সমললৈ যাওক

কিৰগিজস্তান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Kyrgyzstanৰ পৰা পুনঃনিৰ্দেশিত)
কিৰগিজ প্ৰজাতন্ত্ৰ
Кыргыз Республикасы
ক্যিৰ্গিয্য ৰেস্পুব্লিকাস্যি
Кыргызская Республика
ক্যিৰ্গিযস্কায়া ৰেস্পুব্লিকা
ৰাষ্ট্ৰীয় প্ৰতীক of কিৰগিস্তান
ৰাষ্ট্ৰীয় প্ৰতীক
Anthem: 
Кыргыз Республикасынын Мамлекеттик Гимни
Kyrgyz Respublikasynyn Mamlekettik Gimni
কিৰগিজ প্ৰজাতন্ত্ৰৰ জাতীয় সংগীত
Location of কিৰগিস্তান
ৰাজধানী
and largest city
বিশকেক
Ethnic groups
  • ৬৮.৯% কিৰগিজ
  • ১৪.৪% উজবেক
  • ৯.১% ৰাছিয়ান
  • ২.৪% জাৰ্মান
  • ৫.২% অন্যান্য
Demonym
  • কিৰগিজ[1]
Governmentএকক সদনীয় সংসদ
 ৰাষ্ট্ৰপতি
আলমাজবেগ আতাম্বায়েব
 প্ৰধানমন্ত্ৰী
ঝানটোৰো ছ্যাটিবালদিয়েভ
Legislatureছুপ্ৰীম কাউন্সিল
Area
 Total
1,99,900 বৰ্গ কি.মি. (৭৭,২০০ বৰ্গ মাইল) (86th)
 Water (%)
৩.৬
Population
 ২০১০ estimate
৫,৫৫০,২৩৯ (১১০ তম)
 ২০০৯ census
৫,৩৬২,৮০০
 Density
এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" /কিমি (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ /বৰ্গ মাইল) (১৭৬ তম)
GDP (PPP)২০১১ estimate
 Total
$১৩.১২৫ বিলিয়ন[2]
 Per capita
$২,৩৭২[2]
GDP (nominal)২০১১ estimate
 Total
$৫.৯২০ বিলিয়ন[2]
 Per capita
$১,০৭০[2]
Gini (২০০৩)৩০.৩
Error: Invalid Gini value
HDI (২০১০)০.৫৯৮[3]
Error: Invalid HDI value (১২৫ তম)
Currency কিৰগিজস্তানী চম (KGS)
Time zoneUTC+৫ ৰ পৰা +৬ (কিৰগিজস্তান সময়(KGT))
Calling code৯৯৬
Internet TLD.kg

কিৰগিজিস্তান (কিৰগিজ: Кыргызстан ক্যিৰ্গিয্‌স্তান্‌) মধ্য এছিয়াৰ পূব ভাগৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ চৰকাৰী নাম কিৰগিজ প্ৰজাতন্ত্ৰ (Кыргыз Республикасы ক্যিৰ্গিয্‌ ৰেস্পুব্লিকাস্যি)। ইয়াৰ উত্তৰে কাজাখাস্তান, পূবে চীন, দক্ষিণে চীন আৰু তাজিকিস্তান আৰু পশ্চিমে উজবেকিস্তানবিশকেক চহৰ দেশখনৰ ৰাজধানী তথা বৃহত্তম চহৰ।

কিৰগিজ সকল মুছলমান জাতি। তেওঁলোক কিৰগিজ ভাষা নামৰ একপ্ৰকাৰৰ তুৰ্কী ভাষা ব্যৱহাৰ কৰে। এওঁলোক কিৰগিজিস্তানৰ জনসংখ্যাৰ সংখ্যাগৰিষ্ঠ অংশ গঠন কৰিছে। উজবেক আৰু ৰুছ জাতিৰ লোকসকল এই অঞ্চলৰ উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায়। ঊনৈছ শতিকাৰ শেষৰ ফালে কিৰগিজিস্তান ৰুছ সম্ৰাজ্যৰ অন্তৰ্গত হয়। ১৯২৪ চনত ই ছোভিয়েট ইউনিয়নৰ এখন স্বায়ত্তশাসিত অঞ্চলৰ মৰ্যাদা পায়। ১৯৩৬ চনত ইয়াক ছোভিয়েট প্ৰজাতন্ত্ৰৰ মৰ্যাদা দিয়া হয়। তেতিয়া এই দেশ কিৰগিজিয়া নামেও পৰিচিত আছিল। ১৯৯১ চনত দেশখনে স্বাধীনতা লাভ কৰে আৰু ১৯৯৩ চনত নতুন সংবিধান গ্ৰহণ কৰা হয়।

