শোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শোণিতপুৰ জিলা অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। জিলাখনৰ সদৰ ঠাই তেজপুৰ। শোণিতপুৰ জিলা প্ৰাকৃতিকভাৱে অতি সুন্দৰ এখন জিলা আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। শোণিতপুৰ জিলা বিভিন্ন ঐতিহাসিক সমলেৰে চহকী।

ঐতিহাসিক পৰ্যটনস্থল[সম্পাদনা কৰক]

অগ্নিগড়
অগ্নিগড়ৰ মূল প্ৰৱেশ দ্বাৰ

তেজপুৰ চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ঐতিহাসিক গড়। এই গড়টো তেজপুৰৰ বাণৰজাই নিৰ্মাণ কৰিছিল। শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। কালিকা পুৰাণত উল্লেখ আছে যে শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰি ৰাখিবলৈ বাণাসুৰে সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি থৈছিল। সেয়ে এই গড়টোৰ নাম অগ্নিগড় হ'ল। অগ্নিগড়ৰ সংৰক্ষণৰ বাবে ১৯২৮ চনত তেজপুৰ পৌৰসভাৰ পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱায়ে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান প্ৰতিষ্ঠা কৰে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্ত্বাৱধানত এখন উদ্যান পৰিচালনা কৰি থকা হৈছে।

দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ
দ-পৰ্বতীয়াৰ শিলৰ দুৱাৰ

তেজপুৰ নগৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পশ্চিমে দ-পৰ্বতীয়া নামৰ গাঁৱত অৱস্থিত। ১৯২১-১৯২২ চনত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ খনন কাৰ্যৰ পৰা দ-পৰ্বতীয়াত শিলৰ মন্দিৰৰ ওপৰত আহোম যুগত শিল আৰু ইটাৰে নিৰ্মিত দেৱালয়ৰ গাঁথনি উদ্ধাৰ হয়। ঠাৱৰ কৰা হৈছে যে এই ঠাইত বাণ ৰজাহৰি-হৰৰ মিলন ভূমিৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ’হৰি হৰাত্মক’ শিৱ প্ৰতিষ্ঠা কৰি মন্দিৰ নিৰ্মাণ কৰাইছিল। বৰ্তমানৰ শিলৰ দ্বাৰ এই মন্দিৰৰে ভগ্নাৱশেষ। কোনো কোনো প্ৰত্নতত্ত্ববিদে এয়া গুপ্ত যুগৰ আটাইতকৈ পুৰণি স্মৃতি চিহ্ন বুলি ক’ব খোজে। এই স্থান ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ দ্বাৰা সংৰক্ষিত কৰা হৈছে।[1]

ঐতিহাসিক মঠ-মন্দিৰ[সম্পাদনা কৰক]

মহাভৈৰৱ মন্দিৰ
মহাভৈৰৱ মন্দিৰ, তেজপুৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচচতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

ভৈৰৱী মন্দিৰ
ভৈৰৱী মন্দিৰ

তেজপুৰ নগৰৰ নতুন কলিবাৰীব্ৰহ্মপুত্ৰৰ কাষৰ এটা টিলাৰ ওপৰত অৱস্থিত। বামুণী পাহাৰৰ কিছু পূবে থকা এই মন্দিৰ স্থানীয়ভাৱে মাইথান বুলি জনাজাত। মন্দিৰৰ সৰ্বমুঠ মাটিৰ পৰিমাণ প্ৰায় ৬ বিঘা। এই মন্দিৰৰ নিৰ্মাণ সম্পৰ্কে একো প্ৰামাণিক তথ্য নথকা হেতুকে কেতিয়া আৰু কোনে এই মন্দিৰ সাজি উলিয়াইছিল এয়া এতিয়াও অজ্ঞাত। এই মন্দিৰত বলিবিধান প্ৰথা আজিও চলি আছে। [2] এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য ভৈৰৱী দেৱীক নিতৌ পূজা-অৰ্চনা কৰা হয়। লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত বাণ ৰজাৰ জীয়ৰী ঊষাই ইয়াতেই দেৱী আৰাধনা কৰিছিল।[1]

