দক্ষিণ কোৰিয়া
কোৰিয়া প্ৰজাতন্ত্ৰ | ||||||
---|---|---|---|---|---|---|
নীতিবাক্য 널리 인간세상을 이롭게 하라 (홍익인간) ("সমগ্ৰ মানব জাতিৰ কল্যাণ") |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত (애국가; 愛國歌) ("আয়েগুক্গা") (ইংৰাজী: "Patriotic Song") |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ছিউল 37°35′N 127°0′E / 37.583°N 127°E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | কোৰীয় ভাষা | |||||
জাতীয়তাসূচক বিশেষণ | দক্ষিণ কোৰিয়ান, কোৰিয়ান, কোৰীয় | |||||
চৰকাৰ | ৰাষ্ট্ৰপতি শাসিত প্ৰজাতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | মুন জায়ে-ইন | ||||
- | প্ৰধানমন্ত্ৰী | লি নাক-য়েৱন | ||||
প্ৰতিষ্ঠা | ||||||
- | স্বাধীনতাৰ ঘোষণা | ১ মাৰ্চ, ১৯১৯ (de jure) | ||||
- | স্বাধীনতা | ১৫ আগষ্ট, ১৯৪৫ | ||||
- | গণৰাজ্য ঘোষণা | ১৫ আগষ্ট, ১৯৪৮ | ||||
- | ৰাষ্ট্ৰসংঘৰ স্বীকৃতি(United Nations Recognition) | ১২ ডিচেম্বৰ, ১৯৪৮ | ||||
মাটিকালি | ||||||
- | মুঠ | ১,০০,২১০ বৰ্গ কিমি (১০৮তম) ৩৮,৬৯১ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৩ (৩০১ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১০ আনুমানিক | ৪,৯০,২৪,৭৩৭ (২৫তম) | ||||
জিডিপি (পিপিপি) | ২০১১ আনুমানিক | |||||
- | মুঠ | $১.৫৫৬ ট্ৰিলিয়ন (১৫ম) | ||||
- | জনমুৰি | $২৪,৫০০ (৩২তম) | ||||
মানৱ উন্নয়ন সূচক (২০১১) | ০.৮৯৭[1] (very high) (১৫তম) | |||||
মুদ্ৰা | ৱ'ন (Won) (KRW ) |
|||||
সময় অঞ্চল | কোৰিয়া মান সময় (ইউটিচি+৯) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | পালন কৰা নহয় (ইউটিচি+৯) | ||||
তাৰিখ বিন্যাস | yyyy년 mm월 dd일 yyyy/mm/dd |
|||||
গাড়ী চলোৱা হয় | সোঁফাল | |||||
ইণ্টাৰনেট টিএলডি | .kr | |||||
কলিং ক'ড | +৮২ | |||||
1 | Mobile phone system চি.ডি.এম.এ.(CDMA) আৰু এইচ.এছ.পি.ডি.এ.(HSPDA) | |||||
2 | Domestic power supply ২২০V/৬০ Hz, CEE 7/7 sockets |
দক্ষিণ কোৰিয়া (ইংৰাজী: South Korea; চৰকাৰী নাম: কোৰিয়া প্ৰজাতন্ত্ৰ) এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম 'দেহান মিন্গুক' ( শুনক; হানগুল লিপিত লিখা হয়: 대한민국 আৰু হাঞ্জা লিপিত লিখা হয় 大韓民國)। দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীন। ছিউল হৈছে দক্ষিণ কোৰিয়াৰ বৃহত্তম চহৰ তথা ইয়াৰ ৰাজধানী।
দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছ'ভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্বৰ সবাটোকৈ ডাঙৰ অৰ্থনীতিসমূহৰ মাজৰ একোটাত পৰিণত হয় আৰু 'এছিয়ান চাৰি ড্ৰাগন'ত পৰিণত হয়।
