সমললৈ যাওক

শান্তম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শান্তম
পৰিচালক জয়ৰাজ
ৰচনা পি সুৰেশ কুমাৰ
মাদাম্বু কুঞ্জুকুট্টন
প্ৰযোজক পি ভি গংগাধৰন
অভিনয়ত সীমা বিশ্বাস
কে.পি.এ.চি. ললিতা
আই.এম. বিজয়ন
এম.জি. শশী
কলামণ্ডলম গোপী
মাদাম্বু কুঞ্জুকুট্টন
চিত্ৰগ্ৰহণকাৰী ৰবি বৰ্মন
সম্পাদনা এন.পি. সতীশ
সংগীত পৰিচালক কৈথাপ্ৰাম দামোদৰন নাম্বুদিৰি Rajamani (score)
মুক্তি
২০০১ (2001)
দৈৰ্ঘ্য
৯৫ মিনিট
দেশ ভাৰত
ভাষা মালায়লম

শান্তম (ইংৰাজী: Shantham) জয়ৰাজৰ পৰিচালিত এখন মালয়ালম পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে আগশাৰীৰ ভাৰতীয় ফুটবল খেলুৱৈ আই এম বিজয়ন, এম জি শশী, সীমা বিশ্বাস আৰু কে পি এ চি ললিতা। প্ৰখ্যাত কথকলী শিল্পী কলামণ্ডলম গোপী আৰু মালয়ালম সাহিত্যিক মাদাম্বু কুঞ্জুকুট্টনেও এই ছবিখনত অভিনয় কৰিছে। ২০০১ চনত মুক্তি পোৱা এই ছবিখনে ২০০১ চনৰ ৪৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শিতানত স্বৰ্ণকমল লাভ কৰে।[1] ছবিখনৰ প্ৰযোজক পি ভি গংগাধৰন। জুৰীৰ উদ্ধৃতিত উল্লেখ কৰা হৈছে, ‘শান্তমে আমাৰ সমাজত ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু হিংসাৰ সমকালীন বিষয়টোক অসামান্য ৰূপত কল্পনাশীলভাবে সম্বোধন কৰিছে। ছবিখনৰ ভাষা, পাৰম্পৰিক কথাৰ উৰ্দ্ধলৈ গৈ শান্তি আৰু সদ্বুদ্ধিৰ বাবে আবেদন কৰিছে।' [2] ‘শান্তম‘ পৰিচালক জয়ৰাজৰ "নৱৰস ছিৰিজ"ৰ প্ৰথম নিবেদন।

শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ বঁটাৰ উপৰিও ছবিখনৰ অভিনেত্ৰী কে পি এ চি ললিতা শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী নিৰ্বাচিত হয়।

‘শান্তম‘ৰ যোগেদি জয়ৰাজে তৃতীয়টো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৯৬ চনত তেওঁৰ ছবি ‘দেশদানম’-এ শ্ৰেষ্ঠ মালয়ালম চলচ্চিত্ৰ আৰু পিছৰ বছৰটোত শ্ৰেষ্ঠ পৰিচালক হিচাপে পুৰস্কৃত হয়।

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • কে পি এ চি ললিতা (নাৰায়ণী)
  • আই.এম. বিজয়ন (বেলায়ুধন)
  • লেনা (ৰাঘৱনৰ পত্নী)
  • সীমা বিশ্বাস (কাৰ্থিয়ায়ানী)
৪৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০০)
  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ বঁটা- স্বৰ্ণকমল
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- কে পি এ চি ললিতা

তথ্যউৎস

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]