কেতেকেশ্বৰ দেৱালয়
কেতেকেশ্বৰ দেৱালয়ৰ শিৱলিংগ

তেজপুৰ নগৰৰ আন এক পবিত্ৰ স্থান হৈছে "কেতেকেশ্বৰ" বা স্থানীয় ৰাইজৰ পৰিচিত "থিয় শিলা"। তেজপুৰৰ পৰা প্ৰায় ২ কি:মি: উত্তৰে কেতেকীবাৰীৰ বাঁহবাৰী এখনত পোত গৈ আছে বিশ্বৰ বৃহত্তম শিৱ লিংগ বুলি ঠাৱৰ কৰা কেতেকেশ্বৰ। এয়া গুপ্ত যুগৰে নিদৰ্শন বুলি অনুমান কৰা হয়।[3]

ৰুদ্ৰপদ দেৱালয়

তেজপুৰ চহৰৰ উত্তৰ দিশত, ব্ৰহ্মপুত্ৰ নদীৰ গাতে লাগি থকা পাহাৰৰ ওপৰত ৰুদ্ৰপদ দেৱালয় অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। লোকবিশ্বাস অনুসৰি ভগৱান শিৱ‍ই তেওঁৰ বাওঁভৰিৰ এটা চাপ মন্দিৰৰ শিলাখণ্ড এটুকুৰাত এৰি থৈ গৈছে। পিছত আহোম স্বৰ্গদেউ শিৱসিংহ‍ই ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ এই মন্দিৰ নিৰ্মাণ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ গৰাহত পৰি মুখ্য মন্দিৰটো পানীত জাহ যায়।

গুপ্তেশ্বৰ দেৱালয় বা গুপ্তেশ্বৰ মন্দিৰ

শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত অৱস্থিত হিন্দু ধৰ্মৰ এক দেৱালয়। এই দেৱালয় শিঙৰী মন্দিৰ হিচাপেও জনা যায়, কালিকা পুৰাণটো শৃংগটক নামেৰে ইয়াৰ উল্লেখ আছে।[4] তেজপুৰ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ আৰু ঢেকীয়াজুলি চহৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত শিঙৰী পাহাৰৰ পাদদেশত এই দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মা দেৱতাই নিৰ্মাণ কৰিছিল, আৰু পাছত আহোম স্বৰ্গদেউসকলে ইয়াত হাত বুলাইছিল।[5]

উমাটুমনি বা উমাবন

বিশ্বনাথ ঘাটবুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপবিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কিঃমিঃ দূৰত এই উমাটুমনি বা উমাবন অৱস্থিত। পুৰণি পুথি 'পীঠমালা তন্ত্ৰ'ৰ মতে উমাতুমনিত ২২খন পৱিত্ৰ থান থাকিলেও বৰ্তমান উক্ত সংখ্যক থান দেখা নাযায়। ইয়াত ১৭৪১ চনত আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰা উমা মন্দিৰ আছে।

বিশ্বনাথ ক্ষেত্ৰ

বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দক্ষিণৰ এখন প্ৰাচীনতম পবিত্ৰ স্থান। দশম শতিকামানত ৰচিত কালিকাপুৰাণত বিশ্বনাথ হিন্দুধৰ্মৰ এখন প্ৰধান তীৰ্থক্ষেত্ৰ হিচাপে উল্লেখ হোৱা দেখা যায়। আহোম ৰাজত্বত বিশ্বনাথ ক্ষেত্ৰত কেবাটাও দৌল-দেৱালয় নিৰ্মাণ কৰা হৈছিল।[6] বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমাণ কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান। খাছী-চিণ্টেংসকলেই বিশ্বনাথৰ শিলৰ গাঁতবোৰ খান্দি তেওঁলোকৰ মৃতসকলৰ পবিত্ৰ অৱশেষ এইবোৰত সংৰক্ষণ কৰিছিল আৰু যথানিয়মে পূজা কৰিছিল। পৰবৰ্তী সময়ত মংগোলীয় সকল আহিল। তেওঁলোকেও এই স্থান সেৱা সৎকাৰৰ স্থান হিচাপে বাচি লৈছিল।