ইতিহাস
[সম্পাদনা কৰক]অবিভক্ত কোৰিয়া মূলত জাপানীসকলে দখল কৰি ৰাখিছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ হাৰিবৰ সময়ত জাপান দেশে ছ'ভিয়েট সংঘৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ ফলত অবিভক্ত কোৰিয়া ২টা ভাগত বিভক্ত হয়। এফালে উত্তৰ কোৰিয়া ১৯৫০ চনত সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ মতে 'সমাজতান্ত্ৰিক ব্লক'ত অংশ লয়, অন্যহাতে দক্ষিণ কোৰিয়া পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে ই 'পুঁজিবাদি ব্লক'ত যোগ দান কৰে। তেতিয়াৰ পৰাই কোৰিয়াই দুটা ভিন্ন নাম: উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া তথা দুটা ভিন্ন অথনৈতিক ব্যৱস্থাত চলিবলৈ আৰম্ভ কৰে। দক্ষিণ কোৰিয়াত আমেৰিকাৰ পুঁজিবাদ আৰু উত্তৰ কোৰিয়াত ছ'ভিয়েট সংঘৰ মতে সমাজতন্ত্ৰবাদ আৰম্ভ হয়। ইয়েই ১৯৪৮ চনত অবিভক্ত কোৰিয়াক বিভক্তিকৰণৰ পথ দেখুৱায়। উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় গণতান্ত্ৰিক কোৰিয়া গণপ্ৰজাতন্ত্ৰ আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় কোৰিয়া প্ৰজাতন্ত্ৰ। উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম পিয়ং ইয়াং আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম ছিউল।
শাসন ব্যৱস্থা
[সম্পাদনা কৰক]দক্ষিণ কোৰিয়াৰ মুখ্য শাসন ব্যৱস্থা সমূহ হৈছে: 'ৰাজ্য' (Province), 'মেট্ৰ'পলিটান মহানগৰ' (Metropolitan city) (যি সমূহ স্বয়ং-শাসিত মহানগৰ কোনো ৰাজ্যৰ অংশ নহয়), এখন 'বিশেষ মহানগৰ' আৰু এখন 'বিশেষ শায়ত্ব শাসিত মহানগৰ' (জুলাই, ২০১২ মতে)।
মানচিত্ৰ (সম্পাদনা) | নাম | হানগুল (Hangul) | হাঞ্জা (Hanja) | জনসংখ্যা | |
---|---|---|---|---|---|
বিশেষ মহানগৰ সমূহ (Teukbyeolsi) | |||||
ছিউল | 서울특별시 | 서울特別市b | 9,794,304 | ||
বিশেষ শায়ত্ব শাসিত মহানগৰ সমূহ (Teukbyeol-jachisi) | |||||
Sejong | 세종특별자치시 | 世宗特別自治市 | 96,000 | ||
মেট্ৰ'পলিটান মহানগৰ সমূহ (Gwangyeoksi) | |||||
বুছান | 부산광역시 | 釜山廣域市 | 3,635,389 | ||
Daegu | 대구광역시 | 大邱廣域市 | 2,512,604 | ||
Incheon | 인천광역시 | 仁川廣域市 | 2,628,000 | ||
Daejeon | 대전광역시 | 大田廣域市 | 1,442,857 | ||
Gwangju | 광주광역시 | 光州廣域市 | 1,456,308 | ||
Ulsan | 울산광역시 | 蔚山廣域市 | 1,087,958 | ||
평양 | ৰাজ্য (Do) | ||||
Gyeonggi | 경기도 | 京畿道 | 10,415,399 | ||
Gangwon | 강원도 | 江原道 | 1,592,000 | ||
North Chungcheong | 충청북도 | 忠淸北道 | 1,462,621 | ||
