কোলাহল (চলচ্চিত্ৰ)
কোলাহল | |
---|---|
পৰিচালক | ভবেন্দ্ৰনাথ শইকীয়া |
কাহিনী | ভবেন্দ্ৰনাথ শইকীয়া |
প্ৰযোজক | ভবেন্দ্ৰনাথ শইকীয়া |
অভিনয়ত | ৰুণু দেৱী ঠাকুৰ অৰুণ নাথ ইত্যাদি |
চিত্ৰগ্ৰহণকাৰী | কমল নায়ক |
সম্পাদনা | নিকুঞ্জ ভট্টাচাৰ্য |
সংগীত পৰিচালক | মুকুল বৰুৱা |
মুক্তি |
১৯৮৯ |
দৈৰ্ঘ্য |
১১৮ মিনিট |
দেশসমূহ | অসম, ভাৰত |
ভাষা | অসমীয়া |
কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়।[1] চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[2]
কাহিনী
[সম্পাদনা কৰক]ধানৰ বস্তা কঢ়িওৱা ট্ৰাকৰ পৰা ধান আনি মাকক যোগান ধৰা মোতিৰ ওপৰতেই মাক কিৰণ প্ৰায় নিৰ্ভৰশীল ৷ কিৰণৰ স্বামী কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰলৈ যায় ৷ পুৰষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে চকীদাৰ এজন, দাদা এজন ৷ তেনে এক পৰিৱেশৰ মাজতে এদিন ধানৰ বস্তাৰ তলত সোমাই মোতিৰ অকাল মৃত্যু হয়৷ কিৰণৰ মাতৃ-হৃদয় থানবান হৈ পৰে ৷ কিছুদিন পাছত খবৰ আহে, তেওঁৰ গিৰিয়েক বিনোদে অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লৈছে ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে ট্ৰাকৰ চাফাই কৰ্মী বাদল৷ তেওঁ কিৰণক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিয়া কৰাব বিচাৰে৷ জীৱনৰ এক চৰম দোদুল্যমান অৱস্থাত কিৰণে কি সিদ্ধান্ত লয় আৰু তেওঁৰ সেই সিদ্ধান্তটোত এৰি অহা জীৱনটোৱে কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী৷ [3]
অভিনয়ত
[সম্পাদনা কৰক]- ৰুণু দেৱী ঠাকুৰ
- অৰুণ নাথ
- বিভূ ৰঞ্জন চৌধুৰী
- বিদ্যুৎ চক্ৰৱৰ্তী
- অৰুণ গুহ ঠাকুৰতা
- দিলিপ বৰুৱা
- চেতনা দাস
- কৃষ্ণা দাস নাথ
- বকুল ঘোষ
- প্লাবন বৰদলৈ
- দিলিপ ৰঞ্জন দত্ত
- ইন্দু ভূষণ গগৈ
- আৰতি বৰুৱা
- প্ৰাণজিৎ দাস
- শ্ৰী কন্দলি
- জোৱান দত্ত
- নিৰেণ শৰ্মা
- চম্পক হাতীবৰুৱা
- টুটু
- ৰূপক শৰ্মা
- মিতু ৰূপক শৰ্মা
- অমূল্য কাকতি
- আৰু আৱাহন থিয়েটাৰৰ অভিনয়শিল্পীসকল[1]
কলা-কুশলী
[সম্পাদনা কৰক]- প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰনাথ শইকীয়া
- মুখ্য সহ পৰিচালনা- অৰুণ গুহ ঠাকুৰতা
- সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, উৎপল দত্ত, সংগীতা শইকীয়া
- প্ৰযোজনা নিয়ন্ত্ৰণ- প্ৰীতি শইকীয়া, ইন্দু ভূষণ গগৈ
- সংগীত- মুকুল বৰুৱা
- চিত্ৰগ্ৰহণ- কমল নায়ক
- সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য
- শব্দগ্ৰহণ- পীয়ুষ কান্তি ৰয়, সতীশ চৌহান
- কলা নিৰ্দেশনা- ফটিক বৰুৱা, নুৰুদ্দিন আহমেদ
- সাজসজ্জা- সংগীতা শইকীয়া
- ৰূপসজ্জা- দেৱী হালদাৰ[1]
সন্মান
[সম্পাদনা কৰক]- ‘সামাজিক ৰীতি-নীতি আৰু জীয়াই থকাৰ বাসনাৰ মাজত অৱস্থানৰত এগৰাকী দুখুনী মহিলাৰ সংঘৰ্ষৰ সাহসী বিষয়’টোৰ বাবে কোলাহলক ১৯৮৮ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাহিনী-চিত্ৰৰ বঁটা প্ৰদান কৰা হয়৷ ছবিৰ পৰিচালক আৰু প্ৰযোজক হিচাপে ৰজত কমলৰ লগতে ড০ শইকীয়াই যথাক্ৰমে ১০,০০০ আৰু ২০,০০০ টকাৰ ধনৰাশি লাভ কৰে ৷ [3]
- ১৯৮৮ চনৰ 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।[1]
- ছিডনী, মিউনিখ, মস্কো, মণ্ট্ৰীল আৰু ট'ৰণ্ট'ৰ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।[1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 "Kolahal". Rupali Parda. http://www.rupaliparda.com/english/Kolahal.htm। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015.
- ↑ "Best Assamese Feature Film". Awards and Shows. http://www.awardsandshows.com/features/best-assamese-feature-film-570.html। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015.
- ↑ 3.0 3.1 "36th National Film Awards 1989". http://dff.nic.in/images/Documents/81_36thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 20 May 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কোলাহল (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
|
|