বিশ্বনাথ মন্দিৰ

সম্ভৱত ৬৫০-৯৯০ খ্ৰীষ্টাব্দত শালস্তম্ভ বংশৰ ৰজা সকলে পোনপ্ৰথমে বিশ্বনাথৰ নামত শৈলমন্দিৰ স্থাপন কৰিছিল। ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত পুৰণি শিলৰ মন্দিৰটো ভাগি পৰাত ১৬২১ চনত স্বগদেউ প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰোৱায়। ৰাজেশ্বৰ সিংহৰ দিনত হোৱা প্ৰবল বানত পুৰণি বিশ্বনাথ মন্দিৰ ধ্বংসপ্ৰাপ্ত হয়। ইয়াৰ ফলত প্ৰচীন পীঠস্থান ব্ৰহ্মপুত্ৰৰ গৰ্ভত সোমাই যায় আৰু সেই স্থানত নতুন মন্দিৰ নিৰ্মাণ অসম্ভৱ আছিল। সেয়ে সেই স্থানৰ পৰা ২০০মিটাৰমান পশ্চিমত বৰ্ত্তমানৰ ঠাইত লক্ষ্মী সিংহ স্বৰ্গদেৱে ১৭৭৪চনত ধ্বসপ্ৰাপ্ত মন্দিৰৰ পৰা বহুতো শিল-ইটা অনাই নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজাই দিয়ে।[7]

অন্যান্য মঠ-মন্দিৰ[সম্পাদনা কৰক]

গণেশ মন্দিৰ
গিৰ্জা ঘৰ
ভৈৰৱী মন্দিৰ
হলেশ্বৰ মন্দিৰ
  1. গণেশ মন্দিৰ: অৱস্থিতি: ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গণেশ ঘাটত।
  2. হনুমান মন্দিৰ:-অৱস্থিতি: ভৈৰৱী মন্দিৰৰ পূবে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত, গেৰেকী বান্দৰদেৱা পাহাৰৰ এটি সৰু টিলাৰ ওপৰত।
  3. শুক্লেশ্বৰ দেৱালয়:-অৱস্থিতি: গটঙা গাঁৱত, তেজপুৰৰ পৰা প্ৰায় ৬ কি:মি আতৰত।
  4. সিদ্ধেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, বামুণ চুবুৰীৰপৰ্বতীয়া সাউদৰ পাৰ গাঁৱত।
  5. দক্ষিণা কালী মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ উত্তৰদিশত, দৰং মহাবিদ্যালয়ৰ সন্মুখত।
  6. নিকামূল সত্ৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সমীপত, মাজগাঁও।
  7. চিপহা সত্ৰ:-অৱস্থিতি:কেতেকীবাৰী গাঁও, তেজপুৰ।
  8. বৰালিমৰা সত্ৰ:-অৱস্থিতি: :দআটি গাঁও, তেজপুৰ।
  9. শ্ৰী শ্ৰীসত্যনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত, জে.বি ৰোডত।
  10. টিঙ্গেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৪ কি:মি নিলগত পশ্চিম দক্ষিণ দিশত।
  11. লক্ষ্মীনাৰায়ণ মন্দিৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজ, কনকলতা অসামৰিক চিকিত্সালয়ৰ সমীপত।
  12. হলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৯ কি:মি নিলগত।
  13. হুদুপৰা থান:-অৱস্থিতি: দেউৰী গাঁও, তেজপুৰ।
  14. হেংগুলেশ্বৰ দেৱালয়:-অৱস্থিতি: তেজপুৰ চহৰৰ পশ্চিমে, ভৈৰৱপুৰ মৌজাত।
  15. কামৰূপীয়া নামঘৰ:-অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
  16. নাগশংকৰ মন্দিৰ:-অৱস্থিতি: তেজপুৰৰ পৰা প্ৰায় ৫৮ কি:মি নিলগত, নাগশংকৰ মৌজাত।
  17. কলিয়া গোসাঁইৰ থান:-অৱস্থিতি:বালিপাৰা, মানশিৰি নৈৰ পাৰত।
  18. বুঢ়াগোসাঁই থান:-অৱস্থিতি:প্ৰতাপগড় চাহ বাগিচাৰ সমীপত।
  19. চাৰিদুৱাৰৰ বুঢ়াগোঁসাই দেৱালয়:- অৱস্থিতি:নন্দীকেশ্বৰ,জামুগুৰি হাট চাৰিদুৱাৰ।
  20. ধ্বান্দি বা ধেন্দাই দ’ল:-অৱস্থিতি:বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰী মৌজাত।
  21. নন্দিকেশ্বৰ দেৱালয়:-অৱস্থিতি: জামুগুৰিহাটৰ পৰা প্ৰায় ডেৰ কিলমিটাৰ নিলগত।
  22. নিজ বৰচলা মন্দিৰ:-অৱস্থিতি: বৰচলা গাঁও, নিজ বৰচলা।
  23. ফুলবাৰী দেৱালয় :- অৱস্থিতি: বিশ্বনাথ চাৰিআলিৰ সমীপৰ কলাবাৰীত।
  24. শ্ৰী চৈতন্য গৌড়ীয় মঠ :- অৱস্থিতি: তেজপুৰ চহৰৰ সোঁমাজত।
  25. ৰামকৃষ্ণ সেৱাশ্ৰম :- অৱস্থিতি: পাৱাৰ হাউচৰ পশ্চিমে, পদুম পুখুৰীৰ সমীপত এটি টিলাৰ ওপৰত।
  26. শলগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিৰ শলগুৰি গাঁও।
  27. কৰতিপাৰ সত্ৰ:- অৱস্থিতি: জামুগুৰিহাট।
  28. বৰালিমৰা সত্ৰ :- অৱস্থিতি: তেজপুৰৰ দআটি গাঁও।
  29. আঁহতগুৰি সত্ৰ :- অৱস্থিতি: জামুগুৰিহাটৰ কাষৰ হাতিঙা গাঁও।