South Chungcheong | 충청남도 | 忠淸南道 | 1,840,410 | ||
North Jeolla | 전라북도 | 全羅北道 | 1,890,669 | ||
South Jeolla | 전라남도 | 全羅南道 | 1,994,287 | ||
North Gyeongsang | 경상북도 | 慶尙北道 | 2,775,890 | ||
South Gyeongsang | 경상남도 | 慶尙南道 | 2,970,929 | ||
Special self-governing province (Teukbyeoljachi-do) | |||||
জেজু | 제주특별자치도 | 濟州特別自治道 | 560,000 |
সংস্কৃতি
[সম্পাদনা কৰক]উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ বৰ্তমান ৰাজনৈতিক বিভক্তিকৰণে আধুনিক কোৰিয়াৰ সংস্কৃতিক অপসাৰণ কৰিছে। তথাপি দুয়ো দেশৰ পাঁচ সহস্ৰাধিক বছৰৰৰ ইতিহাস আৰু বিশ্বৰ প্ৰাচীন ইতিহাসৰো অন্যতম। ১৯৪৮ চনত কোৰিয়া বিভক্ত হোৱাৰ ফলত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ সংস্কৃতিৰ তাৰতম্য দেখা দিছে। প্ৰাচীন কালৰ পৰাই দক্ষিণ কোৰিয়াৰ সংস্কৃতি ইয়াৰ প্ৰতিৱেশী চীনৰদ্বাৰা প্ৰভাৱিত।[2]বৰ্তমানে দক্ষিণ কোৰিয়াৰ সংস্কৃতি হৈছে অত্যাধুনিক। অৰ্থনৈতিক ও সামাজিক উন্নয়নৰ কাৰণে পোচাক-পৰিচ্ছদ, ৰন্ধন, বাসস্থান ইত্যাদিতে জীবনযাত্ৰাৰ মানৰ পৰিৱৰ্তন হৈছে, আৰু ইয়াৰপৰাই সৃষ্টি হৈছে দক্ষিণ কোৰিয়াৰ আধুনিক সংস্কৃতি।
উদ্যোগীকৰণ আৰু নগৰীকৰণে দক্ষিণ কোৰিয়াৰ লোকসকলৰ জীৱনত বহুতো পৰিৱৰ্তন ঘটাইছে। মুখ্য মহানগৰ সমূহত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে: অৰ্থনৈতিক আৰু জীৱনশৈলীৰ পৰিৱৰ্তন।
ভূগোল
[সম্পাদনা কৰক]দক্ষিণ কোৰিয়াই কোৰিয়ান উপদ্বীপ দখল কৰি আছে আৰু ই এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা ১,১০০ কিঃ মিঃ (৬৮০ মাইল) দূৰত্বলৈকে বিস্তাৰিত হৈ আছে। এই উপদ্বীপটোৰ পশ্চিমে Yellow সাগৰ আৰু পূবে Sea of Japan। ইয়াৰ দক্ষিণ অংশ কোৰিয়া প্ৰণালি আৰু পূব চীন সাগৰ।
দক্ষিণ কোৰিয়াৰ ভূ-ভাগ মূলতঃ পৰ্বতময় এলেকা। নিম্নভূমি মূলতঃ পশ্চিম আৰু দক্ষিণ-পূবত অৱস্থিত। ই মুঠ মাটিকালিৰ ৩০% ভাগ আগুৰি আছে।
পশ্চিম আৰু দক্ষিণ উপকূল অঞ্চলত প্ৰায় ৩০০০টা দ্বীপ আছে। এইবিলাক তেনেই সৰু আৰু তাত কোনো বসতি নাই। জেজু (Jeju) দক্ষিণ উপকূল অঞ্চলৰ পৰা প্ৰায় ১০০ কিঃমিঃ (৬০ মাইল) দূৰত অৱস্থিত। ই দেশখনৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ মুঠ মাটিকালি হৈছে: ১৮৪৫ বৰ্গ কিঃমিঃ(৭১২ বৰ্গ মাইল)।
দক্ষিণ কোৰিয়াৰ সৰ্ব্বোচ্চ স্থান হালাচন(Hallasan), সমুদ্ৰপৃষ্ঠৰ পৰা ১৯৫০ মিঃ (৬,৩৯৮ ফুট) উচ্চতাৰ এটা মৃত আগ্নেয়গিৰি এই জেজু দ্বীপতেই অৱস্থিত। উলেঙদো (Ulleungdo) আৰু ড'ক্ড' (Dokdo), ইয়াৰ উত্তৰ দিশৰ মুখ্য দ্বীপ আৰু মাৰাড' (Marado) আৰু চক'ত্ৰা ৰ'ক (Socotra Rock) হৈছে দক্ষিণ দিশত থকা দ্বীপ।
