অসমৰ বৃত্তিয়াল সম্প্ৰদায়সমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

পুৰণি অসমত প্ৰাপ্ত বিভিন্ন অভিলেখ আৰু পুথি-পাঁজিৰ সহায়ত অসম ভূখণ্ডত বসবাস কৰা বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়ৰ বিষয়ে ধাৰণা এটা কৰিব পাৰি ৷


বিভিন্ন বৃত্তিয়াল সম্প্ৰদায়সমূহ
মাছমৰীয়া

ব্ৰাহ্মণ[সম্পাদনা কৰক]

লিপিসমূহে প্ৰমাণ দিয়ে যে ব্ৰাহ্মণসকল তেওঁলোকৰ বেদশাখা, গোত্ৰ তথা প্ৰবৰৰ ওপৰত প্ৰতিষ্ঠিত আছিল ৷ বনমাল বৰ্মাৰ তেজপুৰ শাসনত শাণ্ডিল্য গোত্ৰৰ, বলবৰ্মাৰ নগাঁও শাসনত কপিল গোত্ৰৰ কন্বশাখাৰ, বৰাগাঁও দানলিপিত পৰাশৰ গোত্ৰৰ, ৰত্নপালৰ শুৱালকুছি দানপত্ৰত ভৰদ্বাজ গোত্ৰৰ আৰু ইন্দ্ৰপালৰ শুৱালকুছি তাম্ৰশাসনত কাশ্যপ গোত্ৰৰ ব্ৰাহ্মণৰ উল্লেখ আছে৷[1]


অন্যান্য সম্প্ৰদায়সমূহ[সম্পাদনা কৰক]

পুৰণি প্ৰাগজ্যোতিষৰ অভিলেখমালাত কৰণ, কায়স্থ, দৈৱজ্ঞ আৰু লেখক- এই বৃত্তিয়াল সম্প্ৰদায়ৰ নাম পোৱা যায় ৷ কৰণ, কায়স্থ আৰু লেখকসকলৰ বৃত্তিৰ মিল মন কৰিবলগীয়া ৷ প্ৰস্থান কলশ নামৰ বৈদ্য বিশেষে ৰচনা কৰা শুভংকৰ পাটক অভিলেখৰ বৈদ্যসকল পৰৱৰ্তী কালত ওজা ৰূপে পৰিচিত হ’ল ৷ লিপিমালাত কৈৱৰ্ত তথা মাছমৰীয়া সম্প্ৰদায়ৰ কথা উল্লেখ আছে৷[1] কুম্ভকাৰ (কুমাৰ) আৰু তন্তুবায় (তাঁতী) সম্প্ৰদায়ৰো উল্লেখ নথকা নহয় ৷ পুষ্পভদ্ৰা অভিলেখত উল্লিখিত হাড়ীৰ নাম পৰৱৰ্তী সাহিত্যতো পোৱা যায় ৷ ভাগৱত-পুৰাণৰ অনুবাদ কৰোঁতে মহাপুৰুষে উল্লেখ কৰা যবন কংক গোৱাল আৰু ৰজক তুৰুকৰ গোৱাল-ৰজক হ’ল বৃত্তিয়াল সম্প্ৰদায় ৷ শংকৰদেৱৰ লেখাতে কমাৰ, কুমাৰ, চমাৰ, চঁড়াল, নট, বণিয়া, সূতাৰ প্ৰভৃতিৰ উল্লেখ পোৱা যায় ৷ গুৰু-চৰিতসমূহত কাটনী, খৰীয়া, তাঁতী, ধোবা, নাপিত, শালৈ, হীৰা প্ৰভৃতি বৃত্তিয়াল লোকৰ নাম সঘনে উল্লিখিত হৈছে ৷ বুৰঞ্জীসমূহতো কমাৰ, কঁহাৰ, কাটনি, কাঠকটীয়া, খনিকৰ, গুণা কটীয়া, চমাৰ, জৰাধৰা, জোলা, তাঁতী, তেলী, দুলীয়া, ধোবা, নাপিত, পটীয়া, বাঢ়ৈ, বেজ, মৰীয়া, মালী, মুচীয়াৰ, লেখাৰু, শিলাকুটী, সোণাৰী, সোণোৱাল প্ৰভৃতি অগণন বৃত্তিয়াল লোকৰ নাম পোৱা যায়৷[1]




তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা নং- ২৩-২৪