অন্যান্য[সম্পাদনা কৰক]

জ্যোতি ভাৰতী বা পকী
জ্যোতি ভাৰতীৰ সন্মুখৰ দৃশ্য

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে। ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল। ১৮৭৮ চনত তেওঁৰ ককাদেউতাক হৰবিলাস আগৰৱালাই নিৰ্মাণ কৰা ঘৰটোৰ নাম পূৰ্বতে আছিল 'পকী'। সেই সময়ত তেজপুৰত একমাত্ৰ পকী ব্যক্তিগত বাসভৱন আছিল বাবেই এই ঘৰটোক 'পকী' নামেৰে জনা গৈছিল। পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ গ্ৰামোফোন ৰেকৰ্ড, তেওঁৰ হাতৰ আখৰ থকা কাগজ, বিভিন্ন তথ্য-পাতি, শোৱা পালেং আদি সংৰক্ষণ কৰি ৰখা হৈছে।[8]

চিত্ৰলেখা উদ্যান
উদ্যানৰ ভিতৰৰ দৃশ্য

তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান। পূৰ্বতে এই উদ্যানৰ নাম ক'ল পাৰ্ক আছিল। চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি। ১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক'লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল। ক'লৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত এফ ডব্লিউ ষ্টঙে ক'লৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি তোলে। সেয়ে ইয়াৰ নাম "ক'ল পাৰ্ক" হয়। কিন্তু পিছলৈ ইয়াৰ নাম "চিত্ৰলেখা উদ্যান" ৰখা হয়। উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহ কোনো কোনোৱে বাণ ৰজাৰ দিনৰ বুলি অনুমান কৰে। আন কিছুমানৰ মতে অষ্টম-নৱম শতিকাৰ শালস্তম্ভ বংশৰ।

পদুম পুখুৰী

তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি আছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল। এসময়ত ইয়াত প্ৰচুৰ পৰিমাণে পদুম ফুল ফুলিছিল বাবে ই পদুম পুখুৰী নামে জনাজাত হৈ পৰে।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান
নামেৰি ৰাষ্ট্ৰীয় উদ্যান

