বনগাঁও সভা মহোৎসৱ
বনগাঁও সভা মহোৎসৱ | |
---|---|
বনগাঁও সভা মহোৎসৱৰ গোঁসাই আনয়নৰ দৃশ্য | |
স্থিতি | সক্ৰিয় |
ধৰণ | হিন্দু ধৰ্মোৎসৱ |
অৱস্থান | বনগাঁও, বজালী, বৰপেটা, অসম |
দেশ |
বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত বনগাঁওৰ এক বছৰেকীয়া ধৰ্মোৎসৱ হৈছে বনগাঁও সভা মহোৎসৱ। শতবৰ্ষ গৰকা এই সভা মহোৎসৱ প্ৰতি বছৰে মাঘ-ফাগুণ মাহৰ ভীষ্মাষ্টমীৰ দিনাখন হোম-যজ্ঞৰে আৰম্ভণি কৰা হয়। বনগাঁও আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলটোক মহামাৰী, অৰাজকতা আদিৰ পৰা বচোৱাৰ বাবে সমূহ গঞাই মিলিত হৈ হোম-যজ্ঞৰে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা এটা জনোৱাই এই সভাৰ মুখ্য উদ্দেশ্য। ইয়াৰ উপৰিও কৃষি কৰ্ম শেষ কৰাৰ পিছত সমূহ ৰাইজ এবাৰ মিলিত সুযোগ লাভ কৰে। [1]
সভাৰ কাৰ্যক্ৰম
[সম্পাদনা কৰক]- সমিতি গঠনৰ দিন: সভাৰ আগৰ কৃষ্ণা একাদশী তিথিত সভাখন চলাবলৈ গাঁওবাসী মিলিত হৈ এখন সাধাৰণ সভাৰ জৰিয়তে "সভা পৰিচালনা সমিতি" গঠন কৰে। এই সাধাৰণ সমিতি গঠন কৰাৰ বাবে যিখন সাধাৰণ সভা পাতে, তাতে ৰাইজে নিজেই গৈ উপস্থিত হয়হি। এই সাধাৰণ সভাৰ বাবে কোনো জাননী নিদিয়াকৈ ৰাইজ গোট খায়।
- কৰ্ম দিন: সভাৰ আগৰ পঞ্চমী তিথিত বা সৰস্বতী পূজাৰ আগত সকলো ৰাইজ লগ হৈ সভাৰ খলাত "চায়না" বা ৰভা সাজে। উল্লেখযোগ্য যে এই "চায়না"সমূহ বাঁহ, কলপাত, চাউপাত আৰু টকৌপাতেৰে সজাতো এক পৰম্পৰা। সমূহীয়া সাহাৰ্যৰে সজা এই ৰভাৰ তলতে সমূহ ৰাইজ লগ হৈ আশীৰ্ব্বাদ ল’লে, গাঁওখনৰ মঙ্গল হয় বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে। এই "চায়না দিয়া" প্ৰথাই ৰাইজৰ ঐক্যকো ভালদৰে পৰিস্ফুট কৰে আৰু নৱ প্ৰজন্মক ঐক্যবদ্ধভাৱে থাকিবলৈ প্ৰেৰণা যোগায় বুলি সকলোৰে দৃঢ় বিশ্বাস।
- সভাৰ প্ৰথম দিন: সভাৰ মূল দিনটোৰ আগৰ দিনাখন "গোসাঁই আনয়ন"। থলুৱা ভাষাত ইয়াক "গহে উলিওৱা" বুলি কোৱা হয়। বনগাঁওৰ প্ৰতিটো চুপাৰপৰা মুঠ তেৰখন জগন্নাথ মহাপ্ৰভুৰ বেদী বা আসন ঢোলে-ডগৰে, নাম-কীৰ্তনেৰে ৰাইজে আনি মুখ্য মন্দিৰত প্ৰতিষ্ঠা কৰে। প্ৰতিখন আসন চাৰিজন কিশোৰে কঢ়িয়াই অনাৰ লগতে সমূহ ৰাইজে নাম-প্ৰসংগৰে শোভাযাত্ৰা কৰি আনি সভাগূহত প্ৰতিষ্ঠা কৰেহি। চৌদিশৰপৰা অনা আসনসমূহ মিলিত হোৱাৰ পিছত সকলোৱে মিলি প্ৰদৰ্শন কৰা আতচবাজী প্ৰদৰ্শনো এই উৎসৱৰ এক বিশেষ আকৰ্ষণ।
- সভাৰ দ্বিতীয় দিন: সভাৰ দ্বিতীয় দিনটো মুখ্য দিন। স্থানীয় ৰাইজে এই দিনটোক "হোম" বুলি কয়। প্ৰভাত বন্দনাৰে সভাৰ কাৰ্য আৰম্ভ কৰা হয়। ভাগৱত পাঠ, নাম-কীৰ্তন হোম-জজ্ঞৰে গঞাই এই দিনটো কটায়। দিনটো উপবাসে থাকি পুষ্পাঞ্জলি লৈ, হোমৰ ছাঁইৰ ফোট আৰু নিৰ্মালি লৈহে ৰাইজে খাদ্য গ্ৰহণ কৰে।
