সমললৈ যাওক

জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড
১৯১৯ চনৰ জালিয়ানাৱালাবাগ। হত্যাকাণ্ডৰ এমাহ পিছত তোলা
১৯১৯ চনৰ জালিয়ানাৱালাবাগ, হত্যাকাণ্ডৰ এমাহ পিছত তোলা ফটো
স্থান অমৃতসৰ, পঞ্জাব, ব্ৰিটিছ ভাৰত
স্থানাংক 31°37′13.87″N 74°52′49.55″E / 31.6205194°N 74.8804306°E / 31.6205194; 74.8804306স্থানাংক: 31°37′13.87″N 74°52′49.55″E / 31.6205194°N 74.8804306°E / 31.6205194; 74.8804306
তাৰিখ ১৩ এপ্ৰিল ১৯১৯; ১০৫ বছৰ আগত (1919-04-13)
আবেলিৰ ৫:৩৭ বজা (ভামাস)
লক্ষ্য অমৃতসৰ জালিয়ানাৱালাবাগত গোট খোৱা অহিংস প্ৰতিবাদকাৰী জনতা আৰু বৈচাখী উৎসৱৰ বাবে অহা তীৰ্থযাত্ৰী
আক্ৰমণৰ প্ৰকাৰ নৰসংহাৰ
অস্ত্ৰ লী-এনফিল্ড ৰাইফল
নিহত ৩৭৯-১,৬০০[উদ্ধৃতিৰ প্ৰয়োজন][1]
আহত ~ ১,১১৫
আক্ৰমণকাৰী Riflemen of the 2nd/9th Gurkha Rifles, the 54th Sikhs and the 59th Sind Rifles, British India Army
অংশগ্ৰহণকাৰীৰ সংখ্যা ৫০

জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড বা অমৃতসৰ হত্যাকাণ্ড ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ অন্যতম কুখ্যাত গণহত্যা। ১৯১৯ চনৰ ১৩ এপ্ৰিল তাৰিখে অবিভক্ত ভাৰতৰ পঞ্জাব প্ৰদেশৰ অমৃতসৰ চহৰত ইংৰাজ সেনানায়ক ব্ৰিগেডিয়াৰ ৰেগিনাল্ড ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিল। এই চহৰৰ জালিয়ানাৱালাবাগ নামৰ এখন উদ্যানত সমবেত নীৰস্ত্ৰ জনগণৰ ওপৰত গুলিবৰ্ষণ কৰা হৈছিল। এই হত্যাকাণ্ড প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজ চৰকাৰে দিয়া "নাইটহুড" উপাধি ত্যাগ কৰিছিল।

১৭৫৭ চনত ভাৰতবৰ্ষ চিৰকালৰ বাবে ইংৰাজ শাসনৰ অধীনলৈ আহে। শাসনৰ এক পৰ্যায়ত ঊনবিংশ শতাব্দীৰ প্ৰথমৰ পৰাই ভাৰতৰ উদীয়মান ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ মাজত স্বায়ত্তশাসন আৰু স্বাধীনতাৰ আকাঙ্ক্ষা জাগি উঠে। এই আকাঙ্ক্ষাৰ সংহত ৰূপ প্ৰকাশ পায় ১৮৮৫ চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ মাধ্যমেৰে। প্ৰথমতে এই ৰাজনৈতিক দলৰ লক্ষ্য আছিল ইংৰাজ শাসনততে থাকি ন্যায়বিচাৰ আৰু স্বায়ত্তশাসন লাভ। কিন্তু ইংৰাজ চৰকাৰে এই দাবী মানি লোৱা নাছিল। ইংৰাজৰ যুক্তি আছিল ভাৰতবৰ্ষ স্বায়ত্তশাসনৰ উপযুক্ত নহয়। কিন্তু ভাৰতত এই ধৰণৰ চিন্তাধাৰাৰ প্ৰসাৰ ঘটি থাকে। ধীৰে ধীৰে দেশৰ অনেক স্থানত ৰেল যোগাযোগ প্ৰতিষ্ঠিত হয়, এসময়ত টেলিগ্ৰাফ তাঁৰো বহোৱা হয়। কিছুমান কল-কাৰখানাও স্থাপিত হয়, মূলতঃ কাপোৰৰ কাৰখানাই প্ৰাধান্য বিস্তাৰ কৰিছিল। আন্তৰ্জাতিক বিভিন্ন ঘটনাৰ প্ৰভাৱো ইয়াত পৰিলক্ষিত হয়। ১৯০৫ চনত ৰাছিয়াৰ দৰে বৃহৎ শক্তি ক্ষুদ্ৰ এছীয় শক্তি জাপানৰ হাতত ৰুছ-জাপান যুদ্ধত পৰাজিত হয়। একে সময়তে ৰাছিয়াৰ স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আন্দোলনৰ গঢ়ি উঠে। ধনতান্ত্ৰিক দেশসমূহত অৰ্থনৈতিক সংকট আৰম্ভ হোৱাত এছিয়া আৰু আফ্ৰিকাৰ অনুন্নত দেশসমূহ দখল কৰি নিজৰ মাজত বণ্টন কৰি নিয়াৰ বাবে উন্নত দেশসমূহৰ মাজত প্ৰতিযোগিতা আৰম্ভ হয়। ইয়াৰ ফলতে ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল। এই যুদ্ধত জাৰ্মানি ইংলেণ্ড তথা মিত্ৰবাহিনীৰ হাতত পৰাস্ত হয়। যুদ্ধলৈ ব্ৰিটিছে ভাৰতীয় সেনাবাহিনীও নিছিল। ইংৰাজ চৰকাৰ প্ৰতিশ্ৰুতি দিছিল, যুদ্ধত অংশ ললে পৰাধীন দেশসমূহক স্বায়ত্তশাসন প্ৰদান কৰা হ’ব। এই কথাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰদূত মহাত্মা গান্ধীসহ অনেকেই যুদ্ধত যোগ দিবলৈ আৰু যুদ্ধত ভাৰতবাসীক উৎসাহিত কৰিছিল।

