সমললৈ যাওক

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰত
২০০৪ 
১৬ এপ্ৰিল ২০০৯ – ১৩ মে' ২০০৯ (2009-05-13)
 ২০১৪

ভোটদানৰ হাৰ ৫৮.২১% (বৃদ্ধি2.14%)
 
দল কংগ্ৰেছ বিজেপি
মিত্ৰদল সংযুক্ত প্ৰগতিশীল মৰ্চা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
জনপ্ৰিয় ভোট ১১৯,১১০,৭৭৬৭৮,৪৩৫,৫৩৮
শতাংশ ৩১.৫৫%১৮.৮০%

Results of the National and Regional parties by alliances.


নিৰ্বাচনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

প্ৰধানমন্ত্ৰী

মনমোহন সিং
কংগ্ৰেছ

২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল। ২০০৯ৰ ফেব্ৰুৱাৰীত ভাৰতৰ সংসদত এই নিৰ্বাচনৰ বাবে ১১.২০ কোটি ধাৰ্য কৰা হৈছিল। লোকসভাৰ ৫৪৩খন আসনৰ বাবেমুঠ ৮০৭০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল পঞ্চম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ তিনিদিন পাছত, ১৬ মে’ত ঘোষনা কৰা হৈছিল।[1][2]

ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন প্ৰাক-নিৰ্বাচনী সংযুক্ত প্ৰগতিশীল মৰ্চাই ২৬২খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। মৰ্চাই অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ভাল ফল দেখুৱাইছিল। বহুজন সমাজ পাৰ্টি, সমাজবাদী পাৰ্টি, জনতা দল (চেকুলাৰ), ৰাষ্ট্ৰীয় জনতা দল আৰু কেইটামান সৰু-সৰু দলে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল।[3]

২০০৯ৰ ২২ মে’ত ৰাষ্ট্ৰপতি ভৱনৰ অশোকা প্ৰেক্ষাগৃহত মনমোহন সিঙে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত-গ্ৰহণ কৰিছিল।[4]

দলভিত্তিক ফলাফল

[সম্পাদনা কৰক]
ক্ৰমিক নংদলদলৰ স্থিতিলাভ কৰা আসনপ্ৰাপ্তভোটৰ %
বহুজন সমাজ পাৰ্টিৰাষ্ট্ৰীয়২১৬.১৭
ভাৰতীয় জনতা পাৰ্টিৰাষ্ট্ৰীয়১১৬১৮.৮০
ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰাষ্ট্ৰীয়১.৪৩
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰাষ্ট্ৰীয়১৬৫.৩৩
ভাৰতীয় জাতীয় কংগ্ৰেছৰাষ্ট্ৰীয়২০৬২৮.৫৫
নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰাষ্ট্ৰীয়২.০৪
ৰাষ্ট্ৰীয় জনতা দলৰাষ্ট্ৰীয়১.২৭
অল ইণ্ডিয়া দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰাজ্যিক
অসম গণ পৰিষদৰাজ্যিক
১০অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰাজ্যিক
১১অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰাজ্যিক১৯
১২অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰাজ্যিক
১৩বিজু জনতা দলৰাজ্যিক১৪
১৪দ্ৰাবিড় মুন্নেত্ৰা কাঝাগমৰাজ্যিক১৮
১৫জনতা দল (চেকুলাৰ)ৰাজ্যিক
১৬জনতা দল (সংযুক্ত)ৰাজ্যিক২০
১৭জম্মু এণ্ড কাশ্মীৰ নেচনেল কনফাৰেঞ্চৰাজ্যিক
১৮ঝাৰখণ্ড মুক্তি মৰ্চাৰাজ্যিক
১৯কেৰালা কংগ্ৰেছ (এম)ৰাজ্যিক
২০মুৰুমালাৰ্চি দ্ৰাবিড়া মুন্নেত্ৰা কাঝাগমৰাজ্যিক
২১মুছলিম লীগ কেৰালা ষ্টেট কমিটিৰাজ্যিক
২২নাগালেণ্ড পিপ’লছ্ ফ্ৰণ্টৰাজ্যিক
২৩ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টিৰাজ্যিক
২৪শিৰোমণি আকালি দলৰাজ্যিক
২৫চিক্কিম ডেমোক্ৰেটিক ফ্ৰণ্টৰাজ্যিক
২৬শিৱসেনাৰাজ্যিক১১
২৭সমাজবাদী পাৰ্টিৰাজ্যিক২৩
২৮তেলেগু দেশমৰাজ্যিক
২৯তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰাজ্যিক
৩০অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনপঞ্জীভূক্ত
৩১বহুজন বিকাশ আঘাড়িপঞ্জীভূক্ত
৩২বড়োলেণ্ড পিপ’লছ্ ফ্ৰণ্টপঞ্জীভূক্ত
৩৩হাৰিয়ানা জনহিত কংগ্ৰেছ (বি.এল.)পঞ্জীভূক্ত
৩৪ঝাৰখণ্ড বিকাশ মৰ্চা (প্ৰজাতান্ত্ৰিক)পঞ্জীভূক্ত
৩৫ৰাষ্ট্ৰীয় লোকদলপঞ্জীভূক্ত
৩৬স্বাভিমানী পক্ষপঞ্জীভূক্ত
৩৭বিদুথালাই চিৰুথাইগল কাচ্চিপঞ্জীভূক্ত
৩৮নিৰ্দলীয়নিৰ্দলীয়
মুঠ৫৪৩
উৎস ভাৰতৰ নিৰ্বাচন আয়োগ

তথ্য উৎস

[সম্পাদনা কৰক]