২০২৩ জি-২০ নতুন দিল্লী সন্মিলন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন

ভাৰত মণ্ডপম, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰ, প্ৰগতি ময়দান
(মূল সন্মিলন স্থলী)
আয়োজক দেশ ভাৰত ভাৰত
তাৰিখ ৯-১০ ছেপ্টেম্বৰ ২০২৩
নীতিবাক্য সংস্কৃত: वसुधैव कुटुम्बकम्
অসমীয়া: বসুধৈৱ কুটুম্বকম্‌
(One Earth, One Family, One Future, অসমীয়া অনুবাদ: এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ)[1]
স্থান ভাৰত মণ্ডপম
প্ৰগতি ময়দান, নতুন দিল্লী
চহৰ ৰাজধানী নতুন দিল্লীকে (আয়োজক: ২০২৩ চনৰ ৯–১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীৰ বৈঠক অনুষ্ঠিত হ'ব) আদি কৰি ভাৰতৰ অন্যান্য সৰু-বৰ গুৰুত্বপূৰ্ণ চহৰত জি২০ৰ সন্মিলনৰ বিভিন্ন মিটিং অনুষ্ঠিত হৈছে)
অংশগ্ৰহণকাৰী জি২০ গোটৰ সদস্য, ভাৰত চৰকাৰৰ দ্বাৰা নিমন্ত্ৰিত অতিথি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী
অধ্যক্ষ নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী
পৰৱৰ্তী ২০২২ জি২০ বালি সন্মিলন
পূৰ্বৱৰ্তী ২০২৪ জি২০ ৰিঅ' ডি জেনেৰিঅ' সন্মিলন
ৱেবছাইট G20.org

২০২৩ জি-২০ নতুন দিল্লী সন্মিলন (ইংৰাজী: 2023 G20 New Delhi summit) বিশ্বৰ ১৯খন প্ৰভাৱশালী অৰ্থনীতিসমৃদ্ধ দেশ আৰু ইউৰোপীয় সংঘৰ গোট জি-২০ (গ্ৰুপ অৱ টুৱেণ্টি)ৰ অষ্টাদশ সন্মিলন। ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰত এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।[7] ভাৰতত অনুষ্ঠিত হোৱা এই জি-২০ শীৰ্ষ সন্মিলনখন ভাৰতৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম সন্মিলন। শীৰ্ষ সন্মিলনৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সন্মিলনসমূহ গোটেই বছৰ জুৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰে।

পৃষ্ঠভূমি[সম্পাদনা কৰক]

পূৰ্বতে ভাৰতে ২০২১ চনত জি-২০ সন্মিলন আৰু ২০২২ চনত ইটালীয়ে আয়োজন কৰাৰ কথা আছিল। ২০১৮ চনত আৰ্জেণ্টিনাত অনুষ্ঠিত জি-২০ বুয়েনছ আইৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীক ২০২১ চনত এই সন্মিলন আয়োজন কৰিবলৈ আৰু ২০২২ চনত ভাৰতক ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰ উপলক্ষে আয়োজন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ জনাইছিল। ইটালীয়ে ভাৰতৰ লগত দ্বিপাক্ষিক সু-সম্পৰ্কৰ বাবে ২০২২ চনত ভাৰতক জি-২০ সন্মিলন আয়োজন কৰিবলৈ দিবলৈ সন্মত হয়।[8]

২০২৩ চনত ইণ্ডোনেছিয়াদক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন চমুকৈ আছিয়ানৰ অধ্যক্ষতা কৰাৰ বাবে পূৰ্বে নিৰ্ধাৰিত কৰাৰ ধৰণে ২০২৩ চনত ইণ্ডোনেছিয়ায়ে জি-২০ৰ সভাপতিত্ব কৰাৰ বাবে অপাৰগতা প্ৰকাশ কৰে। সেয়ে ইণ্ডোনেছিয়াৰ বৈদেশিক মন্ত্ৰী ৰেটনো মাৰ্ছুডিয়ে কৰা অনুৰোধৰ পিছত ভাৰতে ইণ্ডোনেছিয়াৰ সৈতে জি-২০ৰ অধ্যক্ষতাৰ দায়িত্ব আদান-প্ৰদান কৰে আৰু ভাৰতে ২০২৩ চনত জি-২০ৰ অষ্টাদশ সন্মিলনখন অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰে।[9]

