঁ সৰ্বভাৰতীয় গ্ৰাম্য শিল্পকৰণ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ এগৰাকী গান্ধী স্মাৰক-নিধিৰ নিষ্ঠাবান কৰ্মী আছিল। তদুপৰি তেওঁ আন আন সংগঠনৰ লগতো জড়িত হৈ দেশ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত তেওঁ বিশ্ব শান্তি সন্মিলনত অংশ গ্ৰহণ কৰিছিল। ১৯২১ চন, ১৯৩০ চন, ১৯৪২ চনকে ধৰি ভাৰত স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো আন্দোলনতে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এনেকৈ আন্দোলনত অংশ লোৱা বাবে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই ১৯৪৪-৪৫ চনত তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক নিযুক্ত হৈছিল। ১৯৪৭ চনত তেওঁ ত্ৰিবান্দ্ৰম বিধান সভা সমষ্টিৰ পৰা সদস্য নিৰ্বাচিত হয়। ১৯৬৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়।[1]

এম. জি. ৰামচন্দ্ৰনৰ ১৯৮৭ চনত পৰলোকপ্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 সমীন কলিতা. ভাৰত ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭৯,৮০. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]