ছাইমন কমিশ্যন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰতীয় সংবিধানিক কমিছনৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

ছাইমন কমিশ্যন (Simon Commission) বা ভাৰতীয় সংবিধানিক কমিশ্যন (Indian Statutory Commission) ছাৰ জন ছাইমনৰ নেতৃত্বত গঠিত ব্ৰিটিছ সদনৰ সাতজন সাংসদৰ এক গোটৰ নাম আছিল। এই কমিশ্যন ভাৰতৰ সংবিধানিক পুনৰ্গঠন অধ্যয়নৰ বাবে ১৯২৮ চনত ভাৰতত উপস্থিত হয়। ইয়াৰে এজন সদস্য আছিল ক্লিমেণ্ট এটলী যি ১৯৩৪ চনৰ পৰা ভাৰতৰ স্বাধীনতাৰ বাবে বদ্ধপৰিকৰ হয় আৰু ১৯৪৭ চনত প্ৰধানমন্ত্ৰী হিচাপে এই কাৰ্য সম্পূৰ্ণ কৰে।[1]

১৯১৯ চনত মণ্টাগু-চেম্‌ছফ'ৰ্ড পুনৰ্সংস্কাৰ আগবঢ়াওঁতে ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিছিল যে দহবছৰৰ পাছত ভাৰতলৈ এক কমিশ্যন পঠিয়াই এই পুনৰ্সংস্কাৰৰ প্ৰভাৱ আৰু সম্ভাব্য সালসলনি জানিবলৈ চেটা কৰা হ'ব।[2] এই গুণেই ১৯২৭ চনৰ নৱেম্বৰত ভাৰতৰ সাংবিধানিক অগ্ৰগতি পৰীক্ষা কৰিবলৈ ছাইমন কমিশ্যনক প্ৰেৰণ কৰে।

ছাইমন কমিশ্যনত কোনো ভাৰতীয় লোক নথকা বাবে জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, জিন্না, মুছলীম লীগ, ভাৰতীয় জাতীয় কংগ্ৰেছ আদিয়ে ইয়াৰ প্ৰবল বিৰোধিতা কৰিছিল। ভাৰতীয়সকলে ইয়াক স্ব-অধিকাৰ আৰু আত্মসন্মানৰ উলংঘন হিচাপে বিবেচনা কৰিছিল। জাতীয়তাবাদী নেতা লালা লাজপত ৰায়ে লাহোৰত ইয়াৰ বিৰোধ আৰম্ভ কৰে। এই বিৰোধত আৰক্ষীৰ হাতত আঘাত পাই ৯১২৮ চনৰ ১৭ নৱেম্বৰত তেওঁ মৃত্যুবৰণ কৰে।

পাৰ্শ্ব ঘটনাৱলী[সম্পাদনা কৰক]

১১৯ চনৰ ভাৰত চৰকাৰ আইনে (Government of India Act 1919) ব্ৰিটিছ শাসিত ভাৰতৰ প্ৰদেশসমূহ চোৱা-চিতা কৰিবলৈ দ্বি-শাসনৰ সূত্ৰপাত কৰিছিল। এই আইনত দহ বছৰৰ পাছত সাংবিধানিক অগ্ৰগতি আৰু সম্ভাব্য সংস্কাৰৰ বাবে এক কমিশ্যন গঠন কৰা হ'ব বুলি উল্লেখ আছিল। ১৯২০ দশকৰ শেষৰফালে ব্ৰিটেইনৰ শাসকীয় সংৰক্ষণশীল দলে শ্ৰমিক দলৰ বিৰুদ্ধে নিৰ্বাচনত পৰাজয়ৰ আশংকাত ভোগে আৰু ভাৰতৰ নিয়ন্ত্ৰণ এনে "অনভিজ্ঞ" দলৰ হাতলৈ যোৱাৰ প্ৰভাৱ ভাল নহ'ব বুলি অনুমান কৰে। গতিকে তেওঁলোকে সাতজন সাংসদৰ দল এটা গঠন কৰি ভাৰতলৈ পঠিয়ায়।

