তাজমহল
তাজমহল | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
অৱস্থান | আগ্ৰা, উত্তৰ প্ৰদেশ, ভাৰত | ||||||||||||
স্থানাংক | 27°10′30″N 78°02′31″E / 27.175°N 78.04194°Eস্থানাংক: 27°10′30″N 78°02′31″E / 27.175°N 78.04194°E | ||||||||||||
মাটিকালি | ১৭ হেক্টৰ[1] | ||||||||||||
উচ্চতা | 73 মিটাৰ (240 ফুট) | ||||||||||||
নিৰ্মাণ | ১৬৩২–৫৩[2] | ||||||||||||
নিৰ্মাণৰ কাৰণ | মুমতাজ মহল | ||||||||||||
স্থপতিবিদ | ওস্তাদ আহমেদ লাহৌৰী | ||||||||||||
স্থাপত্যৰ শৈলী | মোগল স্থাপত্য | ||||||||||||
পৰিদৰ্শক | ৭–৮ মিলিয়ন[3] (২০১৪ চনত) | ||||||||||||
পৰিচালক বৰ্গ | ভাৰত চৰকাৰ | ||||||||||||
ৱেবচাইট | www.tajmahal.gov.in | ||||||||||||
|
তাজমহল (হিন্দী: ताज महल, উৰ্দু: تاج محل) ভাৰতৰ আগ্ৰাত অৱস্থিত এটা ৰাজকীয় সমাধিক্ষেত্ৰ। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী আৰজুমান্দ বানু বেগম, যিগৰাকী মুমতাজ মহল নামে পৰিচিত, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে এই অপূৰ্ব সৌধটি নিৰ্মাণ কৰিছিল। সৌধটি নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ১৬৩২ খৃষ্টাব্দত আৰু সম্পূৰ্ণ হৈছিল প্ৰায় ১৬৪৮ খৃষ্টাব্দত। সৌধটিৰ নক্সা কোনে কৰিছিলে এই প্ৰশ্নৰ অনেক বিতৰ্ক থাকিলেও, এইটো পৰিষ্কাৰ যে শিল্প-নৈপুণ্যসম্পন্ন এদল নক্সাকাৰক আৰু কাৰিকৰে সৌধটি নিৰ্মাণ কৰিছিলে যিসকল ওস্তাদ আহমেদ লাহৌৰিৰ লগত আছিল, যিজন তাজমহলৰ মূল নক্সাকাৰক হোৱাৰ বেছি দাবীদাৰ।[4]
তাজমহল (তাজ নামেৰেও জনাজাত) মোগল স্থাপত্যশৈলীৰ এটি আকৰ্ষণীয় নিদৰ্শন হিচাপে পৰিগণিত হৈছে। ইয়াৰ নিৰ্মাণশৈলীত পাৰস্য, তুৰস্ক, ভাৰতীয় আৰু ইছলামী স্থাপত্য শিল্পৰ সংমিশ্ৰণ ঘটাই নিৰ্মাণ কৰা হৈছে। যদিও কেৱল মাৰ্বলৰ গম্বুজাকৃতিৰ ৰাজকীয় সমাধিটো বেছি সমাদৃত, তাজমহল প্ৰকৃততে সামগ্ৰিকভাৱে এক জটিল অখণ্ড স্থাপত্য। এইটো ১৯৮৩ চনত ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হিচাপে তালিকাভুক্ত কৰা হৈছিল। তেতিয়া কোৱা হৈছিল "universally admired masterpiece of the world's heritage। "[4]
তাজমহল নিৰ্মাণৰ ইতিহাস
[সম্পাদনা কৰক]১৬৩১ খৃষ্টাব্দত মোগল সাম্ৰাজ্যৰ সমৃদ্ধশালী সম্ৰাট ছাহজাহানে তেওঁৰ দ্বিতীয় পত্নী মুমতাজ মহলৰ মৃত্যুত গভীৰভাৱে শোকাহত হৈ পৰে। মুমতাজ মহলে তেতিয়া তেওঁৰ চতুৰ্দশ কন্যা সন্তান গৌহৰ বেগমক জন্ম দিয়ে মৃত্যুবৰণ কৰিছিল।[5]
তাজমহলৰ নিৰ্মাণৰ কাম মুমতাজৰ মৃত্যুৰ পিছতেই আৰম্ভ কৰা হয়। মূল সমাধিটো ১৬৪৮ খৃষ্টাব্দত সম্পূৰ্ণ হয় আৰু ইয়াৰ চৌপাশৰ মহল আৰু বাগান পাঁচ বছৰ পিছত তৈয়াৰ হয়। ১৬৬৩ খৃষ্টাব্দত আগ্ৰা ভ্ৰমণ কৰা ফৰাচী পৰ্যটক ফ্ৰান্সিস বেৰনিয়াৰে (François Bernier) লিখিছিল:
I shall finish this letter with a description of the two wonderful mausoleums which constitute the chief superiority of Agra over Delhi. One was erected by Jehan-guyre [sic] in honor of his father Ekbar; and Chah-Jehan raised the other to the memory of his wife Tage Mehale, that extraordinary and celebrated beauty, of whom her husband was so enamoured it is said that he was constant to her during life, and at her death was so affected as nearly to follow her to the grave[6].
