কছাৰী ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডিমাচা ৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ডিমাচা ৰাজ্য
দিমাচা কছাৰী ৰাজ্য

১০ম শতিকা–১৮৫৪
ৰাজধানী ডিমাপুৰ,মাইবং, খাচপুৰ, Haritikar
চৰকাৰ জনজাতীয় ৰাজতন্ত্ৰ
কাল ভাৰতৰ মধ্যযুগীয় ৰাজ্য
 - স্থাপিত ১০ম শতিকা
 - ব্ৰিটিছ শাসিত ভাৰতত অন্তৰ্ভুক্তি ১৮৫৪
Warning: Value specified for "continent" does not comply

দিমাচা কছাৰী ৰাজ্য (উচ্চাৰণ: kəˈʧɑ:rɪ) অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়ৰ শাসকসকল আছিল ডিমাচা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য (কমতা, চুতীয়া কামৰূপ ৰাজ্যৰ পাছত মধ্যযুগীয় অসমত গঢ় লৈ উঠিছিল। কছাৰী ৰাজ্যৰ অংশবিশেষ ব্ৰিটিছৰ আগমণলৈকে বৰ্তি আছিল। এই ৰাজ্যৰ নামেৰে অসমৰ দুখন জিলা আছে: কাছাৰ আৰু উত্তৰ কাছাৰ (ডিমা হাচাও জিলা)।

কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়।[1] পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়।[2] ডিমাচাসকলে শদিয়াৰ দেৱী কেচাই খাইটিক পূজা কৰিছিল।[3] কছাৰীসকলে নিজকে মহাভাৰতভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে।

কাছমাৰী[সম্পাদনা কৰক]

অসমৰ গোলাঘাট জিলাৰ দৈয়াং নদীৰ পাৰত থকা কাছমাৰীয়েই সম্ভৱ ডিমাপুৰৰ আগতে কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল।

ডিমাপুৰ[সম্পাদনা কৰক]

হিড়িম্বা নামৰ পৰাই ডিমাপুৰ নামটো হৈছে। ইয়াৰ প্ৰাচীন নাম হিড়িম্বাপুৰ। অপভ্ৰংশ হৈ ডিম্বাপুৰ আৰু শেষত ডিমাপুৰ নাম হয়গৈ। আন এক বিশ্বাস মতে ডিমাচা আৰু পুৰ (নগৰ)ৰ পৰা ডিমাপুৰ নামটো আহিছে। আহোম বুৰঞ্জীত ডিমাপুৰক "চে-ডিমা" অৰ্থাৎ ডিমাচাৰ নগৰ বুলি উল্লেখ কৰা হৈছে। ১৩শ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলং নদীলৈকে বৰ্তমানৰ ধনশিৰী নৈৰ উপত্যকা আৰু ডিমা হাচাও জিলা সামৰি কছাৰী ৰাজ্য বিস্তাৰ হৈছিল।

আহোমৰ লগত সংঘাত[সম্পাদনা কৰক]

আহোমসকলে চুতীয়া আৰু কছাৰী ৰাজ্যৰ মাজৰ বৰাহী আৰু মটক লোক থকা অঞ্চলত ৰাজ্য স্থাপন কৰিলে। ১৪৯০ চনত প্ৰথমবাৰৰ বাবে আহোম-কছাৰীৰ সংঘাত হয় আৰু আহোমৰ পৰাজয় হয়। শান্তি স্থাপনৰ বাবে আহোম কুঁৱৰী এগৰাকী কছাৰী ৰজালৈ দিয়া হয় আৰু কছাৰীসকলে ধনশিৰীৰ সিপাৰৰ অঞ্চলো নিয়ন্ত্ৰণলৈ আনে। কিন্তু আহোমসকল শক্তিশালী হৈ উঠাৰ লগে লগে কছাৰীসকলক পশ্চিমলৈ ঠেলি দিয়ে। ১৫২৬ চনত ডিমাচা কছাৰীসকলে আহোমক এখন যুদ্ধত পৰাস্ত কৰিলেও সেই বছৰেই আন এখন যুঁজত হাৰ মানে। ১৫৩১ চনত আহোমসকলে ডিমাপুৰ আক্ৰমণ কৰি কছাৰী কোঁৱৰ ডেটচুঙক কৰতলীয়া ৰজা পাতে আৰু বছৰি ২০টা হাতী আৰু ১ লাখ টকাৰ কৰ আদায়ৰ চুক্তি কৰে। পাঁচবছৰ কৰতলীয়া হৈ থকাৰ পাছত ডেটচুঙে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত ১৫৩৬ চনত আহোমে পুনৰ ডিমাপুৰ আক্ৰমণ কৰি ডেটচুঙক হত্যা কৰে। ডিমাচা কছাৰীসকলে ডিমাপুৰ ত্যাগ কৰি দ‌ক্ষিণৰ ফালে মাইবঙত নতুন ৰাজধানী স্থাপন কৰে। ডিমাচা ভাষা মতে "মাই" মানে "ধাননি" আৰু "বং" মানে "বহুত"।