ভাৰতৰ ভৱিষ্যত নিৰূপণ কৰিবলৈ গঠিত ছাইমন কমিশ্যনত এজনো ভাৰতীয় লোক নথকা বাবে ভাৰতৰ বহু লোকে ইয়াৰ বিৰোশিতা কৰে। ১৯২৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাদ্ৰাছত অনুষ্ঠিত সভাত এই কমিশ্যন বয়কটৰ ঘোষণা কৰে। লগতে ভাৰতৰ ৰাজ্যিক সচিব লৰ্ড বাৰ্কেনহে'ডক ভাৰতীয় লোকৰ গ্ৰহণযোগ্য হোৱাকৈ এক সংবিধান ৰচনাৰ বাবে জোৰ দিবলৈ পোষকতা কৰে। মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলীম লীগৰ এটা গোটেও কমিশ্যনৰ বিৰুদ্ধাচৰণ কৰিবলৈ সিদ্ধান্ত লয়।

ইয়াৰ বিপৰীতে মুছলীম লীগৰ একাংশ সদস্য, হিন্দু মহাসভা আৰু কেন্দ্ৰীয় শিখ লীগৰ সদস্যসকলে সমৰ্থন আগবঢ়ায়।[3] কাউন্সিল অৱ ইণ্ডিয়া আৰু ভাইচৰয় লৰ্ড আৰ্ৱিনৰ বাছনিৰে ছাইমন কমিশ্যনৰ সহযোগিতাৰ বাবে এক সৰ্বভাৰতীয় সমিতি গঠিত হয়।

ছাইমন কমিশ্যনৰ বাৰ্মাও অন্তৰ্ভুক্ত হৈছিল। ভাৰতৰ লগত বিবাদমান সংযুক্তি অব্যাহত থাকিব বুলি বা বাৰ্মাৰ বাবে প্ৰস্তাৱিত সংবিধান ভাৰততকৈ বেয়া হ'ব বুলি সন্দেহৰ ঢল উঠে। এই সন্দেহে পাছলৈ উত্তেজনা আৰু হিংসাৰ সূত্ৰপাত কৰে আৰু ছায়া ছানৰ (Saya San) বিদ্ৰোহ আৰম্ভ হয়।

বিৰোধ আৰু লালা লাজপত ৰায়ৰ মৃত্যু[সম্পাদনা কৰক]

১৯২৮ চনৰ জানুৱাৰীত ছাইমন কমিশ্যনে ইংলেণ্ড এৰে। ৩ ফেব্ৰুৱাৰীত বম্বেত উপস্থিত হোৱাৰ লগে লগে কমিশ্যনৰ সদস্যসকল প্ৰবল বিৰোধিতাৰ সন্মুখীন হয়। অৱশ্যে ইয়াৰ মাজত কিছু সমৰ্থকো আছিল।[4] কমিশ্যনক ঠায়ে ঠায়ে ক'লা পতাকা দেখুওৱা হয়।

১৯২৮ চনৰ ৩০ অক্টোবৰত ছাইমন কমিশ্যন লাহোৰত উপস্থিত হয়। বিৰোধীসকলে লগে লগে তেওঁলোকক ক'লা পতাকা প্ৰদৰ্শন কৰে।[3] লালা লাজপত ৰায়ে এই বিৰোধৰ গুৰি ধৰিছিল। তেওঁ ইতিমধ্যে পঞ্জাৱৰ বিধানসভাত কমিশ্যনৰ বিৰুদ্ধে প্ৰস্তাৱ আগবঢ়াইছিল। কমিশ্যনৰ সদস্যসকলৰ বাট মুকলি কৰিবলৈ আৰক্ষীয়ে বিৰোধীসকলক মাৰপিট কৰে। এই ঘটনাত লালা লাজপত ৰায়ে গুৰুতৰ আঘাত পাই কিছুদিনৰ পাছত মৃত্যুবৰণ কৰে।

পাছৰ ঘটনাৱলী[সম্পাদনা কৰক]

১৯৩০ চনৰ মে' মাহত কমিশ্যনে দুই খণ্ডৰ প্ৰতিবেদন প্ৰকাশ কৰে। ইয়াত দ্বি-শাসনৰ ওৰ পেলাই প্ৰদেশবোৰত প্ৰতিনিধিত্বমূলক চৰকাৰ গঠনৰ পোষকতা কৰে। হিন্দু আৰু মুছলমানৰ মাজত উত্তেজনা নাইকিয়া নোহোৱা পৰ্যন্ত ভিন্ন সাম্প্ৰদায়িক প্ৰতিনিধি ৰখাৰো প্ৰস্তাৱ কৰা হয়। ১৯২৮ চনৰ ছেপ্টেম্বৰত মতিলাল নেহৰুৱে তেওঁৰ "নেহৰু প্ৰতিবেদন"ত কমিশ্যনত উল্লেখিত ভাৰতীয়সকলে সাংবিধানিক ঐকমত্যত উপনীত নোহোৱা কথা নাকচ কৰে। ভাৰতক সম্পূৰ্ণ আভ্যন্তৰীন স্ব-শাসনৰ অধিৰাজ্যৰ মৰ্যাদা দিবলৈও এই প্ৰতিবেদনত কোৱা হয়।

