ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৮০

|
|
|
|
|

|
|
১৯৮০ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ৩ আৰু ৬ জানুৱাৰী তাৰিখে্ মুঠ ৫৪২টা লোকসভা সমষ্টিৰ ভিতৰত ৫২৯টাত অনুষ্ঠিত হৈছিল। মেঘালয়ৰ শ্বিলং আৰু অসমৰ ডিব্ৰুগড়, যোৰহাট, কলিয়াবৰ, স্বায়ত্বশাসিত জিলা, নগাওঁ, লখিমপুৰ, তেজপুৰ, মঙলদৈ, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী- এই ১৩টা লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল।[1] অবৈধ অনুপ্ৰবেশকাৰীক বহিস্কাৰ কৰাৰ দাবীত চলা আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাদে অন্য ১২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।[2]
ক্ষমতাকেন্দ্ৰিক অন্তৰ্দলীয় খোৱা-কামোৰাৰ বাবে মোৰাৰজী দেশাইৰ নেতৃত্বাধীন দেশৰ প্ৰথম অনা-কংগ্ৰেছী চৰকাৰখনে কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল। দেশাইৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত মাত্ৰ ২৩ দিনৰ বাবে চৰণ সিঙে চৰকাৰ গঠন কৰিছিল। কিন্তু কংগ্ৰেছে সমৰ্থন উঠাই লোৱাত নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ৬ষ্ঠ লোকসভা ভংগ কৰি দিয়া হৈছিল আৰু ৭ম লোকসভা গঠনৰ বাবে সাধাৰণ নিৰ্বাচনৰ ঘোষণা কৰা হৈছিল।[3]
৬টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ, ১৯টা ৰাজ্যিক পৰ্যায়ৰ আৰু ১১টা পঞ্জীভূক্ত ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছে ৩৫৩খন আসনত বৃহৎ বিজয় সাব্যস্ত কৰি ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰিত্বত চৰকাৰ গঠন কৰিছিল। ৪১খন আসনেৰে ২য় স্থানত আছিল চৰণ সিঙৰ নবগঠিত জনতা পাৰ্টি (চেকুলাৰ) দল।[1] উল্লেখনীয় যে নিৰ্বাচনৰ পূৰ্বে ১৯৭৯ত ভাৰতীয় জাতীয় কংগ্ৰেছ, আই (ইন্দিৰা) আৰু ইউ (দেৱৰাজ উৰ্চ্) নামেৰে দুই ভাগত বিভাজিত হৈ গৈছিল। ৭ম লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত নিৰ্বাচন আয়োগে ইন্দিৰা গান্ধী নেতৃত্বাধীন ঠালটোক প্ৰকৃত কংগ্ৰেছ বুলি স্বীকৃতি দিছিল।[3]
| ক্ৰমিক নং | দল | সংক্ষিপ্ত নাম | দলৰ স্থিতি | লাভ কৰা আসন | +/– |
| ১ | কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া | CPI | ৰাষ্ট্ৰীয় দল | ১০ | +৩ |
| ২ | ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) | CPM | ৰাষ্ট্ৰীয় দল | ৩৭ | +১৫ |
| ৩ | ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা) | INC(I) | ৰাষ্ট্ৰীয় দল | ৩৫৩ | +২০০ |
| ৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ (ইউ) | INC(U) | ৰাষ্ট্ৰীয় দল | ১৩ | নতুন |
| ৫ | জনতা পাৰ্টি | JNP | ৰাষ্ট্ৰীয় দল | ৩১ | –২৬৪ |
| ৬ | জনতা পাৰ্টি (চেকুলাৰ) | JNP(S) | ৰাষ্ট্ৰীয় দল | ৪১ | নতুন |
| ৭ | অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম | ADK | ৰাজ্যিক দল | ২ | –১৬ |
