সমললৈ যাওক

সংযুক্ত আৰৱ আমিৰাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ইউনাইটেড আৰব এমিৰেট্‌ছৰ পৰা পুনঃনিৰ্দেশিত)
সংযুক্ত আৰৱ আমিৰাত
دولة الإمارات العربية المتحدة‎
দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্
Flag of সংযুক্ত আৰৱ আমিৰাত
Flag
Coat of arms of সংযুক্ত আৰৱ আমিৰাত
Coat of arms
Motto: ---
Anthem: "ইশ্বি বিলাদি"
Location of সংযুক্ত আৰৱ আমিৰাত
ৰাজধানীআবু ধাবি
Largest cityডুবাই
Official languagesআৰৱী ভাষা
Demonymআমিৰাতি
Governmentযুক্তৰাষ্ট্ৰীয়, পৰম আৰু বংশগত ৰাজতন্ত্ৰ
• ৰাষ্ট্ৰপতি
খালিফা বিন জায়েদ আল নাহিয়ান
• প্ৰধানমন্ত্ৰী
মহম্মদ বিন ৰাছিদ আল মাকতুম
সংস্থাপন 
২ ডিচেম্বৰ ১৯৭১
• Water (%)
নগণ্য
Population
• ২০১৩ estimate
৯,২০৫,৬৫১[1] (৯৩)
• ২০০৫ census
৪,১০৬,৪২৭
• Density
99 /কিমি২ (২৫৬.৪ /বৰ্গ মাইল) (১১০)
GDP (PPP)২০০৭ estimate
• Total
$১৫৯.৩ বিলিয়ন (৫৪)
• Per capita
$৩৫,৫১৬ (১৬)
GDP (nominal)২০০৬ estimate
• Total
$১৬৪ বিলিয়ন (৩৮)
• Per capita
$৪২,১৭৫ (১৬)
Currencyআমিৰাতি দিৰহাম (AED)
Time zoneUTC+৪ (GMT+4)
• Summer (DST)
UTC+৪
Calling code৯৭১
Internet TLD.ae, امارات.

সংযুক্ত আৰৱ আমিৰাত (আৰবী: دولة الإمارات العربية المتحدة‎ দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্) মধ্যপ্ৰাচ্য এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে। প্ৰতিটো আমিৰাত এক উপকূলীয় জনবসতিক কেন্দ্ৰ কৰি আৱৰ্তিত। আমিৰাত শাসনকৰ্তাৰ পদবীৰ নাম আমিৰ। সংযুক্ত আৰৱ আমিৰাতৰ সাতখন আমিৰাতৰ নাম হ’ল; আবু ধাবি, আজমান, ডুবাই, আল ফুজাইৰাহ, ৰায়াছ আল খাইমাহ, আশ শ্বৰিকাহ আৰু উম্ম আল ক্বাইওয়াইন। আবু ধাবি চহৰ ফেডাৰেচনৰ ৰাজধানী আৰু ডুবাই দেশখনৰ বৃহত্তম চহৰ।

সংযুক্ত আৰৱ আমিৰাত মৰুময় দেশ। ইয়াৰ উত্তৰে পাৰস্য উপসাগৰ, দক্ষিণ আৰু পশ্চিমে চৌদি আৰৱ, আৰু পূবত ওমান আৰু ওমান উপসাগৰ। ১৯৫০ৰ দশকত খাৰুৱা তেল আৱিষ্কাৰৰ আগতে সংযুক্ত আৰৱ আমিৰাত মূলত ব্ৰিটিছ চৰকাৰৰ অধীন কিছুমান অনুন্নত অঞ্চলৰ সমষ্টি আছিল। খনিজ তেল শিল্পৰ বিকাশৰ লগে লগে এই অঞ্চলৰ দ্ৰুত উন্নতি আৰু আধুনিকৰণ ঘটে। ফলত ১৯৭০ৰ দশকৰ আৰম্ভণিতে আমিৰাতসমূহ ব্ৰিটিছৰ নিয়ন্ত্ৰণ পৰা ওলাই নিজক স্বাধীন ঘোষণা কৰে। দেশখনৰ খাৰুৱা তেলৰ বেছি ভাগ আবু ধাবিত পোৱা যায়। ফলত ই সাতখন আমিৰাতৰ ভিতৰত আটাইতকৈ ধনী আৰু শক্তিশালী। তেল শিল্পৰ কাৰণে ইয়াৰ অৰ্থনীতি স্থিতিশীল আৰু জীৱনযাত্ৰাৰ মান বিশ্বৰ সৰ্বোচ্চসমূহৰ ভিতৰত অন্যতম।

খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্ৰথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্ৰাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীৰ্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে চিৰিয়া আৰু ইৰাণৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ (বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]