সমললৈ যাওক

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰত
১৯৮৯ ←
২০ মে’, ১২ জুন আৰু ১৫ জুন ১৯৯১[1]
→ ১৯৯৬

ভোটদানৰ হাৰ ৫৫.৮৮% (decrease৬.০৭%)
 
দল কংগ্ৰেছ বিজেপি জনতা দল
মিত্ৰদল কংগ্ৰেছ+ বিজেপি+ নেচনেল ফ্ৰণ্ট
শতাংশ ৩৫.৬৬%২০.০৪%১১.৭৭%


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

চন্দ্ৰ শেখৰ
সমাজবাদী জনতা পাৰ্টি

পৰৱৰ্তী প্ৰধানমন্ত্ৰী

পি ভি নৰসিংহ ৰাও
কংগ্ৰেছ+

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল। পাঞ্জাবৰ ১৩খন আসনৰ বাবে নিৰ্বাচন আয়োগে পলমকৈ ১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীতহে নিৰ্বাচন পতাৰ সিদ্ধান্ত লয়। কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ভাৰতীয় জাতীয় কংগ্ৰেছে অন্যন্য দলৰ সহযোগত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰিত্বত এখন সংখ্যালঘূ চৰকাৰ গঠন কৰে। প্ৰথম তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ আছিল ৫৬.৭৩% আৰু ই আছিল তেতিয়ালৈকে অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ সৰ্বনিম্ন হাৰ।[2]

দলভিত্তিক ফলাফল

[সম্পাদনা কৰক]
ক্ৰমিক নংদলসংক্ষিপ্ত নামদলৰ স্থিতিলাভ কৰা আসন
১স্বায়ত্ব শাসিত ৰাজ্য দাবী সমিতিADCপঞ্জীভূক্ত১
২অল ইণ্ডিয়া আন্না দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমADKৰাজ্যিক১১
৩অসম গণ পৰিষদAGPৰাজ্যিক১
৪ভাৰতীয় জনতা পাৰ্টিBJPৰাষ্ট্ৰীয়১২০
৫বহুজন সমাজ পাৰ্টিBSPৰাজ্যিক২
৬ভাৰতৰ কমিউনিষ্ট পাৰ্টিCPIৰাষ্ট্ৰীয়১৪
৭ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)CPMৰাষ্ট্ৰীয়৩৫
৮অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকFBLৰাজ্যিক৩
৯হাৰিয়ানা বিকাশ পাৰ্টিHVPপঞ্জীভূক্ত১
১০ভাৰতীয় কংগ্ৰেছ (সমাজবাদী-শৰৎ চন্দ্ৰ সিংহ)ICS(SCS)ৰাষ্ট্ৰীয়১
১১ভাৰতীয় জাতীয় কংগ্ৰেছINCৰাষ্ট্ৰীয়২৩২
১২জনতা দলJDৰাষ্ট্ৰীয়৫৯
১৩জনতা দল (গুজৰাট)JD(G)পঞ্জীভূক্ত১
১৪ঝাৰখণ্ড মুক্তি মৰ্চাJMMৰাজ্যিক৬
১৫জনতা পাৰ্টিJPৰাষ্ট্ৰীয়৫
১৬কেৰালা কংগ্ৰেছ (এম)KCMৰাজ্যিক১
১৭অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনMIMপঞ্জীভূক্ত১
১৮মণিপুৰ পিপ’লছ্ পাৰ্টিMRPৰাজ্যিক১
১৯মুছলিম লীগMULৰাজ্যিক২
২০নাগালেণ্ড পিপ’লছ্ কাউঞ্চিলNPCৰাজ্যিক১
২১ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টিRSPৰাজ্যিক৪
২২শিৱসেনাSHSৰাজ্যিক৪
২৩চিক্কিম সংগ্ৰাম পৰিষদSSPৰাজ্যিক১
২৪তেলেগু দেশমTDPৰাজ্যিক১৩
২৫নিৰ্দলীয়INDনিৰ্দলীয়১
মুঠ৫২১–২২
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস

[সম্পাদনা কৰক]