| ৮ | অল পাৰ্টি হিল লিডাৰছ্ কনফাৰেঞ্চ | AHL | ৰাজ্যিক দল | ০ | নতুন |
| ৯ | দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম | DMK | ৰাজ্যিক দল | ১৬ | +১৪ |
| ১০ | অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক | FBL | ৰাজ্যিক দল | ৩ | +১ |
| ১১ | অল ইণ্ডিয়া মুছলিম লীগ | IML | ৰাজ্যিক দল | ০ | +১ |
| ১২ | জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেনছ্ | JKN | ৰাজ্যিক দল | ৩ | +১ |
| ১৩ | কেৰালা কংগ্ৰেছ | KEC | ৰাজ্যিক দল | ১ | ০ |
| ১৪ | মহাৰাষ্ট্ৰ গোমন্তক পাৰ্টি | MAG | ৰাজ্যিক দল | ১ | ০ |
| ১৫ | মণিপুৰ পিপ’লছ্ পাৰ্টি | MRP | ৰাজ্যিক দল | ০ | ০ |
| ১৬ | মুছলীম লীগ (অপ’জিচন) | MUL | ৰাজ্যিক দল | ২ | নতুন |
| ১৭ | পিপ’লছ্ পাৰ্টি অফ অৰুণাচল | PPA | ৰাজ্যিক দল | ০ | নতুন |
| ১৮ | পিপলছ্ কনফাৰেঞ্চ | PPC | ৰাজ্যিক দল | ০ | নতুন |
| ১৯ | পিজেণ্টছ্ এণ্ড ৱাৰ্কাৰ্ছ পাৰ্টি অফ ইণ্ডিয়া | PWP | ৰাজ্যিক দল | ০ | –৫ |
| ২০ | ৰিভ’লুশ্যনাৰী ছোচিয়েলিষ্ট পাৰ্টি (ভাৰত) | RSP | ৰাজ্যিক দল | ৪ | ০ |
| ২১ | শিৰোমণি আকালী দল | SAD | ৰাজ্যিক দল | ১ | –৮ |
| ২২ | চিক্কিম কংগ্ৰেছ (ৰিভ’লুশ্যনাৰী) | SCR | ৰাজ্যিক দল | ০ | নতুন |
| ২৩ | চিক্কিম জনতা পৰিষদ | SJP | ৰাজ্যিক দল | ১ | নতুন |
| ২৪ | ত্ৰিপুৰা উপজাতি যুৱ সমিতি | TUS | ৰাজ্যিক দল | ০ | ০ |
| ২৫ | ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট (ইণ্ডিয়া) | UDF | ৰাজ্যিক দল | ০ | –১ |
| ২৬ | ভাৰতীয় ছোচিয়েলিষ্ট পাৰ্টি | BSP | পঞ্জীভূক্ত দল | ০ | নতুন |
| ২৭ | অল ইণ্ডিয়া লেবাৰ পাৰ্টি | ILP | পঞ্জীভূক্ত দল | ০ | ০ |
| ২৮ | ঝাৰখণ্ড পাৰ্টি | JKD | পঞ্জীভূক্ত দল | ১ | +১ |
| ২৯ | অল ইণ্ডিয়া মুছলিম মজলিচ (ডঃ ফাৰিদি) | MUM | পঞ্জীভূক্ত দল | ০ | নতুন |
| ৩০ | ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া | RPI | পঞ্জীভূক্ত দল | ০ | ০ |
| ৩১ | ৰিপাব্লিক পাৰ্টি অফ ইণ্ডিয়া (খোব্ৰাগেড়ে) | RPK | পঞ্জীভূক্ত দল | ০ | –২ |
| ৩২ | অখিল ভাৰতীয় ৰামৰাজ্য পৰিষদ | RRP | পঞ্জীভূক্ত দল | ০ | ০ |
| ৩৩ | শিৱসেনা | SHS | পঞ্জীভূক্ত দল | ০ | নতুন |
| ৩৪ | চিক্কিম প্ৰজাতন্ত্ৰ কংগ্ৰেছ | SPC | পঞ্জীভূক্ত দল | ০ | নতুন |
| ৩৫ | শোষিত সমাজ দল (অখিল ভাৰতীয়) | SSD | পঞ্জীভূক্ত দল | ০ | ০ |
| ৩৬ | ছোচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া | SUC | পঞ্জীভূক্ত দল | ০ | ০ |
| ৩৭ | নিৰ্দলীয় | IND | | ৯ | ০ |
| মুঠ | | | ৫২৯ | –১৩ |
| উৎস EIC |
ভাৰতৰ নিৰ্বাচন |
|---|
| | সাধাৰণ নিৰ্বাচন | | |
|---|
|
|
|---|
| | সংবিধান | | |
|---|
| | কাৰ্যনিৰ্বাহক | |
|---|
| | বিধায়িকা | |
|---|
| | ন্যায়পালিকা | |
|---|
|