১৯১৯ চনত যুদ্ধ শেষ হয়। কিন্তু ইংৰাজ চৰকাৰৰ নীতিত কোনো ধৰণৰ পৰিবৰ্তন দেখা নগল। যিসকলে সৈন্য যুদ্ধত অংশ লৈছিল এসময়ত তেওঁলোকক বৰ্সাস্ত কৰি নিজ নিজ গাঁৱলৈ পঠিয়াই দিয়া হয়। অৰ্থনৈতিক মণ্ডা আৰু দুৰ্ভিক্ষই দেখা দিয়ে। ইনফ্লুৱেঞ্জা মহামাৰিত এক কোটিৰো অধিক মানুহ মৃত্যুমুখত পৰে। ভাৰতবাসীৰ মনত সন্দেহ ঘনীভূত হয়। এই সন্দেহৰ পৰাই ক্ষোভ আৰু ইংৰাজ বিৰোধী মনোভাৱৰ সূচনা ঘটে। এসময়ত ইংৰাজ চৰকাৰ এফালে যেনেকৈ মণ্টেগু-চেমছফোৰ্ড শাসন সংস্কাৰ আইন কৰি তেওঁলোকক শান্ত কৰাৰ চেষ্টা কৰে আনফালে ৰাওলাট আইনৰ দ্বাৰা চৰকাৰ বিৰোধী সকলো বিক্ষোভ কঠোৰ হাতেৰে দমনৰ বাবে নিৰ্যাতনমূলক আইন জনগণৰ ওপৰত জাপি দিয়ে। এই আইনৰ অধীনত বিনা কাৰণে গ্ৰেপ্তাৰ, অন্তৰীন আৰু সংক্ষিপ্ত সাক্ষ্য প্ৰমাণহীন বিচাৰ আৰু বন্দীত্বৰ বেপেৰোয়া পদক্ষেপ গৃহীত হয়। মহাত্মা গান্ধী তেতিয়া অহিংস আৰু সত্যাগ্ৰহ তথা ৰক্তপাতহীন আন্দোলনৰ মাধ্যমেৰে ইয়াৰ প্ৰতিবাদৰ আয়োজন কৰে। এই চনৰ এপ্ৰিল মাহৰ প্ৰথম ফালে পঞ্জাব যোৱাৰ পথত গান্ধীজিক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ প্ৰতিবাদত আহমেদাবাদৰ শিল্প শ্ৰমিক আৰু পঞ্জাবৰ সাধাৰণ জনগণ বিক্ষুব্ধ হৈ উঠে। চৰকাৰে গান্ধীক মুক্তি দিবলৈ বাধ্য হয়। ইয়াৰ পিছতো বিক্ষোভ নকমে। ধৰ্মঘট আৰু বিক্ষোভৰ লক্ষ্য হয় চৰকাৰী দপ্তৰ আৰু যানবাহন। বগা চালৰ ইউৰোপীয় কৰ্মকৰ্তা আৰু অধিবাসীৰ ওপৰতো ভাৰতীয় ক্ষুব্ধ হৈ উঠে। তেওঁলোকৰ ওপৰতো আক্ৰমণ কৰা হয়। এপ্ৰিলৰ ১৩ তাৰিখে দুজন ৰাজনৈতিক নেতাক অমৃতসৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পটভূমিতেই হত্যাকাণ্ডৰ পৰিৱেশ সৃষ্টি হৈছিল বুলি কোৱা হয়।