অধ্যক্ষতা[সম্পাদনা কৰক]

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ নতুন দিল্লী সন্মিলনৰ অধ্যক্ষতা কৰে।

২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ কাৰ্যকাল আৰম্ভ হৈছিল। ইয়াৰ ফলশ্ৰুতিত ২০২৩ চনৰ তৃতীয় ত্ৰৈমাসিকত শীৰ্ষ সন্মিলনখন অনুষ্ঠিত হয়। জি-২০ৰ অধ্যক্ষতাৰ পদ হস্তান্তৰৰ অনুষ্ঠান ২০২২ চনত ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হোৱা জি-২০ৰ সপ্তদশ সন্মিলনত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত অধ্যক্ষতাৰ দায়িত্ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ হস্তান্তৰ কৰা হয়।[10]

২০২৩ চনত অনুষ্ঠিত হোৱা জি-২০ৰ অষ্টাদশ নতুন দিল্লী সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে জি-২০ৰ অধ্যক্ষৰ পদ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাক অৰ্পণ কৰে। ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে ভাৰতে এই পদত অধিষ্ঠিত থাকিব।[11]

মুখ্য কাৰ্যসূচী[সম্পাদনা কৰক]

জি-২০ৰ অধ্যক্ষ হিচাপে ভাৰতে ২০২৩ চনত জি-২০ৰ মুখ্য আলোচনাৰ বাবে ছটা কাৰ্যসূচীক অগ্ৰাধিকাৰ প্ৰদান কৰিছে:[12]

  • সেউজ উন্নয়ন, জলবায়ু বিত্ত আৰু পৰিৱেশৰ বাবে জীৱনশৈলী (LiFE)
  • ত্বৰান্বিত, অন্তৰ্ভুক্ত আৰু স্থিতিস্থাপক বৃদ্ধি
  • বহনক্ষম উন্নয়নৰ লক্ষ্যৰ (SDGs) ওপৰত অগ্ৰগতি ত্বৰান্বিত কৰা
  • প্ৰযুক্তিগত ৰূপান্তৰ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি
  • একবিংশ শতিকাৰ বাবে বহুপক্ষীয় প্ৰতিষ্ঠান
  • মহিলা নেতৃত্বাধীন উন্নয়ন

২০২৩ চনৰ ২৬ আগষ্টত দিয়া এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাৰ অধীনত জি-২০ দেশসমূহৰ বিকশিত কাৰ্যসূচীক লৈ আশাবাদীতা প্ৰকাশ কৰে। তেওঁ গোলকীয় দক্ষিণৰ উদ্বেগসমূহৰ সৈতে মিল থকা মানৱকেন্দ্ৰিক উন্নয়নৰ দৃষ্টিভংগীৰ দিশত জলবায়ু পৰিৱৰ্তন আৰু জি-২০ৰ ঋণৰ সংযুক্ত পৰিকাঠামোৰ জৰিয়তে ঋণৰ পুনৰগঠনৰ সৈতে স্থানান্তৰিত কৰা আৰু বিশ্বব্যাপী গুপ্তমুদ্ৰা বা ক্ৰিপ্টোকাৰেন্সীৰ নিয়ন্ত্ৰণৰ বাবে কৌশলৰ ওপৰত এই সন্মিলনে বিশেষ গুৰুত্ব আৰোপ কৰে।[13][14][15]

প্ৰস্তুতি[সম্পাদনা কৰক]

ভাৰত চৰকাৰে জি-২০ৰ অষ্টাদশ সন্মিলনৰ বাবে ₹৯৯০ কোটি টকা বাজেট নিৰ্ধাৰণ কৰিছিল।[16] এই অনুষ্ঠানৰ নিৰাপত্তাৰ বাবে চৰকাৰে দিল্লী আৰক্ষীৰ ৮০ হাজাৰ আৰক্ষী বিষয়াকে ধৰি ১ লাখ ৩০ হাজাৰ নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছিল।[17]