ইয়াত ২০খন ৰাষ্ট্ৰীয় উদ্যান আৰু জনপ্ৰিয় প্ৰাকৃতিক ঠাই যেনে ব'ছয়ঙ চাহ বাগিচা (Boseong Tea Fields), Suncheon Bay Ecological Park, আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিৰিছান (Jirisan) ইয়াতেই অৱস্থিত।[3]
জলবায়ু
[সম্পাদনা কৰক]দক্ষিণ কোৰিয়াৰ জলবায়ু আৰ্দ্ৰ মহাদেশীয় আৰু আৰ্দ্ৰ মধ্য-বিষুৱীয়। ইয়াৰ জলবায়ু পূব এছীয় মৌচুমী জলবায়ুৰ দ্বাৰা প্ৰভাৱিত। জুন মাহৰ শেষভাগৰ পৰা জুলাই মাহৰ শেষভাগলৈকে ইয়াত বাৰিষা কালত ঘন বৃষ্টিপাত হোৱা দেখা যায় আৰু ইয়াক যাংমা (Jangma) বোলা হয়। শীতকালত ইয়াত বহু বেছি ঠাণ্ডা হয় আৰু সৰ্বনিম্ন উষ্ণতা -২০ ডিগ্ৰী চেলচিয়াছ লৈকে হোৱা দেখা যায়। ছিউলত, জানুৱাৰীত গড় উষ্ণতা -৭ ৰপৰা ১ডিগ্ৰী চেলচিয়াছ (১৯ৰপৰা ৩৩ ডিগ্ৰী ফাৰেনহাইট লৈকে)লৈকে হয়। আনহাতে, আগষ্টত ২২ৰপৰা ৩০ ডিগ্ৰী চেলচিয়াছ (৭১ ৰপৰা ৮৬ ডিগ্ৰী ফাৰেনহাইট লৈকে) লৈকে হোৱা দেখা যায়। দক্ষিণ উপকূলত শীতৰ প্ৰকোপ ভিতৰৰ পৰ্বতময় এলেকাতকৈ বেছি।[4] জহকাল কেতিয়াবা অস্বাচ্ছন্দ্যপূৰ্ণ ভাৱে গৰম আৰু আৰ্দ্ৰ হ'ব পাৰে। দেশ্খনৰ বহুতো ঠাইত উষ্ণতা ৩০ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱা দেখা যায়। দক্ষিণ কোৰিয়াৰ চাৰিটা ঋতু হৈছে: বসন্ত, জহ, শাৰদীয় আৰু শীতকাল। বসন্ত ঋতু মাৰ্চ মাহৰ শেষভাগৰপৰা মে'ৰ প্ৰথম ভাগলৈকে, জহ কাল মে'ৰ মধ্য ভাগৰ পৰা ছেপ্তেম্বৰৰ প্ৰথম ভাগলৈকে, শাৰদীয় কাল ছেপ্তেম্বৰৰ মধ্যভাগৰপৰা নৱেম্বৰৰ প্ৰথম ভাগলৈকে আৰু শীতকাল নৱেম্বৰৰ মধ্য ভাগৰপৰা মাৰ্চ মাহৰ মধ্য ভাগলৈকে। জুন মাহৰ পৰা ছেপ্তেম্বৰলৈ ধাৰাসাৰ বৰষুণ হয়। দক্ষিণ উপকূলত দেৰিকৈ অহা জহকালিৰ টাইফুনৰ ফলত প্ৰবল বতাহ আৰু বৃষ্টিপাত হয়। ছিউলৰ বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ১,৩৭০ মিঃমিঃ (৫৪ ইঞ্চি) আৰু বুছানৰ ১,৪৭০ মিঃমিঃ (৫৮ ইঞ্চি)। সাময়িক টাইফুন (Typhoon)-ৰ ফলত হোৱা প্ৰবল বতাহ আৰু বানপানী হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Human Development Report". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf। আহৰণ কৰা হৈছে: November 5, 2011.
- ↑ Fairbank, John K.; Reischauer, Edwin O.; Craig, Albert M. (1978). East Asia: Tradition & Transformation. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-25812-X.
- ↑ "Korea Nationa Park Service official site". English.knps.or.kr. http://english.knps.or.kr/। আহৰণ কৰা হৈছে: October 29, 2010.
- ↑ South Korea climate, U.S. Library of Congress, Country studies
|