হত্যাকাণ্ড

[সম্পাদনা কৰক]

হত্যাকাণ্ড সম্পৰ্কে ১৪ এপ্ৰিল, ১৯১৯ তাৰিখে দিয়া ডায়াৰৰ নিজেৰ মন্তব্য মতে ১৩ এপ্ৰিলত ১০০ জন গুৰ্খা সৈন্য আৰু ২খন বৰটোপৰ গাড়ী লৈ ডায়াৰৰ নিৰ্দেশত জালিয়ানাৱালাবাগত ২০০০ মান "বিদ্ৰোহীক" হতাহত কৰা হৈছিল। আৰু এই কামত খৰচ হৈছিল ১৬৫০ ৰাউণ্ড গুলি।[2] উদ্যানৰ মাজত থকা কুঁৱাত পাথৰ পেলাই কিছু মানুহকে জীবন্তে পুতি পেলোৱা হৈছিল।

প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

জালিয়ানাৱালাবাগৰ ভয়ানক আৰু মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনাই ব্ৰিটিছ শাসনৰ প্ৰকৃত নগ্ন স্বৰূপৰ প্ৰকাশ ঘটিছিল। চৰকাৰে জেনেৰেল ডায়াৰৰ কামক সমৰ্থন কৰিছিল, কিন্তু এই হত্যাকাণ্ডৰ ঘটনাত সমগ্ৰ বিশ্ব শিহৰিত হৈছিল। দেশে-বিদেশে সৰ্বত্ৰ চৰকাৰৰ নগ্ন অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ উঠিছিল। জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ ঘটনাৰ প্ৰতিবাদত দেশৰ সৰ্বত্ৰে ঘৃণা আৰু ক্ষোভ বৃদ্ধি পাইছিল। সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে কৈছিল যে, "এই হত্যাকাণ্ডৰ ঘটনাত ভাৰতত যি মহাযুদ্ধৰ অগনি জ্বলিছে, সি উত্তৰ, দক্ষিণ,পূৰ্ব আৰু পশ্চিমলৈ প্ৰসাৰিত হৈ সকলোৰে হৃদয় আন্দোলিত কৰিছিল। " জালিয়ানাৱালাবাগৰ ঘৃণ্য আৰু বৰ্বৰোচিত হত্যাকাণ্ডৰ প্ৰতিবাদ জনাই ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা "নাইট" উপাধি ত্যাগ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এই ঘটনাৰ তীব্ৰ নিন্দা কৰে; কংগ্ৰেছ নেতা ছি.এফ.এণ্ডুজে এই ঘটনাক 'কচাইখানাৰ গণহত্যাৰ' সমতুল্য বুলি নিন্দা কৰিছিল।

ভবিষ্যৎ ফল

[সম্পাদনা কৰক]

গুজৰানোৱালাৰ বিক্ষোভ

[সম্পাদনা কৰক]

এই হত্যাকাণ্ডৰ দুদিন পিছত, ১৫ এপ্ৰিলত, ইয়াৰ প্ৰতিবাদত গুজৰানোৱালাত বিক্ষোভ সংঘটিত হয়। বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে পুলিচ আৰু বিমান ব্যবহাৰ কৰা হয়, ইয়াৰ ফলত ১২ জন লোকৰ মৃত্যু হয় আৰু ২৭ জন আহত হয়। ভাৰতৰ ৰয়েল এয়াৰ ফৰ্চ অফিচাৰ কমাণ্ডিং ব্ৰিগেডিয়াৰ জেনেৰেল এন. ডি. কে. মেকুইনে পিছত বিবৃতি দিছিল:

আমি মন কৰিছিলোঁ পিছৰ বিক্ষোভসমূহত বিশেষভাৱে গুজৰাৱালাৰ বিক্ষোভৰ সময়ত আমক ব্যাপক ভাবে ব্যবহাৰ কৰা কথা উল্লেখযোগ্যভাবে দাবী কৰিব পাৰি, এই স্থানসমূহত বিক্ষোভকাৰীসকলক বিপদজ্জনক ভাৱে ব্যৱহাৰ কৰা হৈছিল আৰু বোমা আৰু লুইছ বন্দুক ব্যৱহাৰ কৰা হৈছিল।[3]

স্মৃতিস্তম্ভসমূহ আৰু উত্তৰাধিকাৰ

[সম্পাদনা কৰক]
বৰ্তমান জালিয়ানাৱালাবাগ এলেকাত সংৰক্ষিত দেৱালত দৃশ্যমান গুলিৰ চিহ্ন