চিএনএন, ৰয়টাৰ আৰু ৱাশ্বিংটন পোষ্টে প্ৰকাশ কৰা অনুসৰি জি-২০ সন্মিলনৰ পূৰ্বে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপকে ধৰি ভাৰতীয় কৰ্তৃপক্ষই সমগ্ৰ নতুন দিল্লীত গৃহহীন আশ্ৰয় শিবিৰ আৰু বস্তি অঞ্চলসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছিল।[18][19][20] ভাৰত চৰকাৰৰ প্ৰেছ সংস্থা প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে এই দাবী নাকচ কৰে আৰু কয় যে এই উচ্ছেদ অভিযান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে কৰা হৈছে আৰু ২০২৩ চনৰ জি-২০ নতুন দিল্লী সন্মিলনৰ সৈতে কোনো সম্পৰ্ক নাই।[21]

দিল্লীত নিষেধাজ্ঞা[সম্পাদনা কৰক]

সন্মিলনৰ সময়ত বিদেশী ৰাষ্ট্ৰৰ মুৰব্বী আৰু কূটনৈতিক বিষয়া আৰু অন্যান্য আমন্ত্ৰিত অতিথি সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত কিছুমান নিষেধাজ্ঞা জাৰি কৰা হয়। নিষেধাজ্ঞা অনুসৰি দিল্লীৰ সকলো বিদ্যালয়, কাৰ্যালয়, কৰ্মস্থলী, বজাৰ, ৰেষ্টুৰেণ্ট আৰু বিপণীসমূহ তিনিদিনৰ বাবে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। ইফালে পথত চলাচলৰ সন্দৰ্ভত যান-বাহনৰ বাবে কেতবোৰ নিৰ্দেশনা জাৰি কৰা হয়।[22] ই-কমাৰ্চ ডেলিভাৰী নতুন দিল্লী পৌৰ পৰিষদৰ (এনএমডিচি)ৰ অধীনত ঔষধ আৰু গেলামালৰ অৰ্ডাৰ দিয়াত সীমাবদ্ধ কৰা হয় আৰু মানুহক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়া হয়।[23][24]

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

এই সন্মিলনত জি-২০ গোটৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰায়ভাগৰে ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰৰ মুৰব্বী সকলে অংশগ্ৰহণ কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ভাৰতৰ ৰাজধানীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলন অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়।[25][26] তেওঁলোকৰ স্থান ক্ৰমে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ আৰু চীনৰ প্ৰিমীয়াৰ লি কিয়াঙে গ্ৰহণ কৰে।[27][28]

আমন্ত্ৰিত অতিথি[সম্পাদনা কৰক]

জি-২০ গোটৰ অধ্যক্ষ আৰু সন্মিলনৰ আয়োজক হিচাপে ভাৰতে মুঠ ১০খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।

অংশগ্ৰহণকাৰী আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অতিথি[সম্পাদনা কৰক]

ফলাফল[সম্পাদনা কৰক]