মাইবং[সম্পাদনা কৰক]

মাইবঙত ডিমাচা কছাৰীসকলৰ ওপৰত ব্ৰাহ্মণৰ প্ৰভাৱ পৰে। ডেটচুঙৰ পুত্ৰই নিৰ্ভয় নাৰায়ণ বুলি হিন্দু নাম লয় আৰু তেওঁৰ ব্ৰাহ্মণ গুৰুক ধৰ্মাধি উপাধি দিয়ে। হিড়িম্বাৰ নামৰ পৰা ৰাজ্যখনৰ নাম হেৰম্ব আৰু শাসকসকলক হেৰম্বেশ্বৰ বুলিও জনা যায়।

মাইবঙৰ ব্ৰাহ্মণ কিংবদন্তি মতে বনবাসৰ সময়ত পাণ্ডৱসকল কছাৰী ৰাজ্যলৈ আহিছিল। ভীম আৰু কুঁৱৰী হিড়িম্বাৰ প্ৰেম হৈ গন্ধৰ্ব বিবাহ হয়। তেওঁলোকৰ ঘটোৎকচ নামৰ এজন পুত্ৰৰ জন্ম হয় যি বহু বছৰ কছাৰী ৰাজ্য শাসন কৰিছিল। তেওঁৰ বংশ‌ই চতুৰ্থ শতিকালৈকে "ডিলাও" নদী (অৰ্থ ""দীঘল নদী"") বা এতিয়াৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ বৃহৎ অঞ্চল শাসন কৰিছিল। বিশ্বাস কৰা হয় যে কছাৰীসকলে মহাভাৰতৰ যুদ্ধতো অংশ লৈছিল।

মাইবঙৰ ৰজাক শাসনৰ ক্ষেত্ৰত বৰভাণ্ডাৰী আৰু তেওঁৰ তলৰ পাত্ৰ আৰু ভাণ্ডাৰীৰে গঠিত মন্ত্ৰী পৰিষদে সহায় কৰিছি। মন্ত্ৰী আৰু আন বিষয়াসকল ডিমাচা জনগোষ্ঠীয় লোকেই আছিল। ডিমাচা লোকৰ প্ৰায় ৪০টা ফৈদ বা ছেংফং আছিল। প্ৰত্যেক ফৈদেই ৰাজপৰিষদ বা মেললৈ এজনলৈ প্ৰতিনিধি পঠিয়াইছিল। ৰজা নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা এই পৰিষদ মেল মণ্ডপত ছেংফঙৰ মৰ্যাদা অনুসৰি বহিছিল।

১৭শ শতিকামানত ডিমাচা কচাৰীৰ ৰাজ্য কাচাৰৰ ভৈয়ামলৈকে বিয়পে। ভৈয়ামৰ লোকে প্ৰত্যক্ষভাৱে কছাৰী ৰজাৰ পাৰিষদত অংশ নল'লেও ধৰ্মাধি গুৰু আৰু ব্ৰাহ্মণসকলৰ অশেষ প্ৰভাৱ আছিল। ভৈয়ামৰ প্ৰজাক তেওঁলোকক খেল হিচাপে ভাগ কৰা হৈছিল আৰু ৰজাই উজীৰ নামৰ বিষয়াৰ জৰিয়তে কৰ আদায় কৰিছিল।

কাষৰীয়া ৰাজ্য[সম্পাদনা কৰক]

