সমললৈ যাওক

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (কাৰিকৰী)

বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় আলোচনা
প্ৰস্তাৱসমূহ আলোচনা পৌনঃপুনিক প্ৰস্তাৱসমূহ

টোকা: নিষ্ক্ৰিয় আলোচনাসমূহ, শেষ হওক বা নহওক, আৰ্কাইভ ক’ৰা হ’ব
আৰ্কাইভআলোচনাসম্পাদনাইতিহাসপ্ৰদৰ্শন



সংৰক্ষিত পাঠ

সংৰক্ষিত পাঠ ১
সংৰক্ষিত পাঠ ২
সংৰক্ষিত পাঠ ৩ (২০২০-২০২৪)

সাময়িকভাৱে সাল-সলনি কৰিবলগীয়া পৃষ্ঠাসমূহৰ নিৰীক্ষণ

[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াত এনে বহুতো পৃষ্ঠা আছে যাৰ তথ্য সময়ে সময়ে সলনি কৰি থকাৰ প্ৰয়োজন, যেনে জীৱিত ব্যক্তি, কোনো দেশৰ জনগাঁথনি, বৈজ্ঞানিক অনুসন্ধান, দীঘলীয়া সামাজিক পৰিঘটনা যেনে যুদ্ধ, আন্দোলন ইত্যাদিৰ ওপৰত লিখা প্ৰবন্ধ।

যিহেতু এনে পৃষ্ঠাৰ সংখ্যা বহুত আৰু অসমীয়া ৱিকিপিডিয়ানসকলৰ সংখ্যা সীমিত, এনে পৃষ্ঠাসমূহৰ ওপৰত অনানুষ্ঠানিকভাৱে চকু ৰখা, আৰু কোন পৃষ্ঠা কেতিয়া সলনি কৰিব লাগে সেই কথা মনত ৰখা কঠিন। সেয়ে, এনে বহু প্ৰবন্ধ সৃষ্টি কৰাৰ পাছত বিশেষভাৱে সলনি কৰা নহয়, আৰু পাঠকে কেইবাবছৰ পুৰণি তথ্যহে পঢ়িবলৈ পায়।

মই এটি সাঁচ তৈয়াৰ কৰি চাইছোঁ: সাঁচ:সাময়িক সংশোধনৰ প্ৰয়োজন। এই সাঁচ কোনো পৃষ্ঠাত যোগ কৰিলে:

  1. পৃষ্ঠাখনত এই কথা স্পষ্ট কৰা হয় যে প্ৰবন্ধটোত থকা তথ্য শেহতীয়াকৈ কেতিয়া পৰীক্ষা কৰা হৈছিল। ই পাঠকক অতি পুৰণি তথ্যৰ দ্বাৰা সৃষ্ট ভ্ৰান্তিৰ পৰা ৰক্ষা কৰিব
  2. সাঁচ লগোৱা পৃষ্ঠাসমূহ দুটা শ্ৰেণী পৃষ্ঠাত দেখা যাব: এবছৰতকৈও আগত তথ্য পৰীক্ষা কৰা পৃষ্ঠা ইয়াত যাব আৰু যোৱা এবছৰৰ ভিতৰত নীৰিক্ষণ কৰা পৃষ্ঠাসমূহ ইয়াত যাব
  3. সাঁচত ব্যৱহৃত তাৰিখ অনুযায়ী স্বয়ংক্ৰিয়ভাৱে পৃষ্ঠা দুয়োৰে মাজত এটা শ্ৰেণীত অন্তৰ্ভুক্ত হ'ব। উদাহৰণ স্বৰূপে, আজিৰ পৰা ৩ মাহ আগতে নিৰীক্ষণ কৰা পৃষ্ঠাৰ আজিৰ পৰা ৯ মাহ পাছত নিজে নিজেই শ্ৰেণী সলনি হৈ যাব।

সম্পাদসকলে মাজে মাজে শ্ৰেণী:সাময়িক সংশোধন—১ বছৰতকৈ আগৰ পৃষ্ঠাখন চাই থাকিলে, কি কি পৃষ্ঠাত সংশোধনৰ প্ৰয়োজন, সেই কথা সহজে জানিব পাৰিব

