তাজিকিস্তান
তাজিকিস্তান গণতন্ত্ৰ Ҷумҳурии Тоҷикистон জুম্হুৰিই তজিকিস্তন্ | |
|---|---|
| Motto: নাই | |
| Anthem: চুৰুদি মিল্লী | |
| ৰাজধানী | দুশ্বন্বে |
| Largest city | ৰাজধানী |
| Official languages | ফৰাচী ভাষা (তাজিক ভাষা) |
| Government | একক চৰকাৰ |
• ৰাষ্ট্ৰপতি |
ইমোমালি ৰাহমোন |
• প্ৰধানমন্ত্ৰী |
অকিল অকিলোভ |
| ছোভিয়েট ইউনিয়নৰ পতন | |
• Water (%) | ০.৩ |
| Population | |
• জুলাই ২০০৬ estimate | ৭,৩২০,০০০১ (১০০তম১) |
• ২০০০ census | ৬,১২৭,০০০ |
| GDP (PPP) | ২০০৫ estimate |
• Total | $৮.৮০২বিলিয়ন (১৩৯তম) |
• Per capita | $১,৩৮৮ (১৫৯তম) |
| Gini (২০০৩) | ৩২.৬ Error: Invalid Gini value |
| HDI (২০০৪) | Error: Invalid HDI value (১২২তম) |
| Currency | চমনী (TJS) |
| Time zone | UTC+৫ (তাজিকিস্তান সময় (TJT)) |
| Calling code | ৯৯২ |
| Internet TLD | .tj |
| |
তাজিকিস্তান (তাজিক ভাষা: Тоҷикистон তজিকিস্তন্)দক্ষিণ-পূব মধ্য এছিয়াৰ এখন স্থলবেষ্টিত প্ৰজাতন্ত্ৰ ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে কিৰগিজস্তান, উত্তৰে আৰু পশ্চিমে উজবেকিস্তান, পূবে চীন আৰু দক্ষিণে আফগানিস্তান অৱস্থিত। দুশ্বন্বে দেশখনৰ বৃহত্তম চহৰ আৰু ৰাজধানী। গোৰ্ণা-বাদাখশান স্বায়ত্তশাসিত অঞ্চল তাজিকিস্তানত অৱস্থিত। ই এক জাতিগত অঞ্চল আৰু দেশখনৰ প্ৰায় ৪৫% অঞ্চলত বিস্তৃত।
দেশখনৰ অধিকাংশ জনগণ তাজিক জাতিৰ লোক। এওঁলোক তাজিক নামৰ এক ফাৰ্চী জাতীয় ভাষা ব্যৱহাৰ কৰে। ১৯২৯ চনত তাজিকিস্তান ছোভিয়েট ইউনিয়নৰ এক অংশত পৰিণত হয়। ১৯৯১ চনত ই স্বাধীনতা লাভ কৰে। স্বাধীনতাৰ ঠিক পিছৰ পৰায়ে দেশখনত সাম্যবাদী চৰকাৰ আৰু বিৰোধী দলসমূহৰ মাজত গৃহযুদ্ধ সূচনা হয়। ১৯৯৭ চনৰ জুন মাহত দুই পক্ষৰ মাজত শান্তি চুক্তি স্বাক্ষৰ হয়।
নামৰ উৎপত্তি
[সম্পাদনা কৰক]তাজিকিস্তানৰ শাব্দিক অৰ্থ তাজিকসকলৰ আবাসস্থল। বিংশ শতিকাৰ শেষৰ দশকৰ ফালে ছোভিয়েট প্ৰশাসনৰ অধীনত যোৱাৰ পৰায়ে এই নাম তাজিক সকলৰ বাবে আটাইতকৈ বেছি ব্যৱহৃত হয়। ইয়াৰ আগতে কেতিয়াবা ইৰানৰ কোনো অংশৰ বাবে অথবা ইৰানী ভাষী লোকসকলৰ বাবে এই শব্দ ব্যৱহৃত হৈছিল। ছোভিয়েট প্ৰশাসনে মধ্য এছিয়াৰ তাজিক জনগণৰ বাবে এই শব্দটি নিৰ্বাচন কৰে।
ৰাজনীতি