শোণিতপুৰ জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ই অৰুণাচল প্ৰদেশৰ পাকে ব্যাঘ্ৰ প্ৰকল্পৰ সীমান্তৱৰ্ত্তী এক উদ্যান আৰু এই দুয়োখনে মিলি প্ৰায় ১০০০ বৰ্গ কিমি অঞ্চল আগুৰি আছে।[9] ১৯৯৮ চনৰ ৯ ছেপ্তম্বৰত নামেৰি(২০০ বৰ্গ কিলোমিটাৰ)ক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাৰ চূড়ান্ত অনুজ্ঞা প্ৰদান কৰা হৈছিল।[10] কাজিৰঙা তথা মানাহৰ পিছতে ঘোষিত ই এইখন অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাণীকুল বৈচিত্ৰ্যময়। ৰাষ্ট্ৰীয় উদ্যানখনত তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকিটি আৰু ছশৰো অধিক বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে বুলি জনা যায়।

বাণ ৰঙ্গমঞ্চ
বাণ ৰঙ্গমঞ্চৰ পিছফাল

শোণিতপুৰ জিলাতেজপুৰ নগৰৰ সাংস্কৃতিক সাধনাৰ ঐতিহ্যমণ্ডিত কেন্দ্ৰ। এই মঞ্চক বাণ ষ্টেজ আৰু বাণ থিয়েটাৰ বুলিও জনা যায়। বাণ থিয়েটাৰ প্ৰথমে তেজপুৰৰ কলিবাৰীৰ এডোখৰ ত্ৰিকোণীয়া ভূমিত ১৯০৬ চনত স্থাপন কৰা হৈছিল।[11] কেইজনমান উল্লেখযোগ্য ব্যক্তি হ’ল সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য্য ফণী শৰ্মা, ড॰ ভূপেন হাজৰিকা, পদ্মনাথ গোহাঞিবৰুৱা, নকুল চন্দ্ৰ ভূঞা প্ৰমুখ্যে অনেক মহান শিল্পীয়ে এই মঞ্চতেই সাংস্কৃতিক সাধনা কৰিছিল।

গীৰ্জা / ছাৰ্চ এফিটেনী

তেজপুৰৰ নেহৰু ময়দানৰ দক্ষিণ দিশত অৱস্থিত।

গুৰুদ্বাৰ

তেজপুৰৰ কুমাৰগাঁৱত অৱস্থিত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Swati Mitra (2011). Assam Travel Guide. Goodearth Publications. পৃষ্ঠা. 83–. ISBN 978-93-80262-04-8. http://books.google.com/books?id=lNggfFifHL8C&pg=PA75। আহৰণ কৰা হৈছে: 18 February 2013. 
  2. সম্পাদক-ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১৭৬. 
  3. শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্‌যাপন কমিটি ২০০৪. পৃষ্ঠা. ১১. 
  4. http://www.india9.com/i9show/Singri-Temple-20079.htm india9.com, Singri Temple, আহৰণ কৰা তাৰিখ : ২৮-১০-২০১২
  5. ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কথা, লিখক: ললিত কুমাৰ গগৈ, পৃষ্ঠা নং : ৬ (সম্পাদকীয় পৃষ্ঠা), অসমীয়া প্ৰতিদিন, প্ৰকাশ: ২৭ অক্টোবৰ, ২০১২, শনিবাৰ
  6. ড: নিত্যানন্দ গগৈ, তুলসী ফুকন আৰু শিৱনাথ বৰঠাকুৰ; বিশ্বনাথ-লহৰি (স্মৃতিগ্ৰন্থ:বিশ্বনাথ উৎসৱ), প্ৰকাশ:২০০৬
  7. ড: নিত্যানন্দ গগৈ, তুলসী ফুকন আৰু শিৱনাথ বৰঠাকুৰ; বিশ্বনাথ-লহৰি (স্মৃতিগ্ৰন্থ:বিশ্বনাথ উৎসৱ), প্ৰকাশ:২০০৬
  8. বিশ্ব ঐতিহ্য, শান্তনু কৌশিক বৰুৱা
  9. Tourism.webindia123.com
  10. http://projecttiger.nic.in/nameri.htm
  11. গণ অধিকাৰ, দেওবৰীয়া বিশেষ, গুৱাহাটী প্ৰকাশন, দেওবাৰ, ১৯ ফেব্ৰুৱাৰী, ২০১২, লেখক: হেমন্ত কুমাৰ নাথ, তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ, এক অৱলোকন।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]