ঐনিতম
অসমৰ গীতি সাহিত্য |
অসমৰ সংগীত |
---|
লোকগীত |
আধ্যাত্মিক গীত |
আধুনিক গীত |
ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।
নামৰ অৰ্থ
[সম্পাদনা কৰক]মিচিং ভাষাত ঐনিতম শব্দৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। [1]
মিচিং সমাজত
[সম্পাদনা কৰক]মিচিংসকলৰ অনেক শ্ৰেণীৰ লোকগীত আছে, যেনে আবাং, কাবাং, বিৰিগ, লুপ', ঐনিতম আদি।[2] মিচিং লোকসকলৰ অন্যান্য লোকগীতৰ তুলনাত পিচে, ঐনিতমে অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।[3] মিচিং লোকগীতক ভাগ কৰাৰ আন এক বিধি হ'ল এনেধৰণৰ- ধাৰ্মিক আবাং, ঐনিতম, কাবান, ক-নি-নাম আৰু মমান।[4] ঐনিতম প্ৰেমৰ গীত, কাবান দুখৰ গীত, ক-নি-নাম নিচুকণি গীত আদি।
অতীতত কাবান গীতৰ জনপ্ৰিয়তা পৰিলক্ষিত হৈছিল, পিচে বৰ্তমানত সেই স্থান ঐনিতমে দখল কৰিছে।
মিচিংসকলে আলি আঃয়ে লৃগাঙৰ দৰে পৰ্বত ঐনিতমৰ সুৰত নৃত্য কৰে।[5]
চাৰিত্ৰিক দিশ
[সম্পাদনা কৰক]ঐনিতমক প্ৰেমৰ গীত বুলিব পাৰি। প্ৰকৃতিসম্বন্ধীয় লিখনশৈলী আৰু চৈত্ৰিক চিহ্ন ব্যৱহাৰে ঐনিতমৰ বিহুৰ সৈতে সাদৃশ্য প্ৰকট কৰে।
ঐনিতমৰ এক উদাহৰণ,[6]
লঙে মিক্সি দিনামদেম
আপঙেপে তি:লাংকা
য়ুমে মিক্সি দেনামদেম
কেৰাচিনপে ৰম্লাংকা
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Page No. 67
- ↑ Padun, Nahendra. Mising Loko Geet. পৃষ্ঠা. 47.
- ↑ "Info" (PDF). shodhganga.inflibnet.ac.in. http://shodhganga.inflibnet.ac.in/bitstream/10603/144739/10/10_chapter%204.pdf.
- ↑ Kuli. Folk Literature of the Mishing. পৃষ্ঠা. 87.
- ↑ "Census data" (PDF). censusindia.gov.in. 2011. http://censusindia.gov.in/2011census/dchb/1809_PART_B_DCHB_DHEMAJI.pdf.
- ↑ Dutta, Birendranath. Mising Folk Song. পৃষ্ঠা. 148.