কিছু স্পষ্টীকৰণ

[সম্পাদনা কৰক]
  1. "{ { recent } }" বুলি টেগ এটা আছে, কিন্তু সেয়া কেৱল সদ্যঘটিত ঘটনাৰ বাবেহে। নিৰন্তৰভাৱে/ দীঘলীয়া সময়ৰ বাবে, সাময়িকভাৱে সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠাৰ সংখ্যা সদ্যঘটিত ঘটনাৰ পৃষ্ঠাতকৈ বহুত অধিক, আৰু এনে পৃষ্ঠাত recent টেগ ব্যৱহাৰ নহয়। recent টেগে ন-পুৰণি হিচাপে শ্ৰেণীকৰণো নকৰে, যিহেতু সেই টেগ মাথো নতুন পৃষ্ঠাৰ বাবেহে।
  2. "{ { update } }" বুলি এটা টেগ আছে ইংৰাজী ৱিকিপিডিয়াত। সেই টেগ এনে পৃষ্ঠাত লগোৱা হয় যি পৃষ্ঠাৰ তথ্য পুৰণি হৈছে আৰু সংশোধনৰ প্ৰয়োজন। তাৰ বিপৰীতে, প্ৰস্তাৱিত সাঁচ:সাময়িক সংশোধনৰ প্ৰয়োজন টেগ কেৱল বৰ্তমান সংশোধনৰ প্ৰয়োজন থকা পৃষ্ঠাত লগোৱা নহয়: ই এনে সকলো পৃষ্ঠাত লগোৱা হ'ব যি বৰ্তমানে, বা ভৱিষ্যতে সংশোধন কৰিবলগীয় হ'ব পাৰে। তাৰ পাছত, কি কি পৃষ্ঠাত সংশোধন লাগে সেয়া স্বয়ংক্ৰিয়ভাৱে শ্ৰেণী:সাময়িক সংশোধন—১ বছৰতকৈ আগৰ পৃষ্ঠাত অন্তৰ্ভুক্ত হ'ব। যিহেতু অসমীয়া ৱিকিপিডিয়াৰ সদস্যৰ সংখ্যা ইংৰাজীতকৈ কম, এনে কৰিলে সুবিধা হ'ব বুলি ভাবোঁ।
  3. এই নতুন সাঁচত সম্পাদকে নিজেই এটা তাৰিখ যোগ কৰিব লাগে, আৰু সেই তাৰিখ প্ৰবন্ধটোৰ শেহতীয়া সম্পাদনাৰ তাৰিখ নহ'বও পাৰে, যিহেতু শেহতীয়া সম্পাদনাত প্ৰায়বোৰ পুৰণি তথ্য update কৰা নহ'বও পাৰে। তেনে সম্পাদনাঅ গণ্য কৰা অনুচিত। সেয়ে, সম্পাদকে নিজেই স্পষ্টভাৱে এই সাঁচত জনাব পাৰে যে শেহতীয়কৈ কেতিয়া পৃষ্ঠাখনৰ প্ৰায় মুখ্য তথ্য পৰীক্ষা কৰা হৈছিল।
  4. মই ইতিমধ্যে, সাঁচটো পৰীক্ষা কৰি চাবলৈ, চাৰিটা প্ৰবন্ধত এই সাঁচ লগাই চাইছোঁ। সেই প্ৰবন্ধকেইটা চায় সাঁচটোৰ প্ৰয়োগ কেনেদৰে কৰাৰ কথা ভাবিছোঁ, সেই কথা অনুমান কৰিব পৰা যায়।
  1. এই সাঁচৰ কাম তেতিয়াহে সিদ্ধি হ'ব যেতিয়া ই ভালেসংখ্যক তেনে পৃষ্ঠাত ব্যৱহাৰ কৰা হয়। সেয়ে, য'দি অসমীয়া ৱিকিপিডিয়া সমাজে এই সাঁচ বহুলভাৱে ব্যৱহাৰ কৰা প্ৰয়োজন আছে বুলি ভাবে, তেতিয়াহে এই সাঁচ ৰাখিব লাগে, যিহেতু সকলোৱে পুৰণি বা নিজে নতুনকৈ সৃষ্টি কৰা প্ৰষ্ঠাত এই সাঁচ ব্যৱহাৰ কৰিলেহে তালিকাখন চাই থকা সম্পাদকসকলে জানিব পাৰিব যে সেই পৃষ্ঠাত সংশোধনৰ প্ৰয়োজন। অনুগ্ৰহ কৰি এনে কৰাৰ প্ৰয়োজন আপোনালোকে যথেষ্ট আছে বুলি ভাবে নে নাভাবে, সেই কথা জনায় যেন।
  2. যদি এই সাঁচৰ প্ৰয়োজনীয়তা আছে বুলি ভাবে, তেন্তে কিছুমান কথা নিৰ্ণয় কৰাৰ প্ৰয়োজন:
    1. এই সাঁচত কি লিখা উচিত? বৰ্তমান মই place-holder হিচাপে দুশাৰী লিখি থৈছোঁ। যদি কোনোৱে তাতকৈ স্পষ্টভাৱে সাঁচটোৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, সেয়া বৰ ভাল হ'ব।
    2. সাঁচটো কোনো পৃষ্ঠাৰ কোন অংশত লগালে ভাল হ'ব? যিহেতু এই সাঁচ এক বৃহৎ সংখ্যক পৃষ্ঠাত লগাবলগীয়া হ'ব পাৰে, ইমানকেইটা পৃষ্ঠাৰ ওপৰৰ অংশতে দীঘলীয় সাঁচ ৰাখিলে সম্ভৱতঃ দেখিবলৈ বেয়া লাগিব। কিন্তু একেবাৰে তলত লগালে পাঠকে পঢ়িব নোৱাৰিব। সাঁচটো সৰু ৰাখিব পৰা যায়, বা কিবা উপায়েৰে info-boxৰ দৰে সোঁফালে, সম্ভৱতঃ সৰুকৈ এটি বক্স info-boxৰ ঠিক ওপৰত। আপোনালোকে কি ভাবে জনায়
    3. বৰ্তমানে সাঁচটোত ব্যৱহৃত "date" ইংৰাজীত YYYY-MM-DD বা YYYY-MM, নতুন কোনোবাই সাঁচটো ব্যৱহাৰ কৰিবলৈ শিকোঁতে এই কথা কেনেকৈ ভালদৰে বুজাব পৰা যায়? আৰু অসমীয়া সংখ্যা ব্যৱহাৰ কৰাৰ কিবা উপায় আছে নেকি, যাতে স্বয়ংক্ৰিয় শ্ৰেণীকৰণো সঠিকভাৱে হৈ যায় আৰু সংখ্যা অসমীয়া লিপিতে থাকে?
  3. নতুন সদস্যসকলৰ বাবে কৰ্মশালাত, বা অন্য মাধ্যমেৰে, হয়টো তেওঁলোকক শ্ৰেণী:সাময়িক সংশোধন—১ বছৰতকৈ আগৰত থকা পৃষ্ঠাসমূহ আৰম্ভণিতে সংশোধন কৰিবলৈ (সম্ভৱতঃ অভ্যাস হিচাপে) দিলে অসমীয়া ৱিকিপিডিয়া ভালেমান up-to-date হৈ থাকিব। বা, মাজে মাজে, পোখালি বিস্তাৰৰ দৰে এনে outdated পৃষ্ঠাসমূহ সংশোধন কৰা প্ৰতিযোগিতাও হয়টো অনুষ্ঠিত কৰিব পৰা যায়। এই বিষয়েও মতামত জনায় যেন।