[সম্পাদনা কৰক]তাজিকিস্তান এখন ৰাষ্ট্ৰপতিশাসিত গণতান্ত্ৰিক দেশ। ৰাষ্ট্ৰপতি একাধাৰে ৰাষ্ট্ৰ আৰু চৰকাৰ প্ৰধান। আইন প্ৰণয়নৰ ক্ষমতা চৰকাৰ আৰু ৬৩ সদস্যবিশিষ্ট দ্বিকাক্ষিক আইনসভা উভয়ৰ ওপৰত ন্যস্ত। ২০০৩ চনৰ নতুন সংবিধান অনুযায়ী ৰাষ্ট্ৰপতি ৭ বছৰৰ বাবে জনসাধাৰণৰ প্ৰত্যক্ষ ভোটত নিৰ্বাচিত হয়। ২০০৬ চনত এমোমালি ৰাহমন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। তেওঁ ১৯৯৪ চনৰ পৰায়ে দেশখনৰ শাসক। প্ৰধানমন্ত্ৰীৰ পদৰ তেনে কোনো বিশেষ ক্ষমতা নেই। সংবিধান অনুসৰি বিচাৰ বিভাগ চৰকাৰৰ পৰা স্বাধীন।
ভূগোল
[সম্পাদনা কৰক]
তাজিকিস্তানৰ ৯০% তকৈ বেছি অঞ্চল পৰ্বতময়। পামিৰ পৰ্বতমালা আৰু আলায় পৰ্বতমালা দুখন প্ৰধান পৰ্বতমালা। এই পৰ্বত সমূহৰ হিমবাহৰ পৰা উৎপন্ন হোৱা বিভিন্ন পাৰ্বত্য জলধাৰা আৰু নদী প্ৰাচীনকালৰ পৰা এই অঞ্চলৰ জলসিঞ্চন কাৰ্যত ব্যৱহাৰ কৰা হৈ আহিছে। তাজিকিস্তানৰ উত্তৰ প্ৰান্তত মধ্য এছিয়াৰ অন্যতম প্ৰধান পৰ্বতমালা তিয়ান শান পৰ্বতমালাৰ একাংশ অৱস্থিত। পৰ্বতমালাৰ উত্তৰ আৰু দক্ষিণে দুখন নিম্নভূমি অঞ্চল অৱস্থিত। এই নিম্নভূমি অঞ্চলতেই তাজিক সকলে ব্যাপক পৰিমাণে বাস কৰে।
মধ্য এছিয়াৰ আটাইতকৈ বেছি জনবহুল এলেকা চিৰ দৰিয়া নদীৰ ফেগাৰ্ণা উপত্যকাৰ একাংশ উত্তৰ তাজিকিস্তানত অৱস্থিত। এই উপত্যকা উত্তৰে কুৰামিন পৰ্বতমালা আৰু দক্ষিণে তুৰ্কেস্তান পৰ্বতমালাৰ মাজত অৱস্থিত।
দক্ষিণৰ নিম্নভূমি এলেকাৰ আমু দৰিয়া আৰু পাঞ্জ নদী প্ৰধান দুখন নদী।
ভাষা
[সম্পাদনা কৰক]তাজিক ভাষা আৰু ৰুছ ভাষা তাজিকিস্তানৰ চৰকাৰী ভাষা। তাৰে ভিতৰত তাজিক ভাষা প্ৰায় ৬২% লোকে আৰু ৰুছ ভাষা প্ৰায় ৫% লোকে ব্যৱহাৰ কৰে। তাজিকিস্তানত প্ৰচলিত অন্যান্য ভাষাসমূহ হল; উজবেক ভাষা (১৬%), ফাৰ্চী ভাষা আৰু পশতু ভাষা।
ধৰ্ম
[সম্পাদনা কৰক]তাজিকিস্তানত ২০০৯ চনত ইছলামক চৰকাৰী ধৰ্ম হিচাপে ঘোষণা কৰা হৈছে। এই বিষয়টোৱে আন ছোভিয়েট দেশসমূহৰ মাজত তাজিকিস্তানক পৃথক কৰি তুলিছে। তাজিকিস্তানত অন্য যিকোনো ধৰ্ম পালনৰ পূৰ্ণ স্বাধীনতা আছে। ২০০৯ চনৰ তথ্যানুসাৰে দেশখনৰ ৯৮ শতাংশ লোক মুছলমান। তাৰে ভিতৰত ৯৫ শতাংশ চুন্নি আৰু ৩ শতাংশ চিয়া মুছলমান। আৰু বাকি দুই শতাংশৰ মাজত অৰ্থডক্স, প্ৰটেষ্টেণ্ট আৰু কেথলিক খ্ৰীষ্টান, বৌদ্ধ আৰু ইহুদি আছে। তাজিকিস্তানত ধৰ্মীয় স্বাধীনতা আৰু অধিকাৰ ভোগ কৰিবলৈ হলে ধৰ্মীয় সম্প্ৰদায়সমূহে ৰেজিষ্ট্ৰেচন কৰিবলগীয়া হয়। এই ৰেজিষ্ট্ৰেচন অবিহনে কোনো দল উপসনাৰ বাবে একত্ৰিত হব নোৱাৰে। ইয়াৰ ব্যতিক্ৰম হলে বৃহৎ অংকৰ জৰিমনাৰ লগতে তেওঁলোকৰ উপাসনাস্থল বন্ধ কৰি দিয়া হয়।[1]
তথ্য উৎস
[সম্পাদনা কৰক]
| |||||||||||||||||||||