অসমীয়া অনুবাদ:
দুটা বিস্ময়কৰ সমাধিৰ বিৱৰণ দি মই/ চিঠিখন শেষ কৰিম যিটোয়ে আগ্ৰাক দিল্লীতকৈয়ো শ্ৰেষ্ঠ কৰিছে; এইটো নিৰ্মাণ কৰিছিলে সম্ৰাট জাহাঙ্গীৰে তেওঁৰ পিতা আকবৰৰ সম্মানত আৰু অন্যটো সম্ৰাট ছাহজাহানে তেখেতৰ পত্নীৰ স্মৰণত তৈয়াৰ কৰিছিল "তাজমহল", যিটো অসাধাৰণ সৌন্দৰ্য্যৰ অধিকাৰী, স্বামী তেওঁৰ পত্নীৰ শোকত ইমানেই ম্ৰিয়মাণ যে পত্নী জীৱনকালত যেনেদৰে তেওঁৰ লগত আছিল, মৰণৰ পাছতো তেওঁ পত্নীৰ কবৰৰ ওচৰতেই থাকিব।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Unesco Taj Mahal 2016.
- ↑ DuTemple 2003, পৃষ্ঠা. 32.
- ↑ Archaeological Survey of India Agra 2015.
- ↑ 4.0 4.1 UNESCO advisory body evaluation
- ↑ www.pbs.org
- ↑ François Bernier "Letter to Monsieur de la Mothe le Vayer. Written at Dehli [sic] the first of July 1663" Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891 p293
অধিক পঢ়ক
[সম্পাদনা কৰক]- Asher, Catherine B. Architecture of Mughal India New Cambridge History of India I.4 (Cambridge University Press) 1992 ISBN 0-521-26728-5
- Bernier, Françoi' Travels in the Moghul Empire A.D. 1657-1668 (Westminster: Archibald Constable & Co.) 1891
- Carroll, David (1971). The Taj Mahal, Newsweek Books ISBN 0-88225-024-8
- Chaghtai, Muhammad Abdullah Le Tadj Mahal d'Agra (Inde). Histoire et description (Brussells: Editions de la Connaissance) 1938
- Copplestone, Trewin. (ed). (1963). World architecture - An illustrated history. Hamlyn, London.
- Gascoigne, Bamber (1971). The Great Moguls, Harper & Row
- Havel, E.B. (1913). Indian Architecture: Its Psychology, Structure and History, John Murray
- Kambo, Muhammad Salih Amal-i-Salih or Shah Jahan Namah Ed. Ghulam Yazdani (Calcutta: Baptist Mission Press) Vol.I 1923. Vol. II 1927
- Koch, Ebba (English ভাষাত) (Paperback). The Complete Taj Mahal: And the Riverfront Gardens of Agra (First সম্পাদনা). Thames & Hudson Ltd. পৃষ্ঠা. 288 pages. ISBN 0-500-34209-1.
- Lahawri, 'Abd al-Hamid Badshah Namah Ed. Maulawis Kabir al-Din Ahmad and 'Abd al-Rahim under the superintendence of Major W.N. Lees. (Calcutta: College Press) Vol. I 1867 Vol. II 1868
- Lall, John (1992). Taj Mahal, Tiger International Press
- Rothfarb, Ed (1998). In the Land of the Taj Mahal, Henry Holt ISBN 0-8050-5299-2
- Saksena, Banarsi Prasad History of Shahjahan of Dihli (Allahabad: The Indian Press Ltd.) 1932
- Stall, B (1995). Agra and Fathepur Sikri, Millennium
- Stierlin, Henri [editor] & Volwahsen, Andreas (1990). Architecture of the World: Islamic India, Taschen
- Tillitson, G.H.R. (1990). Architectural Guide to Mughal India, Chronicle Books
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত তাজমহল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Taj Mahal Facts And Myths
- The Taj Mahal Exclusive Gallery
- Explore the Taj Mahal Online virtual tour with 360° panoramas & downloadbale school assets
- Taj Mahal
- Taj Mahal in UNESCO List
- Photographs of Taj Mahal and other sites in Agra
- Chronology of events associated with the Taj Mahal based on 17th Century Sources Archived 2007-03-11 at the Wayback Machine
- Berger Foundation (Fondation Berger) Archived 2008-01-17 at the Wayback Machine French site displaying dozens of detailed photos of Taj Mahal
- Moonlight Garden and the Black Taj Myth
- Taj-Taj Mahal Archived 2007-09-30 at the Wayback Machine beauty beyond imagination
- 'The Man Of Marble' - Outlook India
- তাজমহল ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা
- Taj Mahal's 360° panorama photo & more 1 MB Download 11640 X 770 size Photo (Creative Commons).
- Taj Mahal Stamp Archived 2007-07-14 at the Wayback Machine
|