IKHazarika (বাৰ্তা) 19:55, 11 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

মন্তব্য

[সম্পাদনা কৰক]
  1. একমত হানিফ আলী (বাৰ্তা) 02:52, 12 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  2. একমত, লগতে তাৰিখবোৰ অসমীয়াত প্ৰদৰ্শন কৰা কৰি দিয়া হ’ল৷ -দিব্য দত্ত (বাৰ্তা) 14:21, 12 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
    ধন্যবাদ! লগতে সাঁচ:সাময়িক সংশোধনৰ প্ৰয়োজন আৰু সাঁচ:সাময়িক সংশোধন দুটা সাঁচ দেখিলোঁ। দুয়োটা সংযোজিত নেকি/ দুয়োৰে যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল নেকি? IKHazarika (বাৰ্তা) 20:11, 13 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
    পিছৰটো পৰীক্ষামূলক, অলপ সহজ কৰিব পাৰি নেকি চাইছোঁ৷ দিব্য দত্ত (বাৰ্তা) 14:08, 14 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
    বুজিছো। ধন্যবাদ 🙏 IKHazarika (বাৰ্তা) 16:26, 14 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  3. Pranamikaadhikary (বাৰ্তা) 14:50, 12 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
  4. ভাল কথা। এনে নৱীকৰণ কৰিবলগীয়া প্ৰবন্ধবোৰক লৈ ১৫ দিনীয়া এটা আনুষ্ঠানিক/অনানুষ্ঠানিক এডিটাথন পাতিব পাৰি। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 08:25, 13 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
    @Gitartha.bordoloiদাৰ প্ৰস্তাৱটো ভাল পাইছোঁ। Nayan j Nath (বাৰ্তা) 05:41, 14 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক
    হয়! ভাল প্ৰস্তাৱ! IKHazarika (বাৰ্তা) 05:49, 14 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক