সমললৈ যাওক

মৌচাক (আলোচনী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মৌচাকৰ পৰা পুনঃনিৰ্দেশিত)
মৌচাক
সম্পাদক শান্তনু তামূলী
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক হেমকান্ত তামূলী[1]
প্ৰতিষ্ঠাপক শান্তনু তামূলী
দেশ ভাৰত
ভাষা অসমীয়া
ৱেবচাইট mouchaq.in

মৌচাক এখন শিশুসকলৰ বাবে প্ৰকাশিত অসমীয়া ভাষাত মাহেকীয়াভাৱে প্ৰকাশিত আলোচনী। মৌচাক আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৮৪ চনৰ এপ্ৰিল মাহত। প্ৰথম বছৰ একাদশ আৰু দ্বাদশ সংখ্যা দুটা একেলগে প্ৰকাশ হৈছিল। [2] প্ৰথম প্ৰকাশৰপৰা শান্তনু তামূলীয়ে মৌচাকৰ সম্পাদকৰ দায়িত্ব বহন কৰি আহিছে। এই আলোচনীখনে ২০২০ চনত ৩৬ বছৰত ভৰি দিছে। শিশুসকলক সমসাময়িক ঘটনাৰাজিৰ সৈতে পৰিচয় কৰি দিব পৰাকৈ, তেওঁলোকৰ মানসিক উত্তৰণ ঘটাব পৰাকৈ শিশুসকলৰ বাবে প্ৰকাশিত এখন উল্লেখযোগ্য আলোচনী।

নিয়মীয়া শিতানসমূহ

[সম্পাদনা কৰক]
  • অকণিৰ আইন-আদালত : আইন সম্পৰ্কীয় শিশু উপযোগী লেখা। (প্ৰসেনজিত্‍ কুমাৰ গোস্বামী)
  • ইংৰাজীত কথা পাতোঁ আহাঁ : কথিত ইংৰাজীৰ পাঠদান। (ড° কুতুবুদ্দিন আহমেদ)
  • হাঁহো আহা : কৌতুক।
  • চিনাকি : বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলৰ বাতৰি।
  • এণ্ডিখুৰাৰ সমিধান : মৌচাকৰ এটা উল্লেখযোগ্য শিতান হৈছে এণ্ডিখুৰাৰ সমিধান। ইয়াত ডা° নগেন দত্তই শিশুসকলৰ বাবে স্বাস্থ্য আৰু ৰোগ সম্পৰ্কে দিহা-পৰামৰ্শ আগবঢ়াইছিল। বৰ্তমান এই শিতানটোৰ সলনি ডা° পেহী আছেনে? নামৰ শিতানটো আৰম্ভ কৰা হৈছে।

ধাৰাবাহিক উপন্যাসসমূহ

[সম্পাদনা কৰক]

মৌচাকৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰপৰাই ইন্দ্ৰকান্ত কাৰ্কীৰ 'বগা ভালুক' নামৰ শিশু উপযোগী ৰহস্য উপন্যাস প্ৰকাশ পাইছিল।[3] পৰৱৰ্ত্তী বছৰবোৰত কাৰ্কীৰ 'ছৰজাইনৰ অতিথি', 'কাঠমাণ্ডু কাঠমাণ্ডু', 'জাল', 'চোৰধৰা যন্ত্ৰ', ভাৰতী বৰুৱাৰ 'সোণতকৈও দামী', প্ৰভাত গোস্বামীৰ 'ফুলচি গাঁৱত বাঘ', যতীন্দ্ৰকুমাৰ বৰগোঁহাইৰ 'পৃথিৱীৰ মৰম', সন্তোষ কুমাৰ কৰ্মকাৰৰ 'অংকৰে গঢ়া পৃথিৱী', 'অৰ্কৰ আৰাধনা', ৰঞ্জু হাজৰিকাৰ 'বৰফৰ ঘৰ', 'সিহঁতৰ হৃদয় নাই', 'এখন নতুন পৃথিৱী', 'জেচন', ৰাতুল শৰ্মাৰ 'পালিনে মজা! আৰু লাগে নেকি ৰজা?' আদি প্ৰকাশ পাইছিল। [4] [3]

অনুবাদ উপন্যাসৰ ভিতৰত এনিড ব্লাইটনৰ ফেমাছ ফাইভ ছিৰিজৰ 'Five On A Treasure Island' -ৰ প্ৰতিভা গোস্বামীয়ে কৰা অনুবাদ 'সোণতৰা চাপৰি', জুল ভাৰ্নৰ 'The Mysterious Island' -ৰ সমীক ভৰদ্বাজে কৰা অনুবাদ 'ৰহস্যময় দ্বীপ', জে কে ৰাউলিংৰ বিশ্ববিখ্যাত হেৰী পটাৰ ছিৰিজৰ গ্ৰন্থসমূহৰ কৰবী ডেকা হাজৰিকাই কৰা অনুবাদ ইয়াত প্ৰকাশ পাইছে। তাৰোপৰি চিকিৎসক তথা প্ৰকৃতিবিদ ৰবীন বেনাৰ্জীৰ প্ৰকৃতি বিষয়ক লেখাৰ অনুবাদ 'ৰবীন পখীৰ কাকলি', ৰথীন্দ্ৰনাথ গোস্বামীৰ 'বিদেশী বন্ধুৰ দেশত', শান্তনু তামূলীৰ 'কিংকিনীৰ বিদ্ৰোহ', 'ট'কিঅত তেৰদিন' আদি ভিন্নধৰ্মী ধাৰাবাহিক লেখাও ইয়াত প্ৰকাশিত হৈছিল।

ডিজিটেল সংৰক্ষণ

[সম্পাদনা কৰক]

কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত শিশু আলোচনী মৌচাক আৰু একেলগে একে উৎসৰ পৰা প্ৰকাশিত বিজ্ঞান আলোচনী “নতুন আৱিষ্কাৰ’’ ডিজিটেলভাবে সংৰক্ষণ কৰা হৈছে। ই অসমীয়া আলোচনী আৰু সাহিত্য জগতৰ বাবে আশাৰ খবৰ। ডিজিটেল সংৰক্ষণৰ এই কাম তেজপুৰ বিশ্ববিদ্যালয় আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত কৰা হৈছে আৰু এই প্ৰকল্পত উপলভ্য সংখ্যাবোৰ বিদ্যায়তনিক গৱেষণা আৰু শৈক্ষিক ব্যৱহাৰৰ বাবে মুক্ত কৰি দিয়া হৈছে।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "মৌচাক". Archived from the original on January 3, 2017. https://web.archive.org/web/20170103002346/http://www.mouchaq.in/about.php আহৰণ কৰা হৈছে: July 06, 2012.
  2. শিৰোনামাত মৌচাক - শাংকব কৌশিক বৰুৱা (মাৰ্চ ১৯৯২ সংখ্যা মৌচাক, পৃষ্ঠা ২৭)
  3. 1 2 মৌচাক আৰু মই - ইন্দ্ৰকান্ত কাৰ্কী (এপ্ৰিল ২০০৫ সংখ্যা মৌচাক, পৃষ্ঠা ৯, ১০)
  4. 'মৌচাক'ৰ মৌমিঠা কুৰিটা বছৰ - মালা নাথ (মে' ২০০৩ সংখ্যা মৌচাক, পৃষ্ঠা ১৯)
  5. শৰ্মা, গৌতম (৩ জুন ২০২৬). "মৌচাক আৰু নতুন আৱিষ্কাৰৰ বিশ্বযাত্ৰা". নিয়মীয়া বাৰ্তা.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]