জি-২০ নতুন দিল্লী ২০২৩ত গ্ল'বেল বায়'ফুৱেলছ এলায়েন্সৰ গঠন
  • আফ্ৰিকান ইউনিয়নে জি-২০ত স্থায়ী সদস্য হিচাপে যোগদান কৰে।[37]
  • বহনক্ষম জৈৱ ইন্ধনৰ বিকাশ আৰু গ্ৰহণৰ প্ৰসাৰ আৰু প্ৰাসংগিক মানদণ্ড আৰু প্ৰমাণপত্ৰ নিৰ্ধাৰণৰ বাবে গ্ল'বেল বায়'ফিউৱেল এলায়েন্স (GBA) নামৰ এটা নতুন সংস্থা গঠন কৰা হয়।[38]
  • নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰখন সহমতৰ সৈতে গ্ৰহণ কৰা হয়।[39][40]
  • ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড'ৰ নামেৰে ভাৰতক মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ সৈতে সংযোগ কৰা ৰে'ল আৰু জাহাজ পৰিবহণ কৰিড'ৰ নিৰ্মাণৰ বাবে কেইবাখনো দেশৰ যৌথ চুক্তি হয়। এই গোটত ভাৰত, চৌদি আৰব, সংযুক্ত আৰব আমিৰাট, জৰ্ডান, ইজৰাইল আৰু ইউৰোপীয় সংঘ অন্তৰ্ভুক্ত হৈছে।[41]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "'One Earth, One Family, One Future' will be theme of G-20 Presidency: PM Modi" (en ভাষাত). Mint (newspaper). 16 November 2022. https://www.livemint.com/news/india/one-earth-one-family-one-future-will-be-india-s-theme-of-g-20-presidency-pm-modi-11668581666777.html. 
  2. "India to host G20 Summit in 2023, year after 2022 meeting in Indonesia: Grouping's declaration". Firstpost. 2020-11-23. https://www.firstpost.com/world/india-to-host-g20-summit-in-2023-year-after-2022-meeting-in-indonesia-groupings-declaration-9042481.html। আহৰণ কৰা হৈছে: 2021-03-14. 
  3. "India to host G20 Summit in 2023" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/india-to-host-g20-summit-in-2023-groupings-declaration/article33156506.ece. 
  4. "India's G-20 Summit Will Now Be in 2023, a Year Later Than Planned". thewire.in. https://thewire.in/diplomacy/indias-g20-summit-postponed-2023। আহৰণ কৰা হৈছে: 2021-06-02. 
  5. "Indonesia to Host G20 Summit in 2022". Sekretariat Kabinet Republik Indonesia. 2020-11-23. https://setkab.go.id/en/indonesia-to-host-g20-summit-in-2022/। আহৰণ কৰা হৈছে: 2021-06-02. 
  6. "Indonesia Leading 2022 G20 Summit". indonesiaexpat-id.cdn.ampproject.org. 24 November 2020. https://indonesiaexpat.id/news/indonesia-leading-2022-g20-summit/। আহৰণ কৰা হৈছে: 2021-06-02. 
  7. [2][3][4][5][6]
  8. Chaudhury, Dipanjan Roy (3 December 2018). "Warmth in ties prompts Italy to let India host G20 Summit in 2022". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/warmth-in-ties-prompts-italy-to-let-india-host-g20-summit-in-2022/articleshow/66913607.cms?from=mdr. 
  9. "Indonesia, India swap G-20 upcoming presidency term". The Straits Times. 23 November 2020. https://www.straitstimes.com/asia/se-asia/indonesia-india-swap-g-20-upcoming-presidency-term. 
  10. Anuj (2022-12-12). "India's G20 Presidency and It's Implications" (en-US ভাষাত). Perfect Review. Archived from the original on 2022-12-12. https://web.archive.org/web/20221212065539/https://pashubazzar.in/2022/12/12/indias-g20-presidency-and-its-implications/। আহৰণ কৰা হৈছে: 2022-12-17. 
  11. "India hands over G20 presidency to Brazil" (en ভাষাত). Reuters. 2023-09-10. https://www.reuters.com/world/india-hands-over-g20-presidency-brazil-2023-09-10/. 
  12. "Overview of G20". Ministry of Earth Sciences, India. https://moes.gov.in/g20-india-2023/moes-g20?language_content_entity=en। আহৰণ কৰা হৈছে: 16 June 2023. 