শিক্ষিত ভাৰতীয়সকলে কমিশ্যনৰ বিৰুদ্ধাচৰণ কৰা দেখি ব্ৰিটিছ চৰকাৰে ভাৰতৰ সাংবিধানিক সমস্যাৰ বাবে আন এক পন্থা লয়। কমিশ্যনৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ আগতে তেওঁলোকে কয় যে ইয়াৰ পাছত ভাৰতীয়ৰ মতো লোৱা হ'ব আৰু এই সাংবিধানিক প্ৰক্ৰিয়াৰ ফল হ'ব ভাৰতৰ বাবে অধিৰাজ্যৰ মাৰ্যাদা।

ছাইমন কমিশ্যনৰ প্ৰতিবেদনৰ আধাৰত ভাৰত চৰকাৰ আইন ১৯৩৫ (Government of India Act 1935) কৰা হয়। ইয়াৰ মতে ভাৰতৰ ৰাষ্ট্ৰীয় স্তৰৰ সলনি প্ৰাদেশিক স্তৰত "দায়িত্বশীল" চৰকাৰ থাকিব লাগে—অৰ্থাৎ লণ্ডনৰ সলনি ভাৰতীয় লোকৰ বাবে দায়িত্বশীল চৰকাৰ। ভাৰতৰ সংবিধানৰ বহু অংশত ইয়াৰ প্ৰয়োগ কৰা হৈছে। ১৯৩৭ চনত প্ৰদেশবোৰত প্ৰথমবাৰৰ বাবে নিৰ্বচান অনুষ্ঠিত হয় আৰু প্ৰায়বোৰ প্ৰদেশতে কংগ্ৰেছ চৰকাৰ গঠন হয়।[5]

কমিশ্যনৰ কালছোৱাত পোৱা অভিজ্ঞতাই ক্লিমেণ্ট এটলীক যথেষ্ট প্ৰভাৱিত কৰে। ১৯৩৩ চনমানত তেওঁ যুক্তি আগবঢ়ায় যে ব্ৰিটিছ শাসন ভাৰতৰ বাবে অনুপযুক্ত আৰু ভাৰতৰ উন্নতিৰ বাবে সামাজিক তথা অৰ্থনৈতিক সংস্কাৰৰ বাবে অসমৰ্থ। তেওঁ ভাৰতৰ স্বাধীনতাৰ বাবে মাত মতা প্ৰধান ব্ৰিটিছ নেতাত পৰিগণিত হয় আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী হিচাপে ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাত অন্যতম ভূমিকা লয়।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. John Bew (2017). Clement Attlee: The Man Who Made Modern Britain. Oxford UP. পৃষ্ঠা. 186–87. ISBN 978-0-19-020340-5. https://books.google.com/books?id=g1jODQAAQBAJ&pg=PA187. 
  2. C.F. Andrews (2017). India and the Simon Report. Routledge reprint of 1930 first edition. পৃষ্ঠা. 11. ISBN 9781315444987. https://books.google.com/books?id=tMZRDQAAQBAJ&pg=PT11. 
  3. 3.0 3.1 Nair, Neeti (May 2009). "Bhagat Singh as 'Satyagrahi': The Limits to Non-violence in Late Colonial India". Modern Asian Studies খণ্ড 43 (3): 649–681. doi:10.1017/s0026749x08003491. 
  4. Desai, Meghnad (2011). The Rediscovery of India. Penguin UK. পৃষ্ঠা. 210. ISBN 978-8-18475-566-4. https://books.google.co.uk/books?id=xVh-b6Aa_BIC&pg=PT210. 
  5. Pew Ghosh (2012). Indian Government and Politics. পৃষ্ঠা. 20–21. ISBN 9788120346499. https://books.google.com/books?id=tjEdaFbEo0MC&pg=PA20. 
  6. Brasted Howard, Bridge Carl (1988). "The British Labour Party and Indian Nationalism, 1907‐1947". South Asia: Journal of South Asian Studies খণ্ড 11 (2): 69–99. doi:10.1080/00856408808723113. 

অতিৰিক্ত পাঠ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]