আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰৰ মূল প্ৰৱেশদ্বাৰ
প্ৰতিষ্ঠা ১৯২৩
অৱস্থিতি তিতাবৰ, যোৰহাট জিলা
অসম, ভাৰতবৰ্ষ

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (ইংৰাজী: Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাতিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম ধান গৱেষণা কেন্দ্ৰ আছিল[1]। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰৰ ভৌগোলিক অৱস্থান হৈছে 90°11′ পূব দ্ৰাঘিমাংশ আৰু 26°55′ উত্তৰ অক্ষাংশ।[1] ই উজনিৰ ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ যোৰহাট জিলাৰ অসম কৃষি বিশ্ববিদ্যালয়পৰা দক্ষিণে প্ৰায় ২০ কিঃমিঃ দূৰত তিতাবৰত অৱস্থিত। ই সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৯০ মিটাৰ উচ্চতাত আছে।

জলবায়ু[সম্পাদনা কৰক]

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰৰ বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ২২৫০ মিঃমিঃ। গৱেষণা কেন্দ্ৰটো পলসুৱা বোকাময় মাটিৰে (clayloam) গঠিত।

চৌহদ[সম্পাদনা কৰক]

গৱেষণা কেন্দ্ৰটোৰ মুঠ মাটিকালি ৪৯.৫৯ হেক্টৰ। ৩৯.১৫ হেক্টৰ এলেকা ধান খেতিত আৰু ০.৩৮ হেক্টৰ মাটি শাক-পাচলি, ফল-মূলৰ খেতিত ব্যৱহাৰ কৰা হয়[1]

ইতিহাস[সম্পাদনা কৰক]

সমগ্ৰ অসমখনক ছটা কৃষি অঞ্চলত ভাগ কৰা হৈছে। ইয়াৰে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত ১৯২৩ চনত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ স্থাপন কৰা হৈছিল। ১৯৬৯ চনত, এই কেন্দ্ৰটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনলৈ আহে। ১৯৮৬ চনত, এই কেন্দ্ৰটো আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ নামেৰে নামাংকিত কৰা হয়।

অঞ্চলসমূহ[সম্পাদনা কৰক]

উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা, যোৰহাট জিলা আৰু গোলাঘাট জিলাৰ কৃষি অঞ্চলসমূহ ইয়াৰ অন্তৰ্গত।

সফলতাসমূহ[সম্পাদনা কৰক]

এই প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫৫ বিধ ধান উদ্ভাৱন কৰি উলিয়াইছে। ১৯৮৬ চনলৈকে ধানৰ উদ্ভাৱনৰ সংখ্যা ২০ বিধ আৰু ১৯৮৭-২০০৬ চনৰ ভিতৰত ধানৰ উদ্ভাৱনৰ সংখ্যা ৩৩ বিধ[1]

বিভাগসমূহ[সম্পাদনা কৰক]

এই প্ৰতিষ্ঠানটোত বৰ্তমান ৬টা বিভাগ আছে[1]

  • Plant breeding (উদ্ভিদ প্ৰজনন বিভাগ)
  • Agronomy (শস্যবিজ্ঞান বিভাগ)
  • Soil science (ভূবিজ্ঞান বিভাগ)
  • Plant pathology (উদ্ভিদ ৰোগ বিভাগ)
  • Entomology (পতংগতত্ব বিভাগ)
  • Plant physiology (উদ্ভিদ শৰীৰতত্ব বিভগ)

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংযোগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]