- সভাৰ শেষ দিন: সভাৰ শেষ দিনাখন নাম-প্ৰসংগৰে জগন্নাথ মহাপ্ৰভুক সেৱা জনাই চাৰিজন ভাৰীয়ে কান্ধত তুলি আসনসমূহ পুনৰ চুবুৰীয়ে চুবুৰীয়ে থকা নামঘৰ সমূহলৈ লৈ যায়। [2]
সভাৰ স্থান
[সম্পাদনা কৰক]আদিতে প্ৰথম সভাৰ স্থান খাৰপৰা পথাৰ আছিল। তাত অস্থায়ীভাৱে বেদী নিৰ্মাণ কৰি ১৩০৮ চনৰ(ইং ১৯০১ চন) ভীষ্মাষ্টমীত প্ৰথম সভা পতা হৈছিল। এই সভা প্ৰথম তিনিদিনীয়াকৈ পতা হৈছিল যদিও পাচলৈ পাঁচদিনীয়াকৈ পাতে। তাৰ কেইবছৰমানৰ পিছত গাঁওৰ কেন্দ্ৰস্থল প্ৰাথমিক বিদ্যালয়ৰ দক্ষিণফালৰ মাটি ৰাইজৰ নামত কিনি তাতে সভাৰ স্থান ঠিক কৰে। তেতিয়াৰেপৰা সেই ঠাইতে সভা পাতি অহা হৈছে। [1]
অন্যান্য অনুষ্ঠান
[সম্পাদনা কৰক]সভাৰ লগত সংগতি ৰাখি কামৰূপীয়া ঢুলীয়া বা কৈহাটীৰ ঢুলীয়া, ওজাপালি আৰু যাত্ৰাপাৰ্টীৰ ভাওনা এক বিশেষ আকৰ্ষণ হিচাপে চিহ্ণিত হৈ আহিছে। [2]
ইতিবৃত্তি
[সম্পাদনা কৰক]১৩০৪ চনৰ ২৯ জেঠ, ইংৰাজী ১৮৯৭ চনত নামনি অসমত হোৱা প্ৰলয়ংকৰী ভূঁইকপৰ কৱলত পৰি বৰপেটা জিলাৰ (পুৰণি কামৰূপ জিলা) সৰুক্ষেত্ৰী অঞ্চলৰ বহু অনিষ্ট হৈছিল। ভূঁইকপৰ পিছৰ বানপানী আৰু তাৰ ঠিক পিছৰ মহামাৰীয়ে সংহাৰ মূৰ্ত্তি ধাৰণ কৰা সময়ত সেই অঞ্চলৰপৰা উঠি আহি কিছুমান মানুহে বনগাঁওত আহি থিতাপি লৈছিল আৰু মহামাৰীৰপৰা ৰক্ষা পোৱাৰ বাবে মানুহবোৰ লগ হৈ এখন মেল পাতিলে। এই মেলখনত সকলো মানুহ লগ হৈ ৰাইজৰ মাজত একতা, সংহতি, শান্তি, ভাতৃত্ববোধ বজাই ৰখা আৰু বিপদৰ পৰা ৰক্ষা পৰাৰ বাবে এখন পাঁচদিনীয়া সভা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্তমৰ্মে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ উদ্দেশ্যে মাঘ মাহৰ ভীষ্মাষ্টমী তিথিত হোমৰ দিন ধাৰ্য কৰে। হোমৰ আগদিনাখন সভাৰ গোন্ধ আৰু সেইদিনা গোঁসাই স্থাপন কৰাৰ সিদ্ধান্ত লয়। [1]
প্ৰতিষ্ঠাপক ব্যক্তিসকল
[সম্পাদনা কৰক]- ভাটিগোমূৰা চুপাৰ ধৰ্ম্মেশ্বৰ শৰ্ম্মা, বাপুৰাম ভূঞা, দুতিৰাম পাঠক, কেত্ৰা কলিতা
- বৰগোমূৰা চুপাৰ চেনী ৰাম পণ্ডিত, ৰূপাৰাম ডেকা, কান্দ্ৰা মেধি, উগ্ৰ মেধি
- বতিয়া চুপাৰ ইন্দুৰ তালুকদাৰ, গুণাৰাম তালুকদাৰ, কেতেৰু গাঁওবুঢ়া, পহৰু তালুকদাৰ
- ঠেকা চুপাৰ গেৰা পাঠক, মুলুং কাহাৰ
- ব্ৰাহ্মণ চুপাৰ সভা অধ্যাপক লোকনাথ শৰ্মা, বনমালী শৰ্মা, গঙ্গা শৰ্মা, গোবিন্দ শৰ্মা, লম্বো শৰ্মা
- পাকা চুপাৰ পঞ্চানন লহকৰ, তপা গাঁওবুঢ়া
- গোঁসাই চুপাৰ সৰ্বেশ্বৰ অধিকাৰী, সূৰ্যকান্ত গোস্বামী।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|