ৰাজনীতি

[সম্পাদনা কৰক]

কিৰগিজিস্তান এখন অৰ্ধ-ৰাষ্ট্ৰপতিশাসিত প্ৰতিনিধিত্বমূলক গণতান্ত্ৰিক ৰাষ্ট্ৰ। ৰাষ্ট্ৰপতি কেৱল ৰাষ্ট্ৰৰ প্ৰধান। প্ৰধানমন্ত্ৰী হৈছে দেশ খনৰ চৰকাৰ প্ৰধান। ৰাষ্ট্ৰৰ প্ৰশাসনিক আৰু আন আন ক্ষমতা সমূহ এওঁৰ হাতত ন্যস্ত। ৰাষ্ট্ৰৰ পৰিচালনাৰ সমস্ত ক্ষমতা চৰকাৰৰ হাতত ন্যস্ত। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু আইনসভা উভয়ৰ ওপৰত ন্যস্ত। বিচাৰ ব্যৱস্থা সাধাৰণতে চৰকাৰৰ পৰা স্বতন্ত্ৰ।

কিৰগিজ ভাষা কিৰগিজিস্তানৰ চৰকাৰী ভাষা। এই ভাষা কিৰগিজিস্তানৰ আধাতকৈ বেছি অধিবাসীৰ মাতৃভাষা। ইয়াৰ প্ৰায় ১৬% লোক ৰুছ ভাষা ব্যৱহাৰ কৰে। অন্যান্য প্ৰচলিত ভাষা সমূহ হল; উজবেক ভাষা, চীনা ভাষা, মংগোলীয় ভাষা আৰু উইগুৰ ভাষা। ইয়াৰ কিছুমান উল্লেখনীয় জনগোষ্ঠী হৈছে কিৰগিজ, উজবেক, ৰাছিয়ান, জাৰ্মান আদি।

সুউচ্চ পাহাৰীয়া ভূ-প্ৰকৃতি কিৰগিজিস্তানৰ পৰিবহণ ব্যৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। কিৰগিজিস্তানৰ বাট-পথ সমূহ অতি দুৰ্গম, পাহাৰীয়া ঢালত, সৰ্পিলকাৰ। এইবোৰৰ বেছিভাগেই সমুদ্ৰ পৃষ্ঠৰা পৰা ৩০০০ মিটাৰ ওখ গিৰিপথৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ বাট-পথ সমূহ সঘনাই ভূমিস্খলন আৰু হিমানী সম্প্ৰপাতৰ চিকাৰ হয়। শীতকালত উচ্চ উচ্চতাৰ দুৰৱৰ্তী অঞ্চলসমূহ ভ্ৰমণ কৰা অত্যন্ত দুঃসাধ্য। আৰু এক প্ৰধান সমস্যা হল, ছোভিয়েট চৰকাৰৰ আমলত নিৰ্মিত বেছিভাগ পথৰ মাজেৰে বৰ্তমান আন্তৰ্জাতিক সীমা পাৰ হৈ গৈছে। ইয়াৰ ফলত এই পথ সমূহ ব্যৱহাৰ কৰোঁতে আন্তৰ্জাতিক নীতি-নিৰ্দেশনা মানি চলিব লাগে। যাৰ ফলত বহুত সময় নষ্ট হয়। কিৰগিজিস্তানত গ্ৰামীণ আৰু পাহাৰীয়া অঞ্চলত পৰিবহণৰ মাধ্যম হিচাপে ঘোড়া ব্যৱহৃত হয়।

তথ্য উৎস

[সম্পাদনা কৰক]