ভাৰতীয় জাতীয় কংগ্ৰেছ কৰ্তৃক এটি ৰিজ'লিউচন পাছ হোৱাৰ পিছত ১৯২০ চনত এটা স্মাৰক নিৰ্মাণৰ বাবে এটা ট্ৰাষ্ট প্ৰতিষ্ঠিত হয়। ১৯২৩ চনত ট্ৰাষ্টে এই প্ৰকল্পৰ বাবে ভূমি ক্ৰয় কৰে। আমেৰিকাৰ বেঞ্জামিন পোলকৰ দ্বাৰা পৰিকল্পিত এটি স্মাৰক, এই স্থানত নিৰ্মিত হৈছিল আৰু ১৯৬১ চনৰ ১৩ এপ্ৰিলত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ইয়াৰ উদ্বোধন কৰিছিল জৱাহৰলাল নেহৰু আৰু অন্যান্য নেতাসকলৰ উপস্থিতিত। পিছত এটি শিখা উক্ত স্থানত সংযোগ কৰা হৈছিল।

বুলেট বা গুলিৰ চিহ্ন দেৱাল আৰু কাষৰ ঘৰসমূহত আজিও দেখা পোৱা যায়। বেছিভাগ মানুহে বুলেটৰ পৰা নিজকে বচোৱাৰ চেষ্টা কৰি উদ্যানৰ মাজত থকা এটা কুঁৱাত জাপ দিছিল।

জালিয়ানাৱালাবাগ হত্যাকাণ্ডৰ স্মৰণত নিৰ্মিত স্মৃতিসৌধৰ পেনোৰামা চিত্ৰ

দুখ প্ৰকাশ

[সম্পাদনা কৰক]

১৯৬১ আৰু ১৯৮৩ চনৰ পৰিদৰ্শনত ৰাণী এলিজাবেথে এই বিষয়ে কোনো মন্তব্য কৰা নাছিল, তথাপি তেওঁ ১৩ অক্টোবৰ ১৯৯৭ চনত ভাৰতৰ ৰাষ্ট্ৰীয় ভোজসভাত ঘটনা সম্পৰ্কে বক্তব্য ৰাখিছিল:[4]

এয়া আমাৰ বাবে কোনো গোপনীয় বিষয় নহয়, এয়া অতীতৰ কিছু জঘন্য ঘটনাৰ কথা - জালিয়ানাৱালাবাগ, যাক আমি আগন্তুক সময়ত পৰিদৰ্শন কৰিম, এয়া এটি দুঃশ্চিন্তাৰ উদাহৰণ। কিন্তু ইতিহাস পুনৰ্বিবেচনা কৰা নাযায়, তথাপি আমি কেতিয়াবা কেতিয়াবা ইয়াৰ পৰা উপকৃতও হঁও। এয়া বিষাদৰ মুহূৰ্ত, ইয়াৰ লগত আনন্দও আছে। আমি দুখৰ পৰা শিকিব লাগে আৰু আনন্দ গঢ়ি তুলিব লাগে।[4]

১৯৯৭ চনৰ ১৪ অক্টোবৰত ৰাণী এলিজাবেথ (দ্বিতীয়) জালিয়ানাৱালা বাগ পৰিদৰ্শন কৰে আৰু ৩০ ছেকেণ্ডৰ নীৰৱতা অৱলম্বন কৰি তাত সম্মান প্ৰদৰ্শন কৰে। পৰিদৰ্শনকালত, তেওঁ গোলাপী ৰঙৰ এক বিশেষ পোছাক পিন্ধিছিল, যি শিখ ধৰ্মীয় গুৰুত্বৰ বাৰ্তা আছিল।[4] স্মৃতিস্তম্ভ পৰিদৰ্শনৰ সময়ত তেওঁ নিজৰ জোতা খুলি পেলাইছিল আৰু স্মৃতিস্তম্ভত এক জয়মালা প্ৰদান কৰিছিল।[4]

যদিও কিছু ভাৰতীয়ই তেওঁৰ বিবৃতিক দুখ আৰু দুখ প্ৰকাশৰ বাবে স্বাগতম জনাইছিল, অন্য কিছুমানে ক্ষমা নিবিচৰাৰ কাৰণে সমালোচনা কৰিছিল। ভাৰতৰ তৎকালীন প্ৰধানমন্ত্ৰী ইন্দৰ কুমাৰ গুজৰালে ৰানীৰ সম্পৰ্কে কৈছিল যে, ৰাণী নিজেও ঘটনাৰ সময়ত জন্মগ্ৰহণ কৰা নাছিল আৰু তেওঁক ক্ষমা কৰাৰ প্ৰয়োজন নাই।[4]

মাইকেল ও'ডায়াৰৰ মৃত্যু

[সম্পাদনা কৰক]

ডায়াৰে তেওঁৰ বিৰুদ্ধে হোৱা চক্ৰান্তৰ কথা জানিব পাৰি আত্মহত্যা কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]