সমললৈ যাওক

চুক্লেন্‌মুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চুক্লেনমুংৰ পৰা পুনঃনিৰ্দেশিত)
চুক্লেনমুং
ৰাজত্ব ১৬৩৯-১৫৫২[1]
অভিষেক ১৫৩৯
উত্তৰাধিকাৰী চুখাম্ফা
পিতৃ চুহুংমুং

চুক্লেনমুং (ইংৰাজী: Suklenmong) অসমআহোম ৰাজবংশৰ এজন ৰজা। তেওঁ দিখৌ নৈৰ পাৰত ৰাজধানী পাতি নগৰৰ চাৰিওফালে গড় মাৰি বেৰ দিয়ে। সেয়ে এই নগৰৰ নাম গড়গাওঁ হয় আৰু তেওঁ গড়গঞা ৰজা নাম পায়।[2] এইজনা ৰজাৰ দিনতে গড়গাওঁ নগৰ আৰু পুখুৰী, কাঁহিকুচি আৰু চাঙ্গিনিমুখৰ মথাউৰি, নগা আলি আদি নিৰ্মাণ কৰা হয়।[2][3]

উল্লেখনীয় কাৰ্য আৰু ঘটনা

[সম্পাদনা কৰক]
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

ৰাজপাটত উঠিয়েই চুক্লেনমঙে ভায়েক কেইজনক ৰজা উপাধি দি টিপাম, চাৰিং আৰু নামৰূপত স্থাপন কৰে। নিজৰ ওপৰত পিতৃহত্যাৰ ষড়যন্ত্ৰৰ সন্দেহ দূৰ কৰিবলৈ তেওঁ চুহুংমুঙৰ হত্যাৰ চক্ৰান্তত জড়িত থকাসকলক মৃত্যুদণ্ড দিয়ে।[2]

বিদ্ৰোহ দমন

[সম্পাদনা কৰক]

ৰজা হোৱাৰ কিছুদিন পিছত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ভূঞাসকলে উপদ্ৰৱ কৰাত গড়গঞা ৰজাই তেওঁলোকক দমন কৰে। ইয়াৰ পিছতে চুটিয়াসকলে বিদ্ৰোহ কৰাত ১৬৪২ চনত তেওঁলোককো দমন কৰে।[2]

কোচ ৰজাৰ সৈতে বিবাদ

[সম্পাদনা কৰক]

চুক্লেনমুঙৰ দিনতে কোচ আৰু আহোমৰ মাজত বিবাদৰ সূত্ৰপাত ঘটে। ১৫৪৬ চনত কোচ ৰজা নৰনাৰায়ণৰ আদেশমৰ্মে ভায়েক চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। চাঙ্গিনিমুখ, দিকৰাই, কলিয়াবৰ, শলা, পিছলাপাৰ আদি ঠাইত হোৱা যুদ্ধৰ অন্তত আহোমসকল অন্তিম বিজয়ী হয় যদিও দুয়োপক্ষৰে বহু হানি হয়।[2]

১৩ বছৰ কাল ৰাজত্ব কৰাৰ পিছত ১৫৫২ চনত তেওঁৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "History of Ancient Assam". assam.gov.in. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305064959/http://online.assam.gov.in/history1?webcontentid=173375 আহৰণ কৰা হৈছে: March 24, 2013.
  2. 1 2 3 4 5 ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন); এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্সি, পৃষ্ঠা ১৩২, ১৩৩
  3. "টাই সংস্কৃতিৰ ৰূপৰেখা" (১৯৯৪ চন), ড° লীলা গগৈ, বনলতা প্ৰকাশন, ISBN-81-7339-079-7, পৃষ্ঠা ২২৭