ভীমসেন জোশী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Bhimsen Joshiৰ পৰা পুনঃনিৰ্দেশিত)
ভীমসেন যোশী
প্ৰাথমিক তথ্য
জন্মৰ নাম ভীমসেন গুৰুৰাজ যোশী
জন্ম ৪ ফেব্ৰুৱাৰী, ১৯২২
ৰণ, কৰ্ণাটক, ভাৰত
মৃত্যু ২৪ জানুৱাৰী, ২০১১ (৮৮ বছৰ)
পুনে, মহাৰাষ্ট্ৰ, ভাৰত
সংগীতৰ প্ৰকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীত
পেচা হিন্দুস্তানী শাস্ত্ৰীয় সংগীত, ভজন (কন্নড়, মাৰাঠী আৰু হিন্দী)
কাৰ্যকাল ১৯৪১-২০০০

পণ্ডিত ভীমসেন যোশী (ইংৰাজী: Bhimsen Joshi;[1] জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰিও তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।

ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭২ চনত পদ্মশ্ৰী, ১৯৭৫ চনত সংগীত নাটক অকাডেমি আৰু ১৯৮৫ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ১৯৯৮ তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে।[2] ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।[3] তেওঁ হিন্দী, কন্নড়, মাৰাঠীৰ দৰে একাধিক ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]