কোচ সেনাপতি চিলাৰায়ে ১৫৬২ চনত দুৰ্লভ নাৰায়ণৰ দিনত কছাৰী ৰাজ্য আক্ৰমণ কৰে আৰু কোচৰ কৰতলীয়া কৰে। বছৰি কৰৰ পৰিমাণ আছিল সত্তৰ হাজাৰমোহৰ আৰু ষাঠীটা হাতী। থাকি কিছু কোচ সৈন্য দেহান নামেৰে পৰিচিত হৈ কছাৰী ৰাজ্যত বিশেষ সুবিধা লাভ কৰে। অৱশ্যে চিলাৰায়ৰ মৃত্যুৰ পাছত কোচ ৰাজ্যত সৃষ্টি হোৱা গৃহকন্দলৰ সুযোগ লৈ কছাৰীসকলে পুনৰ নিজক স্বাধীন বুলি ঘোষণা কৰে।

সপ্তদশ শতিকাৰ আৰম্ভণিত ডিমৰুৱা অঞ্চল লৈজয়ন্তীয়া ৰাজ্যৰ লগত হোৱা যুদ্ধত জয়ন্তীয়া ৰজা ধনমাণিকৰ পৰাজয় হৈছিল। ধনমাণিকৰ মৃত্যুৰ পাছত কছাৰী ৰজা শত্ৰুদমনে যশমাণিকক জয়ন্তীয়া ৰজা পাতে। তেওঁ কূটনীতিৰে ১৬১৮ চনত আহোমৰ লগত কছাৰীৰ সংঘাতৰ সৃষ্টি কৰে। কছাৰীসকলৰ সকলোতকৈ শক্তিশালী ৰজা শত্ৰুদমনে নগাঁও জিলাৰ ডিমৰুৱা, উত্তৰ কাচাৰ, ধনশিৰী উপত্যকা, কাচাৰৰ ভৈয়াম আৰু পূব চিলেটৰ কিছু অংশ শাসন কৰিছিল। চিলেট বিজয়ৰ পাছত তেওঁ নিজৰ নামত মোহৰ সজাইছিল।

খাচপুৰ[সম্পাদনা কৰক]

খাচপুৰত কছাৰী মহলৰ ধ্বংসাৱশেষ

খাচপুৰৰ অঞ্চল পূৰ্বতে ত্ৰিপুৰা ৰাজ্যৰ অন্তৰ্গত আছিল। ১৬শ শতিকাত চিলাৰায়ে অধিকাৰ কৰা এই অঞ্চল চিলাৰায়ৰ ভায়েক কমলনাৰায়নে শাসন কৰিছিল। কোচ ৰাজ্যৰ শক্তি টুটি অহাৰ পাছত খাচপুৰ স্বাধীন হৈ পৰে। ১৮ শ শতিকাৰ মাজভাগত শেষ কোচ শাসকজনৰ উত্তৰাধিকাৰী অবিহনে মৃত্যু হোৱাত এই অঞ্চল যৌতুক হিচাপে কছাৰী ৰজাৰ অধীনলৈ যায়। একত্ৰীকৰণৰ পাছত ডিমাচা কছাৰী ৰাজ্যৰ ৰাজধানী বৰ্তমান শিলচৰৰ ওচৰৰ খাচপুৰলৈ স্থানান্তৰিত কৰা হয়।

ব্ৰিটিছৰ আগমণ[সম্পাদনা কৰক]

১৯শ শতিকাৰ আৰম্ভণিত আহোম ৰাজ্যৰ লগতে ডিমাচা কছাৰী ৰাজ্য মানৰ অধীনলৈ যায়। শেষ ৰজা গোবিন্দচন্দ্ৰক ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছসকলে পুনৰ স্থাপন কৰে। কিন্তু তেওঁ পাৰ্বত্য অঞ্চল শাসন কৰি থকা তুলাৰাম সেনাপতিক বশ কৰাত অসমৰ্থ হ'ল। তুলাৰাম সেনাপতিয়ে দক্ষিণত মাহুৰ নদী আৰু নগা পাহাৰ, পশ্চিমে দৈয়াং নদী, পূবে ধনশিৰি নদী আৰু উত্তৰে যমুনা আৰু দৈয়াং নদীৰ অঞ্চল ৰাজত্ব কৰিছিল। ১৮৩০ চনৰ ২০ এপ্ৰিলত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিঙৰ প্ৰৰোচনাত কেইজনমান মণিপুৰী লোকে গোবিন্দচন্দ্ৰক হত্যা কৰে। ১৮৩২ চনত তুলাৰাম সেনাপতিক পেঞ্চন দি ব্ৰিটিছে তেওঁৰ শাসিত অঞ্চল অধিগ্ৰহণ কৰে (উত্তৰ কাচাৰ জিলা); আৰু ১৮৩৩ চনত গোবিন্দচন্দ্ৰ অঞ্চলো কাচাৰ জিলা হিচাপে অধিগ্ৰহণ কৰা হয়।[4]


কছাৰী ৰজাসকল[সম্পাদনা কৰক]

ডিমাপুৰত

  • বিচাৰপতিফা
  • বিক্ৰমাদিত্যফা
  • মহামণিফা
  • মণিফা
  • লাদাফা
  • খোৰাফা
  • খুনখোৰাফা
  • ডেটচুংফা

মাইবঙত

  • নিৰ্ভয় নাৰায়ণ(১৫৪০-১৫৫০)
  • দুৰ্লভ নাৰায়ণ বা হাৰ্মেশ্বৰ (১৫৫০-১৫৭৬)
  • মেঘ নাৰায়ণ (১৫৭৬-১৫৮৩)
  • শত্ৰুদমন (প্ৰতাপ নায়াৰণ, যশ নাৰায়ণ) (১৫৮৩-১৬১৩)
  • নৰ নাৰায়ণ (১৬১৩-)
  • ভীমদৰ্প নাৰায়ণ (ভীমবল কোঁৱৰ) (-১৬৩৭)
  • ইন্দ্ৰবল্লভ নাৰায়ণ (১৬৩৭-)
  • বীৰদৰ্প নাৰায়ণ (-১৬৮১)
  • গৰুড়ধ্বজ নাৰায়ণ
  • মকৰধ্বজ
  • উদয়াদিত্য
  • তাম্ৰধ্বজ নাৰায়্ণ (১৬৯৯-১৭০৮)
  • ৰাণী চন্দ্ৰপ্ৰভা
  • শূৰদৰ্প নাৰায়ণ (-১৭৩০)
  • ধৰ্মধ্বজ নাৰায়ণ (হৰিচন্দ্ৰ নাৰায়ণ)
  • কীৰ্তিচন্দ্ৰ নাৰায়ণ (১৭৩৫-১৭৪৫)
  • গোপীচন্দ্ৰ নাৰায়ণ (১৭৪৫-১৭৫৭)

খাচপুৰত

  • হৰিচন্দ্ৰ দ্বিতীয় (১৭৫৭-১৭৭২)
  • কৃষ্ণচন্দ্ৰ নাৰায়ণ (১৭৭২-১৮১৩)
  • গোবিন্দচন্দ্ৰ নাৰায়ণ (১৮১৩-১৮৩০)

পাৰ্বত্যত

  • তুলাৰাম সেনাপতি (মৃত্যু ১২ অক্টোবৰ ১৮৫০)

টোকা[সম্পাদনা কৰক]

  1. (Bhattacharjee 1992:392–393)
  2. (Gogoi 1968:268)
  3. (Bhattacharjee 1992:393)
  4. (Bose 1985, পৃষ্ঠা 14)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Bose, Manilal (1985), Development of Administration in Assam, প্ৰকাশক Assam: Concept Publishing Company 
  • Gait, Edward A. (1906), A History of Assam, প্ৰকাশক Calcutta 
  • Barpujari, S. K. (1997), History of the Dimasas (from the earliest times to 1896 AD), প্ৰকাশক Haflong 
  • Bhattacharjee, J. B. (1992), "The Kachari (Dimasa) state formation", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board, pp. 391–397 
  • Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, Gauhati University, Guwahati 
  • Rhodes, Nicholas G.; Bose, Shankar K. (2006), A History of the Dimasa-Kacharis As Seen Through Coinage, Mira Bose, Library of Numismatic Studies, Kolkata and Guwahati 
  • Dundas, W. C. M., An Outline Grammar And Dictionary Of The Kachari (Dimasa) Language  (based on Barman, Mani Charan, Kachari Grammar ).