চুখাম্ফা
চুখাম্ফা | |
---|---|
চাওফা
| |
১৫৫২- ১৬০৩ খ্ৰীষ্টাব্দ | |
চুক্লেনমুং | |
চুখাম্ফা | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-খাম-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | চুক্লেনমুং |
ধৰ্ম | আহোম ধৰ্ম |
চাওফা চুখাম্ফা বা চ্যু-খাম-ফা (ইংৰাজী: Sukhaamphaa) ১৫৫২ খ্ৰীষ্টাব্দত (বাপেকক গড়গঞাঁ ৰজাৰ পিছতে) আহোম ৰাজপাটত উঠিছিল। এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা এওঁৰ ভৰি এখন খোৰা হৈছিল। সেইবাবে এওঁক খোৰা ৰজাও বোলে। সাতজন আহোম কোঁৱৰ লগ লাগি চুখাম্ফাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। কিন্তু ডাঙৰীয়াসকলৰ পৰামৰ্শত ৰজাই কোঁৱৰ কেইজনৰ কোনো অনিষ্ট নকৰি এৰি দিছিল। কিছু দিনৰ পাছত এই কেইজনে পুনৰ বিদ্ৰোহ আচৰণ কৰি ধৰা পৰিছিল। সেইবাৰ খোৰা ৰজাই তেওঁলোকক মৃত্যুদণ্ড বিহিছিল।[1]
|
ৰাজত্বকাল
[সম্পাদনা কৰক]পশ্চিম ফালৰ পৰা আহোম ৰাজ্য যাতে কোনোৱে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে চুখাম্ফাই বোৰ্কা আৰু সলাত নিৰ্মাণ কৰাইছিল। এওঁৰ দিনত নৰা, চুতীয়া আৰু নগা কিছুমানে বিদ্ৰোহ কৰিছিল। কিন্তু সকলোকে তেওঁ দমন কৰি ৰাখিবলৈ সক্ষম হৈছিল। চুখাম্ফাৰ দিনতে অসমত বহুতো প্ৰাকৃতিক দুৰ্যোগ ঘটিছিল। এবাৰ ডাঙৰ ভূঁইকঁপ হোৱাৰো লগতো এবাৰ ডাঙৰ বানপানীও হৈছিল। এবাৰ এজাক কাকতি ফৰিঙে শস্য নষ্ট কৰিছিল।[1]
কোঁচৰ লগত যুঁজ
[সম্পাদনা কৰক]খোৰা ৰজাৰ দিনতে কোঁচৰ লগত আহোমৰ বিবাদ লাগিছিল। কোঁচ ৰজাই টেপু নামেৰে এজন মানুহক আহোম ৰজাৰ বিৰুদ্ধে পঠিয়াইছিল। টেপু উজাই গৈ দিখৌ পাইছিলগৈ। আহোম সৈন্যই কোঁচ সৈন্যক বাধা দিছিল যদিও কিছুদিন পাছতে চিলাৰায় আহি যুঁজত লগ লগাত আহোম সৈন্যৰ পৰাজয় হৈছিল। চুখাম্ফা ডা-ডাঙৰীয়াৰ সৈতে নামৰূপৰ চৰাইখোৰোঙলৈ পলাই গৈছিল। চিলাৰায়ে গড়গাঁও দখল কৰিছিল। সেয়ে চুখাম্ফাই সন্ধিৰ বাবে আইখেক বুঢ়া গোঁহাইক সন্ধিৰ বাবে পঠিয়াইছিল। চিলাৰায়ে ৰজাৰ বদলি কেইজনমান কোঁৱৰ লৈ নিজ ৰাজ্যলৈ উলটি গৈছিল। এই সকল কোঁৱৰৰ মাজত ৰজাৰ ভায়েক চুগাম কোঁৱৰো আছিল। গৌড়ৰ নবাবৰ হাতত পৰাজিত হোৱাৰ পিছত নৰনাৰায়নে চুগাম কোঁৱৰ সহিতে আন আন আহোম কোঁৱৰ কেইজনক নিজ ৰাজ্যলৈ ওভতাই পঠিয়াইছিল আৰু আহোমৰ লগত প্ৰীতিৰ ভাৱ দেখুৱাইছিল।
প্ৰবাদ আছে যে, আহোম ৰজাই এবাৰ কোঁচৰ যুদ্ধলৈ কিছুমান সৈন্যৰ লগুণ পিন্ধাই কপিলা গাইৰ পিঠিত তুলি পঠিয়াইছিল। চিলাৰায় বৰ ধাৰ্মিক লোক আছিল; তেওঁ গো-ব্ৰাহ্মণ বধৰ ভয়ত সেইবাৰ যুদ্ধ কৰাৰ পৰা বিৰত আছিল।[1]
মৃত্যু
[সম্পাদনা কৰক]১৬০৩ খ্ৰীষ্টাব্দত খোৰা ৰজাৰ মৃত্যু হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৫৭, ৫৮, ৫৯ পৃষ্ঠা.