হাতীগড় শিৱদ'ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(হাতীগড় দেৱালয়ৰ পৰা পুনঃনিৰ্দেশিত)
হাতীগড় শিৱ দেৱালয়
স্থান
দেশ ভাৰত
ৰাজ্য/ অঞ্চল অসম
জিলা যোৰহাট
এলেকা হাতীগড়
স্থাপত্য আৰু সংস্কৃতি
মুখ্য দেৱ/ দেৱী শিৱ
প্ৰধান উৎসৱ শিৱৰাত্ৰি
ইতিহাস
প্ৰতিস্থাপক পূৰ্ণানন্দ বৰগোহাঁই

হাতীগড় শিৱ দেৱালয় বা দ'ল যোৰহাট নগৰৰপৰা প্ৰায় পাঁচ মাইল দূৰত ট্ৰাংক ৰ'ডৰ দাঁতিত অৱস্থিত এখন দেৱালয়। ট্ৰাংক ৰ'ডৰ (এ. টি. ৰ'ড) পৰা প্ৰায় তিনিশ মিটাৰ দক্ষিণে সোমাই দ'লটো আছে। ১৭৮৬-৮৭ চনত এই দ'লৰ ভেটি স্থাপন কৰা হয়।[1] আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ইচ্ছামতে মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে শিৱদ'লৰ কাম আৰম্ভ কৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ (১৭৮০-৯৫) দিনত মোৱামৰীয়া বিদ্ৰোহ তলে তলে চলি থাকোঁতে ১৭৮২ চনত মন্ত্ৰী ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হয়। তেতিয়া তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ৰাজমন্ত্ৰী হয়।[2] ৰজাৰ ইচ্ছামতে পূৰ্ণানন্দ‍ই হাতীগড়ত শিৱ দ'ল এটা প্ৰতিষ্ঠা কৰিবলৈ পকা ভেটিৰ কাম আৰম্ভ কৰে। ১৭৮৬-৮৭ চনত এই ভেটি স্থাপন কৰা হয়। দেৱালয়ৰ বাবে লেহুবৰ শৰ্মাক ঠাকুৰ আৰু এঘৰ শূদ্ৰ মানুহক পৰিচালক নিয়োগ কৰা হয়। দ'লৰ নামত ন পুৰা মাটি বুঢ়াগোহাঁইয়ে দান কৰে। ভেটিৰ কাষত এটা পুখুৰীও খন্দা হয়।

ভেটিৰ কাম সম্পূৰ্ণ হৈ আহোঁতেই মোৱামৰীয়াসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু আহোম ৰাজ্যৰ ৰাজধানী যোৰহাট আক্ৰমণ কৰে। স্বৰ্গদেউ গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যায় আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে আন কেইজনমান বিষয়াৰ সৈতে ৰাজধানীতে থাকে। অলপীয়া সৈন্যৰে কেইদিনমান যুঁজ দিয়াৰ পিছত বুঢ়াগোহাঁইয়ো সাহায্য বিচাৰি ভটিয়াই যায়। ফলত ১৭৮৮ চনৰ জানুৱাৰী মাহত মোৱামৰীয়াই পুনৰ আহোম ৰাজধানী অধিকাৰ কৰে।[2] এই বিদ্ৰোহত লেহুবৰ ঠাকুৰৰ পৰিয়ালকে ধৰি বহু মানুহ ঘৰবাৰী এৰি পলাই যায় আৰু ফলত ভেটি স্থাপন কৰিয়েই হাতীগড়ৰ শিৱদ'ল সজাৰ কামো এৰিবলগীয়া হয়। ১৭৯২ চনত বুঢ়াগোহাঁইৰ অনুৰোধত কেপ্টেইন ৱেল্‌ছে ব্ৰিটিছ সৈন্য আনি বিদ্ৰোহ দমন কৰি গোৰীনাথ সিংহক পুনৰ ৰাজপাটত বহুৱায়।

বিদ্ৰোহৰ পিছত দেশত আকালে দেখা দিয়ে। দ'ল সজা কাম কৰিবলৈ মানুহৰ নাটনি হ'ল। বিদ্ৰোহৰ পিছত লেহুবৰ ঠাকুৰ ঘূৰি আহি দেৱালয়ৰ শিৱ লিংগত নিয়মিত পূজা-অৰ্চনা আৰম্ভ কৰে। পূৰ্বে স্থাপিত ভেটিৰ ওপৰতে এটা টিনৰ ঘৰ সাজি লোৱা হয়।

পূজা-অৰ্চনা[সম্পাদনা কৰক]

দ'লৰ ওচৰত লেহুবৰ ঠাকুৰৰ সন্ততি এতিয়া কেইবাঘৰো আছে। প্ৰত্যেক ঘৰেই পাল পাতি দেৱালয়ত পূজা-অৰ্চনা কৰে।[1] বৰ্তমান দ'লটোক নতুনকৈ সজাৰ কাম চলি আছে।

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 সম্পাদক- ড: মহেশ্বৰ নেওগ (২০০৪). পৱিত্ৰ অসম. প্ৰকাশক গুৱাহাটী: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ৬৬. 
  2. 2.0 2.1 ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃষ্ঠা. ৩১৫. ISBN 81-85905-11-8. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]