  13. "PM Narendra Modi interview highlights: From G20 presidency to India as a manufacturing destination, PM lays out his expansive vision for the country" (en ভাষাত). Business Today. 2023-08-26. https://www.businesstoday.in/latest/in-focus/story/pm-narendra-modi-interview-highlights-from-g20-presidency-to-india-as-a-manufacturing-destination-pm-lays-out-his-expansive-vision-for-the-country-395743-2023-08-26। আহৰণ কৰা হৈছে: 2023-08-28. 
  14. "Exclusive | PM Modi calls for global framework on cryptocurrency. Here's what he said" (en ভাষাত). India Today. https://www.indiatoday.in/business/story/exclusive-pm-modi-global-framework-cryptocurrency-here-what-he-said-2426908-2023-08-26। আহৰণ কৰা হৈছে: 2023-08-28. 
  15. "'G20 की अध्यक्षता कर पूरी दुनिया को नई राह दिखा रहा भारत', Exclusive इंटरव्यू में बोले पीएम मोदी" (hi ভাষাত). आज तक. 2023-08-26. https://www.aajtak.in/india/news/story/exclusive-interview-of-pm-narendra-modi-chairmanship-of-g-20-talks-on-russia-ukraine-war-and-china-ntc-1765996-2023-08-26। আহৰণ কৰা হৈছে: 2023-08-28. 
  16. "In Budget, ₹990 crore for G20 presidency, ₹100 cr for Iran's Chabahar port" (en ভাষাত). Hindustan Times. 2023-02-01. https://www.hindustantimes.com/india-news/in-budget-rs-990-crore-for-g20-presidency-rs-100-cr-for-iran-s-chabahar-port-101675254726520.html। আহৰণ কৰা হৈছে: 2023-09-09. 
  17. Livemint (2023-09-03). "G20 Summit: Anti-drone systems, 130,000 security officers to guard Delhi" (en ভাষাত). mint. https://www.livemint.com/news/india/g20-summit-anti-drone-systems-130-000-security-officers-to-guard-delhi-11693749579921.html। আহৰণ কৰা হৈছে: 2023-09-09. 
  18. "India, advocate for the global poor, clears slums as G20 draw near" (en ভাষাত). CNN. 5 September 2023. https://www.cnn.com/2023/09/04/india/g20-summit-india-slum-home-demolitions-intl-hnk-dst/index.html. 
  19. Mehrotra, Karishma; Shih, Gerry (20 March 2023). "As G-20 meetings come to India, Modi launches a public relations blitz". Washington Post. https://www.washingtonpost.com/world/2023/03/21/g20-india-modi-public-relations/. 
  20. "Many New Delhi slums disappear ahead of G20 summit". Reuters. 5 September 2023. https://www.reuters.com/article/g20-summit-slum-idAFKBN30B0H0. 
  21. "PIB Debunks CNN's Claims About Delhi Slum Clearance for G20 Summit" (en-US ভাষাত). www.newsx.com. 2023-09-07. https://www.newsx.com/pib-debunks-cnns-claims-for-g20-summit/। আহৰণ কৰা হৈছে: 2023-09-10. 
  22. "G20 Traffic advisory - New Delhi". https://www.business-standard.com/india-news/g20-summit-here-is-a-look-at-traffic-advisory-by-the-delhi-traffic-police-123090800806_1.html. 
  23. "2023 G20 New Delhi summit traffic advisory and regulations". https://www.business-standard.com/india-news/g20-summit-here-is-a-look-at-traffic-advisory-by-the-delhi-traffic-police-123090800806_1.html. 
  24. "G20: From Banks To Food Delivery, Here’s All You Need To Know About Restrictions In Delhi/NCR" (en ভাষাত). Outlook Business. 2023-09-07. https://business.outlookindia.com/news/g20-from-banks-to-food-delivery-heres-all-you-need-to-know-about-restrictions-in-delhincr। আহৰণ কৰা হৈছে: 2023-09-10. 
  25. "Biden Heads to G20 Summit; Putin, Xi Not Expected to Attend" (en ভাষাত). VOA. 6 September 2023. https://www.voanews.com/a/biden-heads-to-g20-summit-putin-xi-not-expected-to-attend-/7256229.html. 
  26. "G20 summit: Who is coming to India, and who is not" (en ভাষাত). France 24. 6 September 2023. https://www.france24.com/en/live-news/20230906-g20-summit-who-is-coming-to-india-and-who-is-not. 
  27. Goncharenko, Roman (September 8, 2023). "Putin's self-isolation: Lavrov attends the G20". DW News. https://dw.com/en/putins-self-isolation-lavrov-attends-the-g20/a-66762527। আহৰণ কৰা হৈছে: September 11, 2023. 
  28. "Chinese Premier Li G-20 Debut Eclipsed by Xi in State Media". Bloomberg News. September 10, 2023. https://www.bloomberg.com/news/articles/2023-09-10/chinese-premier-li-s-g-20-debut-eclipsed-by-xi-in-state-media। আহৰণ কৰা হৈছে: September 11, 2023. 
  29. "President Xi not coming for G 20, Premier Li takes his place". Hindustan Times. 2023-09-01. https://www.hindustantimes.com/world-news/china-president-xi-jinping-not-coming-for-g-20-premier-li-qiang-takes-his-place-101693497569775-amp.html। আহৰণ কৰা হৈছে: 2 September 2023. 
  30. Redacción (2023-09-07). "Presencias y ausencias que habrá en la cumbre del G20" (es-MX ভাষাত). Máspormás. https://www.maspormas.com/cdmx/presencias-y-ausencias-que-habra-en-la-cumbre-del-g20/। আহৰণ কৰা হৈছে: 2023-09-08. 
  31. 31.00 31.01 31.02 31.03 31.04 31.05 31.06 31.07 31.08 31.09 31.10 31.11 31.12 "India to invite Bangladesh as guest country during its G-20 presidency" (en ভাষাত). Prasar Bharati. 13 September 2022. https://newsonair.gov.in/News?title=India-to-invite-Bangladesh-as-guest-country-during-its-G-20-presidency&id=447615. 
  32. "Official List of Guests". https://www.g20.org/en/about-g20/#members। আহৰণ কৰা হৈছে: 31 January 2023. 
  33. "Nigeria's ruling party candidate Bola Tinubu wins disputed presidential election". https://theprint.in/world/nigerias-ruling-party-candidate-bola-tinubu-wins-disputed-presidential-election/1408112/. 
  34. "Photos: Tinubu, supporters celebrate Nigeria election win". https://www.aljazeera.com/gallery/2023/3/1/photos-bola-tinubu-and-supporters-celebrate-election-win. 
  35. 35.0 35.1 35.2 35.3 35.4 "India's G20 Presidency and the next phase of industrial growth" (en ভাষাত). The Financial Express (India). 2 November 2022. https://www.financialexpress.com/industry/indias-g20-presidency-and-the-next-phase-of-industrial-growth/2758777/. 
  36. 36.0 36.1 Bhattacherjee, Kallol (13 September 2022). "India to hold G20 summit in September 2023" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/india-to-hold-g20-summit-in-september-2023/article65885853.ece. 
  37. "African Union formally joins G20, PM Modi calls for 'trust and reliance'" (en ভাষাত). Hindustan Times. 2023-09-09. https://www.hindustantimes.com/india-news/african-union-formally-joins-g20-pm-modi-calls-for-trust-and-reliance-101694237313601.html। আহৰণ কৰা হৈছে: 2023-09-10. 
  38. "Launch of the Global Biofuel Alliance (GBA)". www.g20.org. https://www.g20.org/en/media-resources/press-releases/september-2023/gba/। আহৰণ কৰা হৈছে: 2023-09-10. 
  39. "New Delhi Declaration adopted at G20, huge win as India clinches consensus" (en ভাষাত). 9 September 2023. https://www.indiatoday.in/india/story/new-delhi-declaration-adopted-at-g20-summit-pm-modi-thanks-all-for-cooperation-2433392-2023-09-09. 
  40. "G20 New Delhi Leaders' Declaration" (english ভাষাত). mea.gov.in. https://mea.gov.in/bilateral-documents.htm?dtl/37084/G20+New+Delhi+Leaders+Declaration। আহৰণ কৰা হৈছে: 2023-09-10. 
  41. "Biden, Modi and G20 allies unveil rail and shipping project linking India to Middle East and Europe". AP News. 9 September 2023. https://apnews.com/article/biden-modi-infrastructure-g20-europe-middle-east-eb8988dfbd6c9c6f2c411c893d548333.